কলিতা খুৰাই আজি নতুন বছৰৰ পহিলা দিনটোত সংকল্প লৈয়ে পেলাইছিল-এইবেলি আনৰ ভুল ধৰা,সমালোচনা কৰা,প্ৰতিবাদ কৰা..সব বন্ধ৷ দিনটো তেওঁ চকু-কাণ চেপি পাৰ কৰিলে। কিন্তু এই ৰাতিখন তেওঁৰ সংকল্পত আউল লাগিল। আচলতে তেওঁৰেই পুত্ৰ টিংকুৱে লগালে জগৰটো। সি মঞ্চত আঁৰিবলৈ অনা বেনাৰখনত খুৰাই দেখিলে- ‘বহাগ’ বানানটি ‘ব’হাগ’ হৈ আছে!! এতিয়া কয় কেনেকৈ?? টিংকুয়েইতো জানে তেওঁৰ সংকল্পৰ কথা। চৌবিশ ঘণ্টাও হোৱা নাই আনৰ ভুল নধৰোঁ বুলিবলৈ। খুৰাৰ পেটটো পকাবলৈ ধৰিলে। চকু দুটা পিৰ্‌পিৰাবলৈ ধৰিলে। জিভাখন লপ্‌লপাবলৈ ধৰিলে। কিন্তু খুৰাই ইন্দ্ৰিয় দমন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলালে। আজি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বছৰটো তেনেকৈয়ে যাব। সিপিনে টিংকুৰ লৰালৰি। সাংস্কৃতিক মঞ্চ মুকলি কৰিবগৈ লাগে। বেনাৰখন লাগে। সি লৰালৰিকৈ বেনাৰখনৰ নুৰা এটা পকাই ল’লে। বাইকত কিক্ মাৰিলে…ব্ৰুম..ব্ৰুম…ব্ৰুম…।
‘ঐ বাবা, টিংকু ঐ…’। বাপেকৰ চিঞৰত টিংকু ৰ’ল। খৰধৰকৈ সুধিলে বাপেকক- ‘কি হ’লনো?’ কলিতা খুৰাই কাণ-মূৰ খজুৱাই কওঁ-নকওঁকৈ ক’লে- ‘বহাগত কপৌফুল ফুলে,কিন্তু বহাগে কপৌফুল নিপিন্ধে হ’লে…!’ টিংকুও খুৰাৰহে ল’ৰা; কথাষাৰ বুজি পালে৷ তথাপি নিশ্চিত হ’বলৈ সুধি ল’লে-‘তোমাকনো কোনে ক’লে?’ খুৰাৰ মাতত জোৰ আহিল এইবাৰ- ‘হেমকোষ’-এ !
টিংকুই বাইকৰ পৰা নামি আহিয়েই বেনাৰখন মেলি ধৰি বানানটো শুধৰোৱাত লাগিল। খুৰাই ঘড়ীটোলৈ চালে-‘তোৰ দেৰি নহ’ব জানো?’ সি মূৰ নোতোলাকৈয়ে ক’লে-‘নহয়। অনুষ্ঠানবোৰ ৰাতিকৈয়েই আৰম্ভ হয়।‘ এইবাৰ খুৰাৰ মাতটো আৰু খুলিল-‘তেন্তে এইখিনিত সাংস্কৃতিক সন্ধিয়া নিলিখি সাংস্কৃতিক মধ্যৰাত্ৰি/শেষৰাত্ৰি নিলিখিলি কিয়???’ এইবাৰ টিংকুয়ে দেউতাকলৈ মূৰ তুলি ঘোপাকৈ চাই থাকিল; যেতিয়ালৈকে তেওঁ সেই স্থানৰপৰা প্ৰস্থান নকৰিলে,তেতিয়ালৈকে।

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *