হিন্দী ভাষাত নিৰ্মিত চলচ্চিত্ৰ উদ্যোগটো, যাক ‘বলিউড’ বুলি কোৱা হয়, এই চলচ্চিত্ৰ উদ্যোগটোৰ হাস্য ব্যঙ্গৰ ইতিহাস বহুত পুৰণি৷ হাস্য ব্যঙ্গ, চলচ্চিত্ৰৰ এনে এটা ধাৰা যিয়ে দৰ্শকক নিৰ্মল হাস্যৰসৰ যোগান ধৰাৰ লগতে চিন্তাৰ খোৰাকো যোগান ধৰে৷ এই ধাৰাৰ চলচ্চিত্ৰবোৰে দৰ্শকৰ ওপৰত অন্য ধাৰাৰ চলচ্চিত্ৰবোৰতকৈ বেছি প্ৰভাৱ পেলায়৷ কাৰণ এই চলচ্চিত্ৰসমূহৰ উপস্থাপন চিত্তাকৰ্ষক৷ এই ব্যঙ্গ চলচ্চিত্ৰবোৰ দৰ্শকৰ অতি প্ৰিয়৷ লাগিলে ই ১৯৮৩ চনৰ কালজয়ী ছবি “জানে ভী দো য়াৰো” হওক কিম্বা অলপতে মুক্তিপ্ৰাপ্ত “হিন্দী মেডিয়াম”৷ এই লেখাটোত বলিউডৰ কেইখনমান শ্ৰেষ্ঠ হাস্য ব্যঙ্গ চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ প্ৰধানতঃ এই আলোচনাটোত সামাজিক ব্যঙ্গ চলচ্চিত্ৰকেইখনক স্থান দিয়া হৈছে৷

১) জানে ভী দো য়াৰো : কুন্দন শ্বাহৰ দ্বাৰা পৰিচালিত আৰু নাচিৰুদ্দিন শ্বাহ, ওম পুৰী, পংকজ কাপুৰ, সতীশ শ্বাহ, সতীশ কৌশিক, নীনা গুপ্তাকে আদি কৰি বহুকেইজন প্ৰতিভাশালী অভিনেতাৰদ্বাৰা অভিনীত এইখন ছবিক কালোত্তীৰ্ণ ছবিৰ শাৰীত থ’ব পাৰি৷ কাৰণ এইখন ছবিৰদ্বাৰা সৰবৰাহ কৰিব বিচৰা বক্তব্য আজিৰ যুগতো সমানেই প্ৰাসংগিক৷
ছবিখনে সমাজত চলি থকা দুৰ্নীতি, ভ্ৰষ্ট্ৰাচাৰ, হালধীয়া সাংবাদিকতা আদি সকলো দিশ ব্যঙ্গাত্মকভাৱে অংকিত কৰিছে৷ এই সকলোবোৰৰ বৰ্তমান সময়তো প্ৰাসংগিকতা আছে৷ ছবিখনৰ শেষৰপিনে থকা নাটকৰ মঞ্চত মহাভাৰতৰ মঞ্চায়নৰ দৃশ্যাংশই দৰ্শকক বহু বেছি আমোদৰ খোৰাক যোগায়৷

২) পীপলী লাইভ : ভাৰতীয় খেতিয়কৰ আত্মহত্যাক ব্যঙ্গ কৰি নিৰ্মিত ছবি পীপলী লাইভ সাম্প্ৰতিক সময়ৰ এখন অন্যতম শ্ৰেষ্ঠ সামাজিক ব্যঙ্গ চলচ্চিত্ৰ৷ পৰিচালক হিচাবে অনুচা ৰিজভিৰ প্ৰথম ছবি পীপলি লাইভে ২০১১ চনত ভাৰতৰপৰা শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ হিচাবে অস্কাৰলৈ মনোনয়ন লাভ কৰিছিল৷ কৃষক এজনৰ আত্মহত্যাক কেন্দ্ৰ কৰি সংবাদ মাধ্যম, ৰাজনৈতিক নেতা আদি সকলোৱে কিদৰে ব্যক্তিগত মুনাফা লুটিবলৈ চেষ্টা কৰিছিল সেইবিষয়ৰ মৰ্মস্পৰ্শী বৰ্ণনা এইখন ছবিত দেখিবলৈ পোৱা যায়৷

৩) হিন্দী মেডিয়াম : বৰ্তমান সমাজত চলি থকা অভিভাৱকৰ অহেতুক ইংৰাজী প্ৰীতিক ব্যঙ্গ কৰি নিৰ্মিত এখন চলচ্চিত্ৰ “হিন্দী মেডিয়াম”৷ পিতৃ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ইৰফান খান আৰু চাবা কমৰে৷ ছবিখনত আছে দুজন হিন্দী মাধ্যমত পঢ়া শুনা কৰা পিতৃ মাতৃৰ নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত পঢ়াবলৈ কৰা আপ্ৰাণ প্ৰচেষ্টা আৰু অৱশেষত মোহভংগ হৈ চৰকাৰী হিন্দী মাধ্যমৰ বিদ্যালয়তে দাখিল কৰাৰ কাহিনী৷ চাকেট চৌধুৰীয়ে পৰিচালনা কৰা এইখন ছবি সাম্প্ৰতিক সময়ৰ এখন শ্ৰেষ্ঠ সামাজিক ব্যঙ্গ বোলছবি৷

৪) ৱেল ডান আব্বা : শ্যাম বেনেগালৰদ্বাৰা পৰিচালিত “ৱেল ডান আব্বা” হ’ল মুম্বাইত কৰ্মৰত অৰমান আলী নামৰ এজন ড্ৰাইভাৰৰ কাহিনী৷ আৰমান আলীয়ে জীয়েকৰ বাবে দৰা বিচাৰি এমাহৰ বাবে নিজৰ কোম্পানীৰপৰা ছুটি লৈছিল৷ কিন্তু সেই এমাহটো তিনিমাহলৈ পৰিবৰ্তিত হ’ল৷ তিনিমাহৰ পিছত যেতিয়া তেওঁ কৰ্মক্ষেত্ৰলৈ উভটিবলৈ বিচাৰিলে তেতিয়া কোম্পানীৰ মালিকে তেওঁক বৰ্খাস্ত কৰিবলৈ বিচাৰে৷ কিন্তু অাৰমান আলীৰ জীৱনৰ সেই তিনিমাহত বহুত কাহিনী ঘটি গৈছিল৷ গোটেই চিনেমাখনেই সেই তিনিমাহৰ সৰস বৰ্ণনা, যিটো আৰমান আলীয়ে কোম্পানীৰ মালিকক কৈছিল৷ তেওঁ কৈছিল, কিদৰে তেওঁ চৰকাৰক এটা চৰকাৰী জলসিঞ্চন প্ৰকল্প কাৰ্যকৰী কৰিবলৈ বাধ্য কৰোৱাইছিল৷ কিন্তু আৰমান আলীয়ে মালিকক কোৱা সেই কাহিনীটোৰ সত্যাসত্য কিমান!
আৰমান আলীৰ চৰিত্ৰত বোমান ইৰাণী আৰু জীয়েকৰ চৰিত্ৰত মিনিষা লাম্বাই অভিনয় কৰা ছবিখনত পৰিচালকে তীক্ষ্ণ ৰাজনৈতিক ব্যঙ্গ ব্যৱহাৰ কৰিছে যদিও সেই কাৰ্য অত্যন্ত জুখিমাখি কৰিছে৷ ছবিখনৰ গতি আৰু মনোৰঞ্জন, যিটো কাৰণত বাধাপ্ৰাপ্ত হোৱা নাই৷ “ৱেল ডান আব্বা”ৰ সাফল্যও তাতেই৷

৫) পিকে : ৰাজকুমাৰ হিৰাণীৰদ্বাৰা পৰিচালিত আৰু আমীৰ খান, অনুস্কা শৰ্মাৰদ্বাৰা অভিনীত পিকেৰ বিষয়ে পাঠকে হয়তো কম বেছি পৰিমাণে জানেই৷ ছবিখনত তীক্ষ্ণ ব্যঙ্গৰ ব্যৱহাৰ কৰা হৈছিল আৰু বাণিজ্যিকভাৱে যথেষ্ট সফলো হৈছিল৷ ছবিখনত এজন এলিয়েনৰ যোগেদি সমাজত চলি থকা ধৰ্মীয় ভণ্ডামিবোৰক তীব্ৰভাৱে কটাক্ষ কৰা হৈছে৷ ছবিখনে এটা ভাল ‘মেছেজ’ দৰ্শকক দিবলৈ সক্ষম হৈছিল৷ পিকে সাম্প্ৰতিক সময়ৰ এখন অন্যতম শ্ৰেষ্ঠ ব্যঙ্গ চলচ্চিত্ৰ৷

৬) খোচলা কা ঘোচলা : ২০০৬ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা “খোচলা কা ঘোচলা”ত বৰ্তমান সময়ত মহানগৰবোৰত চলি থকা ভূ মাফিয়াৰ সন্ত্ৰাসৰ ওপৰত আলোকপাত কৰা হৈছে৷ উপস্থিত বুদ্ধিৰ সহায়ত সেই ভূ মাফিয়াকো বুৰ্বক বনাই নিজৰ মাটি ঘূৰাই লোৱাৰ সৰস কাহিনী আছে ছবিখনত৷ ভাৰতত দেখা পোৱা ব্ৰেইন ড্ৰেইনৰ সমস্যা; কেৰিয়াৰ সচেতন সন্তানৰ মাক বাপেকক এৰি বিদেশগামী হোৱা প্ৰৱণতাৰ বিষয়েও চমু অৱলোকন কৰা হৈছে ছবিখনত৷ অনুপম খেৰ, বিনয় পাঠক আদি অভিনেতাৰে পৰিপূৰ্ণ “খোচলা কা ঘোচলা” নিঃসন্দেহে এখন উপভোগ্য ছবি৷

৭) খট্টা মীথা : এখন বাণিজ্যিকভাবে অসফল কিন্তু দৰ্শকক চিন্তা কৰিবলৈ বাধ্য কৰোৱা ছবি হ’ল “খট্টা মীথা”৷ ছবিখনৰ কাহিনী, এজন অসফল ঠিকাদাৰ শচীন টীচকুলেৰ আশে পাশে ঘূৰিছে৷ শচীনে ব্যৱসায়ত উন্নতি কৰিবলৈ বিচাৰে কিন্তু বাৰে বাৰে অসফল হয়৷ কিন্তু তেওঁৰ পৰিয়ালৰ বাকী সদস্যবোৰে বেআইনী উপায়েৰে, ৰাইজৰ টকা আত্মসাৎ কৰি বিলাসী জীৱন যাপন কৰে৷ কাহিনীয়ে নতুন মোৰ লাভ কৰে যেতিয়া তেওঁৰ সেই ধনী আত্মীয়কেইজনে নিৰ্মাণ কৰা দলং এখন ভাঙি পৰে৷
পৰিচালক প্ৰিয়দৰ্শনে ছবিখনৰ জৰিয়তে ভাৰতীয় সমাজ ব্যৱস্থাত চলি থকা দুৰ্নীতিক তীব্ৰ কটাক্ষ কৰিবলৈ যত্ন কৰিছিল আৰু হাস্যৰসৰ যোগান ধৰিবলৈও চেষ্টা কৰিছিল৷ হাস্য আৰু ব্যঙ্গৰ মাত্ৰা কম হোৱাৰ বাবেই হয়তো ছবিখনে আশাকৰা ধৰণেৰে সফলতা লাভ নকৰিলে৷

৮) পৰখ : আলোচনাটো শেষ কৰিবলৈ ওলাইছো বিমল ৰয়ৰদ্বাৰা পৰিচালিত, স্বনামধন্য সংগীত পৰিচালক সলীল চৌধুৰীৰ কাহিনীৰে নিৰ্মিত ‘পৰখ’ ছবিখনৰদ্বাৰা৷
১৯৬০ চনত নিৰ্মিত ছবিখনৰ মুখ্য চৰিত্ৰ, এজন প’ষ্টমাষ্টাৰ যিয়ে পাঁচ লাখ টকাৰ এখন ৰহস্যজনক চেক লাভ কৰে, যিখন তেওঁ সেইজন মানুহক দিব পাৰিব, যিজন লোক সেই টকাৰে গাওঁখনৰ উন্নতি কৰাৰ বাবে সকলোতকৈ সক্ষম আৰু উপযুক্ত৷ সেই ধনখিনিৰ বাবে গাওঁখনৰ প্ৰায় সকলোবোৰ লোভী আৰু প্ৰতিপত্তিশীল মানুহে তেওঁ নিজে কিয় চেকখনৰ বাবে উপযুক্ত সেই বিষয়ে ইজনে সিজনক মান্তি কৰাবলৈ যত্ন কৰাত ব্যস্ত হ’ল৷ সেই লোককেইজনৰ ভিতৰত আছিল গাওঁখনৰ জমিদাৰ, পূজাৰী, স্কুলৰ শিক্ষকজন, চিকিৎসকজন ইত্যাদি৷ শেষত কোনেও কাকো মান্তি কৰিব নোৱাৰাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচনৰ জৰিয়তে চেকখনৰ হিতাধিকাৰীজনক নিৰ্বাচিত কৰিবলৈ মনস্থ কৰে৷
ছবিখনত গণতন্ত্ৰক এক ব্যঙ্গাত্মক দৃষ্টিৰে চাবলৈ প্ৰয়াস কৰা হৈছে৷ ছবিখনৰ বাবে পৰিচালক বিমল ৰয়ে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷

☆★☆★☆

Comments

  1. পৰখ আৰু জানে ভি দৌ য়াৰৌ বাদ দি বাকী কেইখন চাইছো। তুমি অ এম জি(OMG) ও ভৰাব পাৰিলাহেতেন ন,

  2. ভাল লাগিল। দুখন মান চোৱা নাই। চাম সোনকালে

  3. দুখনমান চোৱা নাই৷চাব লাগিব৷
    ভাল লাগিল ধ্ৰুৱ৷

  4. ভাল লাগিল ।দুখনমান নাই চোৱা চাব লাগিব ।

  5. দুই এখনৰ বাদে প্ৰায়কেইখনেই চাইছো। সুন্দৰ আলোচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *