ফটাঢোল

ডাক্তৰ – ডা° পাৰ্থ সাৰথি ভূঞা

“আপুনি ডাক্তৰনে কি হে? ইমান জমনি লিখে।”

“আপুনি ডাক্তৰ হ’ব নালাগিছিল দেই”।

“দাদা, প্ৰফেশ্যন সলালে নেকি?”

…এনেধৰণৰ মন্তব্য আজিকালি প্ৰায়ে পাওঁ। মই ভাবোঁ‌, ইয়াৰ কাৰণ হ’ল, ডাক্তৰসকলক ৰাইজে আনতকৈ অলপ বেলেগ বুলি ভাবে। সাধাৰণ মানুহৰ দৰে আমিও যে আবেগ, অনুভূতি, বন্ধু, বান্ধৱ, পৰিয়াল থকা একো একোজন লোক সেই কথা বহুতৰ মনলৈ নাহে। পিছে প্ৰান্তিকৰ পাতত দৈনন্দিন লিখা ৰসৰ ভঁৰাল ডাঃ বিকাশ বৰুৱাৰ পৰা লৈ আজিৰ তাৰিখতো বহু চিকিৎসকে ৰসাল আৰু তত্ত্বগধূৰ বিভিন্ন ৰচনা পেপাৰে পত্ৰই লিখিয়ে আছে। মই ভাবোঁ‌ ডাক্তৰ এজনে দৈনন্দিন যিমান সুখ দুখ হাঁহি কান্দোনৰ মুখামুখি হয়, আন কোনো নহয় আৰু সেয়ে কোনো ডাক্তৰে যদি মগজুৰ মালখিনি আজৰি সময়ত দৈনন্দিন অভিজ্ঞতাক সাহিত্যৰ ৰূপ দিয়াত লগাই, ৰাইজে জীয়া ছবি এখন দেখিবলৈ পায়।

ময়ো মেডিকেল কলেজৰ দিনৰ পৰাই লক্ষ্য কৰিছোঁ, দেখাত গহীন গম্ভীৰ হ’লেও, বেছিভাগ ডাক্তৰ ৰসাল মনৰ। তাৎক্ষণিক ভাৱে ৰসাল কথা ক’ব পাৰে। এবাৰ মেডিকেলত এজন গহীন গম্ভীৰ ছাৰৰ লগত ৰাউণ্ড দি আছিলোঁ। কিবা এটা অপাৰেচন হৈ যোৱা আইতা এগৰাকীৰ চেক আপ কৰি যাবলৈ ধৰা সময়তে মানুহ গৰাকীয়ে ছাৰক ক’লে, “ছাৰ আৰু এটা কথা, মোৰ তপিনাত খৰৰ নিচিনা হৈছে। খুব খজুৱতি হৈ থাকে।” ছাৰে জুনিয়ৰ ডাক্টৰ এজনৰ ফালে চাই গহীনাই ক’লে,….”খজুৱাই দিবা হে!” ৱাৰ্ডত হাঁহিৰ ৰোল উঠিল!

আচলতে আমাৰ জীৱনটো বৰ কঠিন। আমি দৈনন্দিন বহু, হয়তো আনে সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ মুখামুখি হওঁ। সেয়ে আজৰি সময়ত আজিকালি ফেচবুকেই মনটোক পুনৰ অলপ ৰিফ্ৰেছ কৰাৰ এটা সুন্দৰ আহিলা হৈ পৰিছে। ফটাঢোলৰ দৰে গ্ৰুপে ইয়াত আৰু সহায় কৰে। পিছে, “বন্ধুত্ব স্বীকাৰ কৰা বাবে বহুত ধন্যবাদ ছাৰ, আপোনাক কথা এটা সুধিব পাৰো নে ছাৰ?…..মানে মোৰ কিছুদিনৰ পৰা পেটৰ…./ মোৰ মাৰ কঁকালৰ…./ মোৰ চিৰিমতিৰ মাহেকীয়াৰ সময়ত……”

কেতিয়াবা নিজৰ কামখিনিৰ পৰা ওলাই আহি আকৌ এনে মেছেজে আমনি দিয়ে। যদিও পৰাপক্ষত কিবা উপদেশ দিব পাৰিলে দিওঁ লগতে কওঁ, “মই এজন সামান্য ডাক্তৰ আৰু বৰ্তমান মোৰ ডাক্টৰী বিদ্যা পৰীক্ষাগাৰৰ ৰক্ত, মল মূত্ৰ ইত্যাদি পৰীক্ষাতে সীমাবদ্ধ।” মাজে মাজে কিছু ৰোগীক পৰীক্ষা কৰি পিটিকি পুতুকী চাই, তেওঁ লোকৰ ৰিপোৰ্ট চাই কিছু নিদান নিদিয়া নহয়। কিন্তু ফেচবুকৰ মেছেজৰ ওপৰত ভিত্তি কৰি, ৰোগীক নোচোৱাকৈ, কোনো ৰিপোৰ্ট নেদেখাকৈ নিদান দিবলৈ মই মেডিকেলৰ ডিগ্ৰী ল’লোঁ যদিও, টিভিত বেমাৰ ফোনত শুনিয়েই নিদান দিব পৰা আচাৰ্য ডিগ্ৰীটো লোৱা নহ’ল!

পিছে মন কৰিবচোন, আজিকালি প্ৰায় মানুহেই সৰু সুৰা ডাক্টৰেই। ধৰি লওঁ‌ক কাৰোবাক বজাৰত লগ পালো!

” ভালে আছে? বহুত দিনৰ পাছত লগ পালো।ক্ষীণাইছে দেখোন? কিবা বেমাৰ নেকি? ভালকৈ খোৱা বোৱা কৰিব।”

আকৌ অথবা,

“অ’ আপোনাৰ পেট ওলাইছে দেখোন, ৰাতিপুৱা খোজ কাঢ়ক, শুই উঠি খালি পেটত নেমুটেঙা চৰবত এগিলাচ খাব।”

নতুবা,

“আপোনাৰ দেখোন পুৰা চৰ্দি লাগিছে, ৰাতি খুব এচি ল’লে হ’বলা, চীনাৰেষ্ট এটা খাই দিয়ক একেবাৰে শুকুৱাই পেলাব!”

আকৌ ধৰক,

আন এজনে বোলে, “ভূঞা, কালি গধূলি ক্লাবৰ মিটিঙখনলৈ নাহিল যে?

মই : “এহ নক’ব আৰু… আবেলিৰ পৰা পেটটোৱে অলপ দিগদাৰ দি আছিল।”

“এহঃ O2 টেবলেট এটা খাই নিদিলে কিয়? একেবাৰে ঠিলা লগাই দিলে হয়। অ’ মই আকৌ কাক কৈ আছো।আপুনি দেখোন নিজে ডাক্টৰ, বেয়া নাপাব দেই। কোনোবাই বেমাৰৰ কথা ক’লে উপায় এটা দিয়াটো অভ্যাস হৈ গৈছে। হে হে, মানে বেজৰ নাকতে খৰে খালে ন?”

আজিকালি ডাক্টৰী বিভাগ বিলাক প্রায় সকলোৱে বুজি পাই যদিও এতিয়াও কিছুলোকে খেলিমেলি কৰে। মেডিচিন, ছাৰ্জাৰী, গাইনি আদিৰ বাহিৰে কিছুমান বিভাগ যেনে অফথেলম’লজি, অৰ্থপিডিক্স, পিডিয়াট্ৰিক্স আদি এতিয়াও সকলোৰে বাবে সহজ হোৱা নাই। মোৰ মিছেছ অফথালম’লজিষ্ট। মানে চকু বিশেষজ্ঞ। পিছে হস্পিতালত সকলোৰে বাবে চকু বাইদেউ। আজি চকু বাইদেউ আহিবনে? চকু বাইদেউৰ আজি অপাৰেচন আছে নেকি? চকু বাইদেউক এবাৰ মাক দেখুৱাব লাগিব ইত্যাদি ইত্যাদি। মিছেছৰ বিৰাট খং উঠে এনেকৈ মাতিলে!

মোৰ লগত পিছে আৰু জমনি কিছুমান ঘটনা ঘটে। মানুহৰ ঘৰলৈ গ’লে বা কাৰোবাক লগ পালে, ডাক্টৰ বুলি কোৱাৰ লগে লগে সকলোৰে কিবা নহয় কিবা এটা বেমাৰৰ বিষয়ে সুধিবলগীয়া ওলায়ে। মই বাৰু বেয়া নাপাওঁ, কিবা খোকোজা থাকিলে বুজাই দিওঁ। মোৰ লগত প্ৰায়ে ঘটা এটা ঘটনা(দূৰ্ঘটনা!) হ’ল যে, যেতিয়াই মোক সোধে…”আপুনি কি বিভাগৰ” আৰু মই যেতিয়া কওঁ, “মই Pathologist।” সিফালৰ পৰা কয়, “অ, বৰ ভাল হ’ল দিয়ক আপোনাক পাই, মোৰ মানে এক সপ্তাহ মানৰ পৰা কিবা পেটটো গুৰ গুৰ গাৰ গাৰ কৰি থাকে।আপুনি পেটৰ যেতিয়া!”

হাঃ হাঃ….মই পেটলজীষ্ট( PETOLOGIST) !

☆★☆★☆

30 Comments

  • শঙ্কৰ জ্যোতি বৰা

    বঢ়িয়া লাগিল৷

    Reply
  • বিশ্বজিত বনিয়া

    আপুনি কিন্তু বেচ জমাব পাৰে দেই

    Reply
  • উৎপলা কৌৰ

    বঢ়িয়া!

    Reply
  • বৰ আমোদ লগাকৈ লিখিছে অভিজ্ঞতাখিনি। বৰ ভাল পালোঁ।

    Reply
  • ৰাজীৱ শৰ্মা

    PETOLOGIST – ধেমালিতে ক’লে যদিও বৰ প্ৰয়োজনীয় বিভাগ এটাৰ অপূৰ্ব সুন্দৰ নাম এটা দিলেহে।

    Reply
  • ডাক্টৰ চাহাব ৰসৰ ভঁৰাল বুলি জানিছিলোৱেই৷ গোটত পাই আমি সুখী৷ লিখাটো এনজয় কৰিলোঁ বহুত৷

    Reply
  • অসমী গগৈ

    অতি সুখপাঠ্য।

    Reply
  • বৰ ভাল লাগিল ছাৰ।

    Reply
  • ৰূপাঞ্জলী

    বৰ ভাল লাগিল। চকু বাইদেউ! মানুহবোৰে জমাই দেই

    Reply
  • ববিতা বৰুৱা

    বহুত ভাল লাগিল ছাৰ।

    Reply
  • Gitika Saikia

    বেচ ৰসৰ ভাণ্ডাৰ আছে দেই! বৰ সাৱলীল বৰ্ণনা, ভাল লাগিল পঢ়ি।

    Reply
  • হা হা হা হা,,,,,,,,,
    বৰ জমালে ছাৰ।।।।

    Reply
  • বৰ ভাল লাগিল।।।
    আগলৈ আৰু পাম বুলি আশা থাকিল।

    Reply
  • চিদানন্দ বৰা

    বাস্তৱ বখানিলে___ ভাল লাগিল ৷

    Reply
  • SOMESWAR BORAH

    পেটৰ অসুখৰ নিদান পেট’লজিষ্টেই দিব।।আৰু চকু বাইদেউ,বঢ়িয়া।।
    “O2” এটা খালেই থিলালগা কথাটো,,,,,,,,,

    Reply
  • Monalisha shandilya

    বৰ ভাল লাগিল পঢ়ি ৷ চকু বাইদেউ টো দেখি মনত পৰিল মোক মোৰ স্কুলৰ কনমাণি কেইটামানে নাম দিছে হেনো -এ বি চি ডি বাইদেউ আৰু স্কুটিবাইদেউ

    Reply
  • Sekharjyoti Borah

    পেটলজিষ্ট ছাৰ, ভালেই হ’ল আপুনি গোটত আছে। এই বিজয়ৰ পেটতো টেকেলিৰ দৰে ওলাই গৈছে। কিবা এটা বিধান দিয়ক ।

    বিটিডব্লিও ভাল লাগিল আপোনাৰ লিখা খিনি পঢ়ি

    Reply
  • Kangkan Borah

    বৰ ভাল লাগিল…… পিছে অসুবিধা দুটামান আছিল, ক’লে কিবা উপায় পাম নেকি বাৰু….আৰু এটা কথা মই যে আপোনালোকৰ চকু বাইদেউক চিনি পাওঁ

    Reply
  • Partha sarathi bhuyan

    সকলোকে ধন্যবাদ জনালো।

    Reply
  • deepjyoti handique

    hahahaha. … হয় দেই আমি ও দিও । বৰ মজা পালো দেই পঢ়ি ।

    Reply
  • অভিজিৎ কলিতা

    হা হা। অতি সুন্দত

    Reply
  • Tapanborah

    ৰসাল লিখনি—ভাল লাগিল

    Reply
  • ৰিণ্টু

    হা হা হা, খুব ভাল লাগিল পঢ়ি।

    মোৰো কিবা-কিবি কেইবাটাও হৈ আছে, সেইকাৰনে আজি জবৰদস্তি ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰাই লৈছো

    Reply
  • Partha sarathi bhuyan

    Thanks everyone

    Reply
  • Peince bora

    Ati xundor kokaideu ei likha bur janu nopoha koi thakibo pari….. .

    Reply
  • অনিমা দাস

    বৰ ভাল লাগিল ছাৰ।

    Reply
  • Jolly Neog

    Well expressed. Waiting for some more Partha daa,…..

    Reply
  • বিজু গগৈ

    ভাল পালো পঢ়ি৷চকুবাইদেউ ও পেটলজিস্ট চাৰ ,বৰ হঁহুৱালে দেই৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *