ফটাঢোল

নৱবৰ্ষ – জোনমণি বৰুৱা

(ক)
পুৰণিক বিদায় দি
আহিল নৱবৰ্ষ
ডেকা, বুঢা সকলোৰে
মনত লাগিল হৰ্ষ
হুইস্কী, ব্ৰাণ্ডী ৰাম
মিউজিকো ধুমধাম
চাৰিওফালে আনন্দৰ মেলা
নহয় কোনো বিমৰ্ষ।

(খ)
চেঙেলীয়া ডেকাই ডিস্ক’ নাচে
নিউ ইয়েৰ পাৰ্টি বুলি
কাণত ফুলি, ডিঙিত চেইন ,
ৰাখে দীঘল চুলি
লেটচ গ’ এনজয়
নাই কতো ভয়
মুখ বিকতাই
ফেচবুকত চেল্ফী দিয়ে তুলি।

( গ)
মাঘ বিহু নাপাতিলেও
পাতিম নিউ ইয়েৰ
পুৱাৰ পৰা সন্ধিয়ালৈ
গিলি থাকিম বিয়েৰ
পাৰ্টি হ’ব ফেন্টাষ্টিক
বাজি থাকিব মিউজিক
লগত থাকিবই
হনী, চুইটি, ডিয়েৰ।
☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *