নিংনি ভাৱৰীয়া এটা বিখ্যাত নাম। উনৈশ শতিকাৰ এটি পূৰ্ণিমা তিথিত বৰপেটাৰ ফাটা হাটীত নিংনিৰ জন্ম। তেওঁৰ আন কিবা নাম আছিল নে জনা নাযায়। বৰপেটা চহৰৰ মানুহৰ এশটা বৈশিষ্টৰ ভিতৰত মানুহৰ স্বভাৱ চৰিত্ৰ চাই লঘু নাম দিয়াৰ অভ্যাস আছে। সেইমতেই চাগৈ তেওঁৰ সৰু মুখখন চাই ওচৰ চুবুৰীয়াই নাম ৰাখিলে নিংনি।শিশুতে নিগনি যেন লগা ক্ষীণ চেহেৰাৰ সলনি হৈ পিছলৈ নিংনি নোদোকা, সুশ্ৰী হৈ পৰিছিল যদিও নাম সলনি নহ’ল। অৱশ্যে এই কথা কিমান সঁচা তাক প্ৰমাণ কৰিবলৈ কোনো নাই।
নামনি অসমত নিংনি ভাৱৰীয়া নামটো নিংনি ভাউৰা বুলিহে জনাজাত। ভাউৰা এজন সৰবৰহী স্বভাৱ কবি আৰু ৰসিক ভাৱৰীয়া হিচাপে বিখ্যাত আছিল।
তেওঁৰ বয়স যেতিয়া চল্লিশ/পঞ্চল্লিশ বছৰ, সেই সময়ত বৰপেটাৰ মহকুমাধিপতিৰ দায়িত্বত আছিল এ. চি. কেম্পবেল। কেম্পবেলৰ কালত নিংনিৰ গীত মাত ৰজনজনাই আছিল। কেম্পবেলে ভাউৰাৰ যশস্যা শুনি তেওঁৰ ওচৰলৈ মাতি পঠিয়ায়। চাহাব আৰু মেম তেওঁৰ ৰসিকতা, প্ৰত্যুৎপন্নমতিতা আৰু বাক চাতুৰ্য্যত মুগ্ধ হৈ পৰিছিল, যাৰ ফলত ভাউৰাই চাহাবৰ ঘৰত বহিবলৈও আসন লাভ কৰে। সেই সময়ত আদৰ্শৰ নামত অন্যায় অনীতিৰ পোহাৰ মেলা কিছু সংখ্যক ভদ্ৰলোকৰ কথা নানা কৌশলেৰে বিশেষকৈ ৰসিকতা পূৰ্ণ কথাৰে কেম্পবেলক অবগত কৰি ভাউৰাই সমস্যা সমাধানৰ বাট উলিয়াইছিল।


এইজনা স্বভাৱ কবিৰ কণ্ঠত সৰস্বতী ভৰ খোৱা বুলি লোকে বিশ্বাস কৰে। পাছে তেওঁ লেখা পঢ়া নাজানিছিল আৰু নিজ মুখে হেনো কৈছিল –

কলা কলা আখৰ কেইটা, চিনিবাকে নৰু ।
আখৰ নহ পুথিখেন, বাগৰে জুগৰে পঢ়ু ।।
পুথি পঢ়ু পুথি পঢ়ু দুপৰীয়াৰ ভুখে।
আই বোপাই ভাত নেদে হাগু দুৱাৰ মুখে।।

উনৈশ শতিকাৰ মাজভাগত অসমত কানিৰ অবাধ প্ৰচলন আছিল। কানি খোৱা লোক সকলৰ মাজত ডেকা গাভৰু, পুৰুষ মহিলা সকলো আছিল। কানিৰ এনে প্ৰচলনত নিংনি ভাউৰাৰ গা বেজবেজাই গ’ল আৰু ইয়াৰ অপকাৰিতাৰ কথাবোৰ গীতৰ আশ্ৰয় লৈ প্ৰচাৰ কৰিছিল। সেই গীতসমূহৰ এটা তলত উল্লেখ কৰিলো।

ঐ অসমীয়া ভাবি নাচ কিও। তোৰ নু নাছিল কি?
দেশ খেদ্ লি ৰসাতলে কানি বৰবিহ খাই।
কানিৰ নিচাত কবা নৰা, নাব হলি হাল।
সৰগোৰ তাৰা দেখা পাই, কামি হ’ল ডাল ডাল ।
ছালোৰ উপ্ ৰোত মেক্ ৰী উঠি কান্দে মেউ মেউ কৰি।
খুদকণ তোৰ ঘৰোত নাই, নিংনি পায় ক’ত বিচ্ ৰি।।
নিংনি ভাউৰাৰ গীত শুনি ভালপোৱা লোকসকলৰ ভিতৰত দেশভক্ত তৰুণ ৰাম ফুকনো আছিল। ভাউৰাৰ গীত ৰচনা কৌশলত মুগ্ধ হৈ নিজেও তেনে আৰ্হিত গীত ৰচি ভাউৰাৰ নাম ৰাখি থৈ গৈছে। দেশভক্তই ৰচনা কৰা “নিংনি ভাৱৰীয়াৰ গীত” একমাত্ৰ খুহুতীয়া কবিতা। এই কবিতাটোত দেশভক্তই শিলচৰৰ জেল জীৱনৰ তিতা কেঁহা কথাবোৰ নিংনি ভাৱৰীয়াৰ মাধ্যমেৰে পৰিপাটিকৈ ব্যক্ত কৰিছে। ইয়াৰপৰাই নিংনি ভাৱৰীয়া ৰচিত গীতসমূহ কিমান জনপ্ৰিয় আছিল ধাৰণা কৰিব পৰা যায়।
এই খিনিতে ভাউৰাৰ ৰচিত গীতৰ কিছু অংশ দিয়া হ’ল – –

কথাত লাগ্লি কথা বাঢ়ে নকলিও থাক্ পা নোৰু।
উল্টা দিনোৰ উল্টা কথা গাছোত উঠে গৰু ।।
সকল বস্তু অৱলা অতি ইখন ঠাইত পাই।
একো বস্তুকে কিন্ বা নাল্ গে এনেয়ে খুজ্ লি দেই।।
এইজনা স্বভাৱ কবিৰ বিষয়ে কিছু কথা জানিব পৰা যায় হাউলীৰ স্বৰ্গীয় যাদৱ চন্দ্ৰ দাস ডাঙৰীয়া দেৱে লিখা “নিংনি ভাৱৰীয়াৰ ৰহস্য” নামৰ কিতাপখনৰ পৰা। ভাউৰাৰ বিষয়ে লিখা এইখনেই প্ৰথম কিতাপ। সৰুতেই কিতাপখন পঢ়াৰ সৌভাগ্য হৈছিল মোৰ।
তেওঁৰ জীৱনক লৈ পিছলৈ কিতাপ প্ৰকাশ নহ’ল। হয়তো এনে কাম কৰিব পাৰিলে তেওঁৰ অদ্ভুত কাহিনীবোৰ পঢ়ি আজিৰ প্ৰজন্ম আচৰিত হৈ পৰিলহেঁতেন। দুখৰ বিষয় এতিয়া নিংনি ভাৱৰীয়াৰ নামটি সাধুকথাৰ চৰিত্ৰ যেন হ’ল।
নিংনি ভাৱৰীয়া আছিল ৰসৰ সাগৰ। কথা আৰু গীতৰ চলেৰে সকলো শ্ৰেণীৰ লোককে হহুঁৱাব পৰাতো আছিল তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য। হাঁহিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে এই কথাষাৰ তেওঁ যেন বাৰুকৈয়ে উপলব্ধি কৰিছিল। সমাজত চলা অন্ধবিশ্বাস, কুসংস্কাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ প্ৰতি তেওঁ সদায় সচেতন আছিল আৰু সেইবোৰ দূৰ কৰিবলৈ যত্ন কৰিছিল কথাৰে, গীতেৰে, ভাওৰে আৰু কৰ্মৰ দ্বাৰাই । অৱশ্যে ভদ্ৰতাৰ মুখা পিন্ধা এচামে ভাউৰাৰ অনিষ্ট চিন্তা কৰা নাছিল তেনে নহয়, কিন্তু তেওঁ হাঁহি হাঁহিয়ে তাক হেলাৰঙে দূৰতে বিদুৰ কৰিছিল।

বৰপেটাত স্থানীয় শিল্পীৰ দ্বাৰাই যাত্ৰা ভাওনা কৰা হৈছিল। শুনামতে ভাউৰাৰ দিনত বৰপেটা বঙালী ভাষাৰ নাটকৰপৰা অসমীয়ালৈ অনুবাদ কৰা নাটকহে মঞ্চস্থ হৈছিল। এনে নাটকবোৰত ভাউৰাই কৌতুক অভিনেতা হিচাপে কাম কৰিছিল। তেওঁৰ অভিনয় চাই হেনো দৰ্শকে বাগৰি বাগৰি হাঁহিছিল।

শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে তেতিয়া বৰপেটাত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। নাওখেলৰ ৰং ধেমালিয়ে যিকোনো লোককে হাঁহিৰে বুৰাই পেলাইছিল । প্ৰতিযোগিতা চোৱা ৰাইজৰ উৎসাহ, খেলুৱৈ সকলৰ গীত, বঠাৰ কোব এই গোটেইখিনি লগ লাগি এক অপূৰ্ব সৌন্দৰ্য্যৰ সমাবেশ ঘটে। এই নাওখেলত নিংনি ভাউৰাই নানা অংগী ভংগীৰে স্বৰচিত গীত গাই ৰাইজক মোহিত কৰিছিল।

নিংনি ভাৱৰীয়া নিজে শিষ্টাচাৰী আছিল লগতে সদায় শিষ্টাচাৰক প্ৰাধান্য দিছিল। শিষ্টাচাৰ মানি নচলা ব্যক্তিক তেওঁ সুদাই নেৰিছিল, এশকনি দিহে এৰিছিল। এবাৰ হেনো বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো কিনো বুলি বজাৰ পালেগৈ। দৰদাম কৰি থাকোতে ক’ৰবাৰপৰা ভুটুংকৈ ল’ৰা এটা আহি পোহাৰীক পইছা দি মাছটো লৈ গ’ল। শিষ্টাচাৰৰ লেখ মাত্ৰও চিন নেদেখি ভাউৰাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। ইয়াক এসেকা দিব লাগিব বুলি মাছ নিকিনাকৈয়ে ঘৰ পালেহি। নিংনি ভাৱৰীয়া আছিল ভেশছন ধৰাত অতি পাকৈত । নিশা হ’লত নিংনি ভাৱৰীয়াই পলকতে তিৰোতাৰ কাপোৰ পিন্ধি পোহাৰীজনী সাজি মাছ কিনা ল’ৰাৰ ঘৰ পালেগৈ আৰু সকলোৱে শুনাকৈ বকনি আৰম্ভ কৰিলে বোলো পইছা নিদিয়াকৈ যে মাছটো আনিলি, খাবলৈ লাজ লগা নাইনে? ভালে ভালে পইছা দি আহিবি, নহ’লে সুদাই নেৰো বুলি কৈ তাৰপৰা নিংনি আঁতৰ হ’ল। ল’ৰাৰ দেউতাক হ’ল কীৰ্ত্তন ঘৰৰ বুঢ়া বায়ন। কথা শুনি বুঢ়া বায়নৰ লাজত মুখৰ মাত হৰিল। পাছে পুতেকক মাতি আনি কথাষাৰ সোধোতে উৰহী গছৰ ওৰ ওলাল। পুতেকে যেতিয়া মাছ, পইছা দি কিনি অনাৰ সাক্ষী হিচাপে ভাউৰাৰ কথা ক’লে, তেতিয়াই বায়নৰ বুজিবলৈ বাকী নাথাকিল। তেওঁ লৰালৰিকৈ ভাউৰাৰ ঘৰ পালে আৰু ভাউৰাক পুতেকে কৰা ভুলৰ বাবে ক্ষমা কৰিবলৈ ক’লে। পুতেকেও ভৰিত পৰি ক্ষমা বিচাৰিলে আৰু দুনাই এনে ব্যৱহাৰ নকৰো বুলি শপত খালে। ভাউৰাই তেতিয়া পুতেকৰ মূৰত হাত বুলাই মংগল হওক বুলি আশীৰ্বাদ দি পঠাই দিলে। এনেদৰে হেনো তেওঁ গুৰু গোঁসাই নমনা লোকক উচিত শিক্ষা দিহে এৰিছিল।

বৰপেটাৰ মানুহবোৰে খেতি বাতি, ব্যৱসায় কৰি সহজ সৰল জীৱন যাপন কৰিছিল। ইংৰাজ চাহাবৰ তলত কেৰাণী, মহৰী মৌজাদাৰ হিচাপে কাম কৰা মানুহবিলাকে হেনো চাহাবৰ পিছতেই ৰাইজৰ সন্মান লাভ কৰিছিল। তেতিয়াৰ দিনত তিৰোতাৰ স্থান ৰান্ধনী ঘৰতে সীমাবদ্ধ (শুনা কথা, ভুল হ’লে ক্ষমা কৰিব) আছিল। পুৰষ নাৰীৰ কামৰো হেনো প্ৰভেদ আছিল যথেষ্ট। প্ৰতি গৰাকী পুৰুষ মহিলাই নিজৰ ভাগৰ কাম নিয়াৰিকৈ কৰিছিল। অৱশ্যে দুই এটা ব্যতিক্ৰমো আছিল। ধনী ঘৰৰ জীয়ৰী যদি বিয়াৰ পিছত শহুৰৰ ঘৰলৈ আহি ভেমতে কাম কৰিবলৈ এলাহ কৰিছিল তেনেহলে ভাউৰাই তেনে বোৱাৰীক নগুৰ নাকটি কৰিছিল আৰু একোখন ভাঙি যাব ধৰা ঘৰ পুনৰাই নতুনকৈ সজাই তুলিছিল।
নিংনি ভাৱৰীয়াৰ সাঁথৰ :

নিংনি ভাৱৰীয়া সাঁথৰ ৰচনা কৰাতো অতি পাকৈত আছিল। অতীজৰেপৰাই বৰপেটা অঞ্চল সাঁথৰ আৰু ফকৰা যোজনাৰ বাবে বিখ্যাত। সাঁথৰত অৰ্থ লুকাই থাকে। যদিও ই কণ কণ ল’ৰা-ছোৱালীৰ ৰং ধেমালিৰ বস্তু, বয়সিয়াল লোকেও ইয়াৰপৰা আনন্দ লাভ কৰে। ফকৰা যোজনা, সাঁথৰ আদিৰ ৰচকৰ নাম নাথাকে। কিন্তু বৰপেটাৰ স্বৰ্গীয় তিথিৰাম পাঠকৰ মুখৰ পৰা শুনা বহু কথা ভাৱৰীয়াৰ বংশধৰ সকলে টুকি ৰাখিছিল। এই সাঁথৰ সমূহৰ কিছুমান নিংনি ভাৱৰীয়াই ৰচনা কৰা বুলি বহুতে কয়। স্বৰ্গীয় যাদব চন্দ্ৰ দাস ডাঙৰীয়াই লিখা “নিংনি ভাৱৰীয়াৰ ৰহস্য” নামৰ পুথিখনত কেইবাটাও সাঁথৰ সন্নিৱিষ্ট কৰিছে। তাৰে কেইটামান তলত উল্লেখ কৰিলো।

(১) বাংনা হেন দেখি তাক, নহয় সিটো বাংনা ।
উপ্ ৰোৰ পৰা পল্লি সি হয় লাণ্ডা ভাণ্ডা । ।
এনু এনু এনু ধোৰ্ বাৰ নাই ঠেণু। (উত্তৰ – কণী)

(২) দেখ্লি লাগে নেদেখ্ লি নাই ।
আদখিনি মান পালাক যেথেন ।।
মল্লু মল্লু কল্লাক তেথেন ।
গতে খিনি গেল যেথেন ।
মিচিক মাচাক হাঁহে তেথেন ।। (উত্তৰ – আঙঠি)

(৩) এইৰো হাতে তাইৰো গলে।
লাগি গ’ল পেটক পেটে ।।
তপ্ তপকৈ বয় পানী।
ভিজি যায় মেখ্লা খানি ।। (উত্তৰ – কাষত ভৰা কলহ লৈ তিৰোতা)

(৪) মামাথেৰ কলী গাই ।
ঘাটে ঘাটে পানী খায় ।। (উত্তৰ – বৰশী)

(৫) ভকত জন সুধি চোৱা সম্বন্ধ লাগে কি?
তোৰ বাপে বিয়া কৰাইছে মোৰ বাপাৰ জী।। (উত্তৰ – ভাগিনীয়েক)

নাৰী ৰূপত নিংনি ভাৱৰীয়া :

তেতিয়াৰ দিনত বাৰিষা কালত, বৰপেটা চহৰ পানীত বুৰ গৈছিল। দুটামান ৰাস্তাৰ বাহিৰে হেনো বাকীবোৰ পানীৰ তলত থাকে। তেনেকুৱা এটা বাৰিষা কালৰ কথা। মহকুমাধিপতি কেম্পবেল চাহাবে হেনো হঠাতে হুকুম জাৰি কৰিলে যে নিশা কোনেও নৈত নাও চলাব নোৱাৰিব। ব্যবসায়ীৰ লগতে সৰ্ব সাধাৰণ ৰাইজৰ মাজত হাঁহাকাৰ লাগিল। কিন্তু এই অসুবিধাৰ কথা চাহাবক জনাবলৈ কোনোজনৰে সাহস নহ’ল। কিন্তু ব্যতিক্ৰম নিংনি ভাৱৰীয়া। সাহস কৰিলে মাত্ৰ এইজনা নিংনি ভাৱৰীয়াই।
আগতেই উল্লেখ কৰা হৈছে যে নিংনি ভাৱৰীয়া ভেশছন ধৰাত পাকৈত আছিল। এদিন গভীৰ নিশা নিংনিয়ে নাৰীৰ ৰূপ লৈ নদীৰ পাৰত ইনাই বিনাই কন্দা কটা আৰম্ভ কৰিলে। কেম্পবেল চাহাবৰ বঙলাটো আকৌ বৰপেটাৰ মৰা নদীৰ পাৰত। নিশা তিৰোতা মানুহৰ কান্দোন শুনি কেম্পবেল চাহাব থিৰেৰে থাকিব নোৱাৰিলে আৰু নৈৰ সিপাৰৰ পৰা নাওঁ এখনেৰে আহি মাইকীজনীৰ কাষ পালেগৈ। প্ৰশ্ন কৰিলে, “হেই মাইকী, এই আন্ধাৰত কি ৰকম কান্দিছে? কি কাৰণ আছে হামি জানিব লাগে।”

নাৰী ৰূপী নিংনিৰ প্ৰশ্ন, “আপুনি জানো ৰাতি নাওঁ চলোৱা বন্ধ কৰা হুকুম দিয়া নাই?”

চাহাব : “হা এই নিয়ম হামি সৱ ৰকম মানুষেৰ কাৰণে জাৰি কৰিছে।”

নিংনি : “তেনেহলে আপ্ নি নিজৰ হুকুম নিজে ভাঙিলে যে? নে আপ্ নি মানুহৰ শাৰীত নপৰে?

নিংনিৰ কথা শুনি চাহাবৰ মূৰ গৰম হৈ গ’ল আৰু চকু ৰঙা কৰি ক’লে, “হেই মাইকী, হামাৰ খং উঠিছে। তোমাকে হামি কঠোৰ শাস্তি দিবে।”

নিংনিয়ে বোলে, “মই মতাহে চাহাব। মাইকী নহয়।”

এইবুলি নিংনিয়ে গাৰ কাপোৰ খুলি পেলালে। টৰ্চ মাৰি চাহাবে চায় যে সেয়া নিংনিহে। নিংনিক দেখি
চাহাবৰ খং ভাঙিল। নিংনিৰ বুদ্ধিক শলাগিলে আৰু সিদিনাৰপৰাই নিশা নাও চলাব নোৱাৰাৰ যি হুকুম জাৰি কৰিছিল তাক প্ৰত্যাহাৰ কৰিলে।
নিংনি ভাৱৰীয়াৰ জীৱনী লিখিবলৈ সমলৰ অভাৱ। এওঁৰ বিষয়ে কিছু কথা লিখি থৈ গৈছে বৰপেটাৰ কিশোৰী মোহন পাঠক দেৱে। নিংনি ভাৱৰীয়াক বহুতে কাল্পনিক চৰিত্ৰ বুলি ভাবে। আকৌ এনে লোকো আছে যিয়ে নিংনি ভাৱৰীয়া অসমৰ বৰপেটা অঞ্চলৰ মানুহ আছিল, এই কথাষাৰো বিশ্বাস নকৰে। ফলত বহুতে তৎ ধৰিব নোৱাৰি বঙালী ভাষাত লিখা “গোপাল ভাড়ৰ ৰহস্য”ৰ গোপাল ভাড়কে গোপাল ভাৱৰীয়া বা নিংনি ভাৱৰীয়া বুলি ধৰি লৈছে। এই কথাৰ প্ৰমাণ পোৱা যায় যেতিয়া ১৯১১/১২ চন মানত সুদূৰ কলিকতাৰপৰা দুজন ভদ্ৰলোক আহি উপস্থিত হৈছিলহি বৰপেটা অঞ্চলত। তেওঁলোকে ভাউৰাক বংগৰ মানুহ বুলি ভাবি ইয়াত তেওঁলোকৰে ভাৱৰীয়া এজনক অসমৰ ভাউৰা বুলি প্ৰচাৰ চলোৱা হৈছে নেকি তাৰে হেনো অনুসন্ধান কৰিবলৈ আহিছিল। পাছে নিংনি ভাৱৰীয়াৰ বংশাৱলী চাই শেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে পুনৰ উভটি যায়।
নিংনি ভাৱৰীয়া বৰপেটাৰ এক সম্ভ্ৰান্ত ঘৰৰ সন্তান । তেওঁ লক্ষণা ওজাৰ বংশধৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱৰ গীত-পদ সেইসময়ৰ যিসকল ভকতে জন সমাজত প্ৰচাৰ কৰিছিল সেই সকলৰ ভিতৰৰে এজন আছিল লক্ষণা ওজা। লক্ষণা ওজাই হেনো মাধৱদেৱৰপৰা ওজাপালি শিকি শেষলৈ ওজা ৰূপে বিশেষ সুখ্যাতি অৰ্জন কৰিছিল। তেওঁ অকল ওজাপালি নৃত্যৰহে ওজা আছিল এনে নহয়, তেওঁ ঘোষা – কীৰ্ত্তনৰো এগৰাকী সুনিপুণ শিল্পী আছিল। এইজনা লক্ষণা ওজাৰ বংশতে কুৰি পুৰুষৰ পিছত অদ্ভুত গুণাৱলীৰে বিভুষিত এজন প্ৰতিভাধৰৰ জন্ম হয় যাৰ নাম নিংনি ভাৱৰীয়া। যদিও নিংনি ভাউৰা লক্ষণা ওজাৰপৰা কুৰি পীড়িৰ তলত, তথাপিও হয়তো এইজনা শিল্পীৰ কথাই নিংনি ভাউৰাৰ মনত দকৈ শিপাইছিল যাৰ বাবে তেওঁ লক্ষণা ওজাৰ বংশৰ নাম জিলিকাই ৰাখিবলৈ মনে প্ৰাণে চেষ্টা কৰি কৰ্মত অগ্ৰসৰ হৈছিল। অনৰ্গল কথা, কবিতাৰ দ্বাৰাই বিভিন্ন ৰহস্যৰ অৱতাৰণা কৰি সকলোকে অভিভূত কৰিবলৈ সক্ষম হৈছিল এইজনা স্বভাৱ কবি নিংনি ভাৱৰীয়া।

নিংনি ভাৱৰীয়াৰ বিষয়ে যিদৰে চৰ্চা হ’ব লাগিছিল, সেইটো হৈ নুঠিল। কিন্তু তেওঁ আছিল ৰসৰ অফুৰন্ত ভাণ্ডাৰ যাৰবাবে আজি তেওঁ মৰিও অমৰ। তদুপৰি নিংনি ভাৱৰীয়া আছিল মুখা পিন্ধা ভদ্ৰলোকৰ ত্ৰাসৰ কাৰণ। হাঁহিৰ চলেৰে, ৰহস্যৰ মাজেৰে সাধুতাৰ মুখা পিন্ধা লোক সকলৰ মুখা খুলি তেওঁলোকৰ নঙঠা স্বৰূপ ৰাইজৰ আগত উদঙাই দিবলৈও অলপো কুণ্ঠাবোধ কৰা নাছিল।

এইজনা ৰসিকৰ অদ্ভুত ৰহস্যৰ বেছিভাগেই মানুহৰ মুখে মুখে চলি আহিছে আৰু আজিও এইবোৰে মানুহক অপাৰ আনন্দ দি আহিছে। নিংনি ভাৱৰীয়াৰ গোটেই জীৱনৰ ঘটনাবোৰ লগে লগে লিখি থৈ যোৱাহেঁতেন আজি হয়তো ই অসমৰ এক আপুৰুগীয়া সম্পদ হ’লহেঁতেন।
মানুহৰ মুখে মুখে চলি অহা নিংনি ভাৱৰীয়াৰ দুটামান ৰহস্য এনেধৰণৰ,

(১) ভাৱৰীয়াই ঘৈণীয়েকক সদায় “তিৰীত বিশ্বাস নাই, তিৰীক কেথেনো বিশ্বাস কৰি কথা কবা নাল্ গে।” এই বুলি কৈ থাকে। ভাৱৰীয়ানীৰ খং উঠিলেও মুখেৰে নামাতে। এদিন নিংনিয়ে ঘৰৰ গোহালিৰপৰা বুঢ়া হাউলা এটা অইন এঘৰৰ গোহালিত বান্ধি থৈ তাক ঘৰৰ ভিতৰতে ঘাঁহ পানী যোগান ধৰিবলৈ কৈ আহিল। পিছদিনা পুৱাই বাৰীৰ পিছফালে, মস্ত গাঁত এটা খান্দি তাত গছৰ মূঢ়া এটা থৈ গাঁতটোত মাটি জাপি থলে।
অলপ পাছত ভাৱৰীয়ানী উঠি আহি বাহি বন কৰি অটাই ভয় ভয়কৈ কিহৰনো গাঁত খান্দিছে জানিবলৈ বিচাৰিলে। নিংনিয়ে বোলে, “কাকো নক’বি। শুন – কালি গৰু বান্ধোতে কিবা খং উঠিল, বুঢ়া হাউলাটোক এক ভুকু মাৰোতে থৰ থৰকৈ কঁপি মৰি থাকিল। এই কথাটু তয়ে যি গম পালি। খবৰদাৰ কাকো নক’বি, ক’লি মই গোবইধা হ’ম।”

এনেদৰে দুদিনমান গ’ল। এদিন আঞ্জাত নিমখ বেছি হোৱা বুলি কৈ গোটেই আঞ্জা ভাত দলিয়াই ঘৈণীয়েকক গালি পাৰিবলৈ আৰম্ভ কৰিলে, “বেটি সাত সাজ খাবা পাৰা, ভাল্ কে এক সাজ ভাত ৰান্ধি খুৱবা নৰা, তুহাৰ কাৰণে মই দিনে ৰাতিয়ে খাটি মৰু, খাবাৰ সময়ত ইসোপা তোৰ মূৰা হে ৰান্ধি মচ্চা।” ঘৈণীয়েকেও মনে মনে বহি নাথাকি নিংনিৰ মুখে মুখে বেয়া বেয়াকৈ উত্তৰ দিবলৈ ধৰিলে। ভাৱৰীয়াই উঠি গৈ দুটামান কোব বহালে।

মাৰ খাই ভাৱৰীয়ানীয়ে চোতালতে চিঞৰ বাখৰ লগালে। ভাৱৰীয়ানীৰ কন্দা কটা শুনি হাটীৰ তিৰী ছলিৰে নিংনিৰ চোতাল ভৰি পৰিল। মানুহ দেখি ভাৱৰীয়ানীৰ সাহস বাঢ়িল, বোলে, “মোক কুবইছা, ৰহ্ আজি তোৰ কথা সৱকে কম।” ভাৱৰীয়ায়ো বোলে – “বেটী, মোৰ কথা ক’বি, তোৰ জীৱন মাৰিম, দেচুন ক,” এইবুলি কৈয়ে আৰু দুটা খুন্দা মাৰিলে। এইবাৰ ভাৱৰীয়ানীক কোনে পায় – “ও বাপাহত আইহত চাছুন চা! এই গোবইধাই ঘৰোৰ বুঢ়া হাউলাটু মাৰি পুতি থৈ দিছে। তাকে কবা খুজতে মোক মাৰে আৰু মাৰে। এনে মৰদৰ লগতো থাক্ পা পাৰিনা” বুলি ৰাউচি জুৰিলে।

ভাৱৰীয়ানীৰ কথা শুনি মানুহে ইস্ আস্ লগালে। দুজনমান চেংৰা ছলিয়ে পিছফালে গৈ গাঁতটো খান্দি পেলালে পাছে বুঢ়া হাউলা নোলাল, ওলাল গছৰ মূঢ়া।
সবৰে আগত ভাৱৰীয়ানীয়ে খুব লাজ পালে। ভাৱৰীয়ানীৰ অৱস্থা দেখি ভাৱৰীয়াই ক’লে, বোলে, “নকইছিলু মই তুহুন তিৰী জাতিৰ সজাত নাই, পালি গম?”
তেতিয়াৰপৰা হেনো ভাৱৰীয়ানীয়ে ভাৱৰীয়াৰ কথা মানি চলা হ’ল।

(২) সেই সময়ত গোৱালপাৰাত হেনো বহু বৰপেটীয়া মানুহ আছিল । এবাৰ গোৱালপাৰালৈ কেইজনমান বঙালী মানুহ আহিল। বৰপেটীয়া মানুহবোৰে সিঁহতৰ লগত নিংনি ভাৱৰীয়াক লগ কৰি দিবলৈ লৈ গ’ল।

নিংনি ভাৱৰীয়া সিহঁতৰ আগত ঠিয় হ’লত বৰমূৰীয়া জনে ক’লে,
“ও আসামেৰ ভায়া! গাল চেপতা, চুল উঠা, দন্ত নায়া ।
কিবা তোমাৰ নাম, দেহ তোমাৰ পৰিচয়, কোথায় তোমাৰ ধাম।।”

বঙালী কবিজন তপামূৰা আছিল। নিংনিয়ে তাকে দেখি উত্তৰ দিলে,
নিংনি : ও বাংলাৰ মূৰা! চৌদ্ধ পিৰি গেল তুহাৰ গোটেই তাপামূৰা।।
মূৰৰ ওপৰত বাস, মোৰ গু সকল লোকে খাস্।
সাৱধান হও, সেই আমাৰ নাম জানি বুজি লও।।

বঙালী কবি : দেখ্লাম তুমি চালাক বৰ নহে কবি কম।
ভেবে গুণে কথা বল আমি এসেছি যম।।

নিংনি : দেখ্লাম আমি ভাবিয়া গুণিয়া কত শক্তি ধৰ।
যমেৰ বাপ আমি নিংনি, কি ফুটানি কৰ।।

ব: কবি : ফুটানিতে বেগুন ভাজ কাজেৰ বেলায় নয়।
আসামেৰ ভূত তোৰা দেখাও কিসেৰ ভয়?

নিংনি : আৰে বাঙালী, জানা আছে কত বুদ্ধি তোৰ।
ভূতেৰ হাতে এখন পৰছ মৰণ চাপ্ ছে ঘোৰ।
বঙালী যত কাঙাল সেজে এ‌সেছ দুৱাৰে।
বাচিবাৰে যদি খোজ পিতা বোল মোৰে।।

এনেকৈ কথা কটা কটি কৰি থাকোতে ভিতৰৰপৰা মাইকী এজনী ওলাই আহিল।

মাইকী : যাও যাও মুখ চাম্ লায়া, খাৰ খাৱা অসমীয়া।
তোৰ ঘৰে আসছি বলে গেলাম মুখ ফিৰাইয়া।।
গোৱালপাৰা না হইয়া যদি হইত বাংলাদেশ।
নাকে ডৰী লাগাইয়া কৰতাম জীৱন শেষ।।

নিংনি : যাতো ই গোৱালপাৰা, ইয়াত কি দেখিলা?
তোৰ দেশেৰ কিনাৰতে পৃষ্ঠভংগ দিলা।
মোৰ লগত বল তহঁত, বৰপেটাক যাঁও।
তঁহতৰ দৰে কবিক মই মেক্ ৰী ঠেক্ ছা দিওঁ।।
দেখা পাবা তাত গ’লে কৈলাঠাকুৰেৰ বল।
সাত ভূৱন দেখাই দিম, খুৱাম খাৰৰ জোল।।

নিংনিৰ আগত বঙালী কবিয়ে তিষ্ঠিব নোৱাৰিলে। । শেষত ভাৱৰীয়াক বাপ্ দাই দিহে কবিকেইজন যাব পাৰিছিল।

(৩) ভাৱৰীয়া বৰপেটা সত্ৰৰ বুঢ়া আতৈৰ বৰ লগ আছিল। ভাৱৰীয়া ঘৰত থাকিলে এবাৰ হ’লেও যাবই। এদিন বুঢ়া আতৈয়ে ভাৱৰীয়াৰ ঘৰলৈ গৈ থাকোতে ৰং চাবলৈ চেংৰা ছলি দুটামানে আতৈক ক’লে বোলে, “ও আতৈ, ভাৱৰীয়াৰ তালৈ যায় নেকি? ভাৱৰীয়াই আজি আপোনাক ভাল সেকা দিব।” কথা শুনি আতৈৰ মন চন বেয়া লাগি গ’ল যদিও ভাৱৰীয়াৰ ঘৰ পালেগৈ।
নিংনিয়ে দেখিলে যে চোতালখন লেতেৰা হৈ আছে। সেইবাবে জীয়েকক মাত দি ক’লে, “আই ঔ, বুঢ়া আতৈ আহিছে, বাঢ়নীটাৰ লৈ আহছুন।” বাঢ়নীৰ নাম শুনি আতৈৰ জীউ উৰি গ’ল। কিবা অপমান পোৱাৰ আগতেই আতৈয়ে ভিৰাই লৰ মাৰিলে। ভাৱৰীয়াই বাঢ়নীটাৰ হাতত লৈ, “ও আতৈ, ও আতৈ” বুলি চিঞৰি চিঞৰি যিমানে আগবাঢ়ি যায় সিমানে আতৈয়ে “মাৰিব খেদা” বুলি লৰিছে হে লৰিছে। লাজে অপমানে কোনোমতে আতৈয়ে নিজৰ বাঁহা পালে। সেইদিনাৰ পৰা বুঢ়া আতৈ ভাৱৰীয়াৰ ঘৰলৈ নোযোৱা হ’ল।

নিংনি ভাৱৰীয়াৰ এই ৰহস্য বিলাক এতিয়াও বৰপেটা অঞ্চলৰ ৰাইজৰ মাজত সমাদৃত হৈ আহিছে। স্বৰ্গীয় যাদব চন্দ্ৰ দাস ডাঙৰীয়াই লিখি থৈ যোৱা পুস্তিকাখনিত ২৮ টা ৰহস্য সন্নিৱিষ্ট কৰিছে। নিংনি ভাৱৰীয়াৰ বিষয়ে লিখা এইখনেই প্ৰথম কিতাপ। এই কিতাপখনৰ বাহিৰেও ভাৱৰীয়াৰ জীৱনক লৈ দুই এখন কিতাপ প্ৰকাশ কৰিব পৰা হ’লে ভাৱৰীয়াৰ অদ্ভুত কাহিনীবোৰ ৰাইজৰ মাজত ন ন ৰূপত জীৱন্ত হৈ উঠিলহেঁতেন।
ভাৱৰীয়াৰ মৃত্যু : গোটেই জীৱনটো কেৱল ৰহস্যৰ মাজেৰে সকলো শ্ৰেণীৰ লোককে অনাবিল আনন্দ দিবলৈ সক্ষম হোৱা ভাৱৰীয়াৰ ৰহস্যময় জীৱনৰ ওৰ পৰে ৰহস্যৰ মাজতে।
ভোগ-বিলাস, আনন্দেৰে ভৰা ভোগালী বিহুৰ এটা দিনত ভাৱৰীয়াৰ লগত মুখচুপতি মাৰিবলৈ কেইজনমান ডেকা ল’ৰা তেওঁৰ চোতাল পালেহি। আচৰিতভাৱে সিদিনা ভাৱৰীয়াৰ মুখত হাঁহি নাছিল, কিবা যেন চিন্তাত পৰিছে সেয়া মুখত ফুটি উঠিছিল। মনৰ খু দুৱনি ৰাখিব নোৱাৰি এজনে কি হৈছে সোধাত ভাৱৰীয়াই ক’লে, “হওতে তুহুন কথাটু ঠিকেই মন কচ্ছা। যোৱা ৰাতি কিযে সপোন এটা দেখ্লু। এখান ৰথ আহি মোৰ ওচৰতে ৰ’ল। ৰথৰ ভিত্ ৰোৰ পৰা কুনবা একজনে মোক হাত বাউল দি মাত্ লাক। মই বোলো হাটীৰ বাপ-ভাইক মাতষাৰটো দি যাবলৈ দিয়া। কবাহে পালু ৰথৰ ভিত্ ৰোৰ পেৰে কুনবা এটাই কৈ উঠিল, – তেনেহলে কাইলৈ আহিম। সাজু হৈ থাকিবা। চকু মেলি ৰাম হৰিক মাত্ লু । যিমানে পাহেৰবা চেষ্টা কচ্ছু সিমানে বেছিকৈহে মনলৈ আহি আছে।”
সিদিনা ৰাতি ভাৱৰীয়াই ভাত খাই উঠি কেইফাকিমান কীৰ্ত্তনৰ পদ আওঁৰাই বিছনাত পৰিল। ঘৈণীয়েকক হেনো ক’লে, – “ঘুমটি আহাত মোৰ আজি পলম হ’বা পাৰে। সিখুন্টি ৰাতিপুৱা মই নুঠু মানে নজগাবি।”
পিছদিনা বহুপৰলৈ ভাৱৰীয়া নুঠা দেখি ভাৱৰীয়ানী বিচনাৰ কাষলৈ গৈ গাত হাত দি মাতিলে। ভাৱৰীয়াৰ মাত বোল নাই। দেহটোও লৰচৰ নহয়। ভাৱৰীয়ানীয়ে ভয়ত তৎ হেৰুৱাই চোতালত চিঞৰ বাখৰ লগালে। ক্ষন্তেকৰ ভিতৰত নিংনিৰ চোতাল মানুহেৰে ভৰি পৰিল। কোনোৱে ক’লে, ” ভাৱৰীয়া মৰা নাই। ভাও ধৰিছে।” কোনোৱে সন্দেহ কৰিলে, “ভাৱৰীয়া সঁচাকৈ গ’ল নেকি?” কোনোৱে ক’লে, “এনেদৰে মৰা ভাও জুৰি পৰি থাকিব পৰাটো ভাৱৰীয়াৰ কাৰণে সাধাৰণ কথা।” কোনোৱে ক’লে, “ইমান ভাবি চিন্তি লাভ নাই। শ্মশানলৈ নি চিতাত তুলিব লাগে। চিতাৰ জুইৰ তাপত ৰক্ষা নাপাই যেতিয়া উঠি লৰ মাৰিব, তেতিয়া এই পুৱাতে আমাক কষ্ট দিয়াৰ শিক্ষা দিহে এৰিম।”

ভাৱৰীয়াৰ দেহটো লৈ ৰাইজৰ শ্মশান যাত্ৰা আৰম্ভ হ’ল। লগে লগে শ, শ মানুহৰ ভিৰ লাগিল। তেওঁৰ দেহটো চিতাত তুলি জুই সংযোগ কৰাৰ পাছত সকলোৰে চকু থৰ লাগিল। চিতাৰ লেলিহান শিখাই ভাৱৰীয়াক উঠাই আনিব নোৱাৰিলে। তেতিয়াহে সকলোৰে তত্ আহিল, সঁচাকৈয়ে গ’লগৈ নিংনি ভাউৰা। শ্মশানত, বৰপেটাৰ প্ৰতি ঘৰত কান্দোনৰ ৰোল উঠিল। প্ৰতিজনে অনুভৱ কৰিলে, নিংনি ভাউৰাৰ মৃতদেহ নহয়, ৰসৰ ভাণ্ডাৰ এটাহে চিতাজুইত তুলি দিয়া হ’ল।

এনেকৈয়ে, গাঁৱে ভূঞে, ঘৰে ঘৰে ৰসিকতাপূৰ্ণ কথাৰে সকলোকে অপাৰ আনন্দ দিয়া এটি অদ্ভুত জীৱনৰ সমাপ্তি ঘটে।

জনামতে ভাৱৰীয়াৰ জন্ম উনৈশ শতিকাৰ তৃতীয় দশক। সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ‘নিংনি ভাৱৰীয়া’ নামৰ কবিতাটিত ভাৱৰীয়াক কনকলাল বৰুৱাৰ চ’ৰাৰ মেল যোগনীয়াৰ আছিল বুলি উল্লেখ কৰা আছে। কনকলাল বৰুৱা ১৯০৯ চনত বৰপেটালৈ মহকুমাধিপতি হৈ আহে। গতিকে ইয়াৰপৰা ভাৱৰীয়াৰ মৃত্যু ১৯০৯ চনৰ পাছতহে হৈছিল বুলি ঠাৱৰ কৰিব পৰা যায়।

কৃতজ্ঞতা স্বীকাৰ,

(১) যাদব চন্দ্ৰ দাস (নিংনি ভাৱৰীয়াৰ ৰহস্য)

(২) কিশোৰী মোহন পাঠক (নিংনি ভাউৰা)

(এওঁলোকে লিখা কিতাপৰ সহায় নোলোৱা হ’লে মোৰ এই লেখা সম্ভৱ নহ’লহেতেন।তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।)

☆★☆★☆

Comments

  1. বৰ সুন্দৰ লেখা !! লেখাটোৱে বহুদিনীয়া এটা অভাৱ পূৰালে। অশেষ ধন্যবাদ জনালোঁ আপোনাক।

  2. অতি সুন্দৰ তথ্য সমৃদ্ধ প্ৰৱন্ধ। নিংনি ভাৱৰীয়াৰ ৰহস্য কিতাপখন সৰুতে পঢ়িছি, কিন্তু এইখিনি কথা জনা নাছিলো। লেখিকা আৰু সম্পাদিকালৈ ধন্যবাদ।

  3. মন ভৰি গ’ল এই লিখা পঢ়ি ৷ কি যে জীৱনবোধ নিংনি ভাৱৰীয়া দেৱৰ দৰে মানুহৰ ৷ এই লিখনী তথ্যসমৃদ্ধ তথা এক সম্পদ ৷

  4. ভাল লাগিল লেখাটো। বহুত নজনা কথা জানিব পাৰিলো।

  5. লেখাটো পঢ়ি ভাল লাগিল৷ সৰুৰে পৰা চিনাকি এটি চৰিত্ৰৰ বিষয়ে বহু কথা জানিছিলোঁ যদিও বহুতো নজনা কথাও আছিল৷ সেইখিনি জনাত এই লেখাটিয়ে বিশেষ ভাবে সহায় কৰিলে৷

  6. সুন্দৰ তথ্যসমৃদ্ধ লিখনী। ভাল লাগিল পঢ়ি, বহুতো নজনা কথা জানিব পাৰিলো

  7. তথ্যসমৃদ্ধ লেখা। বহুত নজনা কথা জানিলো। লেখিকালৈ ধন্যবাদ।

  8. বৰ সুন্দৰ লাগিল প্ৰৱন্ধটো৷ সৰুতে নিংনি ভাৱৰীয়াৰ ৰহস্য বুলি কিবা এখন পঢ়া মনত আছে৷ যাদৱ দাস ডাঙৰীয়াৰ খনে আছিল নে নাই পাহৰিছোঁ৷ ক্লাচ ফাইভ নে চিক্সত এনে এখন কিতাপ পুৰস্কাৰ পাইছিলোঁ ক্লাচত প্ৰথম হওতে৷ বহু পুৰনি স্মৃতি মনত পৰি গ’ল৷ প্ৰৱন্ধটোৰ বাবে বহুত ধন্যবাদ৷ ফটাঢোলৰ ভঁৰাল চহকী হ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *