মোৰ নাম ড৹ ধুমকেতু পাটগিৰি৷ মই ‘সোপাঢিলা চৰকাৰী মহাবিদ্যালয়’ৰ এজন ‘অ-সোপাঢিলা’ লেক্‌চাৰাৰ৷ কি সুধিলে? মোৰ আচল নামটো! এহ্ থাকক দিয়ক৷ ধুমকেতু নামটোহেচোন আজিকালি আপোন-আপোন লাগে৷ এনিৱে, মোৰ বিষয় হ’ল ৰাজনীতি বিজ্ঞান৷ পিছে ছাবজেক্টডাল একদম ব’ৰ আৰু কামোৰ! এইবোৰ মই পঢ়োৱা বস্তু মুঠেই নহয়৷ সেয়ে বছৰৰ প্ৰথমটো দিনাই মই ল’ৰা-ছোৱালীক কৈ দিওঁ- “বাছাহঁত৷ শুন৷ প্লে ষ্ট’ৰত দুটামান মজা মজা এপ্ আছে৷ সেইবোৰ ম’বাইলত ইনষ্টল কৰি ল’বি৷ ম’বাইল কিনিবলৈ যদি মাৰ-বাপেৰে টকা নিদিয়ে, মোৰপৰা ল’বি৷ নিতৌ সন্ধ্যা আঠ বজাত মোক টিভিত চাবি৷ মোৰ সোণসেৰীয়া কথাবোৰ কাণ পাতি শুনিবি৷ পাৰিলে ৰেকৰ্ডিং কৰি থ’বি৷ ফেচবুকত মোৰ প’ষ্টবোৰ ন’ট কৰি থ’বি৷ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবি৷ হোৱাটছ্ আপত দহটা গ্ৰুপৰ এডমিন মই৷ গ্ৰুপবোৰৰ সদস্য-ভৰ্তিৰ কাম পুৰাদমে চলি আছে৷ তহঁতেও জইন কৰিবি৷ ইউ টিউবত থকা ‘পাৱাৰফুল পাটগিৰি’ নামৰ চেনেলটো সোনকালে ছাবছ্‌ক্ৰাইব‌্ কৰিবি৷ মুঠতে যি মন যায়, তাকে কৰিবি৷ লাইফটো পুৰা এনজয় কৰিবি৷ চাহ খাবি, ভাত খাবি, দামী ব্ৰেণ্ডৰ মা..আআআ..মা..মা..মা..মা….মাছ’ খাবি কিন্তু কোনোদিনেই মোক কলেজত ক্লাছ কৰিবলৈ নামাতিবি৷ ‘ছাৰ, ছিলেবাছ শেষ নহ’ল, ক’ৰ্ছ বাকী থাকিল৷’ এনেধৰণৰ ফাল্টু কথাবোৰ কৈ মোৰ ওচৰত পেনপেনাই নাথাকিবি৷ বেয়া পাম কিন্তু৷’

বাৰু সেইবোৰ আৱেগিক লেকচাৰ থাকক এতিয়া ৷ বেলেগ মজাৰ কথা এটা কওঁ৷ মোৰ নাম ঢেৰ৷ ফৰ একজামপল- পি.এম.পি (পাল মৰা পাটগিৰি), কে.এন.পি. (কাম নাইকিয়া পাটগিৰি), পি.এ.এন.পি (পাৰ্টি অল নাইট পাটগিৰি), এ.এছ.বি.এছ. (অসমীয়া সাহিত্যৰ বিন্দাছ সেৱক) ইত্যাদি ইত্যাদি৷ পিছে ধুমকেতু নামটোহে মোৰ প্ৰথম আৰু শেষ পছন্দ৷ ওলালেও ওলাম৷ নোলালেও নাই৷ কলেজলৈ আহিলেও আহিম, নাহিলেও নাই৷ মোৰ মৰ্জি৷ মোৰ কথা৷ মই হ’বলা কাৰোবালৈ কেয়াৰ কৰি আছোঁ! ধুৰৰ! মোৰ নাম যিহেতু ধুমকেতু, গতিকে এটিটিউদ মোৰ ধুমকেতু লেখীয়া ৷ ‘মই, তুমি আৰু ৰাজনীতি বিজ্ঞান’ শীৰ্ষক মৌলিক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী ডিঙিত ওলোমাই ৰখা এইজন বিস্ময়পুৰুষ শ্ৰী ধুমকেতু পাটগিৰিক আপোনালোকে কলেজত দেখা নাপায়৷ দেখা পালেও সেইয়া হ’ব এক মহাজাগতিক বিস্ময়৷

কি সুধিলে! মোৰ ইণ্টাৰেষ্ট? অফ ক’ৰ্ছ অসমীয়া সাহিত্য৷ হেৰি, কি ক’লে! ‘অসমীয়া সাহিত্য সকলোৰে কমন ইণ্টাৰেষ্ট! হাউ ডেয়াৰ ইউ? কি জানেহে আপুনি সাহিত্যৰ বিষয়ে! আপুনি নাজানে যে অসমীয়া সাহিত্য মোৰ পঞ্চেন্দ্ৰিয়ত বাস কৰে৷ সাহিত্য মই পান কৰোঁ, সাহিত্যৰ মই গোন্ধ লওঁ৷ পুৱা চাহৰ লগত অসমীয়া কবিতা খাওঁ, ব্যংগৰ লগত ভাত হজম কৰোঁ আৰু দুপৰীয়া ভাত খোৱাৰ পাছত প্ৰবন্ধৰে কুলকুলি কৰোঁ৷ উশাহত লওঁ মই ‘অসমীয়া সাহিত্য’; নিশাহত এৰোঁ মই ‘পশ্চিমীয়া সাহিত্য’৷ ঘৰৰ চাৰিওফালে মই নিম গছ ৰুই থৈছোঁ যাতে দিনে-নিশাই মই ‘বিশুদ্ধ অসমীয়া সাহিত্য’ সেৱন কৰি থাকিব পাৰোঁ৷ শৰীৰৰ কোঁহে কোঁহে, শিৰা-ধমনী, ভৰিয়ে-নখে-চুলিয়ে সকলোতে কেৱল সাহিত্য৷ কলেজত সোমোৱাৰ পিছদিনাখনেই মই প্ৰিন্সিপালক কৈছিলোঁ- “বোলো মহাশয়৷ মই অসমীয়া সাহিত্যৰ দুৰ্দান্ত প্ৰেমিক৷ ডাই হাৰ্ড ফেন৷ গতিকে কলেজত কাম নাইকিয়া বস্তু কিছুমান পঢ়াই মই মোৰ প্ৰেমক অপমান কৰিব নোৱাৰোঁ৷ প্ৰেম কৰিবলৈ মোক আপুনি সময় দিবই লাগিব৷” তেওঁ অতি বিনয়ৰে সুধিলে- “পিছে দৰমহাটো ল’বানে নোলোৱা?” মই তপৰাই ক’লোঁ- “হাৰে দৰমহা নল’ম কিয়? দৰমহা নল’লে অসমীয়া সাহিত্যক পোহপাল দিম কেনেকৈ? জানেনে মই প্ৰবন্ধ লিখি থকা কলমটোৰ দাম কিমান? দুহাজাৰ টকা৷ ইফাল-সিফাল কৰিবলৈ অস্থিচৰ্মসাৰ গাড়ী এখনহে আছে৷ গতিকে মোক বিলাসী গাড়ী এখনৰ খুবেই প্ৰয়োজন৷ ঘমাৰ্ক্ত শৰীৰেৰে কবিতা পাঠ কৰিব নোৱাৰি৷ গতিকে এইবোৰ অভাৱ পূৰাবৰ বাবে দৰমহাটোতো ল’মেই মহাশয়৷ কিন্তু ক্লাছ-ফ্লাছ হ’লে নকৰোঁ৷” তেওঁ ক’লে- “অকে৷”
হৈ গ’ল বুজিছে৷ হৈ গ’ল৷ সেইয়াই আৰম্ভণি৷ কলেজত টাইম পাছ নকৰি অসমীয়া সাহিত্যৰ লগত জীৱন ‘পাছ’ কৰিবলৈ মোক অধ্যক্ষ মহাশয়ে দিয়া লাইচেন্সখন সেইদিনাই চোলাত আঁৰি ল’লোঁ আৰু অহৰ্নিশে, দিনে-ৰাতিয়ে কেৱল সাহিত্য-চালনা কৰি গ’লোঁ৷ শুনি ভাল পাব যে- ‘অসমীয়া সাহিত্যৰ অতীত-বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষা প্ৰদানকাৰী সংস্থা’ৰ মই আজীৱন সদস্য৷ ‘অসম পৰমানন্দ সভা’ৰ মই এজন একনিষ্ঠ সেৱক, সাধক আৰু বলিষ্ঠ শুভাকাংক্ষী৷

ৰ’ব৷ অসমীয়া সাহিত্যতে মোৰ টেলেণ্টৰ গাড়ীখন থমকি ৰোৱা নাই৷ ফুল টেংকি তেল ভৰাই থৈছোঁতো৷ গতিকে গাড়ীখন আগুৱাই গৈয়েই আছে৷ পোন্ধৰটামান সাংস্কৃতিক অনুষ্ঠানৰ মই সক্ৰিয় সদস্য আৰু ত্ৰিশটা সামাজিক অনুষ্ঠানৰ মই নিষ্ক্ৰিয় সদস্য৷ এইবোৰৰ উপৰিও মই থাকোঁ ‘ভোগালী বিহু ধামাকা’ৰ উপহাৰ কুপনৰ খেলৰ সন্মানীয় সভাপতিৰ আসনত৷ বিহু আদৰণি, ব’হাগী বিদায়ৰ সাংস্কৃতিক অনুষ্ঠানৰ গামোচা-চাপ্লায়াৰৰ ৰূপত৷ দুৰ্গোৎসৱৰ ৰছিদ বহীত সম্পাদকৰ চহীটো মই নিয়মীয়াকৈ মাৰি থাকোঁ৷ কালী পূজা, লক্ষ্মী পূজা, গণেশ পূজা, বিশ্বকৰ্মা পূজা- এই সকলোতে উপদেষ্টাৰ ৰূপ ধাৰণ কৰি মই মোৰ কৰ্তব্য পালন কৰি আছোঁ৷ নিউজ চেনেলে হ’লছেল ৰেটত আয়োজন কৰি থকা ‘অসমৰ শিক্ষা-ব্যৱস্থা কোন দিশে’ আদি জ্যাগান্তিক আলোচনাৰ মুখ্য বক্তা হ’লোঁ মই৷ শ্বপিং মল, ফুড মাৰ্ট, বৰ বজাৰ, সৰু বজাৰ, ফেন্সিবাজাৰ, পাণবাজাৰ, হোটেল, ধাবা, ৰেষ্টুৰেণ্ট,ছিনেমাহল, ফে’চবুক, হোৱাটছ্আপ, টুইটাৰ, গোঁসাইঘৰ, পাকঘৰ, স্নানাগাৰ, প্ৰস্ৰাৱাগাৰ, শৌচালয় এই সকলোতে মই আছোঁ৷ কিন্তু নাছোঁ অ’হ ছৰি নাথাকোঁ কেৱল কলেজত৷ কি বৈদ্য ইণ্টাৰেষ্টিং কথা নহয়নে!

মোৰ পত্নী? অ’ তেখেত ছ’ছিয়েল এক্টিভিষ্ট আৰু বিশিষ্ট নাৰীবাদী লেখিকা৷ তেওঁৱো কলেজৰ লেকচাৰাৰ৷ পিছে মোৰ পদাংক অনুসৰণ কৰি তেওঁৱো ছ’ছাইটিৰ হকে কাম কৰিবলৈ ওলাই আহিছে৷ প্ৰিয় কাম-ছেলফি উঠা৷ ফে’চবুকত কালি আপলোড কৰা ‘বৃক্ষৰোপণ’ নামৰ এলবামটো চাবচোন৷ ফটোবোৰ ইমান যে ‘কিউট’ হৈছে নহয়! বেকগ্ৰাউণ্ড ব্লাৰ হৈ মানুহজনী একেবাৰে জিলিকি পৰিছে৷ এটা আনুষংগিক তথ্য- তেওঁক বহুতেই “শ্ৰীমতী ধুমকেতু” বুলি মাতে৷

আমাৰ ছোৱালী দুজনী৷ ডাঙৰজনীক এন.আৰ.আই. এটাই দুবছৰমানৰ আগতে পলুৱাই নিলে৷ ব্ৰহ্ম পাৰ্টি সেইদিনা আমাৰ ঘৰত বুজিছে! সৰুজনীক লোকেল বিহু সমিতিৰ লাইফটাইম প্ৰেছিডেণ্ট এটাৰ হাততে গতালোঁ৷ এতিয়া সুখেই সুখ! একেবাৰে স্বৰ্গসুখ৷
কি সুধিলে? দিনটো কিদৰে অতিবাহিত কৰোঁ? আঠ বজাত শোৱাপাটীৰপৰা উঠোঁ৷ দাঁত ঘঁহি ঘঁহি ছ’ছিয়েল নেটৱৰ্কিং ছাইটবোৰত ডজনে ডজনে ‘গুডমৰ্ণিং’ ফটো ছাপ্লাই কৰোঁ৷ লগতে কেইহালিমান ‘মহৎ লোকৰ বাণী’৷ তাৰপিছত মুখ-হাত ধুই প্ৰাণায়াম, অনুলোম-বিলোম, শৱাসন আদি কৰোঁ ৷ ন বজাত ব্ৰেকফাষ্ট ৷ পাঁচটা হাঁহৰ কণী আৰু এগিলাচ বিশুদ্ধ গৰুৰ গাখীৰ সদায়েই মোৰ সংগী৷ ডি.এছ.এল.আৰ.টোৰে ফটো এখন তুলি ফে’চবুকত ভোজনৰ লাইভ ফুটেজ দাখিল কৰিবলৈ অৱশ্যেই নাপাহৰোঁ৷ দহ বজাৰপৰা বাৰ বজালৈ দুনীয়াৰ আটাইবোৰ কাকত চকুৰ আগত মেলি লওঁ আৰু সেইসমূহৰ কথন-পঠন-বৰ্ণন-চিন্তন আদি কৰোঁ৷ বাৰ বজাত একাঁহী ভাত৷ এক বজাত খবৰ লওঁ-আবেলিলৈ ক’ত ক’ত সাহিত্যানুষ্ঠান, নৃত্যানুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আছে৷ থাকিলে ভাল কথা৷ নাথাকিলেও আপত্তি নাই৷ ঘৰতে কবিতা-নাটক-গদ্য-পদ্যৰ লগত আবেলিবোৰ পাৰ হৈ যায়৷ হোৱাটছ্ আপৰ গ্ৰুপত ছাত্ৰ-ছাত্ৰীক তৰ্ক কৰিবলৈ, কবিতা লিখিবলৈ, চুটি গল্প লিখিবলৈ শিকাওঁ৷ সন্ধ্যালৈ ক্লাৱলৈ ওলাই যাওঁ৷ ফূৰ্তি-তামাছা কৰোঁ৷ ‘কিবা-কিবি’ অলপ খাওঁ৷ নিশা এঘাৰ বজাত ঘৰ সোমাওঁ৷ গৰম পানী এগিলাচৰ সৈতে ভিটামিনৰ বড়ি এটা খাই বিচনাত ঢলি পৰোঁ৷ কিন্তু শোৱাৰ আগতে ফে’চবুকত পজিটিভ থ’ট এটাৰ সৈতে গুডনাইট মেছেজ এৰিবলৈ নাপাহৰোঁ৷

বাৰু মহাশয়, ঢেৰ কথা পাতিলোঁ৷ আজিলৈ হ’ব দিয়ক৷ সন্ধ্যা নিউজ চেনেল এটাই মাতিছে৷ তাৰেই প্ৰিপাৰেছন কৰোঁ৷ অলপ তথ্য-পাতি গোটাওঁগৈ৷ ‘চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ মান কমিছে কিয়?’-এই জবৰদস্ত প্ৰশ্নটোৰ আজি মই উত্তৰ দিব লাগে৷ আই এম ছ’ এক্সাইটেড ইউ ন’! অফটাৰ অল, মইও চৰকাৰী মহাবিদ্যালয়ৰে শিক্ষক দিয়কচোন৷

☆★☆★☆

Comments

  1. উসস স, . লেথাৰি নিছিগা গোলাবৰ্ষণ। বৰ ভাল লাগিল

  2. বৰ ধুনীয়া তথা উন্নতমানৰ ব্যঙ্গ।

  3. ইয়াকে বোলে ব্যংগ ৰচনা। বঢ়িয়া লাগিল

  4. অত্যন্ত সুখপাঠ্য। বুজাব নোৱাৰাকৈ ভাল লগা লিখনি।

  5. এনেধৰণৰ লিখনীৰ বাবেই ঈশানৰ ফেন।

    খুব উন্নত মানদণ্ডৰ ব্যংগ, খুব ভাল লাগিল ঈশান

  6. বাপ্পা ৰে, কি সুন্দৰ ব্যংগ। বৰ ভাল লাগিল।M

  7. মনত বৰ দুখ এটা থাকি গ’ল হে! অনে এটা চাকৰি যোগাৰ কৰিব নোৱাৰি জীৱনটো পানীকৃত্ত কৰি পেলালো৷ আমাৰো তো মন যায় এনে সুখ গাত ঘহিবলৈ৷

    হেটচ অফ, ঈশান!

Leave a Reply

Your email address will not be published. Required fields are marked *