১)

আজি মালা মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকীৰে সৈতে নতুনকৈ অহা চিনেমাখন চাবলৈ যাব। তাই আজিলৈকে চিনেমা হল ওচৰৰপৰা দেখাই নাই, চিনেমা চোৱাতো দূৰৰে কথা।

যথাসময়ত মালাহঁত গৈ চিনেমাহলত উপস্থিত হ’লগৈ। বাইদেউহঁতে বাহিৰৰ দীঘলীয়া শাৰীত থিয় হৈ টিকট কাটি, খাবলৈ কিবাকিবি অলপ কিনি লৈ নিৰ্দিষ্ট আসনত বহিলগৈ। মালাই চিনেমাহলৰ ভিতৰত সোমাই ইফালে সিফালে চাই ততেই পোৱা নাই। চিনেমা আৰম্ভ হোৱাৰ আগমূহূৰ্তত জাতীয় সংগীতটো বাজি উঠিল। উপস্থিত সকলো নিজৰ নিজৰ ছীটৰপৰা উঠি থিয় হ’ল। একো বুজিব নোৱাৰিলে যদিও মালাইও সকলোৰে লগতে শাৰী পোনাই থিয় হ’ল। অলপ পিছত চিনেমা আৰম্ভ হ’ল। ইতিমধ্যে লাইটবোৰ নুমুৱাই দিয়া হৈছিল। চিনেমাখনৰ প্ৰথম গানটো আৰম্ভ হৈছেহে মাত্ৰ, তেনেতে পিছফালৰপৰা কোনোবাই “বহি দিয়ক, বহি দিয়ক” বুলি চিঞৰিবলৈ ধৰিলে। মালিকনী বাইদেউৱে পিছফালে ঘূৰি চাই দেখিলে যে কথাখিনি দেখোন তেওঁলোকৰ ফালেই আঙুলিয়াই কোৱা হৈছে। কথাটো কি হৈছে ধৰিব নোৱাৰি বাইদেউৱে কাষতে বহি থকা মালালৈ চাই দেখিলে, তাই থিয় হৈ আছে! বাইদেউৱে লৰালৰিকৈ তাইৰ হাতখনত ধৰি বহিবলৈ ইংগিত দিলে। মালায়ো তেতিয়া ইফালে সিফালে চাই কাকো থিয় হোৱা নেদেখি লাহেকৈ বহি দিলে। বাইদেৱে মালাক কিয় থিয় হৈ আছিলি বুলি সোধাৰ আগতেই তাইহে আচৰিত হৈ সুধিলে, “আগৰ গানটোৰ দৰে এইটো গানত থিয় হ’ব নালাগে নেকি?” এইবাৰহে বাইদেউৱে আচল কথাটো ধৰিব পাৰিলে।জাতীয় সংগীতটোত সকলো থিয় হোৱাৰ বাবে মালাই সকলোবোৰ গানতেই থিয় হ’ব লাগে বুলি ভাবি আছিল!

২)

মালিকনী বাইদেউহঁতৰ একমাত্ৰ ল’ৰা সমীৰণদায়ে এসপ্তাহৰ ছুটী লৈ বাংগালোৰৰপৰা ঘৰলৈ আহিব বুলি খবৰ দিয়াৰ পিছৰেপৰাই ঘৰখনত এক আনন্দমুখৰ পৰিবেশ সৃষ্টি হৈছে। সমীৰণদাৰ প্ৰিয় মটৰ-পনীৰৰ তৰকাৰী, হাহঁৰ মাংস, বিলাহী পুৰা আৰু জহা চাউলৰ ফুৰ-ফুৰীয়া গোন্ধেৰে ঘৰখন মলমলাই আছে। যথাসময়ত সমীৰণদা আহি ঘৰ পালেহি। মালাই আজিলৈকে সমীৰণ দাক লগ পোৱা নাছিল। দুপৰীয়া সকলোৱে একেলগে হাঁহি-ধেমালিৰে ভাত সাজ খালে।

পিছদিনা গধূলি সময়ত সমীৰণদাৰ বন্ধু দুজন আহিল। বাইদেউহঁত আকৌ সেই সময়ত ওচৰতে অন্নপ্ৰসন এটা খাবলৈ গৈছিল। সমীৰণ দাই মালাক মাতি সিঁহত তিনিজনক খালী চাহ তিনিকাপ দিবলৈ ক’লে। এইবাৰহে মালা বিপাঙত পৰিল। তাই গাখীৰ দি বকা চাহ আৰু গাখীৰ নিদিয়াকৈ বকা ৰঙা চাহ, দুয়োটাই জানে। আগতে গাঁৱত থাকোতে নিমখ দি খোৱা ফিকা চাহো তাই বাকিব জানে। কিন্তু খালী চাহতো তাই কেতিয়াও বাকি পোৱা নাই। ইফালে বাইদেউও ঘৰত নাই খালী চাহ কেনেকৈ বাকে সুধিবলৈ। সমীৰণ দাক সুধিবলৈও তাইৰ লাজ লাগে। শেষত বহুত ভাবি চিন্তি তাই এটা বুদ্ধি উলিয়ালে।

ইফালে মালাই নিয়া খালী চাহ দেখি সমীৰণ আৰু লগৰ দুজনৰ চকু কপালত উঠিল। কাৰণ মালাই তিনিটা কাপত গৰম পানী আৰু লগতে তিনিখন প্লেটত অলপমান চেনী, চাহপাত আৰু এচামুচকৈ পাউদাৰ গাখীৰ লৈ আহিছিল!

৩)

আনদিনাৰ দৰে মালাই ঘৰৰ কামবোৰ কৰি আছে যদিও কালিৰ ঘটনাটোৰ কথা বাৰে বাৰে তাইৰ মনলৈ আহি আছে। তাই মালিকনী বাইদেউক কথাতো কোৱাটো ভাল হ’ব নে নাই ঠিৰাং কৰিব পৰা নাই। বাইদেউহঁতৰ ঘৰলৈ অহা এমাহেই হোৱা নাই। দাদা আৰু বাইদেউ দুয়োজনেই চাকৰি কৰে। গতিকে তাই দিনটো অকলেই ঘৰত থাকিবলগীয়া হয়। তাই বাইদেউহঁতৰ ঘৰত কাম কৰিবলৈ অহাৰপৰাই সেই গাখীৰ দিয়া ল’ৰাটোক দেখি আহিছে। সি তাইৰ লগত কেতিয়াবা ধেমালি কৰে যদিও কালি হঠাতে গাখীৰ দিয়াৰ পিছত “এইখন ল” বুলি হাততে কাগজ এখন গুজি দিয়া কথাটোৱে তাইক দুঃচিন্তাত পেলাইছে। তাই কাগজখন নি ভয়তে গাৰুৰ তলত থৈ দিছে আৰু পঢ়িবলৈ চেষ্টাও কৰিছে। কিন্তু ইংৰাজী নজনাৰ কাৰণে একো বুজি পোৱা নাই।

কেইদিনমানৰ পিছৰ কথা। সেইদিনা দেওবাৰ। কলিতানী বাইদেউৱে গাখীৰ দিয়া ল’ৰাটোক অহা দেখি এই মাহৰ বিলখন কিয় দিয়া নাই সুধিলে। ল’ৰাটোৱে ক’লে যে সি যোৱা সপ্তাহতেই নতুনকৈ তেওঁলোকৰ ঘৰলৈ অহা ছোৱালীজনীৰ হাতত বিলখন দি থৈ গৈছে। তেতিয়াহে উৰহী গছৰ ওৰটো ওলাল। মালাই এইকেইদিন চিঠি বুলি গাৰুৰ তলত লুকুৱাই থোৱা কাগজখন আচলতে গাখীৰৰ বিলহে আছিল!

☆★☆★☆

Comments

  1. খালি চাহ কিন্তু বেলেগ বনালে!

Leave a Reply

Your email address will not be published. Required fields are marked *