: কেতিয়াবা মহাভাৰত পঢ়িছেনে দাদা?

হঠাতে বাসুৱে সোধা প্ৰশ্নটোত উচপ খাই উঠিলো। আচলতে মই বাছৰ বাবে ৰৈ আছিলো বাছ ষ্টপেজটোত। তাতে দেখিলো বাসুও পকাৰ বেঞ্চখনত বহি আছে। বহুদিনৰ মূৰত তাক হঠাতে পাই ভাল লাগিছিল। দুই এটা কুশল মংগলৰ কথা আদান প্ৰদান কৰি ময়ো তাৰ কাষতে বহি আগ গুৰি নোহোৱা লেকচাৰ মাৰি গৈছিলো। তাৰ মাজতে সি অকস্মাৎ মহাভাৰতৰ কথাটো উলিয়ালে।

: এনেই আৰু সৰুতে সেই অকণিৰ মহাভাৰতখনহে পঢ়িছিলো।
মই কৈ উঠিলো।

: অৰিজিনেলখন পঢ়িব না। তাত কিছুমান সৰু সৰু মজা উপ কাহিনী আছে।

: তাৰমানে তই পঢ়িছ?

: এনেই আৰু, অলপ চলপ।
মই বাসুলৈ অবাক হৈ চালো। মোৰ বিশ্বাস নহ’ল যে, দুই তিনি কেজি ওজনৰ হাজাৰ পৃষ্ঠাৰ সংস্কৃত নে বজ্ৰাৱলী ভাষাত লিখা সেই মহাকাব্যখন বাসুৱে পঢ়িছে।

: তাত এটা ইণ্টাৰেষ্টিং কাহিনী পঢ়িছিলো। ফটকৈ মনত পৰি গ’ল।

: আচ্ছা। মানে কেনেকুৱা কি কাহিনী কচোন।

: ধৰ্মশিলা বুলি এখন সৰু ৰাজ্য আছিল। তাত যুযুবত নামৰ ৰজা এজনে শাসন কৰিছিল।

: আচ্ছা।
মই হয়ভৰ দিলো। আচলতে মই মহাভাৰতখন আজিলৈকে পঢ়া নাই। গতিকে ধৰ্মশিলা নামৰ ৰাজ্য বা যুযুবত বুলি কোনোবা ৰজাৰ কথা উল্লেখ আছে যদিও নাজানো। ইয়াত যদি বাসুৱে মোক মূৰ্খও বনাইছে মোৰ প্ৰমাণ কৰাৰ কোনো সাধ্য নাই।

: যুযুবত ৰজাৰ পাছতো ধৰ্মশিলাত বহুকেইজন ৰজাই ৰাজ্যখন শাসন কৰাৰ কথা উল্লেখ আছে। কিন্তু কালক্ৰমত সেই ৰাজ্যখন ধ্বংসৰ মুখলৈ আগবাঢ়ি এসময়ত মাটিৰ লগত মিলি গৈছিল। স্থানীয় গুণী জ্ঞানী প্ৰজাই, ল’ৰাই পোৱালীয়ে মিলি ৰাজ্যখনত খোপনি পোতা কিছুমান সদাগৰৰ ঘৰত গেবাৰি খাটি পেট পুহিবলৈ বাধ্য হৈছিল। কিছুমান বুৰঞ্জীবিদৰ মতে ধৰ্মশিলাৰ পতনৰ কাৰণ আছিল ৰজা। কিছুমানৰ মতে প্ৰজাৰ বাবেই ধৰ্মশিলাৰ এদিন চিন চাব নোহোৱা হৈ গৈছিল। কিন্তু সেই ৰাজ্য ধ্বংস হৈ যোৱাৰ সাঁথৰটো আজিলৈকে কোনেও ভাঙিব নোৱাৰিলে। সাঁথৰ সাঁথৰ হৈয়েই ৰ’ল।
বাসুৱে মোলৈ চাই খন্তেক ৰ’ল। ময়ো তালৈ চাই ৰ’লো।

: মোৰ মতে কিন্তু এই ধ্বংসৰ আঁৰত কিবা এটা ঐশ্বৰিক অভিশাপহে লুকাই আছিল।
বাসুৱে মোলৈ চাই গম্ভীৰ ভাৱে ক’লে।

: কাহিনীটো আগতে কমচেকম ক। মইও সাঁথৰটো ভাঙিবলৈ চাওঁ।

বাসুৱে দীঘলীয়া হুমুনিয়াহ এটা এৰিলে।

: যুযুবতে ৰাজ্যখনৰ লগতে প্ৰজাৰ মংগল হওক বুলি আৰু চাকৰি বাকৰি সৃষ্টি হৈ নিবনুৱা সমস্যা দূৰ হওক বুলি বহুতো কল্যাণমুখী কাম কৰিছিল। ৰাইজৰ কৰ কাটলেৰে ৰাজহুৱাভাৱে ডাঙৰ ডাঙৰ চন্দন আৰু সাঁচি গছৰ বাৰী খুলি দিছিল, কাপোৰৰ বাবে হাজাৰ হাজাৰ তাঁতশাল খুলি দিছিল, পৰিবহন ব্যৱস্থাৰ বাবে হাজাৰ হাজাৰ ঘোঁৰাবাগীৰ ব্যৱস্থা কৰি দিছিল। চিকিৎসালয় পাতি দিছিল। পঢ়াশালী পাতি দিছিল। মুঠতে প্ৰজাৰপৰা উঠা কৰ কাটলেৰেই কি যে কৰি দিয়া নাছিল। ৰজাৰ এটাই ইচ্ছা আছিল এই ব্যৱস্থাবোৰৰদ্বাৰা হাজাৰ হাজাৰ পৰিয়ালে ইয়াতে কাম কৰি পেটৰ ভাত মুঠি উলিয়াব পাৰিব আৰু বাকী সৰ্বসাধাৰণ প্ৰজাইও খুব সুলভ মূল্যতে এই সেৱাবোৰ গ্ৰহণ কৰিব পাৰিব। ৰজাই এই অনুষ্ঠানবোৰ খুলি ৰজাঘৰৰে কিছুমান বিষয়ববীয়াৰ হাতত গতাই এটায়েই চৰ্ত ৰাখিলে যে এই অনুষ্ঠানবোৰ চলাই যি উপাৰ্জন হ’ব তাৰেই বিষয়া কৰ্মচাৰীসকলক দৰ্মহা দি অনু্ষ্ঠানবোৰ জীয়াই ৰাখিব লাগিব। অতি প্ৰয়োজন নহ’লে ৰজাই কিন্তু কোনো আৰ্থিক সাহায্য আগনবঢ়ায়।
গ’ল কথা গুছিল। কেইবছৰমান এই ৰজাঘৰীয়া অনু্ষ্ঠানকেইটা ভালেই চলিল। কিন্তু লাহে লাহে কথাবোৰ বেলেগ হ’বলৈ ধৰিলে। সেই অনু্ষ্ঠানবোৰৰ আঙুলীৰ মূৰত লেখিব পৰা কেইজনমান মূৰ্খ বিষয়া কৰ্মচাৰীৰ বাহিৰে সকলোৰে নিজৰ নিজৰ চিন্তাধাৰাবোৰৰ প্ৰভূত সলনি হোৱা দেখা গ’ল। সেইসময়তো কঠোৰ নিয়ম এটা আছিল যে ৰজাঘৰৰ অনুষ্ঠানৰ চাকৰি পালে সেইজনক বেলেগে কি স্বয়ং ৰজাইও খেদিব নোৱাৰে! কেনেবাকৈ কেইদিনমানৰ কাৰণে খেদিলেও আধা বেতন দিবই লাগিব। তাৰোপৰি তেওঁ চাকৰিৰপৰা অৱসৰ লোৱাৰ পাছতো মাহেকীয়া ভাত্তা এটা পাই থাকিব, তেওঁৰ মৃত্যুৰ পাছতো তেওঁৰ সতি সন্তানে তেওঁৰ চাকৰিটো পাব, ইত্যাদি ইত্যাদি অজস্ৰ সুবিধা। গতিকে ইমানবোৰ সুবিধাৰ লগতে যেতিয়া বিষয়া কৰ্মচাৰীসকলে “ৰজায়েও খেদিব নোৱাৰে” ধৰণৰ সুবিধাটো পালে বা যেতিয়া তেওঁলোকৰ জীৱন নিৰ্বাহৰ নিশ্চয়তাত ৰজাঘৰে চীল মোহৰ মাৰি দিলে তেতিয়াই কিজানি বিষয়া কৰ্মচাৰীবোৰৰ মূৰত অদ্ভুত সুন্দৰ গুণী মানি পোক এটা সোমাল। “আমিতো মাহে মাহে আমাৰ বেতন পামেই। আমাক কোনে খেদে? ৰজাইও আমাক খেদিব নোৱাৰে। বেতন আমাৰ জন্মস্বত্ব অধিকাৰ। যাঃ। আজি দেৰীকৈ যাম। আজি নাযাওঁৱেই।” বিষয়া কৰ্মচাৰীবোৰৰ মনবোৰ লাহে লাহে তেনেকুৱা উচ্চ চিন্তাধাৰাৰ হৈ পৰিল।
সেইখিনিলৈকে যেনে তেনে চলি গৈছিল। কিন্তু লাহে লাহে এইধৰণৰ বিষয়া কৰ্মচাৰীবোৰৰ মনবোৰ আৰু উন্নত চিন্তাৰে ভৰি পৰিল। নিজৰ নিজৰ কামলৈ যোৱা নোযোৱাৰ সিদ্ধান্ত নিজেই ল’ব পৰা হ’ল। লগতে অধিক উপাৰ্জনৰ বাবে কিছুমান উচ্চ স্তৰৰ কাম আৰম্ভ কৰি দিলে। চন্দন কাঠৰ আৰু সাঁচি গছৰ বাৰীৰপৰা বিষয়া কৰ্মচাৰী চকীদাৰ সকলোৱে মিলি মনে মনে আধা দামত চোৰাং বজাৰত বিক্ৰী কৰিবলৈ লাগি গ’ল। ঘোঁৰা বাগীবোৰে আধা দামত ৰাজকোষত পইছা জমা নিদিয়াকৈ যাত্ৰী অনা নিয়া কৰিবলৈ লাগিল। ঘোঁৰা বাগীৰ ঘোঁৰাটো মৰিল বুলি দেখুৱাই চোৰাংবজাৰত বিক্ৰী কৰি দিয়া হ’ল। ঘোঁৰাবাগীৰ চকা বেয়া হ’ল বুলি মনে মনে বিক্ৰী কৰি দিয়া হ’ল। তাঁত শালৰ কাপোৰ বাদেই দিয়ক তাঁতশালবোৰেই মনে মনে পিছদুৱাৰেদি বিক্ৰী হ’বলৈ ধৰিলে। এই গুণৱান দূৰদৰ্শী বিষয়া কৰ্মচাৰীবোৰে এই কামবোৰ কৰোতে এবাৰলৈও পিছৰ প্ৰজন্মৰ কথা নাভাবিলে। কাৰণ সেইটো এক মূৰ্খামীৰ বাহিৰে একো নাছিল। ইফালে চিকিৎসালয়ৰপৰা দৰৱ জাতিবোৰ চোৰাং বজাৰত বিক্ৰী হ’বলৈ ধৰিলে। বেজ বৈদ্য নহা হ’ল। পঢ়াশালীলৈ শিক্ষক নহা হ’ল। সকলোৰে মনত এটা সু চিন্তায়েই বাঁহ ল’লে যে, “আমি আমাৰ মতেই চলি যাম। আমি মাহেকীয়া বেতন পামেই। আমাক চাকৰিৰপৰা খেদা অধিকাৰ ৰজাৰো নাই।”
ইফালে এই ধৰ্মশিলা ৰাজ্যত এটা কথা বু বু বা বা কৈ প্ৰচাৰ হ’বলৈ ধৰিলে যে ৰজাঘৰীয়া চাকৰিত মাহেকীয়া বেতনৰ উপৰিও বহুতো বাহিৰা পইছাও ঘটিব পাৰি। তাৰোপৰি এই চাকৰি এবাৰ পাই গ’লে জীৱনটোলৈ চিন্তা নাই। এই চাকৰি ৰজাইও খাব নোৱাৰে!
বচ, ৰাজ্যৰ সকলো ডেকা ডেকেৰীয়ে ৰজাৰ ঘৰৰ চাকৰিৰ পাছত দৌৰা আৰম্ভ কৰি দিলে। চাকৰি যদি এটা, প্ৰাৰ্থী এশজন। সেই ৰজাঘৰীয়া অনুষ্ঠানবোৰৰ গুণী জ্ঞানী ব্যক্তিসকলে এইবাৰ ঘটনাৰ মহত্ত্ব বুজি চাকৰিৰ নিলাম আৰম্ভ কৰি দিলে। য’ত হাতী লাগে তাত গৰুৰে কাম চলাই দিয়া হ’ল।
ইফালে আকৌ ধৰ্মশিলাত বাহিৰৰ ৰাজ্যৰ হনুমানশ্ৰী নামৰ এজন সদাগৰে খোপনি পুতিছিলহি। তেওঁ মহা বজ্জাত আৰু বদমাছ আছিল। তেওঁ কৰিলে কি, লাহে লাহে সেই ৰাজ্যত নিজাববীয়াকৈ চন্দন আৰু সাঁচি গছৰ খেতি, তাঁতশাল, ঘোঁৰাবাগী, চিকিৎসালয়, পাঠশালা ইত্যাদিৰ ব্যৱসায় আৰম্ভ কৰি দিলে। তেওঁ অতি বদমাছ আছিল। তেওঁৰ কোনো কৰ্মচাৰীয়ে কামত ফাঁকি দিলেই লগে লগে কামৰপৰা খেদি দিছিল। এলেহুৱা, কৰ্মবিমুখ, লোভী মানুহক তেওঁ চকুপাৰি দেখিব নোৱাৰিছিল। তেওঁৰ কৰ্মচাৰীৰ চাকৰিৰ কোনো নিশ্চয়তা নাছিল। কিন্তু যোগ্যতা অনুসাৰে তেওঁ প্ৰত্যেককে সন্মান সহকাৰে ভাল বেতনেই দি ৰাখিছিল। তেওঁ যি পদত হাতী উপযুক্ত তাত কেতিয়াও গৰুক দায়িত্ব নিদিছিল। এই সদাগৰে এদিন ধৰ্মশিলা ৰাজ্যখন গোগ্ৰাসে গিলি পেলাব বুলি বহুতো মূৰ্খই চিঞৰ বাখৰ কৰিছিল।
আচৰিত কথা সেই সদাগৰে নিজে পতা অনুষ্ঠানবোৰত দোপত দোপে উন্নতি কৰিছিল। হয়তো কোনোবাই আশীৰ্বাদ দিছিল। ৰাজ্যৰ সাধাৰণ প্ৰজাই কেৱল ৰজাঘৰীয়া প্ৰতিষ্ঠানবোৰলৈ অজৰ অমৰ চাকৰি বিচাৰিহে গৈছিল। বাকী কাপোৰ কানি, চিকিৎসালয়, পাঠশালা, যাতায়ত ইত্যাদিৰ বাবে সেই হনুমানশ্ৰী সদাগৰৰ শৰণাপন্ন হৈছিল। কাৰণ তেওঁৰ প্ৰতিষ্ঠানবোৰৰ সেৱা মূল্য বহুত বেছি হ’লেও বিশ্বাসযোগ্য আছিল।
বাসু এইবাৰ অলপ সময় মনে মনে থাকিল।

: তাৰপাছত? সেই ৰজাঘৰীয়া অনুষ্ঠানবোৰৰনো কি হ’ল?
মই সুধিলো তাক।

: হয়তো কিবা অভিশাপ লাগিল। বেচিভাগ অনুষ্ঠান মাটিৰ সৈতে মিলি গ’ল। কিছুমান কেলধোপ কেলধোপকৈ জীয়াই থাকিল। পিছৰ সিংহাসনত বহা ৰজাবোৰে মাজতে এবাৰ দুবাৰ কৰ্মচাৰীবোৰক এমাহ দুমাহৰ বেতন দি কোনোমতে অনুষ্ঠানকেইটা চলাই নিলে। কিন্তু এদিন ৰজাই হাত দাঙি দিলে। বিষয়া কৰ্মচাৰীসকলক ক’লে, ‘ক্ষমা কৰিব। আপোনালোকৰ এই প্ৰতিষ্ঠান আমি চলাই যাবৰ মই মুঠেও উপযুক্ত নহয়। আপোনালোকে যদি প্ৰতিষ্ঠানবোৰ চলি থকাটো বিচাৰিছে। তেনেহ’লে মই খুব বেছি এইবোৰ সদাগৰ হনুমানশ্ৰীক গতাই দিয়াৰ বাহিৰে উপায় নাই। আপোনালোকক কেনেকৈ খুৱাই বোৱাই ৰাখে, কাক ৰাখে, কাক নাৰাখে সেয়া তেওঁৰ কথা।’
লগে লগে চিঞৰ বাখৰ হুলস্থুল আৰম্ভ হৈ গ’ল।
হনুমানশ্ৰীৰ দৰে এটা বজ্জাত, বদমাছৰ লগত আমাক ঠেলি দিব বিচাৰিছে! আপুনি ৰজা হৈ প্ৰজাৰ কথা চিন্তা নকৰি সদাগৰৰ সৈতে হাত মিলাইছে। চিন্তাবিদসকলৰ এচামে ৰাজ্যৰ এই দুৰৱস্থাৰ বাবে ৰজাক দোষ দি আহিছে। এচামে আকৌ প্ৰজাক দোষ দি আহিছে। কিছু চিন্তাবিদে কয়, ৰজা অসৎ আৰু দুৰ্নীতিপৰায়ণ আছিল। কিছু চিন্তাবিদে আকৌ কয়, ওঁহো, প্ৰজাহে অসৎ আৰু দুৰ্নীতিপৰায়ণ আছিল। ইয়াৰ প্ৰকৃত উত্তৰ আজিও ওলোৱা নাই। আচ্ছা দাদা, আহোঁ মই। মোৰ বাছ পালেহি।

: এই বাসু, পাছৰখিনি কৈ যা আকৌ।

: পাছৰখিনি কি হ’ল ময়ো পঢ়া নাই দাদা। এইটো ক’বলৈ গ’লে এটা মস্ত সাঁথৰ।

এনেতে বাসু একেজাপে সন্মুখত ৰৈ যোৱা বাছখনত জপিয়াই উঠিল। সি ফুট ষ্টেপটোত থিয় হৈ হেন্দেলডালত ধৰি ওলমি মোলৈ চাই চিঞৰিলে।

☆★☆★☆

Comments

  1. বাস্তৱৰ নিৰ্মোহ অালংকাৰিক বিশ্লেষণ ।

  2. পুৰনি কাহিনী , ভাল লাগিল ,কিন্তু এতিয়াও নতুন চৰিত্ৰ আহি কাহিনীবোৰ আওৰাই আছে

  3. বৰ্তমান আমাৰ সমাজ খন যিদৰে চলিছে, এটা সময়ত এনেকুৱাই হবগৈ।

  4. পঢ়ি যাওঁতে শেষৰফালে মনলৈ এটা কথাই আহিছিল “বৰ্তমান সময়ক লৈ সাংঘাটিক ব্যংগ”।

Leave a Reply

Your email address will not be published. Required fields are marked *