ফটাঢোল

লিমাৰিক – ইন্দিমা বৰুৱা

১)

মন্ত্ৰী বিধায়কৰ মন বুজা টান
ক্ষমতাত থাকোতেই কৰি লয় ধন ধান
য’তে ত’তে ঘৰ বাৰী
ডাঙৰ ডাঙৰ গাড়ী
সভাত ভাষণ দিয়ে সকলো সমান৷

২)

ৰাতিটোতে জন্ম লয় নতুন গায়ক
এটা গান গায়েই হৈ পৰে জাতীয় নায়ক
ইংলিছ অসমীয়া কৰি মিক্সাৰ
বিহুগীতৰ সলাই দিয়ে সম্পূৰ্ণ আকাৰ
অসমীয়ায়েই চিনিব লাগিব কোনজন লায়ক৷

৩)

নতুনকৈ প্ৰেমত পৰা অভিলাষ চৱৰ
হ’লেই যেনিবা তেওঁ মোৰ খুড়াৰ লগৰ
চুলিত দিনৌ কলপ কৰে
মোবাইল চাই বাৰে বাৰে
আহিছে কিজানিবা মৰমীৰ খবৰ৷

৪)

গহীন আতৈ হ’ল সত্ৰৰ ভকত
কালিৰেপৰা ভুগিছে পেটৰ বিষত
সদায় হয় নাম গোৱা
তাতেই হয় খোৱা বোৱা
ঘৈণীয়ে দম দিয়ে কিয় খাই খকত৷

৫)

হাঁহি উঠে দেখিলে ৰাজনীতিকৰ ভেশ
কি পাব উত্তৰ পুৰুষে এই নীচ পৰিবেশ
ৰাইজক কি বিলাব
নিজলৈকে নাটিব
আভুৱা ভাৰি ৰাইজক ফুটাই হাঁহিৰ ৰেশ৷

☆★☆★☆

7 Comments

  • অভিজিৎ কাশ্যপ (চিকু)

    হাঃ হাঃ বঢ়িয়া লাগিল বাইদেউ

    Reply
  • ৰাজনৈতিক আৰু সামাজিক ব্যংগ

    Reply
  • SOMESWAR BORAH

    মজা ।

    অভিলাষ সৱৰ
    ৰাখে ঢোলীয়ানীৰ খৱৰ
    ইচাৎ বিচাৎ খন
    কিজানি উঠেই ৰগৰ।।
    ঢোলীয়ানীৰো মন
    বিধায়িকা হবৰ।।

    Reply
  • Bhaskar

    ভাল ভাল

    Reply
  • ভণীতা ডেকা/ধৰিত্ৰী

    বৰ ধুনীয়া লাগিছে বা

    Reply
  • বঢ়িয়া।

    Reply
  • সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *