ফটাঢোল

পেডমেন আৰু পদ্মাৱত – ৰুপল নাথ

যোৱা দেওবাৰৰ কাহিনী৷ সপ্তাহৰ আন দিন কেইটাত ঘৰত থাকিবলৈ সুবিধাই নাপাওঁ৷ কোনো বন্ধৰ দিন হ’লে বেলেগ কথা; এনেয়ে হ’লে বিভিন্ন কামত ঘৰৰ বাহিৰতে বেছিভাগ সময় পাৰ হয়৷ ৰাতিটোহে ঘৰত থাকিবলৈ পাওঁ৷ সেইবাবে সুবিধা পালেই পৰিয়ালটো লৈ এপাক ফুৰিবলৈ ওলাই যাওঁ। সেইদিনা কিন্তু কেনিও ওলাই যোৱাৰ মন নাছিল। দিনটো ঘৰতে কটাম বুলি ৰাতিপুৱাই ঠিৰাং কৰিলোঁ‌৷ শ্ৰীমতীয়ে কিন্তু নামানে, আজি ক’ৰবালৈ এপাক যাবই৷ কথাটো অযুক্তিকৰ নহয়৷ ঘৰ, চাকৰি, ল’ৰা-ছোৱালীৰ লগত লাগি থাকোতেই সময়বোৰ পাৰ হয়৷ মিটিৰ-কুটুমৰ ঘৰলৈ এপাক যাবলৈও সময় নোলায়৷ সেইবাবে অকনমান ফুৰি আহিলে মনটোও সজীৱ হয়৷ কথাবিলাক মই বুজি পাওঁ৷ কিন্তু সেইদিনা ক’ৰবালৈ যাবলৈ মোৰ একেবাৰে অনীহা৷

ডিব্ৰুগড় আৰু তিনিচুকীয়াত দুখন নতুন চিনেমা চলি আছে৷ শ্ৰীমতীৰ লগৰ কেইবাগৰাকীয়ে ইতিমধ্যে চাই আহি থুলমূল আভাস দি থৈছে৷ গতিকে দেওবাৰে চিনেমা এখন চাবলৈ যাব লাগে৷ পদ্মাৱত হওক বা পেডমেন, কোনোবা এখন চাব পাৰিলেই হ’ল! বৰ বিপাঙত পৰিলোঁ‌৷ মনত দুৰ্বুদ্ধিয়ে বাঁহ ল’লে৷ ক’লো- “আজি দেখোন দুয়োখন চিনেমা টিভিত দিব। চেট মেক্সত ‘পেডমেন’ দিব আৰু জী চিনেমাত ‘পদ্মাৱত’ দিব৷ দুয়োখন ৱৰ্ল্ড টেলিভিচন প্ৰিমিয়াৰ! কথাৰ জোৰ দিবলৈ বুজালোঁ‌ যে, টিভি চেনেল বিলাকৰ মাজত ভীষণ প্ৰতিযোগিতা৷ সেয়েহে এটা চেনেলে নতুন চিনেমা দিয়া দেখি আনটো চেনেলেও নতুন চিনেমা দেখুৱাব৷ শ্ৰীমতীৰ মুখ উজলি উঠিল – “আ আ সঁচা নে”? মই মূৰ দুপিয়ালোঁ‌ ৷

ঘৰৰ টিভিটো কেতিয়াবাই সন্তানৰ নামত উইল কৰি দিলোঁ‌৷ প’গ’ আৰু কাৰ্টুন টিভি চেনেলৰ আগত আমাৰ টিভি চোৱাৰ স্পৃহা নিঃশেষ গৈ গৈছিল৷ সেইদিনা কিন্তু ৰাতিপুৱাই শ্ৰীমতীয়ে জাননী জাৰি কৰিলে – দিনৰ এক বজাৰ পৰা কাৰ্টুন চোৱা বন্ধ, তেওঁ চিনেমা চাব৷ ল’ৰা-ছোৱালীহালো মান্তি হ’ল৷ ৰাতিপুৱাৰ পৰা দেওবৰীয়া ঘৰুৱা কাম পূৰ্ণ গতিত আগবাঢ়িল৷ দুপৰীয়া বাৰ বজাৰ আগতেই ভাত-পানী সাজু৷ তিনিবাৰ মাত দিয়াৰ পাছত গাটো ধুই ভাত-পানী খাই ল’লোঁ‌৷ তিনিবিধ ব্যঞ্জন, চালাড, মাছ ফ্ৰাই, পাপৰ আদিৰ সৈতে উগাৰি যোৱাকৈ খাই ল’লোঁ‌৷ আনদিনা কোনোবা এবিধ ব্যঞ্জনত নিমখ দিবলৈ থাকি গ’লেও আজি কিন্তু বেচ সুস্বাদু আহাৰ৷ ৰান্ধনীৰ মুখত বিভিন্ন গীতৰ কলি! হওঁ‌কতেও, ঘৰতে যে নতুন চিনেমা এখন চাবলৈ পাব – ইমান দূৰলৈ গৈ টকা এসোপা খৰচ কৰাৰ যুক্তি নাই৷ মই শলাগি গ’লো৷

পাকঘৰৰ কাম সামৰি শ্ৰীমতী টিভিৰ আগত বহিবলৈ সাজু হ’ল। ময়ো জৰুৰী কাম এটাৰ অজুহাতত পাঁচ কিলোমিটাৰ দূৰৈত থকা বাইদেউৰ ঘৰলৈ বুলি যাবলৈ ওলালো। বাইদেউৰ ঘৰ পায়েই টিভিটো অন কৰি সেই বিশেষ চেনেল দুটাত কি চিনেমা চলি আছে এবাৰ চাই ল’লো। ইতিমধ্যে শ্ৰীমতীৰ ফোন কলে মোৰ ম’বাইলটো গমগাই উঠিল। ফোনৰ ভাইব্ৰেশ্যনৰ গমমগমনিত মোৰ বুকুৰ ধমধমনি বাঢ়িল। তিনিবাৰমান গমগমনিটো ফোনটো ধৰিবলৈ সাহস নহ’ল। গধূলি আমাৰ ঘৰৰ নাটকখনৰ বৰ্ণনা আপোনালোকক দিয়াৰ পৰা বিৰত থাকিলো!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *