ফটাঢোল

জধং মধং ডাক্টৰ– দেৱজিত হাজৰিকা

একালত মোৰ এজন নলে-গলে লগা বন্ধু আছিল। তেওঁ আছিল এখন ভিতৰুৱা গাঁৱৰ ল’ৰা। আমি দুয়ো চহৰত একেলগে পঢ়া-শুনা কৰিছিলোঁ‌। তেওঁলোকৰ ঘৰৰ ওচৰৰে এখন বাগানত চাকৰি কৰা ‘জধংমধং’ নামেৰে খ্যাত এজন ডাক্তৰ আৰু এটা চেলাইনৰ এক ৰসাল কাহিনী তেওঁ আমাক কৈছিল। সেই কাহিনীটো আছিল আজিৰপৰা কমেও ২৬/২৭ বছৰৰ আগৰ। সেই সময়ত তেওঁ আছিল ১১/১২ বছৰীয়া ল’ৰা।

এবাৰ তেওঁৰ দেউতাকৰ কাহ হৈছিল। সেয়ে তেওঁ কাহৰ ঔষধ খাইছিল। এদিন ৰাতি ভাত খাই উঠি তেওঁ বিচনাত পৰিছে, তেনেতে তেওঁৰ মনত পৰিল যে তেওঁৰ কাহৰ দৰৱটো খাবলৈ থাকি গৈছে। গতিকে তেওঁ বিচনাৰপৰা হাত মেলিয়েই টেবুলৰপৰা কাহৰ ঔষধৰ বটলটো আনি ফটাফট তাৰে দুই সাঁফৰ খাই দিলে। কিন্তু তেওঁ অনুভৱ কৰিলে যে কাহৰ দৰৱটোৰ সোৱাদটো আনদিনাতকৈ সম্পূৰ্ণ বেলেগ আৰু ডিঙিটো খুব বেয়াকৈ চেকচেকাইছে। তেতিয়া তেওঁ ভালদৰে চোৱাত দেখিলে যে কাহৰ ঔষধ আৰু ভিন্ন ঔষধৰ বটলবোৰৰ মাজতে থকা এটা খজুৱতিৰ দৰৱকে আনি তেওঁ খাই দিছে। সেই খজুৱতিত সনা দৰৱবিধৰ নাম আছিল ‘এস্কাবইল’। একালত ‘এস্কাবইল’ খজুৱতিত সনা এবিধ ভাল জুলীয়া ঔষধ আছিল। খজুৱতিৰ দৰৱটো খাই দিয়াৰ লগে লগে তেওঁৰ গোটেই গাটো চিতচিতাবলৈ ধৰিলে আৰু ওকালি আহিবলৈ ধৰিলে। কাণ্ডটো তেওঁ ঘৰৰ মানুহক জনালে আৰু ঘৰৰ মানুহ অনতিপলমে ডাক্তৰৰ ওচৰলৈ দৌৰ মাৰিলে। ভিতৰুৱা গাওঁ। ওচৰত নাই হস্পিটেল, নাই ডাক্তৰ। গতিকে সকলোৰে আলোচনা মৰ্মে, উপায়বিহীন হৈ ঘৰৰপৰা মাত্ৰ দুই কিলোমিটাৰমান দূৰৰপৰা ‘জধংমধং’ নামৰ ডাক্তৰজনকে লৈ আহিলগৈ। যদিও তেওঁলোকে জধংমধং চাৰৰ কথা বাৰুকৈয়ে জানে, তথাপি, “নাই মোমাইতকৈ কণা মোমায়েই ভাল” বুলি তেওঁকে লৈ আনিলগৈ। ইতিমধ্যে ‘এস্কাবই’ খোৱা দেউতাকে অলপ ভাল পাইছিল। বমি কৰি দিয়াৰ পিছত আৰু টেঙা টোকোচা খুৱাই দিয়াৰ বাবে কিছু আৰাম পাই তেওঁ বহি আছিল আৰু ঘৰৰ মানুহে তেওঁক বেঢ়ি ধৰি আছিল। ইতিমধ্যে ডাক্তৰ চাহাব আহি পাই তেওঁক চোৱা-চিতাৰ কাম আৰম্ভ কৰিলে আৰু লগে লগে তেওঁৰ লগত লৈ অহা এটা চেলাইন ফিট কৰি দিলে। কিন্তু চেলাইন দিয়াৰ খন্তেক পিছত পুনৰ তেখেতৰ চাটি-ফুটি বাঢ়িহে গ’ল। গাটো বৰকৈ পুৰিছে বুলি জনোৱাত ডাক্তৰ চাহাবে অলপ পিছতে ঠিক হৈ যাব বুলি জনালে। কিন্তু ডাক্তৰৰ কথাক মিছা বুলি প্ৰমাণিত কৰি তেওঁৰ চাটিফুটি আৰু তিনিগুণ চৰিল। তথাপিও ডাক্তৰ চাহাবে “ভয় কৰিব নেলাগে” বুলি সকলোকে আশ্বাস দি থাকিল। কিন্তু ঘৰৰ সকলোৰে ভয়ত বুকু কঁপি উঠিল। অৱশেষত তেওঁৰ চাটিফুটি ইমানেই চৰিল যে অৱস্থা অতি ভয়ানক হৈ পৰিল। ইতিমধ্যে চেলাইনৰ আধাখিনি তেওঁৰ দেহত সোমাই গৈছে।

তেনেতে তেওঁৰ ডাঙৰজন পুতেকে নিৰ্বিকাৰ ডাক্তৰ চাহাবৰ মুখৰ আগতে একে আঁজোৰে চেলাইনৰ নিড’লটো টানি উলিয়াই পেলালে। ৰোগীৰ অৱস্থা একেবাৰে ধৰধৰ মাৰমাৰত পৰিণত হ’ল, লগতে ঘৰৰ মানুহৰ কন্দা-কটা। সিফালে বাৰিষা বতৰ। ৰাস্তা-ঘাট বোকা, গাড়ী-মটৰো নোসোমায়। পুনৰ দৌৰা-দৌৰি লাগিল। এইবাৰ তেওঁলোকৰ ঘৰৰপৰা প্ৰায় এমাইল দূৰৰ এঘৰ মানুহৰ এখন এম্বেচাদৰ ভাড়াত লৈ চহৰৰ ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হ’ল। ইফালে ৰোগীৰ মুমূৰ্ষু অৱস্থা। অৱশেষত এখন ঠেলাত তেওঁক শুৱাই দি বোকা পথচোৱা কেইবাজনেও ঠেলি নি এম্বেচাদৰৰ মালিকৰ ঘৰ পোৱালেগৈ। ইতিমধ্যে এম্বেচাদৰৰ মালিকৰ ঘৰৰ মানুহ শুই নিঃপালি দিলে। তেতিয়া ৰাতি বাৰ বাজি গ’ল। ইফালে ৰোগী মৃতপ্ৰায়। তেতিয়া তেওঁৰ চেতনাই নাই। চিঞৰ-বাখৰ কৰি গৃহস্থক জগোৱাত, তেওঁলোক উঠি আহি সকলো কথা গম পাই ততাতৈয়াকৈ তেওঁক হাতে-পাতে ডাঙি গাড়ীত শুৱাই দিলে। ড্ৰাইভাৰেও লগে লগে কাপোৰ-কানি পিন্ধি গাড়ী ষ্টাৰ্ট দিলে। তীব্ৰ গতিত গাড়ী চহৰ অভিমুখে চলিবলৈ ধৰিলে।প্ৰায় চল্লিছ কিল’মিটাৰ বাট ডেৰ ঘণ্টা সময়ত সমাপ্ত কৰি তেওঁলোক ‘জিলা অসামৰিক চিকিৎসালয়’ পালেগৈ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হ’ল। চিভিলৰ ডাক্তৰক তেওঁলোকে ‘এস্কাবইল’ নামৰ খজুৱটিৰ ঔষধটো ভুলতে খোৱাৰ কথা জনালে। আয়ুসত চাউল আছিল বাবেহে কোনোমতে তেওঁ তাৰ পাইছিলগৈ।

আনফালে তেওঁলোকৰ ঘৰৰপৰা ৰোগীক ঠেলাত উঠোৱাৰ লগে লগে জধংমধং ডাক্তৰেও নিজৰ বাসগৃহলৈ গমন কৰিলে। ঘৰৰ ডাঙৰজন ল’ৰা, অৰ্থাৎ যিজনে চেলাইনটো আঁজোৰ মাৰি খুলি দিছিল, তেওঁ ঘৰতে আছিল। ৰোগীৰ লগত বাকী যেয়ে যেনেকৈ পাৰে গ’ল, কিন্তু তেওঁ কিবা কাৰণত ঘৰতে থাকিল। ইফালে তেতিয়া ফোন অথবা আন কোনো যোগাযোগৰ ব্যৱস্থা নাছিল। তেওঁ চেলাইনৰ বটলটোকে কিবা বিসংগতি আছে নেকি, লিৰিকি বিদাৰি চাবলৈ ধৰিলে।
কিন্তু, তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা এটা আচৰিত বস্তু দেখা পালে চেলাইনটোৰ ওপৰত থকা লেবেলখনত। তাত আঁকি থোৱা আছিল এটা গৰুৰ মূৰ!
লগে লগে তেওঁ ভীষণ উত্তেজনাত চিঞৰ এটা মাৰি দিলে আৰু সকলো মানুহ দৌৰি আহি তেওঁৰ ওচৰত হাজিৰ হ’ল!

“ঐ চাহি। চাহিহঁক ঐ! খালে ঐ খালে! জধংমধং ডাক্তৰে দেউতাক গৰুৰ চেলাইন দিলে!”

সকলোৰে চকু শিলৰ দৰে থৰ হৈ গ’ল! তাৰপাছত, গোটেইবোৰে বেৰি ধৰি চেলাইনৰ লেবেলৰ বাকীখিনি লেখনি উদ্ধাৰ কৰাত লাগি গ’ল।

১/ হাতীৰ বাবে পুৰা।
২/ ম’হৰ বাবে আধা।
৩/ গৰুৰ বাবে এক চতুৰ্থাংশ।

পুনৰ তেওঁ চিঞৰ মাৰি দিলে,”ঐ চাল্লা জধংমধঙে দেউতাৰ গাত, এটা ম’হৰ গাত ভৰোৱাৰ সমান চেলাইন ভৰাই দিলে!”

ইতিমধ্যে ৰাতিপুৱাইছে। সিফালে ঘৰৰ মানুহে দেউতাকৰ কোনো খবৰেই পোৱা নাই। লৰালৰিকৈ ডাঙৰ পুতেকে বেগত চেলাইনৰ বটলটো লৈ চহৰ অভিমুখে গতি কৰিলে। চিকিৎসালয় পায়েই তেওঁ দৌৰি দৌৰি দেউতাকৰ বিচনাখনৰ ওচৰ পালেগৈ। ৰোগীৰ ৰখীয়াবোৰৰ মুখবোৰ অলপ পোহৰ যেন দেখি তেওঁ লাহেকৈ চেলাইনৰ বটলটো উলিয়াই তেওঁলোকক দেখুৱালে। তাৰপিছত ডাক্তৰৰ সমুখত তাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে।

ভেটেৰিনেৰী বিভাগৰ সেই চেলাইনৰ বটলটো উক্ত অসামৰিক চিকিৎসালয়ৰ আলমাৰিত এক ঐতিহাসিক ঘটনাৰ সাক্ষীৰূপে আজি ৰাখি থোৱা হৈছেনে, নে তেতিয়াই তাক ডাষ্টবিনলৈ নিক্ষেপ কৰা হ’ল সেই কথা নাজানো। কিন্তু এটা কথা বন্ধুৰ মুখেৰে গম পালো যে, উক্ত ঘটনাৰ তিনিদিনমানৰ মূৰত জধংমধং ডাক্তৰে অলপমান আপেল, কমলা আৰু আঙুৰ লৈ চিভিল হস্পিটেলত দেউতাকৰ খবৰ ল’বলৈ গৈছিল। লগতে জনাওঁ যে বন্ধুৰ দেউতাকে ভাগ্যক্ৰমে আয়ুসত থকা চাউলৰ জোৰত আৰোগ্য লাভ কৰিলে আৰু এসপ্তাহৰ পিছত চিকিৎসালয়ৰপৰা আহি ঘৰ পালেহি।

☆★☆★☆

6 Comments

  • উত্তৰা

    হে হৰি, আজিৰ দিনত হোৱা হলে কি পৰিস্থিতি হল হেতেন!!

    Reply
  • বিশ্বজিত বনিয়া

    গোটেই টো দিয়া হলে চেটেপ হল হয়।

    Reply
  • হাঃ হাঃ, মজা লাগিল ঘটনাটো৷

    Reply
  • ভয়ংকৰ ঘটনা দেখোন– সঁচাকৈ আয়ুসত চাউল আছিল তেখেতৰ।

    Reply
  • ধন্যবাদ পৰিস্মিতা ।তোমালোকৰ জনপ্ৰিয় “ফটাঢোল” ই- আলোচনীত প্ৰকাশ কৰাৰ বাবে।সুখী হৈ ৰ’লো ।

    Reply
  • অভিজিত কলিতা

    হা হা,বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *