ফটাঢোল

নাৰদৰ অসম ভ্ৰমণ – সোনটো ৰঞ্জন বৰুৱা

দেৱৰাজ ইন্দ্ৰ ইন্টাৰনেট সেৱাক লৈ কিছুদিনৰ পৰা তামাম পৰেচান হৈ আছে। ইমান শ্লৌ……কেতিয়াবা কেতিয়াবাতো দেৱতা সকলে পঠিওৱা ৱাটচএপ মেচেজ এক প্ৰহৰৰ পাচতহে পাইছেহি । মেচেজ পোৱাৰ পাছত তেখেতে সেই আনলৈ ফৰৱাৰ্ড কৰিবলৈ যোৱা মানে আনে হজম কৰিও হালধীয়া হয় । অসমৰ পেছেঞ্জাৰ ট্ৰেইনক গৰুগাড়ীৰে পিচ পেলোৱা স্পিডৰ দৰে যিহে নেটৰ অৱস্থা… ধুই!! এনেকৈ পাৰিনেকি ?…. দিনটোলৈ যিমান জিবি ফ্রি নেট পায় তাৰ আধাও শেষ কৰিব নোৱাৰি।

বহুতদিনৰ পৰাই দেৱৰাজে জিঅ’ৰ কথা শুনি আছে, বহুত সস্তাতেই ফৰ জি’ৰ হাইস্পিড দি আছে বুলি । কিন্তু ইমান দিনে চলাই থকা পুৰণা নেটৱৰ্কৰ মোহটো এৰিব নোৱাৰাৰ বাবে তাকেই চলাই চলাই এতিয়া নিজৰ প্ৰজাৰ ওচৰতে ইজ্জত যাও যাওঁ অৱস্থা। মনতে ভাবিছিল, ৰজা বুলি কোনোবাইতো গিফ্ট হিচাপে দিবওতো পাৰে ……, পিছে নাই, কাৰো পৰাই নাপালে। এতিয়া দেখিলে নিজেই গা লৰাব লাগিব। চিমখন আনো বুলি নিজেও সিংহাসন এৰি পৃথিৱীলৈ যাবলৈ ভয়, যিহে দিনকাল পৰিছে, কোনে সাউৎকৈ দখল কৰিবহি কবই নোৱাৰি। সাতে পাঁচে ভাবি নাৰদকে পৃথিৱীলৈ চিম আনিবলৈ পঠিয়াই দিলে।

নাৰদৰে ভাল৷ আমাৰ দৰে পাছপৰ্ট, ভিছাৰ কোনো প্ৰব্লেমেই নাই। তেওঁৰ গোটেই দুনিয়াৰে ফ্ৰি পাছ আছে। য’লৈ মন কৰে তালৈকে সাউৎকৈ গুচি যাব পাৰে, আপোনাৰ বেডৰূমলৈও! সৰগত থাকিও তেখেতে ইমান ভাল নাপায়, ………ধুনীয়া হ’ল বুলিয়েই কিমাননো সেই একেকেইজনীকে চাই থাকিব। যদিও ব্ৰহ্মচাৰী তথাপিওতো চাবলৈ এৰিব নোৱাৰি নহয়!…. তাতকৈ পৃথিৱীতেই ভাল, আগৰ গাল মৰি যায় যদিও নতুন নতুন আপী জন্ম পায়েই থাকে। …..গতিকে পৃথিবীলৈ আহো আহো লাগিয়েই থাকে৷

নাৰদে ইন্দ্ৰৰ আদেশ পায়েই চিধাই নিজৰ নতুনকৈ লোৱা ‘স্পেছচিপ’খনত উঠি পৃথিবীলৈ পোনাই দিলে। স্পেচচিপতে মানুহৰ গেটআপ লৈ অসমৰ গুৱাহাটীতে লেণ্ডিং কৰো বুলি অসমৰ দিশে পোনাই দিবলৈ পাইলটক আদেশ দিলে। তেখেতে হেনো আগৰবাৰ আহোতে নতুনকৈ বনোৱা ফ’ৰৱেটোত লেণ্ডিং কৰি বৰ ভাল পাইছিল।

উৱা ই কি!!!……..গোটেই স্পেছচিপখন দেখোন ফৰিং জপিওৱা দি জপিয়াইছে ! ……লগেলগে খিৰিকীৰ আইনা  এখন খুলি চাই দেখে ৰাষ্টাত দেখোন সৰু বৰ অলেখ পুখুৰী! ……..বেছি চাবলৈ নাপালেই , হয়তো এইবাৰ এটা অলপ বেছি ডাঙৰ গাঁতত পৰি জাঁপটো বেছি হল …….তলকিব পৰাৰ আগেই নাৰদ খোলা গ্লাছেদি ওফৰি আহি পকাত থেপেছ……!!

হস্পিতালৰ বেডতহে  নাৰদৰ চকু মেল খালে৷ হয়তো কোনোবাই বেহুচ পাই এৰি থৈ গ’লহি ।…… ওৱাক…ওৱাক …. অমৃতৰ বলত আগৰ স্বাস্থ্য ঘুৰাই পালেও হস্পিতেলৰ লেতেৰা গোন্ধত পেটু নাড়ী ওলাই আহো ওলাই আহো কৰিলে। ধেত তেৰি ….. ইয়াত যদি আৰু অলপ সময় থাকিব লাগে আকৌ বেহুচ হৈ পৰিব লাগিব । কথা মতেই কাম৷ নাৰদে যেনে তেনে তাৰপৰা পলাই গেটৰ বাহিৰ হৈ দীঘল কৈ উশাহ এটা লৈহে শান্তি  পালে।

অহ ! বাহনখন …. ? টেলিপেথিৰে পাইলটৰ লগত কানেক্টচন কৰি গম পালে যে ঘা-ফোঁহৰা নাই লগা যদিও সৰু সৰুকৈ সেইখনৰো কেইটামান বেমাৰ ওলাইছে। উভতি যাওঁতে দিগদাৰ দিব পাৰে৷ গতিকে পাইলটক নিজেই ঠিকঠাক কৰি লবলৈ কৈ নাৰদে বাটৰ গাড়ীতে গুৱাহাটীলৈ যোৱাটো ঠিক কৰিলে ।

অহহ….. ! বাটত দেখোন আজি গাড়ী মটৰ বৰ কম? বহুত সময় ৰৈ শেষত গুমটি দোকান এখনত সুধি গম পালে কোনোবাই হেনো বন্ধৰ প্ৰতিবাদত চকা বন্ধ দিছে । এৰা!  বন্ধৰ প্ৰতিবাদতো বন্ধ, খা বাপেকে……. মৰ এতিয়া খোজকাঢ়ি! শেষত যেনিবা দুচকীয়া এখনতে ওলমি গুৱাহাটী পালেহি ।

এতিয়া তেওঁ চহৰৰ ৰাষ্টাত জিঅ’ৰ দোকান বিচাৰি খোজ দি আছে …….চাৰিওফালে ৰঙ-বিৰঙী বেনাৰ। যত vivo আৰু OPPO লিখা আছে। কৰবাত কৰবাত তেনেকুৱা লিখা সৰু সৰু ছাউনীও বনাই থোৱা আছে। আনহে নালাগে ট্ৰেফিক পইন্টটো সেইবোৰৰ বেনাৰেই আঁৰি থোৱা আছে। নাৰদে ৰ’ব নোৱাৰি এজন লোকক সুধিলেই – “দাদা ইয়াত কিবা নিৰ্বাচন চলিছে নেকি ? OPPO আৰু vivoৰ মাজত ?” মানুহজনে প্ৰথমে নাৰদক ভালদৰে ভৰিৰ পৰা মুৰলৈ চাই ঘেটঘেটাই হাঁহি কলে “মানুহ মাৰিব দেই আপুনি ? ভাল জমাইছে!” এইবুলি আঁতৰি গলগৈ। নাৰদে থৰ লাগি মানুহজনলৈ চাই ভাবিলে – ‘কি আচৰিত মানুহ আছে! সুধিলো কি, ক’লে কি!’

কেইটামান গলি চক্কৰ মৰাৰ পাছত এটা গলিত ভিৰ দেখি নাৰদ ৰৈ গল। তাত এটা দীঘলীয়া লাইন দেখিলে। নাৰদক দেৱৰাজে কৈ পঠাইছিল, জিঅ’ক লৈ আজিকালি মানুহবোৰ পাগল হৈ আছে, ছিম পাবলৈ মানুহৰ দীঘলীয়া শাৰী লাগিছে। নাৰদে ভাবিলে নিশ্চয় ইয়াতে জীঅ’ পোৱা যাব। তেওঁ পলম নকৰি লাইনত থিয় হলগৈ । অগত থকা মানুহজনক লাহেকৈ সুধিলে ” দাদা ইয়াত জিঅ’ পামনে ?”  সেই মানুহজন অলপ নিচাগ্ৰস্হ যেন লাগিল, মুখৰ পৰা গেলা গোন্ধ ওলাই আছে। তেওঁ লেবালেব সুৰেৰে কলে “চব পাব, ইয়াত যি বিচাৰে সকলো পাব৷”।

‘আও! এইজনক একো নুসুধাই ভাল!’ এইবুলি নাৰদ মনে মনে ৰ’ল। লাহে লাহে লাইন আগবাঢ়িবলৈ ধৰিলে। যিহে ৰ’দ, তথাপিও যেনেতেনে নাৰদো লাইনত আগবাঢ়ি গৈ থাকিল। এঘন্টামানৰ পাছত যে হঠাতে দোকানৰ নামটোলৈ চালে ….হাৰে এইখন দেখোন মদৰ দোকান!

ধেত তেৰিকা…….! মনতে নিজকে নিজে গালি দি দি লাইনৰ পৰা ওলাই আকৌ জিঅ’ৰ দোকান বিচাৰি লাইনে লাইনে ঘুৰিবলৈ ধৰিলে। এবাৰ এটা গলিত মাৰ খোৱাৰ পৰা অলপতেহে বাচিল। তেখেতে দেখিলে যে তেওঁৰ সন্মুখত থকা মানুহজনৰ লংপেন্টটো কঁকালৰ পৰা তললৈ পিছলি গৈছে। জনসাধাৰণৰ আগত সেইটো সৰি পৰিলে লাজ পাব বুলি মানুহজনৰ পিঠিত থপৰিয়াই লাহেকৈ দেখুৱাই দিওতেই যিহে গালি দিলে ঐ ….নাৰায়ণ নাৰায়ণ!! সেইটো হেনো ষ্টাইল, ল’ ৰাইজৰ ঠেঙা!!

শেষত যেনিবা আক তাক সুধি মেলি জিঅ’ ষ্ট’ৰ এখন বিচাৰি পালেগৈ। কিন্তু এইখন একেবাৰে খালী দেখোন !…. দেৱৰাজেতে কিবাহে কৈছিল । যাহ….. পালে তো …কাম হলেই হ’ল। কিন্তু যেতিয়া দোকানীয়ে নথিপত্ৰ বিচাৰিলে তেতিয়াহে নাৰদৰ মাথা ঘুৰাল। শেষত যেনিবা মানৱৰ বুদ্ধি খটুৱাই মায়াৰে টকা কেইটামান সৃষ্টি কৰি সেই ঝামেলাটো শেষ কৰিলে।

আহ….. কাম শেষ যেতিয়া আৰু ইয়াত থাকিব নোৱাৰি দেই । যেনে তেনে আকৌ বাইক এখনৰ পিছত উঠি স্পেছচিপখন পালেহি । স্পেছচিপখনৰ দৰ্জা খুলিবলৈ লৈয়ে দৰ্জাখনত কিবা এটা দেখি ভালদৰে জুমি চালে …… মষ্ট’ লভ চিন এটাৰ ভিতৰত……

সোণ + জুন

চাল্লা চেচ ….. ঐ কুকুৰ…… নতুন স্পেচচিপখন বাৰু এইবোৰ লিখিব লাগেনে ? চাল্লা প্ৰেম নিবেদন কৰিবলৈ জাগা আৰু নাপালি ..

☆★☆

16 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *