২০০০ চনৰ কথা, মই তেতিয়া কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক চুড়ান্ত বৰ্ষত। গুৱাহাটী বিৰুবাৰীত ভাড়াঘৰত থাকো। কাষৰ ৰুমটোত থাকে একেখন কলেজত পঢ়া দ্বিতীয় বৰ্ষৰ বন্ধু এজন। দ্বিতীয় বৰ্ষৰ পৰীক্ষা ওচৰ চপাত বন্ধুৱে মন কৰিলে যে তেওঁৰ একোৱেই পঢ়া হোৱা নাই। গতিকে বন্ধুৱে সিদ্ধান্ত ল’লে যে ৰাতিপুৱা খুব সোনকালে উঠি পঢ়াত বহিব। কিন্তু সমস্যাটো হ’ল তেওঁ সোনকালে উঠিব নোৱাৰে, কুম্ভকৰ্ণৰ দৰে টোপনি। গতিকে তেওঁক আমি এলাৰ্ম ক্লক এটা কিনাৰ উপদেশ দিলো। বন্ধুৱে লগে লগে মোক লগত নি পল্টন বজাৰৰ ফুটপাথৰপৰা বিকট শব্দ কৰা এলাৰ্ম ক্লক এটা কিনি আনিলে।

বন্ধুৱে প্ৰথম দিনা আঁঠুৱাৰ ভিতৰতে গাৰুৰ ওচৰত ৰাতিপুৱা উঠিব পৰাকৈ এলাৰ্ম দি থ’লে। কিন্তু পিছদিনা এলাৰ্মৰ সময়ত নুঠি আগৰ সময়তে উঠিলে আৰু কাৰণ সোধাত ক’লে এলাৰ্ম ক্লকটো নাবাজিলেই। কিন্তু পৰীক্ষা কৰাত দেখিলো, ঠিকেই আছে। পিছদিনাও তেওঁৰ বাবে অনুৰূপ ঘটনা। ইপিনে কাষৰ ৰুমত থকাৰ বাবে মইহে সাৰ পালো। পিছত তদন্ত কৰি গম পোৱা গ’ল যে বন্ধুৱে এলাৰ্মটো বজাৰ লগে লগে টোপনিতে কেতিয়া বন্ধ কৰি দিয়ে নিজেই গম নাপায়।

ইয়াৰ পিছত বন্ধুৱে কামটো অলপ কঠিন কৰি প্লেন বি তৈয়াৰ কৰিলে। বি প্লেন মতে এলাৰ্ম ক্লকটো আঁঠুৱাৰ বাহিৰৰ পঢ়া টেবুলত থ’লে। আকৌ একেই কথা। উঠা নহ’ল। অৱশ্যে হাতমেলি এলাৰ্মটো যে বন্ধ কৰিছিল সেইটো মনত থাকিল। কিন্তু এলাহত উঠিবহে নোৱাৰে।

এইবাৰ বন্ধুৱে কামটো আৰু অলপ টান কৰি প্লেন চি তৈয়াৰ কৰিলে। প্লেন চি মতে বন্ধুৱে এলাৰ্ম ক্লকটো বিচনাখনৰপৰা দূৰত থকা টেবুলখনত থ’লে। এতিয়া বন্ধুৱে বাজি থকা এলাৰ্ম ক্লকটো বন্ধ কৰিবলৈ হ’লে শুই থকাৰপৰা উঠি যাব লগা হ’ল। এইবাৰো একেই অৱস্থা। এলাৰ্ম বাজি থাকে আৰু এসময়ত বিৰক্ত হৈ বন্ধ কৰি অলপ শুই লওঁ বুলি ভাবি বিচনালৈ যায়, পিছত আগৰ সময়তেই সাৰ পায়। এনেদৰে এলাৰ্ম ক্লকটোৱে কাউৰীপুৱাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিবলৈ ধৰিলে। এলাৰ্ম ক্লকটোৰ মাতত কুম্ভকৰ্ণ বন্ধুৰ বাহিৰে আমি সকলোৱে সাৰ পাবলৈ ধৰিলো।

বন্ধুও এৰি দিয়া ভকত নহয়, সেয়ে ইয়াক আৰু কঠিন কৰি প্নেন ডি তৈয়াৰ কৰিলে। সেই মতে এলাৰ্ম ক্লকটো এইবাৰ ৰুমৰ ভিতৰত থকা ভেণ্টিলেচনখনত থৈ দিলে। এইবাৰ বাজি থকা এলাৰ্ম ক্লকটো বন্ধ কৰিবলৈ হ’লে ৰুমত থকা চকীখনত মুঢ়াটো দি তাৰ ওপৰত উঠি বন্ধ কৰিব লাগিব। এইখিনি কৰোতে তেওঁৰ টোপনি ভাঙিব বুলি নিশ্চিত। গতিকে দোভাগ ৰাতিলৈ ২৯ খেলি উঠি এলাৰ্ম ক্লকটো ভেণ্টিলেচনত থৈ শুলে আৰু ইয়াৰ ফলত ৰাতিপুৱা দোকমোকালিতে এলাৰ্মটোৱে মোকহে উঠালে কিন্তু কুম্ভকৰ্ণ বন্ধু দুৰ্ঘোৰ টোপনিত। ভেণ্টিলেচনখন আধা খোল খাই থকাৰ বাবে এলাৰ্মৰ শব্দবোৰে মেচৰ আন বাসিন্দাবোৰৰ কাণতো বাজিবলৈ ধৰিলে। মই কাষৰ ৰুমটোত থকাৰ বাবে মোৰ অশান্তি বেছি হ’ল, সেয়েহে ময়ো দেৰি নকৰি দীঘল লাঠি এডাল আনি আধা খোল খাই থকা ভেণ্টিলেচনখনৰপৰা এলাৰ্ম ক্লকটো খুচি তলত পেলাই দি তাক স্বৰ্গগামী কৰি শান্তিৰে শুই থাকিলো। সিদিনাই বন্ধুৱে ৰাতিৰ আড্ডাত টোপনিৰ ওচৰত আত্মসমৰ্পণ কৰি ৰাতিপুৱা সোনকালে শুই উঠাৰ আশা বাদ দিয়ে আৰু পৰীক্ষাতো ভগৱানক চম্ভালিবলৈ দিয়ে।

☆★☆★☆

Comments

  1. ধন্যবাদ বাইদেউ । আজিকালি মোবাইল ফোনে এলাৰ্ম ঘড়ীৰ ঠাই ললে।

Leave a Reply

Your email address will not be published. Required fields are marked *