দেশৰ জ্বলন্ত সমস্যাসমূহ মূৰত লৈ ভাবি ভাবি বিছনাত পৰিছিলো। চিলমিল কৈ টোপনিটো আহিছিল মাত্ৰ, হঠাৎ দৰজাখনত ঢকিয়াই থকা শব্দ এটা শুনি কাণ দুখন উনাই থাকিলো৷ বাহিৰত ধুমুহা বৰষুণ চলি আছে৷ দূৰত বতাহৰ গোঁ গোঁ শব্দ, প্ৰচণ্ড তীব্ৰতাই গছবোৰক এনেকৈ নচুৱাই ফুৰিছে যেন চহৰখনৰ বুকুত কোনো এক মিউজিক ক’মপ’জাৰৰ নিৰ্দেশত চলি আছে এক সন্মোহিনী সুৰ আৰু উদ্দাম নৃত্যৰ তালে তালে এক মধুৰ চিম্ফনী৷ দৰ্জাৰ খট খট শব্দটো আৰু অলপ জোৰকৈ হ’বলৈ ধৰিলে৷ লাহেকৈ উঠি গৈ ভয়ে ভয়ে ভিতৰৰপৰা মাত দিলো – কোন?
মোৰ মাতটো বাহিৰলৈ নিৰ্গত হোৱাৰ লগে লগে দৰজাখন নিজে নিজে মেল খাই গ’ল৷ বাহিৰৰ ঘিটমিটীয়া আন্ধাৰৰ মাজতে দেখিলো ধকধকীয়া শুকুলা বস্ত্ৰ পৰিহিত এজন সুন্দৰ সুঠাম পুৰুষ৷ তেওঁক দেখা মাত্ৰেই মোৰ মনৰ ভিতৰৰপৰা ভয়, শঙ্কা, দুখ সকলো যেন নিমিষতে আঁতৰি গ’ল৷ দেহ মনত সো-সোৱাই মলয়া বতাহৰ দৰে আহি সোমাই পৰিল এক অবিস্মৰণীয় সুখৰ অনুভুতি৷ তেওঁ সোমাই আহিল আৰু মন্ত্ৰমুগ্ধ সাপৰ দৰে তেওঁক অনুসৰণ কৰা আৰম্ভ কৰি দিলো।

বেছি পাতনি নেমেলাকৈয়ে তেওঁ কৈ গ’ল-
“তই চাগৈ বুজিছই, মই কোন! মোৰ সময়ৰ অভাৱ, তোক সোনকালে দুটামান কথা কৈ যাওঁ৷ মই কেইদিনমান এইফালে নাহোঁ৷ কিছুদিন তই মোৰ কামখিনি চলাই দে৷ চিষ্টেমটো সকলো “ফুলপ্ৰুফ” কৰি থোৱা আছে, বিশেষ কৰিবলগীয়া নাই৷ কিন্তু সৃষ্টিৰ আৰম্ভণিতে কৰা কিছু সৰু সুৰা ভুলৰ বাবে দুই এটা কথা মাজে মাজে ‘আউট অৱ কণ্ট্ৰোল’ হৈ গৈছে৷ গতিকে অলপ চম্ভালিবি৷ বাকী তোৰ মূৰত দৰ্কাৰী জ্ঞানখিনি ভৰাই দিম৷ চাই ল’বি৷ মোৰ দৰ্কাৰ পৰিলে মোক স্মৰণ কৰিলেই পাবি৷”

নক’লেও নিশ্চয় বুজি উঠিছে যে সেয়া স্বয়ং ভগৱান নিজেই আহিছিল৷ মই তেওঁৰ আজ্ঞা শিৰত লৈ কাম কৰা আৰম্ভ কৰি দিলো। ইতিমধ্যে মোৰ কিছু দিব্যজ্ঞান প্ৰাপ্তি হৈ গৈছিল আৰু সেয়ে মই কি কৰিব লাগিব এই লৈ চিন্তাভাৱনা আৰম্ভ কৰি দিলো।

কিছুদিন আগতে বিশ্ববিশ্ৰুত বিজ্ঞানী ষ্টিফেন হকিঙৰ লিখা এটাত পঢ়িছিলো যে বিশ্বব্ৰহ্মাণ্ড হেনো বহুকেইখন হ’ব পাৰে৷ ‘চিংগুলাৰিটী’ৰ পৰা গৈ গৈ “বিগ বেং” নামৰ পৰিঘটনাটোৰ যোগেদি হেনো বহু বিলিয়নবাৰ এনে “দুৰ্ঘটনা” ঘটাতো আচৰিত হ’বলগীয়া একোৱেই নাই৷ গতিকেই “বহু বিশ্ব” (multiverse) হোৱাটোও ডাঙৰ কথাই নহয়৷ এতিয়া পাকে প্ৰকাৰে যিহেতু ভগৱান হোৱাৰ ‘অফাৰ’ পালোৱেই, কিছুদিন পিছতেই “মেইন” ভগৱানক কৈ ল’ম বোলো, পাৰিলে বহু বিশ্বটো বাদেই দিয়ক, বিশ্ব ব্ৰহ্মাণ্ডও এৰক, সৌৰজগতো এৰক, পৃথিৱীখনেই চম্ভালিব পাৰিম নে নাই ঠিক নাই! তথাপিও কিছুদিনৰ বাবে পাৰে যদি ‘ট্ৰায়েল বেচিচ’ত অকল পৃথিৱীখনেই দি চাওক৷

সৰু মেথাটোৰে নিজৰ “তিৰি-চলি” আৰু ঘৰ নামৰ সৰু সংসাৰখন চম্ভালোতেই চুগাৰ প্ৰেচাৰ মূৰত উঠি কেলধেপ কেলধেপ অৱস্থা আৰু সমস্ত পৃথিৱীখননো কেনেকৈ চম্ভালিম তাকে ভাবি অলপ দেৰি নিতাল মাৰি বহি থাকিলো। কোনোবাই কৈ গৈছিল বোলে মাৰোৱাৰী আৰু বাংলাদেশী আহি অসমখন গিলিলে কাৰণ অসমীয়া মানুহে নিজৰ ঘৰখন এৰি ডাঙৰ কথা ভাবিবই নোৱাৰে৷ ব্যৱসায় বাণিজ্যতো একোডাল উন্নতি নহয় কাৰণ “pan India” লেভেলত ব্যৱসায় প্ৰসাৰৰ বাবে একো চিন্তা নকৰি ঘৰগোনা কেঁকোৰা হৈ ওচৰ পাজৰৰ প্ৰতিদ্বন্দীসকলৰ লগত যুঁজ বাগৰ কৰি কাক বগৰাওঁ, কেনেকে বগৰাওঁ তাৰে চিন্তাত দিন ৰাতি পাৰ কৰি অসমীয়া মানুহ ৰসাতলে যায়৷ ব্যৱসায় বাণিজ্যৰ কথাও বেলেগ, ভগৱানৰ কামো বেলেগ৷ এতিয়া মই খালী অসমীয়াৰ ভগৱান হৈ থাকিলেও নহ’ব, মাৰোৱাৰী, বাংলাদেশী আনেকি আমেৰিকাৰো ভগৱান হৈ যাম৷ কথাটো ভাবিয়েই মনটো ৰাইজাই কৰি উঠিল৷ ট্ৰাম্প, কিম জং, পুটিন, মাৰ্কচ, মোডী আদিৰ দৰে মানুহ মোৰ “আণ্ডাৰত” থাকিব ক’ম কথা নেকি?

বেছি ফুৰ্তি লাগিলে পেটত কথা লুকুৱাই ৰাখিব নোৱাৰো। গতিকে কাক কওঁ কাক কওঁ বুলি এওঁৰ ওচৰতে মুখখন লাহেকৈ খুলিলো। বোলো হেৰা, ভগৱান হোৱাৰ অফাৰ এটা পাইছোঁ, কি কৰো? এওঁ অলপ দেৰি নুশুনা ভাও ধৰি নিজৰ কাম কৰি থাকিল৷ একো ৰিয়েকচন নেদেখি বুজিলো, এওঁ হয়তো মোক কিবা ভাং চাং খাই অহা বুলিয়েই ভাবি লৈছে৷ এনে ডাঙৰ ডাঙৰ চিন্তাধাৰাবোৰ মাইকী মানুহৰ আগত ব্যক্ত কৰি একো সুফল নাপাম বুলি জানিছিলোৱেই৷ গতিকে এওঁক গুৰুত্ব নিদি বাথৰুমৰ ভিতৰতে পুৰা প্লেনটো ফাইনেল কৰো বুলি দুৱাৰ বন্ধ কৰি পানীৰ টেপটো লাহেকৈ খুলি লৈ কোমোডটোৰ ওপৰত বহি ল’লো। মনটোৱে ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে উৰি গৈ গংগা, যমুনা হৈ ভল্গা, টেমছ, মিচিছিপি পালেগৈ৷

ভগৱান হৈ কি কি কাৰ্য্যসূচী ল’ম মোটামুটী প্লেনটো বনাবলৈ আৰম্ভ কৰিলো।

মোবাইলত গুগুল খুলি পৃথিৱীৰ জনসংখ্যাৰ হিচাবটো চালো। সাত বিলিয়ন ২০১১ চনতে পাৰ হ’ল হেনো৷ এতিয়া প্ৰতিজন মানুহৰ কমেও গড়ে দহটাকৈ সমস্যা ধৰিলে সত্তৰ বিলিয়ন সমস্যা৷ তাতে জাতীয় সমস্যা, ৰাষ্ট্ৰীয় সমস্যা, আন্তঃৰাষ্ট্ৰীয় সমস্যা, গ্লোবেল সমস্যা এইবোৰটো আছেই৷ আকৌ মনত পৰিল মইতো অকল মানুহৰ ভগৱান নহ’ম, জীৱজগতৰ অন্য প্ৰাণী আৰু উদ্ভিদবোৰৰ কি হ’ব? তাহাঁতক চাবলৈ কোন আছে? মানুহৰ সমস্যাৰ সমান ইহঁতৰ নহ’লেও অৰ্ধেকতো হ’বই৷ গতিকে সমস্যা প্ৰায় এশ বিলিয়নৰ ওপৰত৷ মেথাটো গৰম হৈছিলেই, এচলু ঠাণ্ডা পানী লৈ আকৌ ভাবিবলৈ ধৰিলো।

ভগৱানৰ কাম কি হ’ব? সৰুৰেপৰাই শুনামতে দুষ্টক দমন, শান্ত শিষ্টক পালন এইটোৱে হেনো তেওঁৰ মূল কাম৷ পিচে ক’তনো এইটোৱেই হৈ আছে? চাৰিওফালেচোন দুষ্টচক্ৰৰহে জয়জয় ময়ময়! বুজিলো, এশ বিলিয়ন সমস্যাৰে জৰ্জৰিত পৃথিৱী বোলা গ্ৰহটোতেই যদি এই অৱস্থা, তেনেহ’লে কত হাজাৰ হাজাৰ বিলিয়ন গ্ৰহ নক্ষত্ৰৰে ভৰা তেনে হাজাৰ হাজাৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা এজন ভগৱানে ইমান টেনচন কেনেকে চম্ভালিব? ইমান জ্ঞানী ভগৱান হৈ decentralization of power কিয় কৰা নাই? গতিকে মই খাটাং হৈ ল’লো যে মই পৃথিৱীখনৰ হৰ্তাকৰ্তা হৈ গ’লে বহুকেইজন ডেপুটী ভগৱান নিযুক্ত কৰি অলপ টেনচন ফ্ৰী হৈ ল’ম৷ সমস্যাবোৰ মোৰ ওচৰলৈ ডাইৰেক্ট লৈ আনিব নোৱাৰিব৷ এতিয়াহে গম পাইছো যে আমাৰ নেতা, মিনিষ্টাৰবোৰে কিয় ঠায়ে ঠায়ে নিজৰ “মানুহ” বহাই থয়৷
বহুত দেৰি বাথৰুমত বহি থাকি পাহৰিয়েই গৈছিলো সময়বোৰ যে কিমান পাৰ হৈ গৈছে৷ ভগৱানৰ আকৌ সময়! ধেত ভগৱানৰ সময়ৰ কোনো আকাল নাই৷ কালৰ সৃষ্টিটো ভগৱানৰ হাততেই৷ ২৪ ঘণ্টাৰ ঠাইত দিনটো দীঘল কৰি ৰাতিবোৰ ছুটী কৰিলে কেনে হ’ব? ৰাতি বেছি দীঘল হোৱাৰ ফলতেই মানুহৰ efficiency কমি গৈছে৷ বহু মানুহে ৰাতিটো শুবলৈ সময় বেছি লৈ সময়ৰ অপব্যৱহাৰ কৰে৷ দিন দীঘল হ’লে কাম বেছি হ’ব আৰু ৰাতি চুুটি হ’লে আন্ধাৰৰ সুযোগ লৈ কৰা অপকৰ্মও কমিব৷ দিনে দুঘণ্টা বঢ়াই ৰাতি দুঘণ্টা চুটি কৰিলে “ইফেক্টিফ” সময় প্ৰায় পোন্ধৰ বিলিয়ন ঘণ্টা বাঢ়ে৷ এলেহুৱাবোৰে যদি অলপো আউটপুট দিয়ে এই সময়খিনিৰ সঠিক ব্যৱহাৰ হোৱাটো নিশ্চিত৷ ৰাতিৰ সময় হ্ৰাস হ’লে জনসংখ্যা বিস্ফোৰণতো লেকাম লগাৰ সম্ভাৱনা আছে৷ বাহ! কি আইডিয়া! নিজৰেই হাঁহি উঠিল৷ ইমান দিনে মেইন মালিকজনে এই সামান্য অথচ গুৰুতৰ সমস্যাটোৰ কথা এবাৰো কিয় ভবা নাছিল?

পিছে দিনৰাতিৰ তাৰতম্য ঘটাবলৈ এই গ্ৰহ নক্ষত্ৰৰ গতিপথ সলনি কৰাৰ লগতে গতিবেগো অলপ কণ্ট্ৰোলত আনিব লাগিব৷ পিচে তাৰ প্ৰভাৱ বা ক’ত ক’ত পৰিব?

অফাৰটো গ্ৰহণ কৰাৰ আগতে প্লেনটো ফুলপ্ৰুফ নহ’লে নহয়! কৰিবলগীয়া ঢেৰ কাম আছে কিন্তু মোৰ বৰ্তমান ব্ৰেইনটো বা কেনে হ’ব? ইমান বিলিয়ন কথাৰ আঁতিগুৰি মাৰি হিচাব কৰিবলৈ মগজুটোও কিবা চুপাৰ কম্পিউটাৰৰ দৰে লাগিব৷ mass আৰু energy ৰ সূত্ৰ মতে শূন্যৰ ওচৰা ওচৰি আয়তনত অত্যাধিক শক্তি সম্পন্ন মগজুৱে নিশ্চয় হ’ব৷ কৃষ্ণ গহ্বৰৰ দৰে সকলো শক্তি মোৰ তাত সঞ্চয় হৈ থাকিব৷ মই কিন্তু ভগৱান হ’লে সাধাৰণ মানুহৰ ৰূপতে থাকি ভাল পাম৷ বাহিৰত বেছি লেভেল দেখুৱাই নুফুৰো৷ মোৰ শক্তি অইনে গম নাপাব অথচ সকলোৰে কথা কাণ্ড মই গম পাই থাকিম৷ মোৰ প্ৰধান ডেপুটী কোন হ’ব? পৰিয়াল আৰু বন্ধু বান্ধৱী বা অন্য চিনাকী মানুহবোৰৰ লগত সম্বন্ধ কি হ’ব? মৰম চেনেহ বা শত্ৰুতা একেই নিশ্চয় নাথাকে৷ সৰ্বশক্তিমান হৈ গ’লে পাৰিম নে নিজকে স্থিৰ কৰি অহংকাৰ মত্ত নোহোৱাকৈ ধৰি ৰাখিব?

যদি ধৰা হ’ল কিবাকে এওঁ গম পাই ময়েই ভগৱান বুলি? ধেত তেৰি! এইবোৰ ভাবিলে নহ’ব৷ কামৰ কথাহে মেইন৷ কিবাকৈ মেইন ভগৱানে মোৰ চিন্তাৰ কথা গম পালে যদি মোক ওফৰাই অইনক নমিনেট কৰি দিয়ে, তেতিয়াহ’লে সব চেটেপেই দেখোন!

আচলতে কি জানে? ভগৱান হিচাবে মই একো নকৰিলেও হয়৷ বৰ্তমানৰ জনেনো কি কৰি আছে? আল্লা, ঈশ্বৰ আৰু খ্ৰাইষ্ট বুলি তিনিজনকে মেইন দায়িত্ব দি দিছে৷ বাকী কেইজনমান আৰু আছে ধৰক! মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰা, মনেষ্ট্ৰী আদি আউটলেট চিষ্টেম বনোৱা আছেই৷ মানুহে গৈ নিজৰ নিজৰ চিষ্টেম অনুযায়ী পূজা পাৰ্বন, প্ৰাৰ্থনা আদি কৰি দুখ দুৰ্গতি নাশ কৰিবলৈ অহৰহ জনাই আছে৷ কিন্তু মেইনজনে কি কৰিছে? কিমানৰ কথা শুনিছে? তেওঁৰ সকলো ৰুল ৰেগুলেচনত চলিবলৈ দিছে৷ কৰ্মফল মতে তাৰ পৰিণাম ভোগ কৰিব বুলি জনাই থৈছেই, গতিকে ভাল হ’লেও তেওঁৰ লীলা আৰু বেয়া হ’লেও তেওঁৰেই লীলা বুলি মানি ল’লেই সমস্যাৰ শেষ৷ তেওঁৰ না দায়িত্ব আছে না কাৰো ওচৰত জবাবদিহি হ’ব লগা আছে৷ মজাৰ লাইফ৷ কিন্তু মই যদি এজনৰ আণ্ডাৰত ডেপুটী ভগৱান ৰূপে কাৰ্য্যনিৰ্বাহ কৰো মই আকৌ জবাবদিহি হ’ব লাগিব৷ মানে মোৰ কান্ধত বন্দুক থ’ব আৰু গুলী মাৰিব তেওঁ৷ তাতকৈ মেইনজন হোৱাই ভাল৷ কিন্তু মই এইবোৰ টেনছন কেনেকে ল’ম?

মই বাৰু কৰাপ্ট হৈ যোৱাৰ চান্স আছে নেকি? মানে অত্যাধিক পাৱাৰ পাই তাক অপব্যৱহাৰ কৰি নিজৰ ফায়দা উঠোৱাৰ? হয়তো ভগৱানলৈ পৰিবৰ্তন হোৱাৰ লগে লগে মই ‘মই’ হৈ নেথাকো৷ প্ৰত্যেক জীৱ জন্তুৰ অন্তৰে অন্তৰে বিলীন হৈ যাম নেকি? তেতিয়া হ’লে মোৰ কিডাল থাকিল?

বাৰু যি নহওক, এবাৰ ট্ৰায়েল বেচিছত ভগৱানৰ ৰোলত সোমাই চাওঁচোন বুলি মেইন জনক স্মৰণ কৰি বাহিৰলৈ ওলাই আহিলো।

প্ৰথমেই বহিঃ বিশ্বলৈ নগৈ অসম মুলুকতে পাক মাৰো বুলি মনস্থ কৰিলো। যিহেতু সকলো প্ৰজাই সমস্যাবোৰ লৈ গৈ মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হয় গতিকে সমস্যাটোক ওচৰৰ পৰা অনুধাৱন কৰো বুলি চিধাই দৃষ্টি নিক্ষেপ কৰিলো মুখ্যমন্ত্ৰীৰ টেবুলত৷

বৰ্তমান অসমৰ মূল সমস্যা বানপানী, গতিকে তেওঁক তাতেই পাম বুলি চিউৰ হ’লো৷ ফটকে বানপানী হোৱা ঠাইবোৰৰ ওচৰে পাজৰে চকু ফুৰাই তেওঁক ক’তো নেদেখি ভাবিলো নিজৰ অফিচতে হ’ব৷ পিচে টেবুল বিচাৰি হায়ৰাণ হ’বলগীয়া হ’ল৷ তেওঁ বহা আঠ নটামান জেগা ওলাল আৰু তেওঁৰ নামত টেবুল ওলাল প্ৰায় দহখন৷ তেওঁ বহিবলগীয়া চিকিউৰিটিৰে ভৰপুৰ প্ৰায় চাৰি পাঁচটামান কোঠা বিচাৰি বিচাৰি ক’তো নেপায় অৱশেষত পাৰ্টিৰ অফিচত তেওঁক পোৱা গ’ল৷ বাহিৰত অগণন জনতাৰ ভিৰ৷ বেছি ভাগৰে চাকৰি বাকৰি, ট্ৰেন্সফাৰ, লোন পোৱা নাই, পেঞ্চন, দৰমহা, সৰু সৰু প্ৰজেক্ট, স্কুল কলেজৰ অনুদান, মেল মিটিঙলৈ আমন্ত্ৰণ আদি লৈয়ে তেওঁৰ ওচৰ চাপিছে৷ সমস্যাবোৰো তেনেই সাধাৰণ৷ যিবোৰ সমস্যা লৈ তেওঁৰ ওচৰলৈ মানুহবোৰ গৈছে, তাৰে তিনি-চতুৰ্থাংশ কোনো সমস্যাই নহয়৷ প্ৰায়বোৰেই পঞ্চায়ত বা জিলা ভিত্তিতে সমাধান হ’বলগীয়া সমস্যা৷ অঞ্চলৰ বৃহৎ বৃহৎ সমস্যাবোৰ বছৰ বছৰ ধৰি সমাধান নহয় বুলি জানিয়েই তেওঁৰ ওচৰলৈ সেইবোৰ লৈ কোনো নাযায়েই৷ গতিকে সৰু সুৰা সমস্যাবোৰ পাট্টা নিদি নিজেই sue motto action অলপ নিজেই লওঁ বুলি অন্য ফালে পোনালো।

এইবাৰ ভাবিলো উদ্যোগ বিভাগতে এপাক মাৰো৷ ৰাজ্যখনৰ কল কাৰখানাবোৰতো এভুমুকি মাৰিলো৷ চাৰিওফালে তেনেই লাউলোৱা নাজল নাথল অৱস্থা৷ কিন্তু পুৰণা উদ্যোগবোৰৰ ওপৰত দেখিলো সকলোৰে অনীহা৷ নতুন নতুন উদ্যোগ স্থাপনৰ ওপৰত কমিছনৰ অংক কৰাত ব্যস্ত সকলো৷ এজন বিষয়াৰ চাৰিওফালে দেখিলো বহু মাৰোৱাৰী আৰু দিল্লীৱালা লোকৰ সন্মিলন৷ সকলোকে টেক্সটো ৰেহাই লাগে৷ ঠিকাদাৰবোৰো গুজৰাট, হাৰিয়ানাৰ ফালৰ৷ অসমীয়া ডেকা কেইজনমানে ফাইল দুটামান লৈ বিষয়াৰ চেম্বাৰত সোমোৱাৰ অনুমতি বিচাৰি বাহিৰত হুলস্থুল লগাই আছে৷

মই অন্তৰ্দৃষ্টি লগাই ল’ৰাকেইজনৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিলো। মনতো বিষাদেৰে ভৰি গ’ল৷ ল’ৰাহতে উদ্যোগ খুলিবলৈ বিচৰা নাই৷ মাৰোৱাৰীৰ উদ্যোগত সৰু সুৰা ঠিকাৰ টেণ্ডাৰ মাৰিবৰ বাবেহে আহিছে৷ ভালকৈ গালি এজাউৰি দি দুটামান কাণতলীয়া লগাওঁ বুলি ভোৰভোৰাই থাকোতেই হাতখনত জোৰকৈ কোনোবাই খামোছ মাৰি ধৰি উঠাই দিলে৷

“হেৰা, ৰাতিপুৱা আঠ বাজিল! কিমান সপোন দেখা? উঠা৷ ঘৰখনত খুদকণ এটাও নাই, বজাৰ কৰি কিবা আনিলেহে ব্ৰেকফাষ্ট পাবা৷”
এওঁৰ নিত্য নৈমিত্তিক চিঞৰ বাখৰ আৰু গালি গালাজেৰে মোৰ ৰাতিপুৱাল৷ একো নকৈ লাহে ধীৰে উঠি বাথৰুমত প্ৰৱেশ কৰিলো।

ইমান ডাঙৰ সপোন এটা দিঠকত পৰিণত কৰিব নোৱাৰাৰ দুখটো থাকি গ’ল যদিও এটা কথা নিশ্চিত হ’লো যে ভগৱান এই বিশাল মহাবিশ্বত আজি সংগীবিহীন, উদাসীন আৰু যেন এজন ক্লান্ত পথিক৷

☆★☆★☆

Comments

  1. হাঃ হাঃ জমনি। সপোনতে হ’লেও দায়িত্বটোতো পালে। ভাল লাগিল দেই কাকতিদা।

  2. হে হৰি সপোনতো ইমান টেনশ্বন। নোৱাৰি আৰু দেই।

  3. বঢ়িয়া লিখনি। প্ৰথম অংশৰ কাব্যিকতা আকৰ্ষনীয়,
    – কেনেবাকে যদি আমাৰ এও গম পাই যায় যে ময়েই ভগৱান . . . – হা হা !

  4. মই সঁ‌চাকৈ আপুনি চাৰ্জ ল’লে বুলি ভাবিছিলো, মনটো ভাল লাগি গৈছিল। এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছো। এতিয়া ঘৰৰ মানুহ এজন শাসনভাৰত আহিলে যেতিয়া বোলো চিন্তা নাই।

    খুব ভাল লাগিল পঢ়ি দাদা

  5. কি সুন্দৰ উপস্থাপন !! বৰ সাৱলীল প্ৰকাশভংগী। এনেকুৱা লাগিল যেন ট্ৰেফিক জামবিহীন ৰাস্তা এটাৰে গন্তব্যস্থান অভিমুখে গৈ আছোঁ‌ । সমাপ্তি খুবেই গভীৰ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *