ফটাঢোল

আংগুলিমান — ধনজিত বৰুৱা

আঙুলিৰে বিবিধ কাম কৰে
আঙুলিতে হেনো চিকিৎসা,
আঙুলিৰো বিবিধ কাম আছে
আঙুলি ভেদে যশস্যা।

বুঢ়াই ধৰে, বুঢ়াই ঠেলে,
বুঢ়াই মাৰে টিপচহী
বুঢ়াই কৰে ভোটদানো
দেশে থাকে সহি-মহি৷

তৰ্জ্জনীত চক্ৰ, তৰ্ক-বিতৰ্ক
তৰ্জ্জনীয়ে উঠাই ভাষণ,
তৰ্জ্জনীয়ে নিৰ্দিষ্ট কৰি দেখুৱাই
দম্ভ, বচন, আসন৷

মধ্যমা প্ৰায় ডাঙৰ দীঘল
বেগেত জোখাত ধৰে,
দাঁত মাজে কুটা কাঢ়ে
টাইপিঙত চলে জোৰে।

অনামিকাৰ বৰণীয়া ৰূপ দেখে
যিকোনো ভাৱত অহংকাৰ,
অনামিকাত বহু বিবাহ বিধি
দুখে সুখে অলংকাৰ৷

কনিষ্ঠৰ সৰু সৰু কাম
কাণ খৰকিউৱা সংগীত,
পাছে আজিকালি বহন কৰে
অতি লাগতিয়াল ইংগিত৷

লগ হ’লে আঙুলিৰ বহু ভংগীমা,
অকলশৰেই কিমান কাম,
গাল সাৱটিলে মন উৰে
ভবাই তোলে অবিৰাম।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *