বিহু নচাৰ প্ৰতি দুৰ্বলতা খুব সৰুৰে পৰা। মোৰ তেতিয়া বয়স পাঁচ বছৰমান৷ ওচৰৰে বাইদেউ এজনীক বিহু শিকাবলৈ বিহুৱা ডেকাৰ দল এটা আহে। মোৰ আগ্ৰহ দেখি মায়ে তাত বিহু নাচ শিকাৰ সুবিধা কৰি দিলে। দহ দিন মান গৈছিলনে নাই জানো,দূৰদৰ্শী পিতৃৰ চকুত ভৱিষ্যতে কন্যাই কোনোবা ঢুলীয়া ডেকাৰ বৰঘৰ শুৱনি কৰাৰ ছবিখন ছয়া-ময়াকৈ ধৰা দিলে আৰু সেইখিনিতে বিহু প্ৰশিক্ষণৰ অন্ত পৰিল। তাৰ সলনি মোক বৰগীত বা সত্ৰীয়া নৃত্যৰ তালিম দিয়াৰ আলোচনা চলিল ৷

কটন কলেজত পঢ়ি থাকোঁতে তাত হোৱা বিভিন্ন অনুষ্ঠানত লগৰবোৰে দল বান্ধি যেতিয়া বিহু নাচে,মোৰ মনটো মা দেউতাৰ প্ৰতি অভিমানত ফুলি পৰ্বতাকাৰ হয়৷ কিয়নো নিদিলে শিকিবলৈ! মোৰ দুখ দেখি ছিনিয়ৰ এগৰাকীয়ে সান্ত্বনা দিলে-“বিহু প্ৰতিজনী অসমীয়া ছোৱালীৰ বাৰ্থ ৰাইট,কোনোবাই শিকাব লাগে নেকি হা?নাচি দিবি কঁ‌কাল ভাঙি!” হ’ল বুলিয়েই আৰু নাচি দিব পাৰি নেকি যা-তা। গতিকে মই আইনাৰ ওচৰত ৰৈ কেতিয়াবা নচাৰ চেষ্টা কৰোঁ । নাই, না কঁ‌কাল ভাঙে না হাত কেইখনে সঠিক ভাঁজ লয় ! মোৰ অৱস্থা দেখি ৰূমমেট কেইগৰাকীৰ চিম্পেথি উপজিল হ’বলা! মোক সহযোগ কৰিবলৈ ৰূমতে অলপ সময় নচাৰ সিদ্ধান্ত হ’ল। মোৰো বিহু শিকা হ’ব, লগতে এণ্টাৰটেইনমেণ্টো হ’ব। পিছত বাহিৰলৈ পঢ়িবলৈ গৈ নিজৰ কৃষ্টি-সংস্কৃতি নাজানো বুলিলে কি হ’ব!

সেয়েহে এদিন সন্ধিয়াতে ‘তেতেলী পতীয়া চিৰা খুৱাইছিলা’ লগাই আমি নাচিবলৈ আৰম্ভ কৰিলোঁ। প্ৰিয়ম বা আৰু ছয়নিকা বা দুয়োজনী বিহু নচাত এক্সপাৰ্ট। পল্লৱী বায়ো সিমান ভালকে নাজানে,তেওঁচোন কিবা জঁ‌পিয়াই যোৱাৰ দৰে গৈছে,হাতকেইখনো বেছিকে দাং খাই যায়! মোৰ নিজৰ কথাতো ক’বই নালাগে,ৰৈ ৰৈ একে ঠাইতে নাচি আছোঁ৷ ভৰিকেইখনে আগলৈ বা পিছলৈ যোৱাৰ নামেই নলয়,কঁ‌কাল ভঙা দূৰৈৰ কথা! প্ৰিয়ম বা আৰু ছয়নিকা বা হাঁহিত বাগৰি পৰা বাহিৰে মোৰ একো উন্নতিৰ লক্ষণ দেখা নগ’ল। কটন কলেজৰ এই অধ্যায়ো দুখজনক ভাৱে সামৰণি পৰিল।

তাৰ পিছৰ পৰ্যায়ত পণ্ডিচেৰী বিশ্ববিদ্যালয়ত ভৰি দিলোঁ। তাত আমি তিনিটা ফ্ৰেচাৰ্ছত অংশগ্ৰহণ কৰিব লাগিছিল-নৰ্থ ইষ্ট ফ্ৰেচাৰ্ছ,অসমীয়া ফ্ৰেচাৰ্ছ আৰু এটা ডিপাৰ্টমণ্ট ফ্ৰেচাৰ্ছ। অসমীয়া নৱাগত আদৰণি অনুষ্ঠানতে ভোজ-ভাতৰ অন্তত ঘোষণা হ’ল যে ইয়াৰ পিছতে আড়ম্বৰপূৰ্ণভাৱে হ’বলগীয়া নৰ্থ ইষ্ট ফ্ৰেচাৰ্ছত নৱাগত অসমীয়াৰ ফালৰপৰা এটা দলীয় বিহু নৃত্য প্ৰদৰ্শন বাধ্যতামূলক। আগ্ৰহীসকলে হাত দাঙিব লাগে। মোৰ মনটো তেনেই মৰহি গ’ল। ইতিমধ্যে দুজনীমান আগবাঢ়ি গ’লেই। এনেতে ৰীপীয়ে মোক হাতত ধৰি টানি লৈ গ’ল “আৰে ক’লৈ নিয়?” তাই মোৰ কটনৰ দিনৰ পৰা বেষ্ট ফ্ৰেইণ্ড। তিনিবছৰে মোৰ বিননি শুনি বেচেৰীয়ে ভাল কামোৰ খাইছিল চাগে! গতিকে তাই এইবাৰ বিশেষভাৱে ‘ইনিচিয়েটিভ’ ল’লে “একদম চুপ,এইবাৰ বিহু নাচিব লাগিব তই।” তাই একপ্ৰকাৰ দমেই দিলে মোক। অৱশেষত মই বাংলাদেশীয়ে অসম দখল কৰাৰ নিচিনাকৈ কোনোবা যোগ্য অসমীয়া নাচনী এজনীৰ ঠাই বেদখল কৰি সোণালী আখৰেৰে ন’হলেও নীলা চিঞাহীৰে বাৰজনীয়া দলটোত নিজৰ নাম লিখোৱাবলৈ সক্ষম হ’লোঁ।

গ্ৰুপৰ প্ৰেক্টিছ আৰম্ভ হোৱাৰ আগতে জোৰদাৰ গতিত ৰূমত মোৰ প্ৰেক্টিছ চলিল। পুৱা সোনকালে এলাৰ্ম দি উঠোঁ। ক্লাছলৈ যোৱাৰ আগত ৰীপীয়ে ৰূমতে মোক দুঘণ্টা বিহু শিকায় । পিছতহে মোৰ ৰূমৰ বাকী দুজনী ৰূমমেটৰ এজনী-(Integrted Msc ৰ ছাত্ৰী),উৰিষ্যাৰ মমতাই কৈছিল, “মান্সী দি,আমাৰ কি হাঁহি উঠিছিল আপোনাৰ নাচ দেখি নহয়! ৰীপী দিয়ে নাহাঁহিবলে ৱাৰ্ণিং দি থোৱা কাৰণে হাঁহি ৰখাই আমাৰ হালত বেহাল হৈ গৈছিল ! হাঁহি কণ্ট্ৰল ন’হলে বাথৰূমলৈ দৌৰিছিলোঁ !”

পিছত গ্ৰুপৰ শিখা, কাকলি, প্ৰিয়ংকা আৰু ডেইজীয়েও খুব ভালকে সহযোগ কৰিলে। তেওঁলোক আটায়ে ভাল নাচনী। শিক্ষা-বৰ্ষৰ কঠিন ৰুটিন আৰু সঘনাই হৈ থকা ইণ্টাৰনেল পৰীক্ষাৰ বাবে আমি কষ্টকে সময় মিলাব লগা হৈছিল। আমাৰ প্ৰেক্টিছ ডিনাৰৰ পিছত আৰম্ভ হৈছিল আৰু নিশা কেতিয়াবা এক বাজিছিল। খুব এনজয় কৰিছিলোঁ সকলোৱে। গ্ৰুপৰ বাহিৰেও বাকী অসমীয়াখিনিয়েও খুব উৎসাহিত কৰিছিল। অসমৰ পৰা হাজাৰ মাইল দূৰত বিহুৱে আমাক বন্ধুত্বৰ জৰীৰে বান্ধি পেলাইছিল। আমাৰ গ্ৰুপৰ এক্সপাৰ্ট বিহুৱতী কাকলীয়ে “প্ৰথম হিচাপে ভাল নাচিছা” বুলি মৌখিক চাৰ্টিফিকেট এখন দিয়াত মনৰ পৰা সংকোচৰ ভাৱ ভালেখিনি আঁ‌তৰিল । মায়ে “ডিটিডিচি”ত ৰিহা মেখেলা, কাকৈ ফনী,গলপতা,জোনবিৰী আদি লাগতিয়াল বস্তুখিনি পঠাই দিলে। ইফালে ৰীপীয়ে কেৱল মোক শিকোৱাতে ক্ষান্ত নাথাকি নাচিম নে নানাচিম বুলি লাজ লাজকৈ থকা ল’ৰাকেইটাকো বিহু নাচিবলৈ শিকাইছিল। কি এনাৰ্জেটিক তাই! পিছলৈ তাইৰ বিহুৱে তাৰে বিহুৱা এজনৰ টোপনি হৰণ কৰিছিল বুলি জানিব পাৰিছিলোঁ। তদ্ৰুপ অৱস্থা বোলে আৰু দুজনমানৰ হৈছিল ! দেউতালৈ মনত পৰি হাঁহি উঠিছিল।

অৱশেষত জীৱনৰ সেই বিশেষ আশাটো পূৰণ কৰি মই বিহু নাচিলোঁ। আমি ফ্ৰেচাৰ্ছলৈ “অনা-নৰ্থ ইষ্ট ফ্ৰেণ্ড” দুজনমানক আমাৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছিলোঁ৷(আচলতে খোৱাৰ আয়োজন ভাল আছিল বুলি গম পাই আমি সিহঁতে খুব ৰিকুৱেষ্ট কৰিছিল মাতিবলৈ,তাত কুপনৰ ব্যৱস্থা থাকে,অনিমন্ত্ৰিত অতিথিয়ে ছুপাৰিছ ন’হলে খাবলৈ নাপায়)। মই ষ্টেজৰ পৰা নমাৰ লগে লগে দিল্লীৰ নেহাল দৌৰি আহিল, “আৰে মান্সী তুনেত’ কামাল কৰ দিয়া”। নেহাল পূৰ্বৰ জামিয়া মিলিয়াৰ ছাত্ৰ, দিল্লীত তাৰ আগতে বিহু দেখিছে। গতিকে সি ইমানো মিছা কোৱা নাই বুলি ভাবি মোৰ মনটো ভাল লাগি গ’ল।

ইয়াৰ পিছতো বহুবাৰ বিহু নচা হ’ল পণ্ডিচেৰীত। এবাৰ পণ্ডিচেৰী চৰকাৰৰ আমন্ত্ৰণত বিশ্ব পৰ্যটক দিৱস উপলক্ষে ৰকবীচ্চত নচা হ’ল। সুদৃশ্য বাছত আমাক লৈ গৈছিল। বিহু নচাৰ শেষত বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ লগত ফটোৰ বাবে প’জ দি ভাগৰি গৈছিলোঁ। অনুষ্ঠানৰ শেষত খোৱাৰ ৰাজকীয় আয়োজন কৰিছিল।

ইতিমধ্যে মই ডিপাৰ্টমেণ্টত সৰু-সুৰাকে ফেমাছেই হৈ গ’লোঁ দেই ‘ট্ৰেডিচনেল বিহু ডান্সাৰ’ বুলি। এদিন মোৰ ওচৰলৈ কেৰালাৰ বান্ধৱী আৰ্যা,মীৰা আৰু অঞ্জলি সেমেনা-সেমেনিকৈ আহিল ৷ বিহু নাচিব বোলে৷ মোৰ লগত ছিনিয়ৰৰ ফেয়াৰৱেলত৷ তাৰ বাবেই এতিয়া সিহঁতক বিহু নাচিবলৈ শিকাব লাগে। মইটো অবাক! কি কয় এইকেইজনীয়ে! ইফালে ফেয়াৰৱেল আছে পিছদিনা,ৰীপী ব্যস্ত বলিউদ ডান্স প্ৰেক্টিছত। তাতে মনত মই নাচিব জানো বুলি ফুলি থকা বেলুনটো ফুটি থকাৰ ভয়! সিহঁ‌তে অকঁ‌ৰা মৈত উঠা দি উঠিল৷ নাচিবই। নহ’লে এটলিষ্ট ট্ৰাই কৰিয়েই চাব। অসমীয়া বান্ধবী শিখাক হায়াৰ কৰি অনা হ’ল সিহঁতক বিহু শিকাবলৈ। নাচোনৰ চেও দেখি আমি বাগৰি গ’লোঁ হাঁহিত। নিজকে পিছে ধিক্কাৰ দিলোঁ-নিজে আগতে কি নাচিছিলোঁ মই?? প্ৰায় তিনি বজালৈ নাচ প্ৰেক্টিছ কৰি পুৱতি নিশা আমি শুবলৈ গ’লোঁ।

অসমীয়া বান্ধৱীৰ পৰা গোটোৱা মেখেলা চাদৰ,ৰঙা ব্লাউজ,গাম খাৰু আৰু খোপাত জেছমিন ফুল গুঁজি গোটেইকেইজনী অসমীয়া গাভৰুৰ ৰূপত বিহু নাচিবলৈ সাজু হ’ল। অসমীয়া কেৱল মই। নাচিবলৈ আৰম্ভ কৰাৰ লগে লগে দৰ্শকৰ হাঁহিৰ কোবত গোটেইখন উৰো উৰো হ’ল। নগা বান্ধৱী নকজন্টেলা আওক ভিডিঅ’ কৰিবলৈ দিছিলোঁ৷ তাইৰ হাঁহিৰ প্ৰচণ্ড জোঁকাৰণিৰ কোবত সেইটো ভিডিঅ’ হৈ নাথাকিল আৰু !

এটাও ষ্টেপ মিছ নকৰাকে সিঁ‌হঁতে যিটো বিহু নাচিলে,নকৈছোঁ আৰু। মাজতে কোনোবা এজনীলৈ চাঁ‌ওঁতে মই উচপ খাই উঠিলোঁ,দুয়োখন হাত মূৰত থৈ নচাৰ সলনি গালতে লগাই প্ৰায় জঁ‌পিয়াই নাচিছে! কঁ‌কাল ভঙাৰ সলনি গোটেই গাটো ভাঙিছে অ’ দেহী! আগদিনা ৰাতি শিকাইছিলোঁ ৷ বোলো-নাচোতে ধুনীয়াকে হাঁহি থাকিব লাগে,নাচনীয়ে গোমোঠাকৈ থাকিলে খুব বেয়া দেখি। সিঁ‌হঁত গোটেইকেইজনীয়ে দাঁত উলিয়াই ৰেডিমেদ হাঁহি একোটা ফিক্স কৰি লৈছে। মাজে মাজে চেও একোটাত চিলনী হেন উৰো উৰো কৰে! শেষত য’ত ছপাক একেৰাহে ঘূৰিব লগা আছিল, দুপাক ঘূৰি আমনি লাগিল হ’বলা,নমস্কাৰ দি আজৰি বাইদেউহঁ‌ত। মই অকলে ঘূৰি আছোঁ! হাঁহি নমৰিব মানুহ!! “ভ’ট অৱ থেংকছ”ত ঘোষিকা শ্বিলঙৰ ফিবাই সকলোকে ইমান ‘এণ্টাৰটেইনমেণ্ট’ দিয়া বাবে আমাক বিশেষভাবে ধন্যবাদ জনালে! কি যে লাজ লাগি গৈছিল নহয়! দুদিনমানলৈ ডিপাৰ্টমেণ্টটো বিহু বিহুয়েই হৈ থাকিল। ফ্ৰান্সৰ বান্ধৱী লালেই মোক দেখিলেই হাত দুখন দাঙি বিহু নচাৰ নিচিনা কৰে,সেয়া ‘বাটাৰফ্লাই ডান্স’ বোলে ৷ তায়ো কৰিব পাৰে। মই ভালকে শিকালে তায়ো নাচিব পাৰিলেহেঁতেন। ফিচিককৈ হাঁহিটো ওলাল। কথাটো মানে গছ নোহোৱা দেশত এৰাগছেই বৰগছ হ’ল আৰু !

পিছৰবাৰ ঘৰলৈ যাওঁতে গাড়ীৰ পৰা নামিছোঁ মাত্ৰ৷ মা আৰু ভাইটীয়ে গহীনাই ৱেলকাম জনালে “ছাউথৰ বিহু সম্ৰাজ্ঞী আহি পালেহি অ’!!!”

☆★☆★☆

Comments

  1. অসমৰ বাহিৰত বিহু নেজানিলে বৰ লাজত পৰিব লাগে। লৰাবোৰে কমেও ঢোলত দুচাপৰ মৰা, আৰু ছোৱালীবোৰে দুপাক মৰা শিকিবই লাগে। ভাল লাগিল

Leave a Reply

Your email address will not be published. Required fields are marked *