ফটাঢোল

আপদীয়া পদ্য – ৰাজীৱ শৰ্মা

নীৰৱে লুটিলে বেংকৰ ধন-বিত
দেখি হ’লো আচৰিত লুণ্ঠনৰ কিট

সৰিয়হৰ ডুলিতে ভুত
নিয়মৰো ৰাখি থয় খুট

মৰাক মাৰিবলৈ ৰজাই পাতে মিট

লাখে লাখে টকা খাই খোদ চৰকাৰী বিষয়া
সম্পত্তিৰ পাহাৰ গঢ়ে নকৰি কাকো পৰোৱা

দুৰ্নীতিৰ পাপৰ ভাগ
ৰজাৰে যে সিংহভাগ

চকুমুদা ৰজা শ্ৰেষ্ঠ হয় ভাওঁনাৰ বহুৱা

আকৌ আহি পালেহি চেবাৰ পৰীক্ষা দামী
আগৰ ভুলৰ নহয় যেন পুনৰামি

কেউফালে চি চি টিভি
পৰীক্ষাৰ্থী আছে ভাবি

গৰুৱে নাখালেই পাম আমি স্কুটি দামী

☆★☆★☆

7 Comments

  • বিজিত নাথ

    নীৰবে নিৰবে লৈ গল,
    এনেকৈয়ে বাচি ৰল ৰৌ, বৰালি আৰু শল
    নিয়ম নিয়ম নিয়ম আৰু নিয়ম
    কত নো আছে অনিয়ম!
    আমাক বিকা সপোনবোৰ চোন আদ বাটতে নোহোৱা হল !

    Reply
  • প্ৰতিটো এটা সামাজিক সমস্যাৰ ব্যংগ ,বুকু চুই যোৱা

    Reply
  • ধ্ৰুৱ জ্যোতি অৰ্জুন

    মাৰ্ভেলচ ।

    Reply
  • deepjyoti handique

    ব্যংগ হলে সত্য ।

    Reply
  • পূৰৱী

    ভাল লাগিল দাদা

    Reply
  • সুন্দৰ ব্যংগ । ভাল পালোঁ।

    Reply
  • ভাস্কৰজ্যোতি পেগু

    Nice, ভাল লাগিল…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *