ফটাঢোল

ফটা কীৰ্তন – ৰূপল নাথ

(অধ্যায় এক)

শুনিয়োক সৰ্বজন মোহোৰ বচন৷
ফটাঢোল বৃত্তান্ত কিছু কহিবাক মন৷৷
আগে কিছু কথা কওঁ ধৰি চৰণত৷
ভাষা জ্ঞানে নিঃকিন মই কৰিলো বেকত৷৷
ব্যংগ কৰি কিছু কওঁ প্ৰভু নাম লৈয়া৷
ভুল হৈলে নিজ গুণে কৰিয়োক ক্ষমা৷৷
মুখগ্ৰন্থ মাজে আছে বিয়াগোম গোট৷
ফটাঢোল নামে তাৰ পৰিচয় যুগুত৷৷
পত্নী মোৰ ব্যস্ত অনেক ঘৰে বহু কাজ৷
ক্ষণ মাত্ৰ মোবাইল খোলে মুখে লৈয়া লাজ৷৷
শয়ন পাটিত বসি ফাক ফাক হাসি৷
বোলন্ত আমাক কথা ফটাঢোল দেখি৷৷
ৰাখিলন্ত আমাক নিয়া সেই গোটৰ মাজে৷
দেখিলো অনেক বাদ্য ধমাধমে বাজে৷৷
হাস্য ব্যংগ সহিত বহু কামুৰা কামুৰি৷
যেন খেল কৰয় শিশু দমৰা দামুৰি৷৷
সবে মিলি ৰঙ্গ কৰে বজায় বাজনা৷
তাৰ মধ্যে ব্যংগ লেখা পৰে একখানা৷৷
গোটৰ মধ্যে হেকা নামে আছে মহাবলী৷
সমীহ কৰয় সবে কিন্তু লিখে ব্যংগ কৰি৷৷
বিজয় নামে গোটে আছে এক জয়ঢোল৷
সবে মাৰে এক চাপৰ ৰঙ্গে গৈয়া ভোল৷৷
চকীয়া নামেৰে আছে এক মহামুনি৷
পথে কচু মাখি লৈয়া নাছন্ত আপুনি৷৷
প্ৰনীতা নামে ভগ্নী থাকে সুদুৰ নগৰে৷
পেণ্ডিং প’ষ্ট দেখিয়া মাত্ৰ ক্ষণে এপ্ৰ’ভ কৰে৷৷
ডাক্টৰবাবু গোটৰ মধ্যে অন্য এক বৃক্ষ৷
লিখন্ত অনেক ব্যংগ কৰিয়া কটাক্ষ৷৷
এহি মতে বহুজনে কোলাহল কৰি৷
তাণ্ডৱ কৰন্ত গোটে হাতে হাত ধৰি৷৷
অন্য এক জাত আছে সদস্যৰ নামে৷
পঢ়ন্ত সকল লিখা কিন্তু নাই কাজে৷৷
মৌনভাৱে থাকে মাত্ৰ ৰস পান কৰি৷
লাইক কমেণ্ট নকৰয় যেন যাইবে মৰি৷৷
নিলিখয় কোনো কথা দেখি মাত্ৰ পঢ়ে৷
এক ভাৱে ব্যংগ পঢ়ি অট্টহাস্য কৰে৷৷
কোনোজনে আহি মাত্ৰ অভিযোগ সানে৷
সবে যেবে প্ৰশ্ন কৰে পলায় ফাট মাৰে৷৷
বিনীত বচন মোৰ প্ৰতি সভাসদগণ৷
আপুনি ব্যংগ লেখা দিয়োক অগণন৷৷
কৰোহো ৰস পান সবে সঙ্গে মিলি৷
সুখী দুখী মিলিয়া সবে দিবে কৰতালি৷৷
সবে মিলি মিষ্টফল কৰিয়া ভোজন৷
অন্য ফল দূৰে ৰাখো নকৰি বিষাদ মন৷৷
কহয় ৰুপল দাসে এহি তত্ব সাৰ৷
ফটাঢোল বিনে আমাৰ গতি নাই আৰ৷৷

☆★☆★☆

One comment

  • অভিজিৎ কলিতা

    কৃষ্ণ!
    সুন্দৰ ৰচনা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *