ফটাঢোল

কৌতুক — মানসী বৰা

নগেন কাইটিয়ে নিজৰ একমাত্ৰ পুতেকৰ নাম মৰমতে আধুনিকতাৰ লগত মিলাই নবীন ৰাখিছিল আৰু নামত ওজন বঢ়াবলৈ চন্দ্ৰ লগাই কৰিছিল নবীন চন্দ্ৰ হাতীবৰুৱা।

স্কুলত আকৌ লগৰ ল’ৰাবোৰে নবীনটোকে চমু কৰিবলৈ গৈ বীন কৰি পেলালে। পিছে কালক্রমত এই বীন গৈ বিন লাডেন হ’লগৈ। সকলোৱে তাক লাডেন লাডেনকৈ জোকায়।

পুৰণিকলীয়া নামটোৰ বাবে নবীনৰ মাক-বাপেকৰ ওপৰত এনেয়েও কেতিয়াবা খং উঠে। টিপটপ ড্ৰেছ পিন্ধি হেয়াৰ জেল লগাই চুলি স্পাইক কৰি এদাল্ট পাৰফিউম মৰা ল’ৰাটোৰ নাম নবীন হেনো নোশোৱায়। তহঁতবোৰে মোৰ নামটো ৰাহুল, অৰিয়ান, ঋত্বিক জাতীয় কিয় নাৰাখিলি বুলিও সি ক্ষোভ উজাৰে।

পিছে ক্ষোভ উজাৰিলে হ’ব কি? বাপেকৰ নামতেই কেনা। বাপেকৰ নামটো নগেন হোৱাৰ বাবে “কেছটো নগেন” হ’লগৈ। (অলিখিত অসমীয়া অভিধানৰ অন্তৰ্ভূক্ত বাক্য)
মানে সমবয়সীয়াসকলে নগেন কাইটিক “কেছটো” বুলি মাতে আৰু নবীনক মাতে “কেছটোৰ পুতেক”। বৰুৱা খুড়া বা শইকীয়া বৰতাহঁতে যেতিয়া তাক ৰাস্তাত পালে সোধে,

: অই কেছটোৰ পুতেক ক’ৰ পৰা আহিলি?

সেই সময়ত নবীনৰ যে তেখেতসকলক লিগেচি ডাটাত থকা অন্তিম পুৰুষজনলৈকে ধৰি গালি পাৰিবৰ মন যায়। মুঠতে নিজৰ আৰু বাপেকৰ নামটো লৈ নবীনৰ টেম্পাৰ মাজে মাজে গৰম হৈ থাকে।

এদিনৰ কথা। শ্রেণীকোঠাত নবীনৰ উৎপাত চৰিল। মুখেৰে বাবুলগাম ফুলাই থকা দেখি হেডমাষ্টৰে দুই পিতন দিয়াৰ পিছত সুধিলে,

: গাৰ্জেন কল কৰিম তোৰ। কি নাম?

ভয় ভয়ে নবীন ক’লে,
: নবীন চন্দ্ৰ হাতীবৰুৱা।

হেডমাষ্টৰৰ পুনৰ ধমকি
: দেউতাৰৰ একা?

হেডমাষ্টৰৰ ধমকিত নিতাল মাৰি থকা ক্লাছটোত বাপেকৰ নামটো নগেন হাতীবৰুৱা বুলি ক’লে জানোচা লগৰ ল’ৰাবোৰে বাপেকৰ “নগেন” নামটোকলৈও জোকাবলৈ আৰম্ভ কৰে, সেয়েহে নবীনে তৎক্ষণাতে এটা বুদ্ধি লগালে। বাপেকৰ নগেন নামটোৰপৰা “গ”টো কাটি সি লাহেকৈ ক’লে,

: দেউতাৰ নাম নেন’ হাতীবৰুৱা।

শ্রেণীত লগৰবোৰৰ ফিচিঙা ফিচিঙ আৰম্ভ হ’ল।
এটাই বোলে তোৰ দেউতাৰ নামটো নেন’ যে? এইটো কি নাম?

গির্জনী মাৰি আটাইমখাই হাঁহিবলৈ ধৰিলে।

সেই ঘটনাৰ পিছত বীন লাডেনৰ নাম গুচি নবীন চন্দ্র হাতীবৰুৱা ‘টাটা নেন’ নামেৰে প্রসিদ্ধ হৈ পৰিল।

☆★☆★☆

3 Comments

  • অভিজিৎ কাশ্যপ (চিকু)

    হে হৰি

    Reply
  • অমৰ জো্‌তি তালুকদাৰ

    ভাল দিলে দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *