ফটাঢোল

আপদীয়া পদ্য — ৰাজীৱ শৰ্মা

১)

বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰি
পুৰুষৰ তুমি ধৰিব নোৱাৰা চাতুৰি
শক্তি বুলি ভজিব
মাতৃ বুলি পূজিব
পুৰুষৰ হাতত যেন ক’ৰ্টৰ হাতুৰী

২)

নাৰী দিৱসৰ শ্লোগান হ’ল সমতা
আজুৰি হ’লেও লোৱা নিদিলে ক্ষমতা
বছেৰেকত পালন এদিন
নাযায়চোন আমাৰ দুৰ্দিন
ৰণচণ্ডী মূৰ্তি ধৰা পাহৰি মমতা

৩)

আমাতে জন্ম লৈ আমাকে বোলে দুৰ্বলী
হাঁহি উঠে পুৰুষে বুলিলে বাহুবলী
নগাৰ চাং তলে বাট
ভাবিলে দেহা পৰে শাত
আমিবিনে পুৰুষৰ নাই তিৰি-চলী

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *