“ঐ মইনুল ফক্স, এখন হাতৰ খুচুৰা হ’বনে?” – পাঁচশ টকীয়াখন আগবঢ়াই গলিটোৰ মূৰতে থকা দোকানখনত ৰজনীগন্ধা কিনিবলৈ সোমালোঁ।
“দাদা, মোৰ নামটা তোহ মইনুল হক হে,তুমি কি আৰু ফক্স লগাই মাতা! বিবিয়ে শুনিলে তেনেকেএ মাতা কৰবো মোক!”-এইবুলি হাঁহি হাঁহি কথাষাৰ কৈ মই আগবঢ়োৱা নোটখন আচল নে নকল-সেইয়া সি নিজে আৱিষ্কাৰ কৰা ষ্টাইলটোত চাবলৈ ধৰিলে।
“ভাই,সৰুতে কবি হ’বলৈ খুউব মন আছিলে৷ নোৱাৰিলোঁ যেতিয়া মানুহৰ নামৰ উপাধিৰ লগত জীৱ-জন্তুৰ নাম ছন্দ মিলাই মাতি নিজকে কবি-কবি ফিল কৰাওঁ। বাই দা ৱে, শিয়াল মোৰ প্ৰিয় জন্তু!” এইবুলি কৈ উঠি,তাক বহুতপৰ নোটখন চাই থকা দেখি বিৰক্তিতে সুধিলোঁ, “ইমানপৰ কিখন চাই আছ তেনেকে ! গান্ধীজীৰ তালুত চুলি আহি নাযায় দে ভাই,নোটখন আচলেই! পথালিকৈ চা, বেণ্ডডালৰ কালাৰটো একে আছেনে চেঞ্জ হৈছে!”
“অ’ দাদা হৈছে হৈছে, আচ্চা কৈটা দিম!” তাৰ কথাৰ উত্তৰত ময়ো সোঁহাতৰ মধ্যমা আৰু তৰ্জনীৰে ভিক্টৰী চিনটো বনাই ‘দুটা’ বুলি দেখাই দিলোঁ। চেল্ফত থকা কাঁচৰ বৈয়ামটোৰপৰা ৰজনী দুপেকেটৰ সৈতে বাকী থকা খুচুৰাখিনি সি মোক উলিয়াই দিলে আৰু তুলসীৰ পেকেট আনিবলৈ পিছফালে ঘৰলৈ গ’ল৷ তেনেতে এজন মানুহ দোকানলৈ বুলি সোমাই আহিল। দেখনিয়াৰ শকত-আৱত মানুহজনে ভিতৰলৈ সোমায়েই সদ্যমুক্তিপ্ৰাপ্ত দহটকীয়া নোট এখন চেল্ফৰ ওপৰত সজাই ৰখা বিস্কুটৰ পেকেটৰ ওপৰত পেলাই দি মোক উদ্দেশ্যি ক’লে, “কমলা এটা!”
নতুন দহটকীয়া নোটৰ লোভ সামৰিব নোৱাৰি মই মোৰ পকেটত থকা দহটকীয়া কইন এটাৰ লগত নোটখন সলাই লৈ মানুহজনৰ পিনে চাই এটা ধুনীয়া হাঁহি মাৰিলোঁ; যাতে মানুহজনে তেওঁ দিয়া নোটখন মই মোৰ পইচাৰ লগত সলাই লোৱাত কোনো আপত্তি নকৰে৷ মোৰ অফিচৰ কৰ্মচাৰীসকলে নতুনকৈ ওলোৱা নোটবোৰ দেখা নাই৷ তেওঁলোকৰ আগত গৈ “লেভেল” দেখুউৱাৰ সৰু আশা মোৰ মনত এটা জাগি উঠিছিল৷ সেয়েহে নতুন দহটকীয়া নোটখন হাতৰ পৰা যাব দিবলৈও খোজা নাছিলোঁ। আগৰকেইবাৰ নতুন দুহাজাৰ, পাঁচশ, দুশ আৰু পঞ্চাছটকীয়া দেখুৱাওঁতে সিহঁতৰ কৌতূহল আৰু মোৰ প্ৰতি জাগি উঠা “চুপেৰিওৰিটি”ৰ ভাবটো এতিয়ালৈকে মনত লাগিয়েই আছে।

“কি হ’ল ! দিয়ক আকৌ!” ধৈৰ্য হেৰুৱাই পেলোৱা মানুহজনে অৰ্ডাৰৰ সুৰতেই মোক ক’লে৷ ময়ো নতুন দহটকীয়াখন হেৰুওৱাৰ ভয়ত লাহেকৈ আলু-পিয়াঁজৰ বস্তাৰ মাজত কমলাটেঙা বিচৰাত লাগি গ’লোঁ। কিছুপৰ তেনেকৈ বিচাৰি থকাত মানুহজনে সুধিলে, “আপুনি তাত কি বিচাৰিছে ! কমলাচোন ইয়াত আছে, বটলৰ ভিতৰত৷”

ময়ো কেঁচা টোপনিৰ পৰা জগাই দিয়া মানুহৰ লেখীয়া উচপ খাই উঠি পিছফালে ঘূৰি চালোঁ। অ’ আচ্চা, মানুহজনে এইটো কমলাৰ বিষয়েহে কৈ আছিলে! আমিতো এইটোক ‘কম্‌লা’ (Kamla) বুলিহে কওঁ, তাকো এপেকেট কম্‌লা! এটা কমলা বুলি ক’লে ঠাণ্ডাৰ দিনত কমলাটেঙাৰ কথাই মনলৈ আহিব৷ তেতিয়াহে মই বুজিলোঁ-মানুহজনে ফলৰ দোকান এৰি মইনুলৰ দোকানত কিয় কমলা টেঙা বিচাৰিবলৈ আহিছে! আহিবও পাৰে বাৰু৷ মইনুলৰো ঠিক নাই, সিতো পাৰিলে চব বস্তুৱেই ৰাখিব খোজে। ময়ো উঠি আহি কমলাপচন্দ এপেকেট উলিয়াব খোজোঁতেই মইনুলো আহি পালে তুলসীৰ পেকেট লৈ।

“কি মানুহ ৰাখি থৈছ বে, কমলা এটা দিয়াত ইমান দেৰি লগাইছে!! আৰু তই দোকান এৰি ক’ত গৈ মৰ?”
মোৰ হাতত তুলসী পেকেট দুটা গতাই মইনুলেও হাঁহি হাঁহি ক’লে, “হেই! নহয়হে দাদা এইটুও কাষ্টমাৰ, মই সিয়াৰ বস্তু আনবা ঘৰত গৈছিলোঁ। লওঁক এইটু আপোনাৰ কমলা।”

মানুহজনেও কমলাপেকেট হাতত লৈ মোৰ পিনে কেৰাহিকৈ চাই দোকানৰ পৰা ওলাই যোৱাত মই মইনুলক মাতিছিলোঁহে মাত্ৰ, “ফক্স ভাই..”
“আৰে ফক্স ফক্স নামাতিবানা, নিজকে শিয়াল যেন লাগে, পাচাবেলা হোৱা দিব মন যা হ’ব!” মোৰ কথাটো মাজতে কাটি সি কৈ উঠিল।
“অকে অকে ছৰি! আচ্চা শুন, কমলাটো বুলিলে তই কমলা টেঙা বুজিবিনে কমলাপছন্দ বুজিবি?”
মোৰ কথাৰ উত্তৰত সিও তপৰাই উত্তৰ দিলে, “দাদা৷ মোৰ দোকানৰ ভিতৰত তোহ এটাই কমলা আছে৷ সেইটোৱেই কওঁক বা পেকেটে কওঁক সেউজীয়া পেকেট টু এ বুজিম৷ দুইটাৰে ৰস আছে, এটাৰ গাত নিজে নিজে থাকে আৰু এটা মানুহৰ গাত সোমালে ৰস ওলায়।”

তাৰ কথাত মই নাহাঁহি নোৱাৰিলোঁ৷ অলপ সময় তেনেকৈ কথা পাতি মই দোকানৰ পৰা বাহিৰলৈ আহি ৰাস্তাটো পাৰ হ’ব ওলাইছিলোঁহে মাত্ৰ; চেণ্ডেলযোৰৰ আগখিনিত তেনেতে ক’ৰবাৰপৰা পিক্ অকণমান উৰি আহি বাওঁভৰিৰ বুঢ়া আঙুলিটোৰ লগতে গোটেই চেণ্ডেলপাতৰ আগখিনি ৰঙা কৰি পেলালে৷ ডিঙিটো ঘূৰাই চাই দেখিলোঁ; অলপ আগতে কমলাপছন্দ কিনি নিয়া মানুহজনে কাষৰ দোকানখনৰ সন্মুখৰ চকীত বহি কমলা চোবাই পিকাইছে। খঙটো উঠিছিল যদিও দমাই ৰাখি পিছপিনে ঘূৰি মইনুলক উদ্দেশ্যিয়ে ক’লোঁ –

“মইনুল ফক্স ভাই, তই বেচা কমলাৰো ৰস ওলাইছে চা! আহি একেবাৰে মোৰ ছেণ্ডেলতে পৰিছে৷”

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *