Laughter is
the tonic
the relief
the surcease
for pain
——-Charlie Chaplin

হাঁহি। দুটা আখৰৰ সৰু এটা শব্দ। অথচ, এই সৰু শব্দটোতে জীয়াই থকাৰ মহৌষধ লুকাই আছে। প্ৰতিজন মানুহৰ জীৱনৰ তুলাচনীখনত সুখতকৈ দুখৰ ফালে ভৰ সদায়েই বেছি। তথাপি আমি জীয়াই থাকোঁ সুখৰ দিনৰ স্মৃতিক সুঁৱৰি বা সুখৰ দিনৰ অপেক্ষাত। আচলতে সুখ কি? সুখ মানেই দুই ওঁঠ উপচি পৰা এমোকোৰা প্ৰাণ খোলা হাঁহি নহয় জানো?

হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। হাঁহিয়ে সামৰি থ’ব জানে দুখৰ চকুলো। এমোকোৰা হাঁহিয়ে হাঁহোতাজনৰ উপৰিও তেওঁক প্ৰত্যক্ষ কৰা ব্যক্তিজনৰ ওপৰতো প্ৰভাৱ পেলায়। কিন্তু, এই হাঁহিয়ে মনত নিৰ্মল আনন্দ দিয়াৰ উপৰিও মানৱ শৰীৰত ঔষধৰ দৰে কাম কৰে।

হাঁহি শক্তিদায়ক। হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ শক্তিক উজ্জীৱিত কৰে। হাঁহিয়ে আমাৰ দুখ নিৰ্মূল কৰে, মানসিক চাপৰ পৰা মুক্তি দিয়ে। তাৰোপৰি দৈনিক প্ৰাণখুলি হঁহা মানুহক সু-স্বাস্থ্যৱান কৰি ৰাখে।

হাঁহিৰ স্বাস্থ্যসন্মত উপকাৰিতাৰ উপৰিও মানৱ জীৱনৰ সম্পৰ্কবোৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম। ৰাতিপুৱা শুই উঠিয়ে লাভ কৰা সন্তানৰ ওঁঠৰ নিৰ্মল হাঁহিয়ে এগৰাকী মাতৃক গোটেই দিনটোলৈ অক্লান্তভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়। প্ৰতিদিনেই পুৱাবেলা খোৱাৰ মেজত ঘৰৰ সদস্যসকলৰ হাঁহি ভৰা ধেমেলীয়া কথাই প্ৰতিজনকে দিনটোলৈ সজীৱ কৰি ৰাখে। ঠিক তেনেদৰে প্ৰতিবেশী, বাহন চালক, সহকৰ্মী, পাচলি-বেপাৰী, ধোবা, মুচী আদি সমাজৰ বিভিন্ন বৰ্গৰ লোকসকলৰ সম্ভাষণত জিলিকি উঠা মৃদু হাঁহিটোৱে জানো আমাৰ মন প্ৰাণ প্ৰফুল্লিত নকৰে? আনহাতে, দেৰিকৈ অফিচ গৈ পোৱাৰ পিছত যেতিয়া ভয়ে ভয়ে ওপৰৱালাৰ মুখলৈ চোৱাৰ সেই সময়তে যদি তেওঁৰ দুই চেলাউৰিৰ মাজৰ কঠিন ৰেখাকেইডালৰ পৰিৱৰ্তে ওঁঠত জিলিকি থকা স্মিত হাঁহিটো দেখা পাওঁ, মনৰ সমস্ত বিষাদগাৰ যেন নিমিষতে অন্তৰ্ধান হৈ যায়।

কিন্তু আজিকালি প্ৰায়েই অভিযোগ শুনা যায় যে, ব্যস্ত জীৱনত মানুহে হাঁহিবলৈ পাহৰিলে। সঁচাকৈ মানুহে ব্যস্ততাৰ বাবেই হাঁহিবলৈ পাহৰিলেনে বাৰু? আচলতে ব্যস্ততা এক অজুহাতহে মাত্ৰ। আচল কথা ৰক্ষণশীলতা, মিছা আভিজাত্যতা। সেই তাহানিৰ দিনতো মানুহে হাঁহিব নাজানিছিল, আজিও নাজানে। অৱশ্যে তাহানিৰ কথা বেলেগ আছিল। আজিৰ সমাজ বহু পৰিমাণে সলনি হ’ল। মানুহৰ ধৰণ কৰণ সকলো সলনি হ’ল। সমাজৰ মানুহবোৰ আধুনিক হ’ল, বুদ্ধিমান হ’ল, শিক্ষিত হ’ল। তথাপিও আজি সৰুৱে ডাঙৰৰ আগত প্ৰাণখুলি হাঁহিব নোৱাৰে। বোৱাৰীয়েকে শহুৰেকৰ আগত ওঁঠ দুটা বেঁ‌কা কৰিব নোৱাৰে। অচিনাকিজনৰ কৌতুকত বা পৰপুৰুষৰ কৌতুকত মহিলাই প্ৰাণখুলি হাঁহিব নোৱাৰে। অৰ্থনৈতিকভাৱে দুৰ্বলজনৰ লগত হাঁহি এটা মাৰি কথা পাতিব নোৱাৰে। শিক্ষিতজনে নিৰক্ষৰজনৰ আগত নিজৰ মৰ্যাদা হানি হোৱাৰ ভয়ত একেলগে হাঁহিবলৈ সংকোচ কৰে। পিছে, ‘ব্যস্ততাৰ বাবে হাঁহিবলৈ পাহৰিছোঁ’ বোলা কথাষাৰত বহুতেই হাঁহিৰ খোৰাকহে বিচাৰি পায়৷

এইখিনিতে এটি ব্যক্তিগত ঘটনাৰ বিষয়ে কওঁ—কেইমাহমান আগৰ কথা৷ মই শিক্ষকতা কৰি থকা বিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীৰ আমেৰিকা নিবাসী পুত্ৰই এদিন তেওঁক বিচাৰি বিদ্যালয়লৈকে আহিল। হঠাৎ তেওঁৰ সৈতে আমি তিনিগৰাকী সহকৰ্মীৰ ভেটা-ভেটি হ’লো। ল’ৰাজনে আমালৈ চাই ধুনীয়া হাঁহি এটা মাৰি পঠিয়ালে। আমি তিনিওগৰাকী অলপ অপ্ৰস্তুত হ’লো। অচিনাকি ল’ৰাজনে আমালৈ চাই এনেকৈ কিয় হাঁহিলে? এই বিষয়ে গুণা-গথাঁ কৰি থাকোতেই বিদ্যালয়ৰ উপাধ্যক্ষগৰাকীৰ সৈতে ল’ৰাজনক দেখিলোঁ। তেতিয়াই আমাৰে এগৰাকীয়ে চেগ বুজি লৈ তেওঁক সুধিলেগৈ, “আপোনাৰ ল’ৰা নেকি? মোক বাৰু কেনেবাকৈ চিনি পায় নেকি? এখেতে এইমাত্ৰ ইমান ধুনীয়াকৈ মোলৈ চাই হাঁহিলে। তেতিয়া তেওঁ ক’লে, “নহয়, হয়তো চিনি নাপায়। আচলতে আমেৰিকাৰ ই য’ত থাকে তাত বোলে প্ৰতিজন মানুহেই চিনাকি হওক বা নহওক, দেখা দেখি হ’লেই এনেদৰে মিচিকিয়া হাঁহি এটাৰে সম্ভাষণ জনায়।“

এতিয়া ভাবকচোন, আমেৰিকাৰ সমান ব্যস্ততা আমাৰ আছেনে? নাই, আমেৰিকাৰ সমাজৰ সমান ব্যস্ততা আমাৰ নাই। তথাপিও আমি নাহাঁহো। এনেদৰে হাঁহিলে আন মানুহে কিজানি পাতল বুলিয়েই ভাবিব বা আমাৰ সৈতে যিকোনো লঘু ধৰণৰ কথা আলোচনা কৰিবলৈ সুবিধাজনক বুলি ভাবিব। অৱশ্যে, কথাটো একেবাৰে নস্যাৎ কৰিবও নোৱাৰি। মানুহে বেছিকৈ হাঁহি ধেমালি কৰি ফুৰা পুৰুষ বা মহিলাক নিজৰ ইচ্ছামতে ভাল বা বেয়া ব্যৱহাৰ কৰিবৰ যোগ্য বুলিহে ভাবে। হাঁহি ধেমালি কৰি ভালপোৱা, সহজতে মিলি যাব পৰা মানুহক চৰিত্ৰ দোষ থকা বা একেবাৰে সন্মান দিব নলগা মানুহ যেনহে বোধ কৰে। আটাইতকৈ আমোদজনক কথাটো হ’ল, এনে মানুহৰ সংগ লুকাই চুৰকৈ উপভোগ কৰিবলৈ আমি ৰাজী, কিন্তু দেখদেখকৈ বন্ধুত্ব কৰা বা সমৰ্থন কৰাটো বৰ কষ্টসাধ্য কাম। কিন্তু এই যান্ত্ৰিকতাৰ যুগত যদি কাৰোবাৰ অলপমান খুহুতীয়া কথাই আমাৰ অৱসাদ দূৰ কৰে তেন্তে তাত আপত্তি কৰাৰ থল কাৰো নাথাকে।

হাঁহিক লৈ যদিও আমাৰ মাজত বিভিন্ন দ্বিধাবোধ আছে, যেনে ডাঙৰৰ আগত নহঁহা, ডাঙৰ ডাঙৰ শব্দ কৰি হাঁহিব নালাগে আদি তথাপি কিন্তু সেই অতীজৰে পৰা সাহিত্য সংস্কৃতিৰ গুৰি ধৰোতা সকলে নিজৰ সৃষ্টিৰাজিয়ে মানুহক হঁহুৱাবলৈ আপ্ৰাণ চেষ্টা কৰি অহা দেখিবলৈ পোৱা যায়। আমাৰ অসমীয়া সাহিত্যতে শংকৰী যুগৰ সাহিত্যৰ পৰা বৰ্তমানৰ সাহিত্যলৈকে বিভিন্নজন সাহিত্যিকে খুহুতীয়া সাহিত্য ৰচনা কৰা দেখিবলৈ পোৱা যায়। শংকৰী যুগৰ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ঝুমুৰাবোৰৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি। ঝুমুৰাবোৰত থকা শিশু কৃষ্ণৰ কাৰ্য কলাপে দৰ্শকৰ মনত হাঁহিৰ খোৰাক যোগাইছিল। তাৰোপৰি ৰামসৰস্বতীৰ বধকাব্য সমূহত থকা সংলাপবোৰেও হাস্যৰস সৃষ্টি কৰিছিল। বৰ্তমান সাহিত্যত যদিও হাস্যৰসৰ দুই এটা ৰচনা চকুত পৰে কিন্তু সংখ্যাত ই তেনেই নগণ্য। তাৰ বিপৰীতে সাংস্কৃতিক জগতখনত হাস্যৰসৰ চিনেমা, নাটক, টেলিভিশ্যন শ্ব’ আদিয়ে দপদপাই থকা পৰিলক্ষিত হয়। বিশ্ববিখ্যাত অভিনেতা চাৰ্লি চেপলিন, মিষ্টাৰ বিনৰ জনপ্ৰিয়তাই ইয়াকেই সূচায়। আমাৰ অসমতো কৌতুক অভিনেতাসকল খুব সোনকালে জনপ্ৰিয় হোৱাৰ লগতে দৰ্শকৰ মনত তেওঁলোকে সাঁচ বহুৱাবলৈ সক্ষম হয়। অৰুণ নাথ, চেতনা দাস, হিৰণ্য ডেকাকে প্ৰমুখ্যে কৰি বহুতো ন-পুৰণি কৌতুক অভিনেতাই আজিও সাংস্কৃতিক জগতখনত দপদপাই আছে। তেওঁলোকৰ অভিনয় চাই আমি হাঁহিত ফাটি পৰো। অসমৰ উপৰিও অন্যান্য ৰাজ্যৰ কৌতুক অভিনেতাসকলো আমাৰ পৰিচিত হৈ পৰে। আমি যদিহে হাঁহিবলৈ বেয়া পালোঁহেঁতেন তেন্তে কিজানি এওঁলোকো হাস্যৰসাত্মক সাহিত্যৰ দৰে নিষ্প্ৰভ হৈ পৰিলেহেঁঁতেন। সৌ সিদিনালৈকে চ’নী টিভি নামৰ টেলিভিশ্যন চেনেলটোত দপদপাই থকা কপিল শৰ্মা নামৰ কমেডিয়ানজনৰ কথা জানো আমি পাহৰিব পাৰিছো। কপিল শৰ্মাক বাহিৰেও তেওঁৰ সহযোগী মিষ্টাৰ গোলাটি বা গুত্থি ওৰফে সুনীল গ্ৰোভাৰক জানো আমি পাহৰিছোঁ। কৌতুক অভিনয়ে যদি আমাৰ মনত সাঁচ বহুৱাব পাৰে তেন্তে সাহিত্যই কিয় নোৱাৰিব?

অৱশ্যে হাস্যৰসাত্মক ৰচনাৰো আকৌ দুটা ভাগ আছে। লঘু কৌতুক জাতীয় সাহিত্য আৰু ব্যংগ সাহিত্য। ব্যংগ সাহিত্যৰ স্থান বহুত উচ্চ। ব্যংগ সাহিত্য ৰচনা কৰিবলৈ ব্যক্তিজনৰ বাক চাতুৰ্যতাৰ লগতে তীক্ষ্ণ বুদ্ধি থকাটো অতীব প্ৰয়োজনীয়। ব্যংগ ৰচনাই সদায় সমাজলৈ হাঁহিৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰে। বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক দিশক এই সাহিত্যই সদায় কটাক্ষ কৰি সমাজক সচেতন কৰি আহিছে। যদিও সাহিত্য জগতখনত এনে সাহিত্যৰ আদৰ কম তথাপি ইয়াৰ গুৰুত্ব উলাই কৰিব নোৱাৰি। আজিও মুষ্টিমেয় সাহিত্যিকে এই ধাৰাতেই সাহিত্য চৰ্চা কৰি আহিছে আৰু নিতৌ ব্যংগ সাহিত্যৰ সৃষ্টি হৈ আহিছে। এইবিধ সাহিত্যৰ ৰচকসকলে আমালৈ নিত্য নতুন বিষয়বস্তুৰে আমাক ব্যংগ সাহিত্যৰ সোৱাদ দি আহিছে। বৰ্তমান নৱপ্ৰজন্মৰ মাজতো এনে সাহিত্যই গুৰুত্বতা লাাভ কৰিবলৈ সক্ষম হোৱাৰ উৎকৃষ্ট উদাহৰণ এই ‘ফটাঢোল’ ই-আলোচনীখন৷ খুব কম সময়তে পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰা এই আলোচনীখনে ব্যংগ সাহিত্যৰ ধাৰাটোক আগুৱাই লৈ যাওক, নতুন নতুন ব্যংগ লেখকৰ জন্ম দিয়ক তাৰেই কামনা কৰিলোঁ।

পৰিস্মীতা গগৈ
সম্পাদক,
প্ৰথম বৰ্ষ, নৱম স্ংখ্যা, মাৰ্চ ২০১৮

☆★☆★☆

Comments

  1. সম্পাদকীয় পঢ়ি ভাল লাগিল৷ সম্পাদিকাক অভিনন্দন জনালোঁ৷

  2. সম্পাদকীয় পঢ়ি বহুত ভাল লাগিল।
    অভিনন্দন বাইদেউ।

  3. বঢ়িয়া লাগিল পঢ়ি। অভিনন্দন

  4. ভাল লাগিল পঢ়ি। ধন্যবাদ আলোচনীৰ সুন্দৰ সংখ্যাটিৰ বাবে..

  5. আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ তোমালৈ….

  6. এটি সৰ্বাংগ সুন্দৰ সংখ্যা উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ।

  7. সম্পাদকীয় সুন্দৰ হৈছে। এটি সৰ্বাংগসুন্দৰ সংখ্যা আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ

    1. সঁ‌চাকৈ গধুৰ কাম। আপোনালোকৰ সাহসতে সম্পন্ন হ’ল। ধন্যবাদ কাকতিদা।

  8. আলোচনীখনৰ উদ্দেশ্য ব্যাখ্যাত পূৰামাত্ৰাই সফল। সম্পাদকীয়ৰ উদ্দেশ্যও নিশ্চয় সম্পাদনা কৰা আলোচনীখনৰ বা সংখ্যাটোৰ চাৰিত্ৰিক বৈশিষ্ট্যক পৰিস্ফুট কৰা। ভাল লাগিল।

  9. ভাল লাগিল। সেই আমেৰিকাত থকা লৰাজনৰ সকলোলৈকে হাঁহি মৰা স্বভাৱটো চোন আমি আৰম্ভই কৰিব পাৰো। এটা মিছন হিচাপে ফটাঢোলৰ পৰাই এই আহ্বান কৰা হওক।

    1. নিশ্চয় কৰিলে এটা মহৎ কাম কৰা হ’ব। হাত উজান দিয়ক লগত আছো সদায়। ধন্যবাদ অভিজিতদা।

Leave a Reply

Your email address will not be published. Required fields are marked *