ফটাঢোল

হনুমানৰ নেগুৰৰ জুই – দেৱজিত শইকীয়া

ফাকুৱাত বিজয়হঁতৰ গাঁৱত ভাওনা হয়৷ সৰুকৈ হ’লেও ৰ’ল এটা বিজয়ৰ ভাগত পৰেই৷ দুবছৰমানৰ আগতে “ৰাৱণ বধ” ভাওনা পাতিছিল৷ বিজয়ৰ মেইন ৰ’লেই আছিল৷ মানে কুম্ভকৰ্ণৰ৷ প্ৰকৃততে কৰ্ণৰ কথা সৰুৰে পৰা সি শুনি আহিছে গতিকে ৰ’লটো তাৰ নামত দিয়া শুনি নৰখিলেই, বায়ন বৰ্তাৰ গালত টুপুককৈ চুমা এটা খাই বোলে চাবি বৰদেউতা এইবাৰ ফালি দিম৷ এই বুলি বচন মতা আৰম্ভ কৰিলেই বোলে “সুত পুত্ৰ কৰ্ণ মই পিতা ভাগিৰথ মাতৃ ৰাধাৰ নন্দন…….বায়নলৈ চাই বিজয়ে বোলে তাৰ পিছত কি আছিল?

বায়নে বোলে হেৰৌ কৰ্ণক তই মহাভাৰতৰ পৰা ৰামায়ণলৈ টানি আনিলি যে? তোৰ ৰ’ল কুম্ভকৰ্ণ হে কৰ্ণ নহয়৷ বিজয়ে বোলে কুম্ভকৰ্ণৰ গা উঠা ডায়লগ আছেনে নাই? বায়নে বোলে হেৰৌ তোৰ কাম চাই ৰ’ল দিছো ডায়লগ নাই যদিও আৰাম পাবি কৰি৷ কুম্ভকৰ্ণই ছয়মাহ শুইয়েই কটাইছিল, তোৰ অভ্যাস আছে ৰ’লটো ফুটাই তুলিব পাৰিবি৷

বিজয়ে বোলে মই কি কৰিব লাগিব? বায়নে বোলে একো নাই নামঘৰৰ চুক এটাতে বিচনা এখন পাৰি দিম তই নাক বজাই শুই থাকিলেই হ’ল৷ মাত্ৰ যুদ্ধৰ সময়ত উঠি আহি অলপ পৰ ইফালে সিফালে ঘুৰিবি তাৰ পিছত মৰাৰ এক্টিং কৰিলেই হ’ল৷ বিজয়ে বহু পৰ ভাবি বোলে হ’ব কিন্তু প্ৰবেশো মোক বিচনাত দাঙি নি কৰাব লাগিব৷ বায়নে বোলে হ’ব৷ সকলো ঠিক হ’ল৷

ভাওনাৰ দিনা বিজয়ে মনিকুটৰ সোঁফালে চুক এটাতে বিচনাখন পাৰি কম্বল টানি শুই থাকিল৷ যুদ্ধৰ সময়ত দুটাই গৈ জগালে বোলে এই উঠ হ’ল আৰু ইমান এক্টিংত ডুবি যাব নালাগে৷ নাই কুম্ভকৰ্ণ ৰূপি বিজয়ৰ সাৰ সুৰ নাই৷ বায়নে বোলে হেৰৌ আহ যুদ্ধ কৰহি৷ নাই বিজয়ৰ সাৰ সুৰ নাই৷ কম্বল টানি দুটাই হেচুকি মেলি দিয়াত বিজয়ে বোলে আজি থ কাইলৈ দিনত যুদ্ধ কৰিম ভাল টোপনি আহিছে শুই লওঁ৷

বায়নে বোলে তোক নমৰাকৈ ৰাম ৰাৱণৰ যুদ্ধ কেনেকৈ হ’ব? আৰু তই সুগ্ৰীৱক বন্দী কৰিবও লাগিব, হেৰৌ নামি আহ৷ বিজয়ে বোলে সুগ্ৰীৱৰ ৰ’ল বন্দিতাৰ বাপেকেহে লৈছে৷ জীয়েকক মই বাপেকৰ লগত যুদ্ধ নকৰো বুলি কথা দিয়া আছে৷ ৰামক ইয়ালৈকে মাতি দে নহলে তাৰ পৰাই কাড় এডাল মাৰি পঠাব ক, মই আ আ আ বুলি মৰিলো বুলি চিঞৰি দিম যা৷ মই নুঠোঁ, ইমান আৰামত উমলৈ শুই আছোঁ উঠি গ’লেই বেলেগ আহি শুই যাবহি নহ’লে৷ তহঁত যা, মোক শুবলৈ দে৷ উপায় নাপাই সূত্ৰধাৰীয়ে এহি বুলি ৰাম কুম্ভকৰ্ণৰ যুদ্ধ লাগল’, কুম্ভকৰ্ণৰ মৃত্যু ভৈল বুলি যেন তেন নাট আগুৱালে৷

যোৱা বছৰ ফাকুৱাত আকৌ সকলোৱে “সীতা হৰণ ৰাৱণ বধ” নাটখনকে জুৰিম বুলি সিদ্ধান্ত ল’লে৷ বিজয়ে কিবা ক’বলৈ লওঁতেই বায়নে বোলে চুপ! যোৱাবাৰ তই ভাওনা দেখুৱাই থৈছ৷ তোক ৰ’ল দিয়া মানে মই দুটা প্ৰেচাৰৰ পিল খাব লাগিব৷ বিজয় নাচোৰবান্দা৷ নাই, মোক ৰ’ল লাগিবই৷ কুম্ভকৰ্ণ নিদিয় নাই, ভীম বা দুৰ্যোধনৰ ৰ’লকে দে৷

বায়নে বোলে তই সদায় ৰামায়ণ মহাভাৰত একেলগ কৰ কেলৈ? হ’ব যা তোক জাম্বুৱানৰ ৰ’ল দিলোঁ৷ বিজয়ে বোলে নাই মই ভালুকৰ ড্ৰেছ নিপিন্ধোঁ৷ এবাৰ সোনটোৱে জাম্বুৱানৰ ভাও লওতে মোক ড্ৰেছজোৰ পিন্ধি চাব ক’লে৷ মই পিন্ধি লৈ খুলিব নোৱাৰা হ’লো৷ পেচাব কৰিবলৈও চেইন নাই৷ শেষত ড্ৰেছ পিন্ধি নামঘৰৰ কাষৰ কচুৱনীখনত ড্ৰেছ খুলি সৰুপানী চুব লৈছোঁ‌হে; গাঁৱৰ সোপাকে কুকুৰে মোক কমেও তিনি কিলোমিটাৰ খেদালে৷ বাটত পোৱা দুটামানে জেউৰা ভাঙি মোক পিতিবও ধৰিছিল৷ যেনতেন দৌৰি দৌৰি ড্ৰেছ খুলি ৰুল ৰুলটো পিন্ধি ঘৰ পাইছোগৈ৷ মোক বেলেগ ৰ’ল দে৷ বায়নে বোলে হ’ব হনুমানৰ ৰ’ল ল’৷ বিজয়ে বহু পৰ ভাবি বোলে…”হ’ব৷”

ভাওনাৰ দিনা বিজয় হনুমান ড্ৰেছত৷ মুখত বান্দৰৰ মেকআপ৷ মাত ভালদৰে নুফুটে বাবে তাৰ ডায়লগ প্ৰম্পটাৰে মাতিম বুলি দায়িত্ব ল’লে৷ সিও ভাল পালে ডায়লগ মুখস্থ কৰিব নালাগে৷ এবাৰ ডায়লগ মুখস্থ কৰি যি হে হৈছিল তাৰ৷ সেইখন নাটত তাৰ ভাও আছিল নন্দীৰ, গেৰেলা কুমুদৰ ভাও আছিল শিৱৰ৷ কিবা খেলিমেলিত বিজয়ে নন্দীৰ ঠাইত সোপাকে শিৱৰ বচন মুখস্থ কৰি পেলালে৷ আখৰা কৰোঁ‌তে খোনা গেৰেলা কুমুদেও শিৱৰ বচন মাতে আৰু বিজয়েইও৷ শেষত কুমুদে মোৰ বচন তই কিয় মাতি ঠাট্টা কৰিছ বুলি ত্ৰিশূল লৈ গোটেই তিনিআলিটোত দৌৰাইছিল৷

বাৰু যি নহওক ভাওনাৰ দিনা হনুমান ৰেডি৷ ও ও বুলি নেগুৰডাল এটাৰ হাতত দি মুখৰ ভিতৰতে ভোৰভোৰাবলৈ লাগিল৷ লগৰটোৱে বোলে কি কৈছ বুজা নাই৷ বিজয়ে যিমান পাৰে ও হু ও হা হু মুখৰ ভিতৰতে ভোৰভোৰালে যদিও বুজাব নোৱাৰি কাগজ কলম আনি লিখি দিলে বোলে মোৰ নেগুৰ ডাল ভালকৈ ফিটিং কৰি দে আৰু লংকা জ্বলাবৰ সময়ত নেগুৰত জুই দিওতে সাবধান, মই মোৰ চাইজৰ নেগুৰ বনাবলৈ ধানখেৰ দি মোতা কৰি লৈছো৷ আগটোহে জ্বলাবি” লগৰটোৱে হ’ব বুলি ক’লে৷

ভাওনা চলি আছে৷ লংকা দহনৰ সময় আহিল৷ বিজয়ে গৈ পানীৰ বাল্টিংৰে নেগুৰডাল অলপ তিয়াই ল’লে যাতে ধোৱা বেছিকৈ ওলায়৷ ইফালে সুত্ৰধাৰীয়ে এহি বুলি হনুমন্তই লংকা দহন কৰিব লাগল বুলি মাত দিলে৷ খোল বাজিল৷ বিজয়ৰ নেগুৰত এটাই জুই লগালে৷ ও ও হু বুলি বিজয়ে চৌপাশে বান্দৰ ডেঞ্চ দি দৌৰিব লাগিল৷ এক্টিংটো জীৱন্ত কৰিবৰ বাবে মাজে মাজে ভাওনাচোৱা দৰ্শকৰ মাজতো দুবাৰ মান জঁপিয়ালে গৈ৷

ফাগুন মাহ, বিজয়ৰ বান্দৰ জাপ আৰু ফাগুনৰ বতাহত বিজয়ৰ মোতা নেগুৰৰ ভিতৰত থকা ধান খেৰত লাগক জুই৷ জঁপিয়াই থাকোতে সি টিকা পোৰা যেন পাই হাতটো দি চাই যে নেগুৰ পুৰি শেষ৷ সুত্ৰধাৰীয়ে বিজয়ক জনাবলৈ এহি বোলে নেগুৰ পুৰি টিকা পালহ বুলি চিঞৰিবলৈ লাগিল৷ দুটামানে বাল্টিঙত পানী আনি টিকাত ঢালিবলৈ লাগিল৷ বিজয়ে দেখিলে কথা বিষম এই বুলি একে জাঁপে জয় চিয়া ৰাম বুলি মানুহৰ মাজৰে দৌৰি গৈ নামঘৰৰ কাষৰ পুখুৰীত জাঁপ দিলে৷

☆★☆★☆

One comment

  • Rupam Nath

    শ্ৰেষ্ঠ পৰিশ্ৰমী অভিনেতাৰ বাবে দাবীদাৰী পত্ৰ প্ৰেৰণ কৰিবলৈ প্ৰস্তাৱ কৰিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *