নব্বৈৰ দশকত বিস্ময় আলোচনীৰ পাতত অপু আৰু চেণ্টুদা নামৰ দুটি চৰিত্ৰই ভুমুকি মাৰিছিল। দুয়োকে কিতাপৰ চৰিত্ৰ যেন অনুভৱ হোৱাই নাছিল, দুয়োকে একেবাৰে প্ৰাণৱন্ত যেন লাগিছিল। অপু, চেণ্টুদা এই দুয়োটা চৰিত্ৰকে পাঠকে অত্যন্ত আগ্ৰহেৰে আঁকোৱালি লৈছিল। ইয়াৰ পিছতেই পঢ়ুৱৈৰ দাবী অনুযায়ী অপু, চেণ্টুদাৰ ইটোৰ পাছত সিটো কাহিনী লেখকজনে লিখি উলিয়াইছিল। এইসমূহ চিৰিজ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল বৰ্ণনাৰ চমৎকাৰিতা। তদুপৰি চেণ্টুদাৰ মুখৰ সানমিহলি অদ্ভূত ভাষাটোৱেও পাঠকক আমোদ দিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। এই জনপ্ৰিয় চৰিত্ৰকেইটাৰ স্ৰষ্টাজন আছিল বৈদুৰ্য্য বৰুৱা।
অপু ত্ৰিলজী, ঋতু আহে ঋতু যায়, দেওবৰত জোনাক, দেৱাল আদিকে ধৰি বৈদুৰ্য্য বৰুৱাৰ প্ৰতিখন গ্ৰন্থই পাঠক সমাজৰ মাজত বিপুলভাৱে সমাদৃত। অসমৰ জনপ্ৰিয় আলোচনী বিস্ময়ত ধাৰাবাহিকভাৱে লিখি থকা বৈদুৰ্য্য বৰুৱাই ফেচবুকতো প্ৰায় নিয়মিতৰূপে লেখা মেলা কৰি আছে। তেওঁৰ ই-সাহিত্যৰ ৰচনাৰাজীত ভুমুকি মৰা ‘বাসু’ নামৰ চৰিত্ৰটোও পাঠকৰ মাজত অত্যন্ত জনপ্ৰিয় হৈছে।
লেখক বৈদুৰ্য্য বৰুৱা সম্প্ৰতি বোলছবি জগতৰ সৈতেও জড়িত হৈছে। ক্ৰমাৎ ঠন ধৰি উঠিব খোজা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে নিঃসন্দেহে ই এটা ভাল খবৰ। তেওঁৰেই কাহিনীৰে ‘পাণ্ডৱৰ তাণ্ডৱ’ নামৰ এখন বোলছবি নিৰ্মিত হৈছে। অহা মে’ মাহত বোলছবিখনে মুক্তি পোৱাৰ কথা।
আমাৰেই সৌভাগ্য যে এই জনপ্ৰিয় লেখকজন ফটাঢোল গোটৰ সদস্য। আমাৰ ই আলোচনী ‘ফটাঢোল’ত প্ৰায় নিয়মিতৰূপে লেখা মেলা কৰি তেখেতে আমাক কৃতাৰ্থ কৰি আহিছে। সুকীয়া ৰচনাশৈলীৰে পাঠকৰ মন মগজু জোকাৰি দিব পৰা এইজন লেখকৰ সৈতে কিছু অন্তৰংগ আলাপৰ যোগেদি তেখেতৰ জীৱনৰ কিছু কথা জনাৰ ইচ্ছাৰে ‘ফটাঢোল’ গোটৰ তৰফৰপৰা যোগাযোগ কৰা হৈছিল। তেওঁৰ সন্মতিসূচক সঁহাৰি পাই লেখকজনৰ বাসগৃহত ফটাঢোল গোটৰ সক্ৰিয় সদস্য বৰ্ণালী ফুকন উপস্থিত হৈছিল। তেওঁক সংগ দিছিল গোটৰে আন এগৰাকী সদস্য ৰূপালী গগৈয়ে। লেখকজনৰ সৈতে হোৱা অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ ফটাঢোলৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল।

ফটাঢোল: নমস্কাৰ গ্ৰহণ কৰিব। ফেচবুকৰ জনপ্ৰিয় হাস্য ব্যংগ গ্ৰুপ ‘ফটাঢোল’ৰ তৰফৰপৰা আপোনাক অভিনন্দন জনাইছোঁ।

বৈদুৰ্য্য বৰুৱা: ধন্যবাদ। মইয়ো আপোনালোকক অভিনন্দন জনাইছোঁ।

ফটাঢোল: প্ৰথমেই আমি আপোনাৰ শৈশৱৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। আপোনাৰ জন্মস্থান, আপোনাৰ ল’ৰালিকালৰ বিষয়ে আমাৰ পাঠক সমাজে জানিবলৈ উৎসুক৷

বৈদুৰ্য্য বৰুৱা: মোৰ জন্মস্থান হ’ল নামৰূপ। মই নামৰূপতে প্ৰথম শ্ৰেণী পঢ়িছিলো। মোৰ দেউতা নামৰূপ থাৰ্মেলৰ চাকৰিয়াল আছিল। তাৰপিছত দেউতা তিনিচুকীয়ালৈ বদলি হৈ আহিল। ময়ো চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰাই স্কুলীয়া জীৱন সমাপ্ত কৰি, তিনিচুকীয়া কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰো।

ফটাঢোল: লেখা মেলাৰ প্ৰতি আপুনি কেতিয়াৰপৰা আগ্ৰহী হৈ উঠিল? শৈশৱৰপৰাইনে?

বৈদুৰ্য্য বৰুৱা: প্ৰথম অৱস্থাত মই আঁকি মেলিহে ভাল পাইছিলো। স্কুলৰ আলোচনী ‘ফুলকলি’ৰ যোগেৰে সাহিত্য জগতত প্ৰথমটো খোজ দিছিলো৷ তাৰ পাছলৈ কলেজৰ আলোচনীত কিবাকিবি লিখিছিলো যদিও কাৰ্টুনৰ প্ৰতিহে বেচি ৰাপ আছিল।

ফটাঢোল: বিস্ময়ৰ যোগেৰেই লেখক ‘বৈদুৰ্য্য বৰুৱা’ক সকলোৱে চিনি পালে৷ ‘বিস্ময়’ত আপুনি কেতিয়াৰেপৰা লিখিবলৈ আৰম্ভ কৰিছিল?

বৈদুৰ্য্য বৰুৱা: ১৯৯২ চনৰ পৰা ‘চেণ্টুদা’ৰ যোগেৰে বিস্ময়ৰ পাতত ভুমুকি মাৰিছিলো। পাঠকৰ তাগিদাতেই চেণ্টুদাৰ চৰিত্ৰটো ধাৰাবাহিকভাৱে লিখিবলৈ আৰম্ভ কৰো।

ফটাঢোল: আপোনাৰ লেখাৰ অসংখ্য গুণমুগ্ধ পাঠক আছে। আনকি কেৱল আপোনাৰ লেখা পঢ়িবলৈকে আলোচনী একোখন কিনি অনা পাঠকো আছে। কিন্তু আমি জানিব বিচাৰিছোঁ, যে বৈদুৰ্য্য বৰুৱাই বৈদুৰ্য্য বৰুৱাৰ লেখা পঢ়ি কেনে পায়? মানে নিজৰ সৃষ্টিক লৈ কিমানদূৰ সন্তুষ্ট হয় আপুনি?

বৈদুৰ্য্য বৰুৱা: লেখকসকলে সাধাৰণতে আত্মসন্তুষ্টিৰ বাবেই লিখে। মোৰ ক্ষেত্ৰতো ব্যতিক্ৰম হোৱা নাছিল। মোৰ কৰ্মজীৱনৰ ক্ষেত্ৰ বেলেগ হোৱাৰ হেতুকে মই সৰ্বান্তকৰণে সাহিত্য চৰ্চা কৰিব পৰা নাই। সেইফালৰপৰা মই ভাবো যে পেছাদাৰী লেখকসকলৰ ক্ষেত্ৰখন বেছি প্ৰশস্ত। প্ৰকাশকৰ তাগিদাৰ লগতে ই এক জীৱন জীৱিকাৰ উপায় ৰূপে গ্ৰহণ কৰাৰ সুবিধা থাকে।

ফটাঢোল: আপোনাৰ লেখাসমূহ অত্যন্ত জীৱন্ত। চৰিত্ৰসমূহো। অপু, চেণ্টুদা বা বাসুৱেই বোলক, প্ৰত্যেককে এনে লাগে যেন তেজ মঙহৰ একোটা জীয়া চৰিত্ৰহে! এয়া কেনেকৈ সম্ভৱ হয়? বাস্তৱ জীৱনৰপৰা আপুনি চৰিত্ৰসমূহ বোটলে নেকি?

বৈদুৰ্য্য বৰুৱা: এইধৰণৰ চৰিত্ৰবোৰ বাটে পথে সকলোৱে লগ পায়। মই যেনিবা কিছু ৰহণ সানি এই চৰিত্ৰবোৰেৰে গল্প লিখো। সেইকাৰণেই কিজানি বাস্তৱ যেন লাগে। ঘটনাবোৰ কাল্পনিক।

ফটাঢোল: চেণ্টুদাৰ মুখত আমি যিটো ভাষা পঢ়িবলৈ পাওঁ, অকণমান সুকীয়া সেই ভাষা। চেণ্টুদাৰ সেই কথাখিনিয়েই পাঠকক বেলেগধৰণৰ সোৱাদ দিয়ে, ৰস পায় পঢ়ি পাঠকে। আপুনি ক’ৰপৰা আয়ত্ত কৰিছিল এই ভাষাটো? বাস্তৱ জীৱনত পাইছিল নেকি বাৰু এনেধৰণে কথা কোৱা লোকক?

বৈদুৰ্য্য বৰুৱা: স্কুলীয়া জীৱনত আমি প্ৰায় পোন্ধৰ-বিশ জনীয়া এটা দলে চেণ্টুদাৰ চাহৰ দোকানত প্ৰায়ে আড্ডা মাৰিবলৈ গৈছিলো। চেণ্টুদাৰ মুখৰ ভাষাটো সৰ্বসাধাৰণৰ ভাষাতকৈ বেলেগ আৰু আকৰ্ষণীয় আছিল। এই মূল অসমীয়া ভাষাটোৱেই বাঙালী হিন্দী ইংৰাজী মিহলি কৰি গতি লোৱা শৈলীটোৱে মোক ইমানেই আকৰ্ষিত কৰিছিল যে সেইটো কথন শৈলীৰে গল্প এটা লিখিবলৈ মোৰ মাজত এক দুৰ্বাৰ বাসনা জাগি উঠিছিল। গতিকে ধেমালিতে চেণ্টুদাৰ নাম দিয়েই মই গল্প এটা লিখাৰ পিছত ‘বিস্ময়’লৈ পঠিয়াই দিছিলো। পাঠক সমাজৰ বাবে এইটো মনোগ্ৰাহী হোৱা দেখিলো। মুঠতে চেণ্টুদাৰ মিঠা ভাষাই মোক সাহিত্যৰ ক্ষেত্ৰলৈ যাবলৈ এখন বন্ধ দুৱাৰ মুকলি কৰি দিলে। এই কথনশৈলী অসমৰ বহু ঠাইত শুনা যায়।

ফটাঢোল: মাজতে অপু, চেণ্টুদা আদিক টিভিৰ পৰ্দাত দেখিবলৈ পোৱা গৈছিল? ভৱিষ্যতে এই চৰিত্ৰকেইটাক ৰূপালী পৰ্দাত দেখিম নেকি আমি?

বৈদুৰ্য্য বৰুৱা: ইতিমধ্যে মই চেণ্টুদাৰ চৰিত্ৰটোক টিভিৰ পৰ্দাত আত্মপ্ৰকাশ কৰাবলৈ অনুমতি দিছিলো যদিও চৰিত্ৰসমূহৰ যি অৰ্ন্তৱৰ্ত্তী ধাৰা তাক প্ৰস্ফুটিত কৰি উলিয়াব নোৱাৰিলে। গতিকে হতাশ হ’লো। ভৱিষ্যতেও আৰু আগনাবাঢ়ো বুলিয়েই ভাবিছো। কিতাপৰ চৰিত্ৰ কিতাপতেই থাকক।

ফটাঢোল: আপুনি বৰ্তমান এখন চিনেমাৰ কামত ব্যস্ত হৈ আছে বুলি জানো। এই সম্পৰ্কে আমাক অকণমান জনাব নেকি?

বৈদুৰ্য্য বৰুৱা: ভাল চিনেমা এখন কৰাৰ সপোন বাস্তৱ কৰিবলৈ “পাণ্ডৱৰ তাণ্ডৱ”খন কৰিবলৈ লৈছো। ইয়াৰ চিত্ৰনাট্যখন মই লিখা। পৰিচালনা প্ৰিয়ম নিৰ্মলৰ। প্ৰযোজনা অংকিতা চৌধুৰীৰ। জয়ন্ত দাস, বৰ্ষাৰাণী বিষয়া আদিকে ধৰি ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। অন্য দৃশ্য কাব্যৰ দৰে চিনেমাৰ ক্ষেত্ৰতো সকলোৰে আপ্ৰাণ প্ৰচেষ্টাৰ প্ৰয়োজন। ২০১৮ৰ মে’ত মুক্তি পাব লগীয়া চিনেমাখনত মানুহে বিমল হাস্যৰস উপভোগ কৰিব পাৰিব বুলি আশা কৰিছো। চিনেমাখনৰ সকলো দিশতে মই যিমান পাৰো সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ চেষ্টা কৰি আহিছো। চিনেমাখনত হাঁহিৰ মাধ্যমেৰে বৰ্তমান যি ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতি বিৰাজ কৰি আছে সেই গোটেইবোৰেই দুঘণ্টাৰ ভিতৰতে ফুটাই তুলিবলৈ যত্ন কৰা হৈছে। এই সাক্ষাৎকাৰৰ যোগেৰে মই দৰ্শকসকলক এবাৰ চিনেমাখন উপভোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো। আপোনালোকৰ সঁহাৰিয়েই হ’ব মোৰ বাবে আৰ্শীবাদ।

ফটাঢোল: আমি ইতিমধ্যে গম পাইছোঁ যে আপুনি সৃষ্টি কৰা চৰিত্ৰ কিছুমানে চিত্ৰৰূপ পাইছে। এই যে লেখা একোটাক বা লেখাৰ চৰিত্ৰ একোটাক চিত্ৰৰূপ দিয়া হয়, তেতিয়া কি কি কথাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিবলগীয়া হয় বাৰু? কাৰণ কিতাপৰ জনপ্ৰিয় চৰিত্ৰ একোটাক ৰূপালী পৰ্দাত চাবলৈ যাওঁতে দৰ্শকে যথেষ্ট আশা লৈ যায়।

বৈদুৰ্য্য বৰুৱা: দৃশ্যকাব্যত চৰিত্ৰসমূহৰ উক্তি-প্ৰত্যুক্তিৰ মাজেদি ঘটনাসমূহ আগবাঢ়ে আৰু পৰিসমাপ্তি লাভ কৰে। তেনে ক্ষেত্ৰত চৰিত্ৰৰ মুখত উপযুক্ত সংলাপ দিয়াৰ লগতে চৰিত্ৰসমূহৰ মাজত নিজেই সোমাই পৰিব লাগিব।তেতিয়াহে চৰিত্ৰটো সজীৱ আৰু প্ৰাণৱন্ত হ’ব। প্ৰকৃততে নাটকৰ উপাদানৰ স্পষ্ট ধাৰণাৰ আৱশ্যক।

ফটাঢোল: এইবাৰ অকণমান আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতো। আপোনাৰ পৰিয়ালত কোন কোন আছে? আমি জনাত সাহিত্যৰ ক্ষেত্ৰত পৰিয়ালৰ এটা অৱদান থাকে। আপোনাৰ ক্ষেত্ৰত পৰিয়ালৰ অৱদান আছে নেকি?

বৈদুৰ্য্য বৰুৱা: মোৰ ঘাই ঘৰখনত দেউতা, দাদা আৰু বৌ থাকে। মোৰ মা তিনিবছৰৰ আগেয়ে পৰলোকগামী হয়। মোৰ সৈতে পৰিবাৰ আৰু অষ্টম শ্ৰেণীত পঢ়া ছোৱালীজনী থাকে। মোৰ সহধৰ্মিনী মোৰ বন্ধুৰ নিচিনা। গতিকে আমাৰ তিনিজনীয়া পৰিয়ালটোত মই শান্তিৰে সাহিত্য চৰ্চা কৰিব পাৰো।

ফটাঢোল : আপোনাৰ প্ৰিয় অসমীয়া আৰু হিন্দী চিনেমাৰ অভিনেতাজন কোন?

বৈদুৰ্য্য বৰুৱা: নিঃসন্দেহে বিজু ফুকন মোৰ প্ৰিয় অভিনেতা। তেওঁ বলিষ্ঠ অভিনয়েৰে আমাৰ চিনেমা জগতক চহকী কৰি থৈ গৈছে। বৰ্তমানৰ অভিনেতাৰ ভিতৰত যতীন বৰাৰ নাম উল্লেখ কৰিব পাৰি। হিন্দী বোলছবিৰ অমিতাভ বচ্চনৰ অভিনয় মোৰ ভাল লাগে।

ফটাঢোল: বাৰু ধৰি লওক, ‘নায়ক’ বুলি যে চিনেমা এখন আছে, তাৰ লেখীয়াকৈ হঠাতে আপোনাক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাব দিয়া হ’ল । তেতিয়া আপুনি কি কৰিব?

বৈদুৰ্য্য বৰুৱা: এইটো এটা অবাস্তৱ প্ৰশ্ন যদিও সঁচাকৈয়ে যদি এই প্ৰস্তাৱটো আগবঢ়োৱা যায়, ভাৰতৰ আধা মানুহ দৌৰিব চাগৈ প্ৰধানমন্ত্ৰী হ’বলৈ! কাউৰী কাউৰী হৈ থকাই ভাল। ম’ৰা চৰাই হ’বলৈ গ’লে নিজৰো বিপদ আনৰো বিপদ।

ফটাঢোল: আপুনি খাদ্যৰসিক নে? কেনেধৰণৰ খাদ্য খাই ভাল পায়?

বৈদুৰ্য্য বৰুৱা: জনজাতীয় খাদ্যৰ প্ৰতি মোৰ প্ৰবল হেঁপাহ। তেওঁলোকৰ সকলো ধৰণৰ খাদ্যই মই ভাল পাওঁ।

ফটাঢোল: গান বাজনাত ৰাপ আছে নিশ্চয়। কাৰ গীত প্ৰিয় বাৰু?

বৈদুৰ্য্য বৰুৱা: বাদ্যযন্ত্ৰৰ ভিতৰত ড্ৰামৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে। শিকা নহ’ল। এতিয়াও মই এই যন্ত্ৰবিধ শিকিম যেন লাগে। মোৰ প্ৰিয় গায়ক বুলি ক’লে জয়ন্ত হাজৰিকাৰ নামটোৱেই মনলৈ আহিছে। তেখেতৰ সকলো গানেই মই ভাল পাওঁ। ভূপেন হাজৰিকাৰ গান ভাল লাগে। জুবিন আৰু পাপনৰো কিছুমান গান মোৰ বৰ প্ৰিয়।

ফটাঢোল: ভাললগা কিতাপখন আৰু ভাললগা সাহিত্যিকজনৰ বিষয়ে কওকচোন।

বৈদুৰ্য্য বৰুৱা: মোৰ ভাললগা কিতাপ বা প্ৰিয় লেখকৰ বিষয়ে একেআষাৰে কৈ দিয়া টান। এই মুহূৰ্তত মোৰ চৈয়দ আব্দুল মালিক চাৰ আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ কথাই মনলৈ আহিছে। তেখেতসকলৰ প্ৰায়বোৰ কিতাপেই পঢ়িছো। ভাললগা কিতাপৰ কথা ক’লে এখনৰ নামেই নিৰ্দিষ্টকৈ ক’ব নোৱাৰিম।

ফটাঢোল: আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে আমাক অৱগত কৰাওকচোন।

বৈদুৰ্য্য বৰুৱা: এবাৰ ট্ৰেইনত গৈ থাকোতে হঠাত ট্ৰেইনখন ৰৈ গ’ল। বাহিৰত এটা হুলস্থুল। মই কৌতুহল ৰখাব নোৱাৰি উঠি আহিলো। নামি আহি দেখো গাঁৱৰ সাধাৰণ মহিলা এগৰাকী ৰেল লাইনৰ কাষত অজ্ঞান হৈ পৰি আছে। ভৰিটো আঁঠুৰ তলৰপৰা নাই। আঠুৰপৰা তলৰ অংশ ৰেল লাইনৰ কাষত পৰি আছে। ৰেলৰ চকাই চেপি দুডোখৰ কৰা ভৰিটোৰপৰা এটোপাল তেজো ওলোৱা নাছিল। মানুহজনীৰ বুকুত অকণমানি কেচুৱাটোৱে খেলি আছে। কি এক অবৰ্ণনীয় দৃশ্য। কাষৰ ঘৰবোৰৰপৰা মানুহবোৰ ওলাই আহিল। ৰাস্তাৰে অহা যোৱা কৰা গাড়ীবোৰক হাত দাঙিলে নৰখায়। মানুহগৰাকীক সোনকালে হস্পিতাললৈ নিব লাগে। উপায় নাপাই আমি দুজনমানে মানুহগৰাকীক ধৰি মেলি ঠেলা এখনত উঠাই দিলোগৈ। হঠাত চকু গ’ল মানুহগৰাকীৰ ভৰিখন দেখোন পৰি থাকি গ’ল। মনলৈ ভাৱ আহিল, কিজানি ভৰিটো লগাই দিবই পাৰিব পুনৰ। মই ভৰিটো আনি হাতত লৈ ঠেলাৰ পিছে পিছে দৌৰিলো। সেইদিনা কোনোবাই যদি সেই দৃশ্য ফটোত বন্দী কৰি ৰাখিলেহেঁতেন এখন সাংঘাতিক ফটো হ’লহেঁতেন।

ফটাঢোল: আকৌ অকণমান সাহিত্যৰ সৈতে জড়িত কথা পাতো। বর্তমান ই সাহিত্যৰ জনপ্ৰিয়তা তুংগত। বিশেষকৈ ফেচবুকক কেন্দ্ৰ কৰি সাহিত্যৰ এক নতুন ধাৰাৰ সৃষ্টি হৈছে। ন ন লেখকৰ জন্ম হৈছে। বহু প্রতিষ্ঠিত লেখকেও ফেচবুকৰ জৰিয়তে লেখা মেলা কৰি আছে। ই-আলোচনীসমূহে প্ৰসাৰতা লাভ কৰিছে। এই প্রসংগত আপুনি কি ক’ব খোজে? সাহিত্যৰ এই নতুন ধাৰাক লৈ আপুনি সন্তুষ্টনে?

বৈদুৰ্য বৰুৱা: ফেচবুকৰ ক্ষেত্ৰত সবাতোকৈ ডাঙৰ কথাটো হ’ল যে, এই ধৰা এতিয়া মই লিখা মেলা কৰি কোনোবা আলোচনীলৈ পঠিয়াই দিওঁ। কিন্তু সকলোৱে তেনেকৈ সুবিধা নাপায়। বহুতে লিখিবলৈ মন কৰে, আলোচনীলৈ হয়তো পঠিয়াইও দিয়ে। কিন্তু মানদণ্ড অকণমান কম হোৱাৰ বাবে ধৰা হওক আলোচনীখনে প্ৰকাশ নকৰিলে। তাৰ ফলত লেখকজন হতাশ হৈ পৰে। এইক্ষেত্ৰত আলোচনীখনকো দোষ দিব নোৱাৰি। কাৰণ তেওঁলোকেও চাই-চিতিহে নিৰ্বাচন কৰিবলগীয়া হয়। কাৰণ আলোচনীখনৰ ব্যৱসায়িক স্বাৰ্থটো আগত ৰাখিবই লাগিব। কিন্তু ফেচবুক এনে এক মাধ্যম য’ত নিজৰ কথা নিজৰ মতে লিখি যাব পাৰি। আৰু ফেচবুকৰদ্বাৰাই অসমীয়া লিখা আৰু পঢ়াৰ স্বভাৱটো উভটি আহিছে। এতিয়া ধৰক আপুনিয়েই ফেচবুকত নোহোৱা হ’লে হয়তো অসমীয়া লিখিবলৈ পাহৰি গ’লহেঁতেন। কাৰণ কলমেৰে লিখি কেতিয়াও সেইখিনি জমা কৰি যোৱা নহয়। কিন্তু এতিয়া আপুনি কিবা এটা লিখিছে, দহজন মানুহে ভাল পাইছে আৰু আপুনি উৎসাহিত হৈছে। এইটো এটা ডাঙৰ কথা। আনকি মইয়ো লিখা মেলা কৰিছিলো, মোকনো কেইজন মানুহে চিনি পাইছিল? বহুতে হয়তো চিনি পায়, কিন্তু বহুতে গমো পোৱা নাছিল। এতিয়া কিন্তু ফেচবুকৰ জৰিয়তে পৃথিৱীখন আৰু অকণমান ডাঙৰ হৈ গ’ল। ফেচবুকৰ জৰিয়তে বহুত মানুহে চিনি পালে, গতিকে এয়া ফেচবুকৰ এটা ধনাত্মক গুণ। ভাল বেয়া সকলোতে থাকিবই। ইয়াত বহুতে বহুত ভাল কাম কৰি আছে। মই বাৰু আলোচনীৰপৰা আহি ফেচবুকত সোমাইছোঁ, কিন্তু বহুতে ফেচবুকৰপৰা লেখক হিচাপে জন্ম হৈ আলোচনীলৈ গৈছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো নালাগে। যথেষ্ট ভাল কথা হৈছে এয়া। যিবোৰ বেয়া সেইবোৰ নিজে নিজেই নাইকিয়া হ’ব! যিয়েই নিলিখক কিয় ভাল লেখা এটা সদায় ভাল বুলি থাকি যাব আৰু জনপ্ৰিয় হৈ গৈ থাকিব। কিন্তু এটাই কথা, কিছুমান ই-আলোচনী ক্লাৱৰ ধৰণৰ হৈ যায়! তেওঁলোকৰ লেখা মেলাৰ কামবোৰ নিজৰ মাজতে সদস্যসকলৰ ভিতৰতে থাকি যায়। তেনেকুৱা হ’ব নালাগে। ই-মেগাজিন এনেকুৱা হ’ব লাগে যিখনত আমাৰ পছন্দৰ বস্তুহে দিম, ভুল হ’লে সম্পাদনা কৰি দিম। এজন সম্পাদক থাকিব লাগে। একেবাৰে এখন আলোচনীৰ দৰে হ’ব লাগে। কোনোবাই লিখিলে বুলিয়েই যে সেইটো প্ৰকাশ পাবই লাগিব, তেনে হ’ব নালাগে। অকণমান চাই-চিতি দিব লাগে। কিবা ভুল হ’লে দেখুৱাই দিব লাগে যে আপোনাৰ অমুকখিনি এনেকৈ লিখকচোন, তেতিয়া বেছি ভাল লাগিব। তেতিয়াহে লেখকজনে বুজিব যে তেওঁৰ সেইখিনিত অলপ ভাল কৰিবলগীয়া আছে। ধৰা হওক, নতুন লেখক এজনে কিবা গল্পই লিখিছে নাইবা কবিতাই লিখিছে, তেওঁক যদি ভুলবোৰ আঙুলিয়াই দিয়া নহয় তেন্তে ভাবি ল’ব যে তেওঁৰ সকলো শুদ্ধ হৈছে। তেতিয়া তেওঁ শিকিব কি? আলোচনী এখন জনপ্ৰিয় কৰিবলৈ কিছুমানৰ অপ্ৰিয়ও হ’ব লাগিব।

ফটাঢোল: ফেচবুকত আপুনি কেতিয়াৰপৰা লিখা মেলা আৰম্ভ কৰিছে?

বৈদুৰ্য্য বৰুৱা: ২০১১ চনৰপৰা ফেচবুকত আছো যদিও ২০১৭ চনৰ পৰাহে মই ফেচবুকত লিখিবলৈ আৰম্ভ কৰিছিলো। তাৰ বাসুৰ চৰিত্ৰটো অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিলো যেন লাগে। বাসুৰ চৰিত্ৰটো এটা ‘টিপিকেল’ চৰিত্ৰ। প্ৰাচীন সাহিত্যত নাৰদৰ দৰে বাসু এজন মিছা কথা কোৱা মানুহ।

ফটাঢোল: ই আলোচনী সম্পৰ্কে আপোনাৰ মতামত কি জনাবচোন।

বৈদুৰ্য্য বৰুৱা: বৰ্তমান সময়ত ই আলোচনীৰ জনপ্ৰিয়তা অনস্বীকাৰ্য্য। ন ন লেখক লেখিকাই ইয়াৰ যোগেদি আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছে। ই সময় সাপেক্ষ, সুলভতা, স্থায়িত্বৰ ফালৰপৰা আধুনিক যুগৰ লগত খাপ খাই পৰিছে। ইয়াৰপৰা অসমীয়া ভাষাই প্ৰচাৰতা আৰু প্ৰসাৰতা লাভ কৰিছে।

ফটাঢোল: ফটাঢোল গোটটিৰ সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিছো।

বৈদুৰ্য্য বৰুৱা: যি আশাশুধীয়া মনোভাৱৰ সৈতে অসমীয়া সাহিত্য জগতক প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা হাতত লৈছে সেইফালৰপৰা ‘ফটাঢোল’ৰ পদক্ষেপক প্ৰশংসা নকৰি নোৱাৰি।

ফটাঢোল: আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আমাক অকণমান জনাওকচোন।

বৈদুৰ্য্য বৰুৱা: লিখা-মেলাৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা বুলি ক’বলৈ গ’লে বৰ্তমান উপন্যাস এখন লিখি আছোঁ, বিস্ময়ত ওলাই আছে। তাৰ উপৰিও চিনেমাৰ কাম চলিয়ে আছে, অহা ১৮ মে’ত চিনেমাখনে মুক্তি পাব। আৰু এখন চিনেমাৰ পৰিকল্পনা কৰি আছো। সকলো ভবামতে আগবাঢ়িলে ছেপ্টেম্বৰৰপৰা সেইখন চিনেমাৰ শ্বুটিং আৰম্ভ হোৱাৰ আশা আছে।

ফটাঢোল: হাস্য-ব্যংগনে?

বৈদুৰ্য্য বৰুৱা: হয়, হাস্য-ব্যংগ। এইখন চিনেমাত থাকি যোৱা দোষ-ত্ৰুটিবোৰ যাতে সেইখনত নাথাকে তাৰ প্ৰতি গুৰুত্ব দিম। মানুহে যাতে সেইখন চাই ভাল চিনেমা বুলি কয়। এবাৰ হললৈ আহি যাতে আকৌ এবাৰ আহিবলৈ মন কৰে। হাস্য- ব্যংগ চিনেমা এখন সমাজক দিবলৈ চেষ্টা কৰি আছোঁ। দেখা যাওকচোন, কি হয়। ভাবিছোঁ ভাল ভাল কাম কৰি যাম। মানুহৰ উৎসাহ পালে ভাল লাগে। যিটো কৰিম ভালকৈ কৰিম। লগতে ভাল কিবা এটা গল্প লিখিম বা ভাল উপন্যাস এখন লিখিম তেনেকুৱা ধৰণৰ পৰিকল্পনা কিছুমানো আছে।

ফটাঢোল: আপুনি আমাৰ ‘ফটাঢোল’ গোটৰ এগৰাকী সদস্য। আমাৰ ই আলোচনীখনত প্ৰায় নিয়মিত ৰূপে আপুনি লেখা মেলা কৰি আছে। গোটটি সম্পৰ্কে, আলোচনীখন সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিছোঁ।

বৈদুৰ্য্য বৰুৱা: হয়, আৰম্ভণিৰেপৰা ফটাঢোল আলোচনীত মোৰ লেখা প্ৰকাশ হৈ আছে। ই-আলোচনীক মই কেতিয়াও না নকৰো। হাস্য-ব্যংগ লেখা ভাল লাগে। আচলতে হাস্য-ব্যংগ লিখাটো সহজ কথা নহয়। হাস্য ব্যংগ লিখিবলৈ খুব সূক্ষ্ম দৃষ্টিভংগী লাগে । আলোচনীখন পঢ়ি, গোটৰ লেখাবোৰত চকু ফুৰাই, মই এটা কথা অনুভৱ কৰিছোঁ, কিছুলোকে খুব ভাল লিখিছে, ভাল মঞ্চ এখন পাইছে। কিন্তু আলোচনীখনত হাস্য-ব্যংগৰ লেখাই যাতে প্ৰকাশ হয় তালৈকো দৃষ্টি ৰখা উচিত। লিমাৰিক, কাৰ্টুন আদিবোৰ ভালপাওঁ। ‘ফটা-ঢোল’ক আন্তৰিক শুভেচ্ছা জনাইছোঁ। তদুপৰি মই নিজকে ইণ্টাৰভিউ দিব পৰাকৈ বিশেষ কোনোবা ব্যক্তি বুলি নাভাবো। কিন্তু আপোনালোক অহাৰ বাবে ভাল লাগিল।

ফটাঢোল: সদৌশেষত ফটাঢোলৰ হৈ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ সৈতে দুআষাৰ কথা পতাৰ বাবে। ধন্যবাদ।

বৈদুৰ্য্য বৰুৱা : ধন্যবাদ।

☆★☆★☆

Comments

  1. কেতিয়াবা মোৰ অন্যতম প্ৰিয় ব্যক্তিজনক যে এনেকৈ ফেচবুকত পাই যাম ভবাই নাছিলো। আৰু মনতে এজন আদহীয়া ব্যক্তি কল্পনা কৰি ৰাখিছিলো, সেই অপু, চেণ্টুৰ ৰাথলাং থাচ থাচ চাইকেলৰ দিনৰ পৰাই। কিন্তু প্ৰথমতে দেখি আচৰিতেই হৈছিলো, একদম ডেকা মানুহ চোন!

    বাৰু যিয়ে নহওক, লগ পাই, তেখেতৰ বিষয়ে জানি সুখী হ’লো।

    ধন্যৰাদ ৰিতু।

    1. তেখেতৰ সাক্ষাৎকাৰটি ল’বলৈ পাই আমিও সুখী

  2. এদিন লগ পোৱাৰ হেপাহ আছে ।মোৰ অন্যতম প্ৰিয় লেখক।

    1. সেই তাহানিৰেপৰা তেওঁৰ লেখাৰ ফেন ময়ো

  3. বৈদুৰ্য্য দাক তেখেতৰ অনুমতি সাপেক্ষে মইয়ে ফটাঢোলত এদ কৰিছিলো৷সেইটো আজীৱন এটা ভাল লগা অনভূতি হৈ থাকিব৷এটা সুন্দৰ সাক্ষাৎকাৰৰ যোগেদি প্ৰিয় লেখকজনক অলপ ভালকৈ জানিব পাৰিলো৷সম্পাদিকাৰ লগতে জড়িত সকলোলৈ ধন্যবাদ জনালো৷

  4. প্ৰিয় লিখকজনৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলো। ফটাঢোলৰ সম্পাদনা সমিতি আৰু বৈদুৰ্য্যদালৈ আন্তৰিক ধন্যবাদ, আমাক এই সুবিধা দিয়াৰ বাবে

  5. চেন্টু দাই হওক বা অপুৱে হওক চিনেমাত ফুটাই উঠাবলৈ বহু কষ্ট তথা সাধনা লাগিব ৷ ৰেলৰ ঘটনাটো সচাকৈ বৰ বুকুত লগা ৷

  6. সাক্ষাৎকাৰটো উপহাৰ হিচাপে দিয়া বাবে সম্পাদকলৈ ধন্যবাদ। বহুত ভাল লাগিল।

  7. বৈদুৰ্য বৰুৱা দাদা নিজেই অসমীয়া সাহিত্যৰ এটি সুকীয়া ধাৰা। তেওৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল

Leave a Reply

Your email address will not be published. Required fields are marked *