কিছুমান স্মৃতি মনলৈ আহিলে কেতিয়াবা অকলে অকলে হাঁহো৷ বহু বছৰ আগৰ কথা৷ দেউতা চাকৰি সূত্ৰে বেলেগ ঠাইত আছিল৷ তেওঁ চহৰৰ দাঁতি কাষৰীয়া অঞ্চল এটাত নতুনকৈ মাটি কিনি ঘৰ বন্ধাই আমাক ৰাখিছিল৷ আমাক মানে মা, মই, ভাইটি৷ মানুহ দুনুহ ঠাইখনত কম আছিল৷ তাত অ’ৰ ত’ৰপৰা অহা মানুহে দুই এটা ঘৰ বান্ধি আছিলহি৷ মই তেতিয়া ক্লাছ চেভেনত পঢ়িছিলো৷ মোৰ ভাইটি ক্লাছ ফাইভত৷ আমি দুটা বৰ অঘাইটং আছিলো৷ আমাৰে ৰসাল কাহিনী এটা ক’বলৈ ওলাইছো৷

জেঠ মাহ আছিল তেতিয়া৷ এদিন ভাইটি আৰু মোৰ বৰকৈ কঁঠাল খাবলৈ মন গ’ল৷ কঁঠাল খাবলৈ মন গ’লেও বজাৰৰপৰা কঁঠাল এটা কিনি আনি দিবলৈ ঘৰত দেউতা নাছিল৷ সৰু ভাইটিক কোলাত লৈ মায়েও বজাৰৰ পৰা কঁঠাল এটা আমাক কিনি আনি দিবলৈ অপাৰগ৷ মাক আমি কঁঠাল খামেই বুলি জেদ ধৰিলো৷ এনে লাগিছিল সেইদিনাখন কঁঠাল খাবলৈ নাপালে আমাৰ জীৱনত আৰু কেতিয়াও কঁঠাল খোৱাই নহ’ব৷ আমাৰ জেদত উপাই নাপাই মায়ে দহ টকা এটা আমাৰ হাতত দি ক’লে, “যা, নিজেই কিনি আনগৈ যা।”

টকা দহটা হাতত পৰাত ভাইটি আৰু মোক এতিয়া কোনে পায়! টকা দহটা হাতত লৈ মনৰ আনন্দতে মই “য়াহু” বুলি চিঞৰিয়ে দিলো৷ দুয়োটাই হাতত দহ টকাটো লৈ কঁঠাল বিচৰা অভিযানত নামি পৰিলো৷ বজাৰলৈ গৈ কঁঠাল কিনি আনিবলৈও সিমান সাহস নাছিল আমাৰ৷ আমি থকা ঠাইখনত দুই এঘৰৰ বাৰীত দুই এজোপা ফলাহাৰ গছ আছে যদিও তাত কঁঠাল পোৱা সম্ভৱ নাছিল৷ তথাপি দুই এঘৰ মানুহৰ ঘৰত খবৰ নকৰা নহয়৷ কোনোবা এঘৰে ক’লে এক কিলোমিটাৰমান দূৰৈৰ গাওঁ এখনত বিচাৰিলে কঁঠাল পোৱা যাব৷ আবেলি ভাইটি আৰু মই দুয়োটা কঁঠাল বিচাৰি তালৈ খোজ কাঢ়িয়েই পোনাই দিলো৷ কঁঠালৰ লোভত আমাৰ ভাগৰো লগা নাছিল৷

বহু দূৰ যোৱাৰ পিছত পদূলিৰপৰায়ে মানুহ এঘৰত ডাল ভৰি ভৰি কঁঠাল লাগি থকা দেখিলো৷ চুচুক চামাককৈ আমি দুয়োটা মানুহ ঘৰলৈ সোমাই গ’লো৷ কিচকিচিয়া ক’লা, লেঙপেঙীয়া আদিবাসী মানুহ এজনে পিৰালিত বহি বিড়ি হুপি আছিল৷ নাকেৰে শেঙুন বৈ থকা আধা নাঙঠ ল’ৰা ছোৱালী দুটামানে বাটি এটাতে মুড়ি লৈ চোতালত বহি খাই আছিল৷ মহিলা এগৰাকীয়ে কাঁহী বাটি ধুই আছিল৷ আমি যোৱা দেখি মানুহজনে আমালৈ কৌতুহলেৰে চালে৷ আমি উপযাচি তেওঁক কঁঠাল বিক্ৰি কৰিব নেকি বুলি সুধিলো৷ তেওঁ একে আষাৰতে মূৰ দুপিয়াই সন্মতি দিলে৷ আমি দুটাই লোমা লোমে ডাল ভৰি লাগি থকা কঁঠালবোৰলৈ বৰ লুভীয়া দৃষ্টিৰে চাবলৈ ধৰিলো৷ গছ কেইজোপাত বহুত ডাঙৰ ডাঙৰ কঁঠাল লাগি আছিল৷ ইমান বেছি ডাঙৰ আছিল কঁঠালবোৰ! মনটো বৰ ভাল লাগি গৈছিল৷ ঠিকচে খাম বুলি মনতে ভাবিছিলো৷ দহ টকাতকৈ বেছিকৈ বিচাৰিলে কি হ’ব বুলি মই মনে মনে ভয়ো খালো৷ বজাৰত এটা কঁঠালৰ প্ৰকৃত দাম কিমান আছিল নাজানিছিলো৷ তথাপি দামটো এবাৰ সুধি চালো৷

: এহ ভনী, দামটো কি কথা ৷ কঁঠাল একটাহে নিবি৷ দি দিবি আৰু পাঁচ টাকা ৷ মানুহজনে চিকচিকিয়া বগা দাঁত দুপাৰী উলিয়াই হাঁহি হাঁহি ক’লে৷
: যিকোনো কঁঠাল নিবলৈ পাৰিমনে?
মোৰ বৰ ফুৰ্তি লাগিলে, সেয়ে লোভো বাঢ়িল৷
: লৈ যাবি ভনী৷ তোৰ যিটোকে মন যায় সেইটোকে কঁঠাল নিবি৷ মানুহজনৰ কথাটো শুনি মই হাততে সৰগ ঢুকি পালো৷ তাৰমানে পাঁচ টকা বাচিব৷ ভাইটিৰ মুখতো দুষ্টালিৰ হাঁহি এটা বাগৰি গ’ল৷ সিওঁ চাগৈ পাঁচ টকাটোৰে কি কৰিব তাকে ভাবিছে ৷ গছজোপাৰ তলত লাগি থকা আটাইতকৈ ডাঙৰ কঁঠালটোলৈ আঙুলিয়াই দিলো৷ তেওঁ সেই কঁঠালটোকে আমাক পাৰি দিলে৷

কঁঠালটো বাৰু কিনা হ’ল পিছে নিবলৈ লৈহে আমাৰ চিন্তা লাগিল৷ ইমান ডাঙৰ কঁঠালটো ঘৰলৈ কেনেকৈ নিম বাৰু? প্ৰায় তিনিফুটমান দীঘল কঁঠাল আছিল৷ ভাইটি আৰু মই ভেবা লাগি ইটোৱে সিটোলৈ চালো৷ পইচাও দিয়া হ’ল কঁঠালো কিনা হ’ল , ঘৰলৈ কেনেকৈ নিয়া যায় এতিয়া? মানুহজনে আমাৰ পৰস্থিতিটো বুজিব পাৰিলে চাগৈ৷ সেয়ে ক’ৰবাৰপৰা বিচাৰি চিমেণ্টৰ বস্তা এটা আনি আমাৰ হাতত দিলেহি৷ — “ইয়াতে কঁঠালটো ভৰাই ল’বি” বুলি কৈ তেওঁ নিজেই কঁঠালটো বস্তাত ভৰাবলৈ ধৰিলে৷ পিছে বস্তাটোৰ ভিতৰত কঁঠালটোহে নোসোমোৱা হ’ল৷

ছেহ, কি কৰা যায় এতিয়া! কঁঠালটো কিনি এৰি থৈ যোৱাৰো প্ৰশ্ন নাহে৷ কঁকালত হাত থৈ অলপপৰ চিন্তা কৰিলো৷ মানুহজনৰো চিন্তা হ’ল৷ তেওঁ মনতে কিবা এটা ভাবি আমাক বুধি এটা দিলে৷ বস্তাটোৰ ওপৰত কঁঠালটো উঠাই আমি দুটাই বস্তাটোৰ দুইটা মূৰে হাতেৰে ধৰি চাঙিৰ দৰে যদি নিবলৈ পাৰো তেনেহ’লে হৈ যাব৷ তেওঁ দেখুৱাইও দিলে কেনেকৈ বস্তাটো ধৰি নিব লাগে৷ ইমান সহজতে নিবলৈ পাৰিম বুলি মই আৰু ভাইটিয়ে আনন্দমনেৰে সেইটোকে কৰা যাওক বুলি হাতে কামে লাগি গ’লো৷ “আই….ঔ…. মৰিলো… ঔ…. ইমান গধুৰ কঁঠালটো” বুলি চিঞৰ মাৰি দিলো৷ মোৰ চিঞৰ শুনি ভাইটিৰ খঙেই উঠিল। “কঠাল খাবলৈ মন আছে যদি চুপ চাপ ধৰি ধৰি ব’ল” সি নিৰ্লিপ্ত হৈ ক’লে৷ মই আচৰিতেই হ’লো কঁঠালটো ধৰোতে সি গধুৰ পোৱা নাই নেকি বুলি! সি অলপ স্বাস্থ্যবানটো, সেয়ে চাগৈ কঁঠালটো ডাঙিবলৈ পাৰিছে৷ মই মনতে ভাবিলো৷ কঁঠালটো আকৌ ডাঙিবলৈ চেষ্টা কৰিলো৷ যেনে তেনে চাঙিখন উঠোৱাৰ দৰে বস্তাটোৰ দুই মূৰে ধৰিলো, সি আগত আৰু মই পিছত৷ চাৰি খোজমান যাওঁহে বস্তাটো এৰি দি আৰু ৰৈ দিওঁ৷ কঁঠালটো ঢাপকৈ পৰি যায়৷ আকৌ কঁঠালটো বস্তাত উঠাই লৈ চাৰিখোজ যাওঁ আৰু ৰৈ দিওঁ৷ এনেকৈয়ে অলপ অলপকৈ গৈ আছো৷ কানি মুনি সন্ধিয়া হ’বলৈ ধৰিছিল৷ এটা সময়ত ভাইটিয়েও বস্তাটো ডাঙিবলৈ নোৱাৰা হৈ থাকিল৷ তাৰ খঙেই উঠিল কঁঠালটোলৈ, ইমান গধুৰ৷ তাৰ পিছত সি কঁঠালটো ৰাস্তাত থৈ ফুটবলটোৰ দৰে ভৰিৰে গুৰিয়াই গুৰিয়াই নিবলৈ ধৰিলে৷ মাজে মাজে ময়ো তাক সঙ্গ দিবলৈ ধৰিলো৷ বহুদূৰ যোৱাৰ পিছত বাটতে নাথ বৰদেউতাই আমাক দেখি চিঞৰিলে,

: সেইকেইটা বৰুৱাৰ ল’ৰা ছোৱালীহাল নহয়নে?
: হয় বৰতা৷ — ভাইটিয়ে তপৰাই উত্তৰ দিলে৷
: তহঁত দুইটাই মিলি যে এই প্ৰকাণ্ড কঁঠালটোৰ ওপৰত ইমান অত্যাচাৰ চলাইছ, খেলিবলৈ আৰু বেলেগ বস্তু নেপালি হয়নে? এইটো খোৱা বস্তু বুলি জাননে নাই পিছে তহঁতে?

বৰতাই গুৰুগম্ভীৰ মাতটো উলিয়াই ডাঙৰকৈয়ে ক’লে৷ নাথ বৰতাক অঞ্চলটোৰ ল’ৰা ছোৱালীবোৰে অলপ ভয়ো কৰে৷ ছয় ফুট ওখ, পালোৱানৰ দৰে চেহেৰা, টিল টিলকৈ বাহিৰলৈ ওলাই থকা প্ৰকাণ্ড পেটটো, তপা মূৰৰ, চকুকেইটা মেলো নেমেলোকৈ থকা, দীঘল মোচকোছা আৰু গলগলীয়া মাতৰ মানুহজনেই হ’ল নাথ বৰতা৷ তেওঁ কাৰোবাৰ লগত কথা পাতিলেও কাজিয়া লাগিছে যেনহে লাগে৷

: নহয় বৰতা! আমি খেলা নাই৷ এইটো খাবলৈহে কিনি আনিছো৷ — ভাইটিয়ে মোলায়েম সুৰত বৰতাক ক’লে৷
: ৰাম ৰাম, ইমানডাল কঁঠাল কিনি আনিছ যে গোটেই গাওঁখনকে মাতি কঁঠালৰ ভোজ খোৱাম বুলি ভাবিছ নেকি তহঁতে! আৰু এই যে কঁঠালটো এনেকৈ ফুটবল খেল খেলাদি নিছ, এইটো খাবলৈ পৰা হ’বগৈনে? ইচ্ ইচ্, গোটেই কঁঠালটো গুৰিয়াই লঠিয়াই থেতেলা খুৱাই পেলালি৷ বৰ এজাত ল’ৰা ছোৱালী অ’ তহঁত! তহঁতৰ হাতত লৈ অহা সেই বস্তাটোতে কঁঠালটো সোমোৱাই নিনিয় কিয়? বৰতাই কঁকালত হাত দুখন থৈ কথাখিনি ক’লে৷ মোৰ এনে লাগিছিল বৰতাৰ চাগৈ কঁঠালটোলৈ লোভ লাগিছে৷

আমি আকৌ আগৰ দৰে চাঙি বনাই যেনে তেনে কেঁকো জেকোকৈ কঁঠালটো চুচঁৰাই নিবলৈ ধৰিলো৷ কেইবাবাৰো ৰৈ দিব লগা হৈছিল৷ অলপ দূৰ যোৱাৰ পিছত পিছলৈ চালো ৷ নাই, নাথ বৰতা গ’লগৈ৷ কোনে পাই আমাক৷ আকৌ আমাৰ ফুটবল খেল ষ্টাৰ্ট হৈ গ’ল৷ সেইদিনা বাটত ৰৈ থকা মানুহবোৰে আমালৈ বৰ আচৰিত ধৰণে চাইছিল৷ কিছুমানে আমাক চাই হাঁহিছিলো চাগৈ৷ আমাৰ পিছে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ এতিয়া মাথো যেনে তেনে আমি কঁঠালটো ঘৰ পোৱালেগৈ হ’ল৷ বৰ কষ্টেৰে কঁঠালটো নি ঘৰ পোৱালোগৈ৷ ইমান ডাঙৰ কঁঠালটোৰ সৈতে আমাক দেখি মা অবাক হৈ গ’ল৷ কঁঠালটো আমি কেনেকৈ আনিলো বুলি মায়ে সুধিলে৷ আমি বিজয়ৰ হাঁহি মাৰি গৰ্বৰে নিজে আনিলো বুলি ক’লো৷ পাঁচ টকা বচাৰ কথাটো পিছে নক’লো৷ মই দুটকা আৰু ভাইটিয়ে তিনিটকা ভগাই ল’ম বুলি বাটত ইতিমধ্যে কথা পাতিয়েই আহিছিলো। কঁঠালটো দেখিয়েই মায়ে দামৰ কথাও নুসুধিলে৷ ভাইটিয়ে কঁঠালটো বেছিকৈ ফুটবল খেলি অহাৰ বাবে এটকা বেছিকৈ ল’ব৷

ঘৰলৈ আহিয়েই সি দাখন হাতত লৈ কঁঠালটো কাটিবলৈ গ’ল৷ মায়ে বাধা দিয়াতহে যেনিবা ৰ’ল।

“এতিয়া কঁঠালটো কেঁচা হৈ আছে৷ দুদিনমান পিছতহে পকিব৷ পকিলে খাবি৷” আমাৰ আশাত চেঁচা পানী পৰিল৷ আমাৰ ইমান কষ্ট অথলে গ’ল৷ কঁঠালটো ঘৰ পাই কেতিয়া খাম যেন লাগি আছিল আমাৰ৷ উপায়ো নাই এতিয়া, ইমান কষ্ট কৰিলো যেতিয়া কঁঠাল পকালৈ ৰ’বটো লাগিবই৷

গধূলিলৈ আমি অনা কঁঠালটোৰ কথা বনজুইৰ দৰে ওচৰে পাজৰে বিয়পি পৰিল৷ সকলোৱে ইমান ডাঙৰ কঁঠালটো আনি আমি চমৎকাৰ কৰিলো বুলিয়েই ভাবিছে চাগৈ৷ কোনোবা কোনোবা কঁঠালটো চাবলৈও আহিল৷ লগতে ক’বলৈ নাপাহৰিলে — “ইমান ডাঙৰ কঁঠাল! কেনেকৈ আনিলাহে! অকলে নাখাবা, আমাকো দিবা৷”

তেওঁলোকৰ কথাবোৰ শুনি ভাইটি আৰু মোৰ পেটে পেটে বৰ খং উঠিছিল৷ ইমান কষ্ট কৰি কঁঠালটো আনিছো, ওপৰতে ভাগ ল’বলৈ আহে৷ চাঙিৰ দৰে কঁঠালটো কঢ়িয়াই আনোতে মোৰ হাতখন চিঙি যাওঁ চিঙি যাওঁ হৈছিল৷ হাত দুখনৰ অ’ত ত’ত মাখিছালো এৰিছে৷ ইফালে গুৰিয়াই আনোতেও খহটা কঁঠালটো ভৰিকেইটাত খুন্দা খাই কিমান দুখ পাইছো৷ ফুটবল খেলিলেও মানুহে জোতা পিন্ধিহে খেলে৷ এইবোৰ কথা আমিহে জানোঁ৷ কাকো ক’বও নোৱাৰোঁ আমি৷ ক’লেই চবেই হাঁহিব আমাক৷ লোকে কষ্ট কৰি মৰিব আৰু ইহঁতক ওপৰতে ভাগ লাগে৷

এজন খুৰাই কঁঠালটো সোনকালে পকাৰ কিটিপ এটাও শিকাই দিলে৷ কঁঠালৰ ঠাৰিডালৰ ফালে বাঁহৰ ঠিলা এটা মাৰি দিব লাগে হেনো৷ দুদিনতে কঁঠাল পকি যাব৷ তেখেতে কথাটো ক’বলৈহে পালে একে দৌৰে ভাইটি বাহিৰলৈ গৈ জেওঁৰা খুঁটি এটা আনি তেওঁৰ হাতত দিলেই নহয়৷

“বৰতা আপুনিয়েই কামটো কৰি দিয়ক৷” — সি ক’লে৷ তেখেতেও পিছে কঁঠাল খোৱাৰ লোভতে নে আমাৰ কঁঠাল খোৱাৰ মৰখকটো দেখিয়ে জেওৰা খুটিটো জোঙা কৰি কাটি কঁঠালটোত ভৰাই দিলে আৰু ক’লে বোলে ‘দুদিনমানৰ পিছত কঁঠালটোৰ গাটো হেঁচি দিলে সোমাই গ’লেই পকিলে বুলি গম পাবা৷ তেতিয়া কাটি খাবা৷ খাওঁতে মোক নাপাহৰিবা আকৌ৷’ তেওঁ হাঁহি মাৰি ক’লে৷ এইবাৰ তেওঁলৈ আমাৰ অলপো খং নুঠিল৷

পিছদিনাখন ৰাতিপুৱাই শুই উঠি চকু মোহাৰি মোহাৰি গৈ কঁঠালটো পকিলেনে নাই বুলি আমি দুয়োটায়ে চাওঁগৈ৷ ই টান হৈয়ে আছে৷ মনটো মৰি যায়৷ স্কুলৰ পৰা আহিও কঁঠালটো হেঁচি চাওঁহি৷ কঁঠাল নপকেহে নপকে৷ ঠিল মৰা কেইবাদিনো হৈছিল৷ ইফালে কঁঠাল পকাৰ নামেই নলয় দেখোন৷ ক্ৰমান্বয়ে আমাৰো ধৈৰ্য শক্তি হেৰাই আহিছিল৷ আমি দুয়োটায়ে কঁঠালটো পকক বুলি তাৰ ওপৰত উঠি দিওঁ, বহি দিওঁ, মাজে মাজে ফুটবলো খেলো৷ আমাৰ এনে লাগিছিল কঁঠালটোৱে যেন নপকো বুলি আমাৰ লগত জেদহে ধৰিছিল৷

এদিন ৰাতিপুৱা শুই উঠি কঁঠালটো হেঁচি চাওঁতে দেখিলো কঁঠালটো এটা চাইডে অলপমান ঢিলা হৈছে৷ “য়াহু” বুলি মই চিঞৰি দিলো৷ ভাইটি বিছনাৰপৰা একে জাঁপে আহি কঁঠালৰ ওচৰত হাজিৰ৷ কঁঠালটো চাই হাঁহি এটা মাৰিলে৷ একে লৰে পাকঘৰৰপৰা দাখন লৈ আকৌ আহি হাজিৰ হ’লহি৷ কঁঠালটো বাহিৰলৈ ভৰিৰে ঠেলি ঠেলি নি ভাইটিয়ে দাখনেৰে দুচেও কৰি কাটিলে৷ ই কি! কঁঠালটোৰ ভিতৰখন দেখোন কেঁচা হৈয়ে আছে৷ মা বাহিৰলৈ আহি আমাৰ কাণ্ড দেখি হতবাক৷ আমাক ক’লে “নপকাকৈ কিয় কাটিলি৷ এতিয়া ইয়াকে খা, পকিবলৈ সময় নিদিলি নহয়৷”

উপায় নাপাই আমি তাকে এৰুৱাই অলপ খালো৷ খাবলৈ পিছে অলপো ভাল নালাগিল৷ কঁঠালৰ আঠাবোৰ হাতে মুখে লাগিল, কাপোৰতো লাগিল৷ ইমান লোভ কৰি কঁঠালটো আনি এনে পৰিণতি হ’ব বুলি জনাহেঁতেন ইমান কষ্ট নকৰিলোহেঁতেন৷ আঠাবোৰ এৰুৱাওঁতেও মজা বাহিৰ হৈছিল৷ কেৰাচিন তেল লৈ যেনেতেনে অলপ চাফা হৈছিল৷ গোটেই গাটোত কঁঠাল আৰু কেৰাচিনৰ অদ্ভুত গোন্ধ এটা লাগি আছিল৷ কঁঠালৰ বাকীখিনি গেলি যোৱাত দুদিনমান পিছত মায়ে বাহিৰলৈ দলিয়াই দিছিল৷

দেউতা ঘৰলৈ আহোতে কথাবোৰ জানিব পাৰি পকা কঁঠাল এটা কিনি আনি গোটেইটো আমাকে খাবলৈ দিছিল৷ এনেকুৱা কাম আৰু আগলৈ কৰিবলৈ মানাও কৰিছিল৷ সেইদিনাখন দেউতাই কিনি অনা কঁঠালটো কিমান খালো ক’ব নোৱাৰো ৷ ল’ৰালি কালৰ ভাইটি আৰু মোৰ কঁঠালৰ বৃত্তান্তটো কিন্তু কঁঠাল পকাৰ সময়ত সদায় মনত পৰে৷

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *