শৈশৱ বুলিলেই ওঁঠত হাঁহি এটা ওলমি ৰয়। তাহানিৰ শৈশৱৰ সেই ধেমালিবোৰ, লুকাভাকু, ৰজা-ৰাণী, টাংগুটি, দৰা-কইনা খেল, খেলি নোপোৱা মানুহ হয়তো কোনো নাই বুলিলেও ভুল নহ’ব। তেতিয়া সাংঘাটিক চিৰিয়াছ বুলি ভবা কথাবোৰ এতিয়া হাঁহিৰ অজুহাত মাথো। তাতে যদি আপোনাৰ শৈশৱত গাঁৱৰ ধূলি-মাকতিৰ পৰশ থাকে তেনেহ’লে আৰু মধুৰ হয় স্মৃতি।

শৈশৱৰ বহুতো পাহৰিব নোৱাৰা সময়ৰ মাজৰে বিশেষ সময়খিনি হ’ল প্ৰাথমিক বিদ্যালয়ৰ সময়খিনি। আমি যিখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো, তাত “বহা আসনখনো” ঘৰৰপৰাই লৈ যাব লাগিছিল। আহল বহল মাত্ৰ এটা কোঠাতে চাৰিটা শ্ৰেণী একেলগে বহি পঢ়িছিলো। বাটে বাটে বকুল, বগৰী, আমলখিৰ গছবোৰৰ তলত ৰৈ ৰৈ যাওঁতে কেতিয়াবা ছাৰ আমাতকৈ আগতে পঢ়াশালি পাই ৰৈ থাকে পঢ়ুৱাবলৈ। ছাৰলৈ ভয় যদিও, দেৰি হ’লে, ছাৰৰ চাইকেলৰ কেৰেয়াতে ধৰি দৌৰি দৌৰি যাওঁ।

সময়ে সময়ে ছাৰে প্ৰথম শ্ৰেণীৰ বাহিৰে সকলোকে একেলগে সাধাৰণ জ্ঞানৰ প্ৰশ্ন কিছুমান সুধিছিল। এবাৰ তেনেকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্ন এটা সোধা হ’ল। “কোনে কোনে পাৰিবি থিয় হ”– ছাৰে ক’লে। একমিনিটো পলম নকৰি মই আৰু মোৰ খুড়াৰ ল’ৰাটো থিয় হ’লো। তাৰ ৰোল নম্বৰ এক, মোৰ দুই। পাৰিম বুলি কৈ নিজকে বৰ জিনিয়াচ যেন লাগে। ছাৰে উত্তৰ সুধিলে, দুয়োৰে শুদ্ধ হ’ল। ছাৰে দুয়োকে চাব্বাচী দি বাকীবোৰক আমাৰপৰা অলপ শিকিবলৈ ক’লে। আহ! ইয়াতকৈ আৰু সন্মানৰ কথা কি আছে! যুৱৰাজ- যুৱৰাণী যেন ফিল এটাত গপতে গঙাটোপটো হৈ বহি থাকিলো। পিছে, সুখবোৰ যে ক্ষন্তেকীয়া। আমাক ভিতৰতে বহি থাকিবলৈ কৈ বাকী গোটেইবোৰকে বাহিৰলৈ উলিয়াই নি, শাস্তিৰ বাবে ছাৰে দেখোন সমুখৰ প্ৰকাণ্ড খেলপথাৰখনত সকলোকে একেলগে উত্তৰটো উচ্চাৰণ কৰি কৰি দৌৰিবলৈহে দিলে। অস অস, শুদ্ধ উত্তৰটো কিয়নো দিছিলো বুলি বুকুখন খুন্দা মাৰি ধৰিলে মোৰ। নিদিয়াহেঁতেন লগৰকেইটাৰ লগত ময়ো দৌৰি থাকিবই পাৰিলোহেঁতেন। সেই দিনটো অনুশোচনাতে পাৰ কৰিলো। কিছুদিনৰ পিছত আকৌ একেদৰে প্ৰশ্ন সোধাৰ দিনটো আহিল। সেইদিনা দৌৰিবলৈ নোপোৱাৰ দুখটো মিহি মিহিকৈ উক দিয়েই আছিল। এইবাৰ ছাৰে প্ৰশ্ন এটা সুধি নোৱাৰাকেইটাকহে থিয় হ’বলৈ ক’লে। তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী হোৱা হেতুকে এইবাৰ মই আগে ভাগে নোৱাৰো বুলি থিয় হ’লো। দৌৰিব পাম বুলি মনটো ভাল লাগি আহিছিলহে, উভতি চাই দেখো, গোটেই কোঠাটোত মোৰ বাহিৰে আৰু কোনোৱেই থিয় হোৱা নাইচোন? এতিয়াহে প্ৰশ্নটো মন কৰিলো, “বিহু কেইটা?” এই তেনেই সাধাৰণ প্ৰশ্নটোহে সুধিছিল, আগদিনাখন বিহুৰ ৰচনাও লিখি দিছিল ছাৰে, নাক মচিব নজনা পেন্দুকণাকেইটায়ো জানে, আৰু মই তাকেই নাজানো বুলি গপচত থিয় হ’লো। অকলে অকলে বাহিৰত আঁঠুকাঢ়োতে দৌৰিবলৈ নোপোৱাৰ যন্ত্ৰণাটো গোটেই জীৱনৰ কাৰণে পলাই ফাঁট মেলিলে।

সকলো কথা ঘৰত জনোৱাটো ছাৰৰ অভ্যাস। সেইদিনা কোনেও একো নোকোৱা দেখি ভালো লাগিল, আচৰিতো হ’লো। ৰাতি কোনেও নকওঁতেই পঢ়িবলৈ বহিলো। মনতে দেউতাক ভাল লগোৱাৰ ধাণ্ডা। জোৰে জোৰে শব্দ কৰি পঢ়ি আছো, তেনেতে কাৰেণ্ট গ’ল। মায়ে লেম্পটো টেবুলত দি গ’ল। মোৰ আকৌ পঢ়ি থকাৰ মাজে মাজে সপোন দেখাৰো নিয়ম। এনেতে চাৰিওফালে অন্ধকাৰ দেখা পালো। “মই ক’ত আছো?” নিশ্চয় কিবা সপোনেই বুলি ক’ৰবাত কিবা দেখো নেকি খেপিয়াই খেপিয়াই গৈ অলপ দূৰৈত পোহৰ যেন দেখিলো। প্ৰায়েই দলং এখনৰ আধালৈ গৈ ভঙা দেখি উভতি আহো সপোনত, আজি বোলো পাৰ হ’মেই বুলি মনটো ডাঠ কৰি আগুৱাই গৈ থাকোঁতে লেম্পৰ পোহৰটো ক্ৰমাৎ স্পষ্ট হৈ আহিল। চকু দুটা মোহাৰি ল’লো, দেখিছো দেউতাই ভাইটিক লৈ চোতালতে বহি আছে, কাষতে বাৰাণ্ডাত আইতা। “হুহ্ সপোনটো এইকেইটাকহে দেখিম মানে”। এনেতে চাকি এটা হাতত লৈ মা পাকঘৰৰপৰা ওলাই আহিল। মোক দেখি —
“ঔ আই গোসাঁনী, দিনটো টলৌ টলৌকে ঘূৰি ফুৰবি, পঢ়া টেবুলত বহিলি তোৰ ঘূমেটিয়ে (টোপনি) আগুৰি ধৰেই।”

“হে ভগৱান বচউ আজি মোক” বুলি বিৰবিৰালো।

তাৰমানে পঢ়া টেবুলত বহি টোপনি মাৰি থাকোঁতে কোনোবাই সমুখৰপৰা লেম্পটো বাহিৰলৈ উলিয়াই আনিলে অথচ মই খবৰেই নাপালো। দেউতাক ভাল বোলাব গৈ কালহে মাতিলো। কণা বিধাতাই সেই সময়তে বিজুলী ঢেৰেকণি মাৰি হ’লেও মোক জগাই দিব নোৱাৰিলেনে। উফ, দেউতা ৰূপী হিটলাৰজন ইমান শান্ত হৈ আছে কিয়? বুজিলো, এয়া যে ধুমুহাৰ আগৰ মৌনতা। নক’লেও হ’ব যে, আই মোৰ পিঠি কুটেকুটাই বুলি কন্দাৰ বাহিৰে নিজক ফুচুলোৱাৰ আন একো উপায় নাছিল সেইদিনা। তাৰ পিছত, বহুদিনলৈ সপোনতো সপোন দেখাৰ কথা ভবা নাছিলো বাৰু।

আৰু এটা ঘটনা মনত পৰিলে দাঁত টেঙাই যায় আজিও। বগৰীবোৰ ৰঙা হালধীয়া হৈ ডাল ভৰি থকা দিনৰ কথা। শ্ৰেণীকোঠাত ইতিমধ্যে এটা ঘণ্টা পাৰ হৈছে, ছাৰে দ্বিতীয় বিষয়টো আৰম্ভ কৰাৰ আগে আগে লগৰ দুজনীয়ে ক’লে,
“ছাৰ ছাৰ, বাহিৰক (বাহিৰলৈ) যাওঁ ছাৰ।”
দুয়োজনী মোৰ প্ৰিয় বান্ধৱী, মোক লগ নধৰি দুয়ো একেলগে যাবলৈ ওলোৱা দেখি বিৰাট ঈৰ্ষা লাগিল। ছাৰে সুধিলে,
“কিয়?”
এজনীয়ে উত্তৰ দিলে,
“ছাৰ শৌচ কৰবা যাওঁ।”
দুয়োজনী একেলগে যাবলৈ ওলোৱা দেখি মোৰ বুজিবলৈ সময় নালাগিল, কাৰণ যে বেলেগহে। ময়ো টপকপৈ ক’লো,
“ছাৰ ময়ো যাম”। ছাৰে ঘোপাকৈ চাই ক’লে,
“মামাৰেৰ ঘৰক যাবো বুলি ভাবছা নেকি, তোৰো যি যাওঁ যাওঁ লাগিল?” একো নোকোৱাত সন্দেহ হ’ল যদিও, মোৰ ক’লাপৰা মুখখন দেখি যেনিবা যোৱাৰ অনুমতি দিলে। ইহঁত দুজনীৰ লগত যাবলৈ পাই মোৰ খুব ফূৰ্ত্তি।

দুয়োজনী ক’লৈ যায় নজনাকৈয়ে লগে লগে গৈ আছো, ইফালে টয়লেটৰ ঠাই পাৰ হৈ আহিলোঁ। এনেতে উৎসুকতাৰ অৱসান ঘটাই এজনীয়ে ক’লে, “সেইইইই তাতে বহুত পকা পকা বগুৰী (বগৰী) লাগি আছেই, খাম যৌ, সেইকাৰণে ছাৰক ফাঁকি দি আইছু”। ফাঁকি দিয়া কথাটোত বৰ বেয়া লাগিল যদিও, ভয়ে সংকোচে বগৰীৰ লোভতে আগুৱাই গৈ থাকিলো। গৈ আছো, গৈ আছো, গৈয়েই আছো, নাপাওঁ হে নাপাওঁ, দূৰৈৰপৰা গছকেইডাল যিমান দূৰ যেন লাগিছিল, কাষ চাপি আহি আছো মানে আৰুহে দূৰলৈ গৈ আছে যেন লগা হ’ল। ইমান দূৰ আহিলো যেতিয়া উভতি যোৱাত নাই বুলি ভাবি গৈ গৈ এটা সময়ত লক্ষ্যস্থান পালোগৈ। হাতেৰে ঢুকি পোৱা উচ্চতাত একেলগে ইমানবোৰ বগৰী দেখি উধাই মুধাই চিঙি মুখত ভৰালো। খাই খাই দাঁতে দাঁতে লাগি শিৰশিৰাই যোৱাতহে, বগৰী খোৱা অনুস্থানৰ তাতেই সামৰণি মাৰি উভতিবলৈ ওলালো। ইতিমধ্যে চাগৈ এঘণ্টাৰো বেছি সময় পাৰ হৈছিল। শ্ৰেণীকোঠাত সোমোৱাৰ আগতে ভৰি-হাত দমকলৰ পানীৰে তিয়াই ল’বলৈ নাপাহৰিলো। সোমাব পাৰোনে বুলি সোধাৰ আগতেই ছাৰে আমাক চকু পকাই সুধিলে,
“ইমান দেৰি ক’ত আছিলি তহঁত, হে?” উত্তৰত কিবাকিবি এসোপা কথা কোৱাত ছাৰেও বৰ বেছি গালি শপনি নাপাৰি বহিবলৈ কৈছিলহে, পিছে কপালত কিল খোৱা যুগ পৰিলে কোনে বচাব পাৰে। লগৰজনীৰ স্কাৰ্টৰ তলৰ চেমিজটোত বান্ধি অনা বগৰীৰ গাঁঠিটো খোল খাই ছাৰৰ সমুখতে হৰহৰকৈ বগৰীবোৰ ওলাই পৰিল। আই ঐ আৰু নক’লেও হ’ব ছাৰে যে আমাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাটো দিলেই, লগতে ঘৰত আমাৰ কৃতিত্বৰ বিষয়ে জনাই থৈও গ’ল। ভোকত পেটে ৰমলিয়াই থকা স্বত্বেও ঘৰলৈ গৈ এটাও ভাত খাব নোৱাৰিলো, চোবাবলৈ দাঁতৰ চেঞ্চ থাকিলেহে! কিবা চোবালেই চিৰিংকৈ যায়। এনাচথেচিয়াৰ প্ৰভাৱত অক্সিজেন ল’বলগীয়া হোৱাৰ দৰে অৱস্থা হ’ল দাঁতৰ। বাকী দুজনীয়ে সেইদিনা ঘৰৰ কামসোপা কৰিবলগীয়া হ’ল আৰু মোৰ পিঠিত দেউতাই এচাৰিৰে ধুনীয়া ধুনীয়া ডিজাইনাৰ ফুল আঁকি দিলে।

তেতিয়া পেঞ্চিল দি জলফাই লোৱা বিনিময় প্ৰথাটোৰ বৰকৈ প্ৰচলন হৈ আছিল। এবাৰ জলফাই অনা ল’ৰা এটাৰ লগত কাজিয়া লাগি চুলি চিঙি দিছিলো। সিও সুদাই এৰা নাছিল বাৰু, আহোঁতে যাওঁতে বাটৰ কাষৰ সেই কাঁইটীয়া গুটিবোৰ (অগৰা গুটি নে কি, নামটো পাহৰিছো) যিবোৰ দূৰৰপৰাই দলিয়াই দিলে চুলিত লাগি ধৰে আৰু এৰুৱাওঁতে জীৱ ওলাই যায়, সেইবোৰ গুটি গম নোপোৱাকৈ গালৈ মাৰি মাৰি গৈছিল। তেৰাৰ কৃপাত কিমান চুলি চিঙিল তাৰ হিচাপ নাই। আসুৰিক তৃপ্তি পাইছিলো সেইদিনা যিদিনা, সৰু ডাঙৰ পেঞ্চিলৰ “কালেকচন” দেখুৱাই বাহাদুৰি মাৰি থাকোঁতে সৰু পেঞ্চিল এডাল তাৰ নাকেদি ভিতৰলৈ সোমাই গৈছিল। পিছত অৱশ্যে ডাক্তৰৰ ওচৰলৈ নিবলগীয়া হোৱাত প্ৰাৰ্থনাও কৰিছিলো। ভাল লাগে যে, নিস্পাপ হৃদয়ৰ সেই শত্ৰুতাবোৰতো ক’ৰবাত শুভাকাংক্ষাৰ বাবে এচিকুট ঠাই আছিল।

সৰুতে যিমান কিল ভুকু খাইছো, এখন উপন্যাস লিখিলেও শেষেই নহ’ব। এতিয়া হোৱা হ’লে কাৰ ওপৰত কিমান ‘কেচ’ দিলেহেঁতেন ঠিক নাই। তথাপি সুন্দৰ আছিল আমাৰ শৈশৱ। প্ৰতিযোগিতা বুলি একো নাছিল। এতিয়াও লুংলুঙীয়া বাটটোত হেৰাই যাবলৈ মন গ’লে, দীঘলকৈ উশাহটো টানি লওঁ, নাকত লাগি ৰয় বকুল, তগৰ, মাধৱীলতাৰ সুবাস। খুচৰি খুচৰি মুঠি মাৰি ধৰো, ধূলি উৰুৱাই পাৰ হৈ যোৱা গৰুৰ জাকটোৰ, খোজৰ চিনত পোত খাই থকা খিলখিল হাঁহিৰ শব্দবোৰ।

☆★☆★☆

Comments

  1. বৰ শান্ত আছিল দেই।একদম মোৰ নিচিনা।শান্ত।

  2. বৰ ভাল লাগিল মল্লিকা। শৈশৱৰ এই মধুৰ সোঁৱৰণীয়েই যেন এতিয়া আমাৰ বাবে সঞ্জীৱণী স্বৰূপ। সুন্দল প্ৰকাশ।

  3. শৈশৱৰ স্কুলখন আটাইতকৈ প্ৰিয় স্মৃতি মোৰ বাবে। বৰ ভাল লাগিল পঢ়ি।

Leave a Reply

Your email address will not be published. Required fields are marked *