ফটাঢোল

হেপ্পী হ'লি – হেমন্ত কাকতি

অলপ গভীৰ বিষয় এটাৰ ওপৰত অলপ আলোকপাত কৰিব বিছাৰিছোঁ ৷ হ’ল বুলি কিমান হাঁহি ধেমালি কৰিবনো? সকলো কথাকেই হাঁহি উৰুৱাই দিয়া বাবেইতো আমাৰ ৰাইজৰ আজি এই দুৰাৱস্থা৷ সৰুৰে পৰাই এশ এবুৰি উৎসৱ পাৰ্বন, ৰং ৰহইচেৰে উদুলি মুদুলি হৈ থাকোতে সিফালে বিদেশীয়ে দেশখন লুটি পুটি খালেই৷ যিয়েই নহওক, অলপ চিৰিয়াছ হ’বৰ হ’ল বুজিছেনে?

“হলি” উৎসৱ আৰু দায়িত্বশীল নাগৰিক হিচাবে আপোনাৰ কৰ্তব্য সমূহ আকৌ এবাৰ সোৱৰাই দিব খুজিছোঁ৷

প্ৰথমেই কওঁ, এইবাৰ হলি উৎসৱত আপোনাৰ দায়িত্ব আৰু কৰ্তব্য সমুহ নিষ্ঠাৰে পালন কৰক আৰু আমাৰ অসমীয়াৰ সাতামপুৰুষীয়া ঐতিহ্যপূৰ্ণ কৃষ্টি সংস্কৃতিক বহিৰাগতৰ কৰাল গ্ৰাসৰ পৰা বচাওক৷ নহলে দেখিছেই নহয়, বহিৰাগতই আপোনাৰ সংস্কৃতি হাইজেক কৰি ল’বলৈ বেছি পৰ নেলাগিব৷ এতিয়া আপুনি সুধিব কি কৰিব লাগে নো? হয়, নিশ্চিত ভাবে এজন সাধাৰন নৰমনিচ হিচাবে আপোনাৰ মনত এই প্ৰশ্নৰ উদয় হোৱাটো খুবেই স্বাভাবিক৷ মোৰ মনতো এই প্ৰশ্নই বাৰে বাৰে খু দুৱনি নলগোৱা নহয়৷ কিন্তু জ্ঞানী মানুহ বুলি কথাবোৰ বুজিবলৈ বেছি পৰ নেলাগে৷ যি বুজিলোঁ, তাকেই ভক্তি সহকাৰে শুনক আৰু আনকো শুনাওক৷

এইবাৰ হলি (দৌলোৎসৱ) পৰিছে ফাগুন মাহৰ পুৰ্ণিমা তিথিত আৰম্ভ হৈ পিচৰ দিনা  গধুলিলৈকে৷ গতিকে সময়েই নাই আপোনাৰ হাতত৷ কৃষ্ণই ৰাধাৰ গালে মুখে ৰং সানি আনন্দ উল্লাস কৰি দিনটো অতিবাহিত কৰিছিল, সেই পৰম্পৰা আপুনি মই ৰক্ষা নকৰিলে কোনে কৰিব? আপুনিও আপোনাৰ ওচৰ চুবুৰীয়াৰ গোপ-গোপীনি সকলৰ সঠিক স্থিতি, অৱস্থানৰ সম্ভেদ লওক৷ মবাইলত মেচেজ দিয়ক, ইনবক্স গেলাই পেলাওক৷ দৰ্কাৰ হলে আধুনিক প্ৰযুক্তি যেনে গ্লোবেল পজিচনিং চিষ্টেম আদিৰ সহায় ল’ব পাৰে আৰু এই সুবৰ্ণ সুযোগৰ সৎ ব্যৱহাৰ নিশ্চিত কৰক৷ কোনে জানে আপোনাৰ ‘লাক’ ভাল থাকিলে দুই এক কোমল হাতৰ স্পৰ্শ আপোনাৰ গালতো পৰিব পাৰে! দুই একৰ চৰ, ভুকু, ঔকিল আদি পৰিলেও ভয় নাখাব৷ ৰিস্ক নল’লে সকলো মিছা৷ “ফেচটিভেল মে চব চলতা হেই”৷ আফটাৰ অল পৰম্পৰা ৰক্ষাৰ ঠিকা যে আপোনাৰেই হাতত৷

প্ৰভুৰ প্ৰসাদ বুলি ভাং অকন গোটাবলৈ নাপাহৰিব৷ নহ’লে ফুৰ্তিপানীৰেও কাম চলাই দিব পাৰে৷ কিবা কাৰণত তাৰ আগতেই “ড্ৰাই ডে” হৈ যাব পাৰে৷ চান্স নল’ব৷ সাৱধানীৰ মৰণ নাই৷ মাত্ৰ কিছু টাইম আপোনাৰ হাতত৷ ঘৰৰ পৰা ওলোৱাৰ আগতে শ্ৰীযুত হানী সিং মহাৰাজৰ ৰেপ সংগীত বা পাপন মহাৰাজৰ বৌম বাবা জাতীয় অলপ শুনি মেলি ভালকৈ মুড বনাই যাব৷

সময় থাকোতেই কৈছোঁ‌, বজাৰত পোৱা ৰঙ বিৰঙী ফাকুৱাৰ গুৰি কিনি অযথা পইচা নদলিয়াব৷ এইবোৰ সব চাইনীজ মাল৷ সব ভেজাল৷ থলুৱা সামগ্ৰী যেনে গোবৰ, আলকাটৰা, বেৰত লগোৱা পেইন্ট আদি গোটাব পাৰে৷ পানীৰ অযথা অপব্যয় নকৰিব৷
খাল বিল বা লোকেল নৰ্দমাৰ পানী ব্যৱহাৰ কৰাত বাধা নাই৷ যিহেতু অঞ্চলৰ পানী আকৌ বাগৰি গৈ ভুমিপৃষ্ঠত জমা হ’বই৷ গতিকে পৰিবেশ, প্ৰদুষন জাতীয় চিন্তাবোৰ এৰকহে৷ লাগিলে ওচৰতে থকা ৰ’ডামিন ডাই কিলো হিচাবত হিচাবত দিব পাৰো নিজৰ বুলি৷ এমাহৰ গেৰান্টী ল’ম৷ পাৰিলে মাইক এটা লৈ ঘোষণা কৰা আৰম্ভই কৰি দিব পাৰে৷ তিনি দিন আগৰ পৰা নৃত্য গীত ৰং ৰহইচ “চুৰু” কৰি দিয়ক৷ ৰাতিলৈ চুৰচুৰীয়াকৈ সাংস্কৃতিক সন্ধিয়া এখনৰো আয়োজন কৰি দিব পাৰে৷ চাঁন্দা বহী ছপাইছেনে নাই? ‘বহিৰাগত’ বণিক গোষ্ঠী আছেই, চিন্তা নকৰিব৷ এই ‘লুণ্ঠনকাৰী’ সকল চান্দা দি বস্তুৰ দামত ‘মেক আপ’ ল’বই৷ গতিকে বিলম্বৰ নাই প্ৰয়োজন৷ বাকী ল’ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষা, কিবা পৰীক্ষা এইবোৰ গুলী মাৰক৷ কিমান পৰীক্ষা আহিব যাব তাৰ কি লেখ জোখ আছে? এনেও পঢ়ি শুনি কিমাননো ডাঙৰ মানুহ হৈছেহে? বুঢ়া বুঢ়ী, বেমাৰী আজাৰীক গুৰুত্ব নিদিব৷ এনেও এই আহুকলীয়া জীৱবোৰ দুই এদিনতে “তপকিব” ই৷ সিহঁ‌তকো উলিয়াই আনক৷ এনেবোৰ ফুৰ্তিফাৰ্তা সদায়তো নাহে! মনত ৰাখিব “চেল্ফী উয়িথ অল ডাৰ্টী বয়জ” টো বহুত দৰকাৰী৷ ফটো উঠি ফেচবুকত আপলোডোৱাটো আৰু এটা গুৰুত্বপূৰ্ণ কাম৷ সেইটো নকৰিলে ৰাইজে গম নেপাবই যে “ইউ এনজইড এ লট”৷

কি কয়, আপুনি একটিভ ফেচবুকাৰু? চ’চিয়েল মেডিয়া চেভী? কিন্তু কোনো লগ উলিয়াব নোৱাৰিলে? ফিলিং লোনলি? তেতিয়াহ’লে তাৰো উপায় দিওঁ৷ একেবাৰে ‘এক্সট্ৰিম’ কেচতো হলি খেলিব পাৰে৷ মাত্ৰ আধাঘন্টা সময় খৰচ হ’ব! তাৰ বাবে বিভিন্ন ৰঙৰ চাইনীজ মাল আই মিন “হলি” কিনিব লাগিব৷ নিজকে আয়নাৰ সন্মুখত লৈ গায়ে মুৰে সেইসোপা নিজেই সানক৷ চেলফি ষ্টিক বা মোবাইল টো চেলফি মোডত ৰাখি বিভিন্ন ভংগীমাৰে প্ৰায় চল্লিচখন মান ফটো তোলক৷ তাৰে বাছি বাছি পাছ ছয়খন মান অলপ এডিট কৰি “প্লেইং হলি উইথ চ’ এণ্ড চ’ এণ্ড ফৰ্টি ৱান আডাৰচ্ বুলি ফেচবুকত পোষ্ট কৰক৷ সেইসোপাকো টেগ কৰক লগতে আৰু থাৰ্টি ফাইভ আডাৰচ্ ! “ফিলিং এক্সাইটেত” অপচন টো নাপাহৰিব৷ এতিয়া লাইক কমেন্ট বোটলক!

ওপৰৰ কোনো এটা কেটেগৰী যদি ভাল লগা নাই তাৰ মানে আপুনি ইনটেলেকচুৱেল জাতীয় জীৱ৷ গতিকে বুদ্ধিজীৱি কেটেগৰীৰ অপচনটো লওক তাৰ বাবে দুই এটা দাত ভঙা ইংৰাজী শব্দৰ জ্ঞান থকাটো বাঞ্চনীয়৷ waterless holi বা Why should we waste our precious natural resources when some people are dying for a drop of water জাতীয় ক্ষুৰধাৰ সমালোচনা এটা আগবঢাব পাৰে৷

এইটো মনঃপুত নহ’লে “সকলোকে হলিৰ শুভেচ্ছা জনালোঁ‌” বুলি ফেচবুকত সৰুকৈ আপডেট এটা দি পাল মাৰি থব পাৰে৷ লাইক কমেন্টৰ গেৰান্টি কোৱা টান পিচে!

হেপ্পী হলি!

☆★☆★☆

8 Comments

  • Khanindra Bhusan Mahanta

    খেতাৰনাক দিছে এইকোব

    Reply
  • অভিজিৎ কাশ্যপ (চিকু)

    হেপ্পী হʼলি!
    হʼলিত পইছা বচোৱাৰ প্লেন মানে…!

    Reply
  • উ শ বৰুৱা।

    ইচ, ধুই পেলালে

    Reply
  • Gitika Saikia

    হলিৰ প্লেনিং তামাম লাগিল। সঁচাকৈয়ে চিৰিয়াচ লিখনি এইট। পঢ়ি বৰ ভাল লাগিল।

    Reply
  • বঢ়িয়া দিলে। প্লেনং কেইটা বৰ সুন্দৰ –”
    আমি শেষৰ কথাখিনিহে মানিম পিছে।

    Reply
  • ববিতা বৰুৱা

    ভাল আইডিয়া দিলে।
    হেপি হোলী

    Reply
  • পঢ়ি চোৱা বাবে সকলোকে ধন্যবাদ৷

    Reply
  • পাৰবীন

    মানি গ’লো দেই হেমন্তদা ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *