ফটাঢোল

লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১)
সদায় চিন্তা কৰে লগ হৈ পত্নী আৰু পতি
কেনেকৈনো ভাল কৰা যায় পুতেকৰ মতি গতি
টেটুলৈকে মদ খায়
হেৰুৱাবলৈ আৰু একো নাই
ঘৈণীয়েককো হেৰুৱালে কৰি লটিঘটি৷ ৷


২)
চাকৰি বিচাৰোতেই মহানন্দৰ এক বয়স গ’ল
বিয়াৰ কথা চিন্তা কৰিবলৈ তাৰ সময়েই নহ’ল
ভুকুতে কল নপকে বুলি সিও জানে
চাকৰি এটা লাগেই তাক যেনে তেনে
নহ’লে তাৰ বাবে সংসাৰ পতাটোৱেই ডাঙৰ জঞ্জাল হ’ল৷ ৷


৩)
তিনিজনীকৈ চপাই লৈ বৰুৱাৰ সংসাৰত লাগিল কেণা
তিনিওজনী তিনিটা পাৰ্টিৰ মেম্বাৰ বৰ বৰ নেতাৰ লগত লেনা দেনা
দিনত এজনীও নাথাকে ঘৰত
বৰুৱালৈ কাৰো নাই দৰদ
বৰুৱাই কৰে ঘৰৰ কাম ঘৈণীয়েকহঁত হৈ থাকে ইজনীৰ ওপৰত সিজনী মেনা৷ ৷

৪)
ইঞ্জিনিয়াৰৰ পৰিচয় দি বপুৰাই পলুৱাই আনিলে কইনা
কইনাজনীক মৰমতে নাম দিলে সি মইনা
নাম দিলে হ’ব কি
ঘৰৰ চালেৰে তৰা দেখি
মিছা কৈ তাইক আনিলে লৈ ইঞ্জিনিয়াৰৰ গইনা৷ ৷■■

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *