(১)
দেউতাই অৱসৰ লোৱা তিনিবছৰ মান হ’ল। চৰকাৰী হিচাপমতে জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিলেও দেউতাই পিছে কথাষাৰ এতিয়ালৈকে মনে-প্ৰাণে মানি লোৱা নাই। দেউতাই এতিয়াও এনে কিছুমান কাম কৰে যিবোৰ কৰিবলৈ যোৱাৰ আগতে ডেকা মানুহেও বহুতবাৰ ভাবিব। এই ধৰক-অকলে গাড়ীখন লৈ গুৱাহাটীলৈ যোৱা নাইবা গুৱাহাটীৰ পৰা ঘৰলৈ মানে শিৱসাগৰলৈ অহা৷ মোৰ ‘ফ্লাইট’খন চলাই অকলেই গুৱাহাটীৰ পৰা ঘৰ পোৱাহি, নাইট ছুপাৰত ঘৰলৈ গৈ, ঘৰ পাইয়েই গাটো ধুই কাৰোবাৰ ঘৰত নাম বা সকামলৈ দৌৰা….আদি। অৱশ্যে অৱসৰ লোৱাৰ এমাহৰ ভিতৰতে তেওঁৰ বেঙ্কৰ কাম-কাজৰ পৰা আদি কৰি সকলোতে ‘ছিনিয়ৰ ছিটিজেন’ বুলি শুধৰাবলৈ নাই পাহৰা৷ ন’ট এক্সেঞ্জ কৰাৰ সময়ত আমিবোৰে লাইন লগাই মৰিলোঁ,দেতা একদম ‘ছিনিয়ৰ ছিটিজেন’ত ‘পুৰুক’কৈ সোমাই ‘পুৰুক’কৈ ওলাই আহে৷ “কল্ড ড্ৰিংক,পানী,বিস্কুট লাগিব নেকি” বুলিহে সোধে। আনকি আজিকালি আমি কিবা এটা খুজিলেও আমাকো মনত পেলাবলৈ নাপাহৰে যে-তেওঁ যে এতিয়া এজন ‘ৰিটায়াৰ্ড পাৰ্চন’,লগতে ছিনিয়ৰ ছিটিজেনো ৷
বাৰু যি কি নহওক,এতিয়া দেতাৰে এক ‘অলৌকিক এডভেন্সাৰ’ৰ কথা কওঁ ৷ কেইবছৰমানৰ আগৰ কথা৷ মাৰ্কেটত পোনপ্ৰথমবাৰৰ বাবে পালছাৰখনে ‘এণ্ট্ৰি’ মাৰিছে আৰু। মই তেতিয়া কলেজত৷ আমাৰ আকৌ দেতা হ’ল সেই বাজাজ ছুপাৰ আৰু চেতকৰ দিনৰ মানুহ। ‘প্ৰিমিয়াৰ পদ্মিনী’ৰ সাংঘাতিক ফেন৷ বাইক দেখিবই নোৱাৰে। অৱশ্যে তাৰো কাৰণ নোহোৱা নহয় ৷ প্ৰথম যেতিয়া দেতাই ক’হিমাৰ পৰা বাজাজ ছুপাৰখন কিনি ঘৰলৈকে চলাই আহিছিল,দেতাৰ লগত অহা অনিমেশ নামৰ খুড়াজনে টাৰ্ণিঙত হেনো এনেকুৱা পাক দিয়ে যে আঁঠু ৰাস্তাত লাগো-লাগো হয়। তেনেহেন মৰমৰ আৰু হেঁপাহৰ বস্তু এটা ঘৰ আহি পোৱাৰ পিছতে আমাৰ ‘দেশ-উদ্ধাৰকাৰী,হাবিত কাঁহে ওলাই নাহে’খ্যাত দল এটাই ৰাতি আহি একপ্ৰকাৰ দম দি বস্তুভাগ পানী দামত লৈ গ’লহি । সিহঁতবোৰে আকৌ তেতিয়া ‘ছুজুকী ছামুৰাই’ চলাই দপ্‌দপাই ফুৰে। আমাৰ ঘৰলৈ অহাকেইটাও সেই ছামুৰাই বংশৰে আছিল হেনো। সেই তেতিয়াৰপৰাই দেতাৰ এটা ধাৰণা হৈছিল যে বাইক মাত্ৰেই দম দিয়া বদমাছ ল’ৰা। আৰু সেয়ে বাইক আৰু বাইক আৰোহীৰ প্ৰতি তেওঁৰ মনত সাংঘাতিক বিতৃষ্ণাৰ ভাৱ এটা উপজিছিল।

তেনেদিনতে, মানে পেটুৱা গাভিনী ছাগলীজনীৰ পেটৰ দৰে টেংকী এটাৰে সৈতে পালছাৰে মাৰ্কেটত এণ্ট্ৰি মৰাৰ দিনতে এদিন মই দেতাৰ লগত আমাৰ আমগুৰিত থকা ইউবিআই বেংকটোলৈ গৈছিলোঁ। তেতিয়া আমাৰ সেইফালে এছবিআই যোৱাই নাছিল। কিন্তু কিবা এটাৰ কাৰণে তাত কাম নোহোৱাত আমি তিয়কৰ ইউবিআইলৈ যাব লগা হ’ল। এটিএম তেতিয়া অসমলৈ অহাই নাছিল হ’ব পায় ৷ দেতাৰ লগত গৈ আছোঁ আৰু চিঞৰি চিঞৰি, তাল-ফাল লগাই কথা পাতি। তেনেতে ঠিক জাঁজী পোৱাৰ আগে-আগে সাউৎকৈ গ’ল নহয় দুটা ‘পালচাৰীয়া’ আমাতকৈ আগবাঢ়ি। এনেই ৰাস্তাত আছোঁ, গাড়ী ইখনে সিখনক পিছ পেলাইয়ে দিয়কচোন চান্স পালে। কিন্তু ইহঁত খেকাৰখোৱা দুটাই আকৌ পিছ পেলাই লৈ আমালৈ ঘূৰি চাই থৈ গৈছিল। মোৰ দৰে সুন্দৰী,ৰমণী আৰু বিদূষী মহিলাক দেখিয়ে নে কি নাজানো আৰু,আমাতকৈ আগবাঢ়ি লৈয়ে উকি এটা মাৰি,ৰাস্তাটো জুৰি কঁকাল ভাঙি যি ডান্স দেখুৱাই গ’ল, মানে কি ক’ম আৰু ! দেখিয়ে দেতাৰ পুৰণি খংটো ভমক ভমক কৰিবলৈ ধৰিলে হ’বলা। মোক ক’লে বোলে, “লিং লাং কৰি নাহ, মোক ধৰ ভালকৈ৷”

মই বোলোঁ,“দেতা অ’,বাদ দিয়ক৷ আপুনি গেজেটদ অফিচাৰ, শোভা নাপায়।”
দেতাই বোলে,“কেপ্-কেপ্ নকৰ, থাপি-থূপি বহ আৰু মোক ভালকে ধৰ। খামুচি।”
ভয়ত মোৰ জীৱ যায় ইফালে। ৰাণী ভিক্টোৰিয়াৰ দৰে উৰি অহা চুন্নীখন এপাকত থপিয়াই ধৰি ডিঙিত মেৰিয়াই ল’লোঁ৷ উফৰি পৰিলেও যাতে ডিঙিটো কোমলকৈ পৰে। বোলোঁ-“দেতা,এলআইচি প্ৰিমিয়ামবোৰ ‘লেপ্স’(lapse) নোহোৱাকৈ দি আছে ন?”
দেতাই বোলে, “একে গতাই সৌ তাত পৰিবিগে এতিয়া৷ মুখখন বন্ধ কৰি চুপ-চাপ আহ৷”
মইও আৰু একো নামাতি “মুক্তি তনিচ পিহ যিটো” গাই চকু মুদি দিলোঁ।
তাৰ পিছত কি হ’ল মই নেদেখিলোঁ। মাত্ৰ মই আমাৰ স্কুটাৰৰ পৰা ওলোৱা “কটক”, “কটক” শব্দকেইটাহে মাজে মাজে শুনি থাকিলোঁ। ইফালে স্কুটাৰৰ গগন ফলা ঠেৰঠেৰীয়া মাত,একদম ৰাস্তা ফালি গৈছোঁ। দেতাই সেইদিনা কি খাইছিল নাজানো ৷ কিন্তু গিয়েৰ চেঞ্জ কৰোঁতে স্কুটাৰৰ পৰা যি মাত ওলাইছিল নহয়, মইতো গিয়েৰৰ তাঁৰকেইডাল সেইদিনা ছিগিব বুলিয়ে ভাবিছিলোঁ। গাল দুখনত যে বতাহে এনে খুচিছিল;চুই নাচালে গমেই নাপায়, গাল আছেনে নাই।

ইফালে মেলি যোৱা চুলি, বৰ বেছি দীঘল নাছিল বুলিহে৷ তথাপিও যি ৰকম ঠৰঙা লাগি পিছলৈ উৰিছিল,মোৰ মানে নিজৰে চুলিকেইডাল সেই সৰুতে টিভিত দেখা আলিফ লেইলাৰ কাৰ্পেটখনৰ দৰে হোৱা যেন লাগিছিল। মুঠতে সৰ্বশৰীৰ ঠৰঙা দিয়াৰ পিছত মই অনুভৱ কৰিছিলোঁ যে আমাৰ স্কুটাৰৰ গতি যেন অলপ কমিল। ঠেকেচা এটা খোৱাত চকু মেলি চালোঁ৷ “কৃষ্ণ প্ৰভু!! পোৱালাহি আও দেই৷” দেতাই বোলে-“নাম৷” মই বোলোঁ-“কেনেকৈ নামো ! এইটো পজিচনতে জমি গ’লোঁ হ’ব পায়৷ ভৰিত চিকুটি দিলেওচোন গমে নাপায় একো৷” তথাপিও কিবাপ্ৰকাৰে ধৰি-মেলি যেন-তেন নামিলোঁ৷ এতিয়া বাপেকে ভৰি দুটা জাঁপেই নোখোৱা হ’ল। দুফালে দুটা ভৰি দি বহি যোৱা মোৰ ভৰি দুটা মানে সেই ইংৰাজীৰ বৰফলা A ষ্টাইলত ৰৈ গ’ল। দেতাক বোলোঁ-“কঁকালৰ তলছোৱা আছেনে নাই মোৰ?” বহুত সময় তেনেকৈ থাকি কল্ড ড্ৰিংকছ্ দুটামান খাই লোৱাৰ পিছতহে মই আকৌ আগৰ দৰে টিঘিলঘিলাব পৰা অৱস্থালৈ আহিলোঁ৷ দেতাক সুধিলো, “আপোনাৰ দুছমন কেইটাৰ কি হ’ল।”দেতাই বোলে, “আধা বাটতে পিছ পেলাই,দুবাৰ ঘূৰি চাই ‘লুজাৰ’ চাৱনি দি আহিছোঁ৷ সৌ সিদিনাৰ ল’ৰা হৈ মোৰ লগত ফেৰ মাৰে!”

দেতা মানে খুবেই এক্টিভ আৰু এডভেঞ্চাৰ প্ৰিয়। এনেকুৱা স্বভাৱৰ বাবে মোৰ যে কিমান কুৰ্তা ফাটিছে,ঠিক নাই৷ সবতকৈ আগত যোৱাৰ বেমাৰ। য’ত খালী মানুহ এটা সোমাবলৈও দুবাৰ ভাবিবলগীয়া হয়,তাত দেতাই স্কুটাৰত মোক বহুৱাই বগুৱা বাই সোমাই দিয়েগৈ। মই কওঁ-“বোলোঁ,আপুনি আগৰ জনমত হয় বাংলাদেশী আছিল নহয় কেকোঁৰা…৷ এনেকৈ বগাই য’ত-ত’ত সোমাব পৰা কলা কেৱল এই দুবিধেহে জানে৷ আপোনাৰে তেজত এই গুণটো অলপ থাকি গ’ল চাগৈ এতিয়াও৷”

যি কি নহওক;সেইয়া আছিল দেউতাৰ স্কুটাৰ-এডভেন্সাৰৰ কাহিনী৷ এইবাৰ গাড়ীৰ কাহিনী শুনক৷

(২)
কলেজৰ দিনৰ কথা৷ দেউতাৰ লগত গুৱাহাটীত থাকোঁ,ভাড়াঘৰত৷ সেইসময়ত আমাৰ নতুনকৈ ওলোৱা ‘ৱাগন আৰ’খন আছিল৷
এবাৰ পূজাৰ বন্ধত ঘৰলৈ বুলি ওলালোঁ। দেতা আকৌ ঘৰলৈ যোৱা বুলিলে চাৰিটাতে উঠে। উঠি গাড়ী-চাড়ী ধুই চাহ-তাহ খাই পেপাৰ পঢ়ি থাকে আৰু মাজে মাজে মোক চিঞৰি সময়টো কৈ থাকে। সেইদিনাও কিজানি চাৰিটা নাবাজোঁতেই উঠিল। উঠি গাড়ী ধুলে। ফুটমেটবোৰ উলিয়াই ৱালত দিলে৷ গা-পা ধুই চাহ-তাহ খাই কাঁহি কাঁহি পেপাৰ পঢ়ি আছে। ঘৰৰ ডাঙৰ মানুহজনে কাম কৰি থাকিলে বৰ এটা ভাল নালাগে। কিন্তু দেতাই কেনিবা যাওঁ বুলিলেই আধা ৰাতিতে উঠি যিখনহে কৰে;দেখি থকা কেইটাৰো খং উঠে। মায়ে তামাম বকে। বোলে-“এইজনৰ শান্তি নাই৷ নিজেও নোশোৱে,ঘটং-মটং কৰি আনকো শোৱাত অশান্তি কৰে।”

নমান বজাত আমি যাবলৈ ওলালোঁ৷ গুৱাহাটীৰ পৰা ঘৰলৈ গ’লেই চাহ খোৱা,ভাত খোৱাৰ অলেখ প্লেন হয়৷ অমুকত নতুন ৰিজ’ৰ্ট,তমুকত নতুন ধাবা,মুঠতে এইবাৰ সোমাই খাই যাম। কিন্তু মূৰকত গৈ জাগিৰোডৰ মংগলমত চাহ,জখলাবন্ধাত ৰুটী আৰু নুমলীগড় ধাবা নাইবা ‘তৃপ্তিৰে এসাঁজ’ত ভাত খোৱাহে হয়গৈ৷ হাতত যিহেতু সময় বহুত, সেয়ে গান শুনি শুনি আৰামত গৈ আছোঁ৷ তেনেতে দেখিলোঁ;বাছ এখনে আমাক ‘অভাৰটেক’ কৰিলে আৰু দুৱাৰমুখত থিয় হৈ যোৱা ল’ৰাটোৱে আমাক কিবা “বাই বাই” কৰাৰ দৰে দেখুৱাই গ’ল। দেতাই বোলে,“দেখিছ, ইহঁতবোৰে কি দেখাই যায়! মই এতিয়া বুঢ়া মানুহ, তেজ গৰম নহয় বুলিহে পাংগা নলওঁ। কিন্তু কোনোবা ডেকা ল’ৰা স্কৰপিঅ’ বা চাফাৰী চলাই গ’লেতো কম্পিটিচনেই হ’ব৷”
অলপ পিছত আৰু এখন বাছ আগবাঢ়িল। সেইখনৰো থিয় হৈ যোৱা ল’ৰাটোৱে ঠিক একেইধৰণে দেখুৱাই গ’ল। দেতাই বোলে,“ইহঁতে আচলতে তোকহে জোকাইছে নেকি বুইছ ৷ এনেইনো ইহঁতে কেতিয়াবা বাছত খকৰা-মুকুটি খাইনে…ছোৱালী দেখি বাই দিব,হাই দিব৷”

এনেকৈ দেতাৰ সমুখতে ল’ৰাই বাই-বাই দিয়া দেখি মোৰো বৰ অসহজ লাগিছিল৷ সেয়ে চানগ্লাছযোৰ পিন্ধি ল’লোঁ৷ দেতাইও পৰিৱেশটো পাতল হওক বুলি আগতে দেতাহঁতে কেনেকৈ ছোৱালী জোকাইছিল তাৰে কাহিনী ক’বলৈ ধৰিলে। পিছে ‘বাই-বাই’ৰ প্ৰকোপ নকমেহে নকমে৷ কেইবাখনো অভাৰটেক কৰা বাছে যেতিয়া আমাক বাই বাই দিবলৈ ধৰিলে,দেতাৰ লাহেকৈ খং উঠিল। দেতাই বোলে-“এই কথাই কথা নহয়। ইহঁতৰ বৰকৈ তেল ফাটিছে৷” এইবুলি ধৰিলে এক্সিলাৰেটৰত গচকা মাৰি। স্পীড নকমাই হ’ল। দেতাই বোলে-“এইবাৰ চাওঁ কোনে মোক ‘বাই বাই’ দিয়ে!” তৰপিছত এনেকুৱা হ’ল যে এখনো বাছে পিছ পেলাব নোৱাৰা হ’ল। মোৰ ইফালে জীৱ যাওঁ যাওঁ। এতিয়াৰ দৰে দুই লেনৰ ৰাস্তাও নাছিল হ’ব পায়। মই বোলোঁ-“দেতা অ’! আপুনি এক্সিলেটেৰত ইটা দুটুকুৰা দি দুইটা ভৰি ব্ৰেকতে থৈ দিয়ক ঔ, আজি কি হয় ঠিক নাই।”
এনেকৈ উৰি-উৰি গৈ জখলাবন্ধা পালোঁগৈ। দেতাই বোলে-“কিবা এটা খাই লওঁ৷” এইবুলি দামিনী নামৰ হোটেল এখনত সোমালোঁ। আচলতে সোমাওঁতে অনেকত সোমাইছিলোঁ, কিন্তু বাথৰূমত ভুমুকি মাৰিয়ে ঘূৰি আহিব লগা হোৱাত অৱশেষত দামিনীৰে বাথৰূম চাফা দেখি তাতে চাহ খাবলৈ বহিলোঁ৷

মই টেবুল এখনত গ্লাছযোৰ থৈ বহি আছোঁ৷ দেতা আকৌ অলপ বেছি যে। তেওঁ সেই নাইট-চুপাৰ, দে চুপাৰবোৰৰ ড্ৰাইভাৰবোৰে যে ৰাস্তাত গাড়ী ৰখাই চকাত টুকুৰিয়াই চায়,তেনেকৈ চকাত টুকুৰিয়াই হাউলি হাউলি কিবা চাই ফুৰিছে। যেন একেবাৰে এক্সপাৰ্ট ড্ৰাইভাৰহে…! তেনেতে মোৰ চকুত পৰিল-আমাৰ গাড়ীৰ পিছফালে থকা ৰেডিঅ’ৰ এণ্টিনাডালত চোন কিবা এখন ওলমি আছে।
মই ‘কি বস্তু’ বুলি ভয়ে খালোঁ। লৰালৰিকৈ উঠি গৈ চালোঁ,উৱা গামোচাচোন৷ একদম অঁকাই-পঁকাই লাগি আছে৷ দেতাক বোলোঁ-“এইখন কাৰ গামোচা, ইয়ালৈ কেনেকৈ আহিল?”
গামোচাখন দেখি দেতা হাঁহিত ফাটি পৰিল। ইমানেই হাঁহিছে যে-হাঁহিত কথাই ক’ব পৰা নাই। মই বোলোঁ-“হ’ল কি?” দেতাই বোলে-“মোক নবকতো৷ নবক যদিহে ক’ম৷”
‘নবকোঁ’ বোলাত দেউতাই কৈছে –“সেইখন গাড়ী মচা গামোচাখন৷” গাড়ী ধুই উঠি,সেইখনেৰে মচি গাড়ীখনৰ ওপৰতে মেলি থৈছিল শুকাওক বুলি৷ পিছে ঘৰলৈ অহাৰ ‘জৌশ’ত পাহৰিলে। পিছত বতাহত উৰি গৈ এণ্টিনাত লাগি হালি-জালি আহিছে,আৰু আমি বাপ-বেটী গোটেই “ঝণ্ডা উছা ৰহে হামাৰা” কৰি তমস্কাৰ হৈ গান শুনি গৈ আছোঁ৷ আৰু সেইখনকে দেখুৱাই যোৱা বাছৰ ল’ৰাকেইটাৰ ‘ইচাৰা’ বুজিব নোৱাৰি আমি ভাবি আছিলোঁ যে সিহঁতে আমাক পিছপেলাই ফূৰ্তিত বাই-বাই দি গৈছে৷
এনে যে খং উঠিছিল নহয়…!

☆★☆★☆

Comments

  1. মই পিছে ‘গামোছা কা ঝণ্ডা হমেচা উছা’ হৈ থকাটোৱেই বিচাৰো!

    বঢ়িয়া!!

Leave a Reply

Your email address will not be published. Required fields are marked *