ৰাম আৰু ৰাৱণৰ মাজত তয়াময়া যুদ্ধ । প্ৰথমকেইদিনৰ যুদ্ধ চাই কোন জিকিব-সেইয়া অনুমান কৰিবলৈ কঠিন হৈছিল । এক ৰোমাঞ্চকৰ যুদ্ধৰ পাছত অৱশেষত ৰামৰ জয় হ’ল । ভাৰতৰ সেইসময়ৰ যিমান কবি আছিল; সকলোৱে যুদ্ধৰ অসম্ভৱ আকৰ্ষণীয় বৰ্ণনাৰে পেপাৰবোৰ ভৰাই পেলালে । মানুহে ৰামৰ বিজয়ক এনে ঐতিহাসিক ক্ষণৰূপে কল্পনা কৰিলে যেন তেতিয়াৰেপৰা সময়ৰ গতিও সলনি হৈ যাব । সেই যুঁজযেন অন্ধকাৰৰ লগত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় ! মুঠতে সকলোৰে মনত এনে অনুভৱ যেন ক্ৰিকেট খেলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে !

সেই সময়ত লঙ্কাত ক’লম্বো নামৰ গাঁও এখনত এজন দৰিদ্ৰ কৃষকে বাস কৰিছিল । তেখেতৰ সম্পত্তি বুলিবলৈ মাত্ৰ তিনিবিঘামান খেতি মাটি আছিল,য’ত তেখেতে খেতি কৰিছিল । চৰকাৰক কৰ-কাটল দিয়াৰ পাছত তেখেতৰ হাতত যিখিনি বাচিছিল তাৰেই আনৰ আগত হাত নপতাকৈ চলি গৈছিল । কিন্তু যুদ্ধৰ বাবে যেতিয়া ৰাৱণে সুৰক্ষা টেক্স লগাই দিলে,কৃষকজনৰ অৱস্থা কাহিল হৈ আহিল । যুদ্ধৰ শেষত ৰাজগাদী বিভীষণৰ হাতলৈ আহিল । যুদ্ধৰ আগতেই বিভীষণে ৰামৰ লগত মিত্ৰতা কৰি লৈছিল৷ গতিকে যুদ্ধৰ শেষত এইটো থিৰাং হ’ল যে বিভীষণ ৰজা হ’ব আৰু ৰামসেঁতুৰ ওপৰেৰে পাৰ হোৱা যান-বাহনৰ যি টুলটেক্স হ’ব,সকলো অযোধ্যালৈ পঠিয়াব লাগিব৷
সেই কৃষকজনে ভাবিছিল যে বিভীষণ ৰজা হ’লেই সকলো সমস্যাৰ সমাধান হ’ব । যুদ্ধৰ আগৰেপৰাই বিভীষণ পাৰ্টিৰ সমৰ্থকসকলে জনসাধাৰণৰ মাজত বিভীষণৰ অবিৰাম গুণ-গান গাবলৈ লৈছিল । কৃষকজনে এইবুলিও শুনিছিল যে এবাৰ যদি কেনেবাকৈ বিভীষণ ৰজা হয় তেন্তে তেওঁৰ গাঁৱত চৰকাৰী স্কুল কলেজ খুলিব,গাঁৱলৈ অহা ৰাস্তাটো পকী কৰি দিব । গাঁওৰ সীমাৰ বাহিৰত থকা,বন্ধ হৈ থকা উদ্যোগটো আকৌ সক্ৰিয় হ’ব । সেইটো আকৌ খুলিলে অন্ততঃ গাঁৱত কেইটামান নিবনুৱা কম হ’ব-কৃষকজনে ভাবিলে । গতিকে কৃষকজনেও যুদ্ধৰ সময়ত ৰামৰ বিজয়কে কামনা কৰিছিল ।

যেতিয়া বিভীষণ ৰাজগাদীত বহিল-দেখিলে যে ৰাজকোষৰ আৰু ৰাজ্যৰ অৱস্থা দেখোন শোচনীয় । এফালে হনুমানে লংকাৰ গোটেই উল্লেখনীয় উদ্যোগ আৰু ভৱনবোৰ জুই লগাই শেষ কৰিলে; আনফালে অসময়ত যুদ্ধৰ বাবে ৰাজকোষৰো তলি উদং । অতদিনে ৰাৱণৰ ৰাজত্ব-কালত হোৱা কেলেংকাৰীবোৰ উদ্ঘাটন কৰাটোও বিভীষণৰ সন্মুখত বিৰাট সমস্যাৰূপে থিয় দিলেহি,যিটো বিভীষণে গাপ দি থোৱাই উত্তম বুলি বিবেচনা কৰিলে । ইফালে লঙ্কাৰ ভৱিষ্যত-সুৰক্ষাৰ কথাও আছে,কাৰণ বান্দৰৰ হাতত পৰাজিত হৈ বাচি থকা সেনাবাহিনীৰ মনোবল একেবাৰে লোপ পালে বুলিব পাৰি । নতুন অস্ত্ৰ-শস্ত্ৰৰেহে যদি সেই মনোবল আকৌ ঘূৰি আহে ৷ গতিকে নতুনকৈ অত্যাধুনিক অস্ত্ৰও কিনিব লাগে । সকলো জাতিকে সামৰি এখন নতুন মন্ত্ৰীমণ্ডল গঠন,নিবনুৱা সমস্যা সমাধান, কানুন-ব্যৱস্থালৈ পুনৰ সুস্থিৰতা অনা,আগৰ ৰাৱন আৰু কুম্ভকৰ্ণৰ মূৰ্তিসমূহ ভাঙি ৰাইজৰ মনৰপৰা সেই আতংক আঁতৰাই তাৰ ঠাইত ৰাম,লক্ষ্মণ আৰু হনুমানৰ মূৰ্তি বহুউৱা,নগৰ-ৰাস্তা-বিদ্যালয়সমূহৰ পুনৰাই নামকৰণ কৰা আদি কামবোৰ বিভীষণে তালিকাৰ প্ৰথম সূচীত ঠাই দিলে ।

এইবোৰ কৰিবলৈতো ধন লাগিব৷ পিছে ধন ক’ত ? যুদ্ধৰ শেষত বান্দৰসেনাই চব লুটি নিলে । ৰামসেঁতুৰ টোলটেক্সো অযোধ্যালৈ দিব লাগে,তাত হেৰা-ফেৰিৰো উপাই নাই ৷ ৰামে নিজা মানুহ বহাই দিছে । বজাৰত ‘হাপ্তা’ ল’বলৈও উপায় নাই । মুঠৰ ওপৰত কথাটো এনেকুৱা হ’লগৈ যে-ধন লাগে কিন্তু ধনাগমনৰ কোনো পথ নাই ।

শেষত বিভীষণৰ উপদেষ্টাসকলে ‘আম জনতা’ৰ ওপৰত আকৌ টেক্স লগাবলৈ উপদেশ দিলে । লগতে ৰাৱণৰ শাসন-কালত আম জনতাক দিয়া ‘ছাবচিডি’বোৰো এটা এটাকৈ আঁতৰাই যাবলৈ উপদেশ দিলে । ফলত জনতাৰ ওপৰত পুৰণা টেক্সৰ উপৰিও নতুন কিছু টেক্স জাপ খালে । সুলভ মুল্যত একো নোপোৱা হ’ল । জনতা চৰকাৰৰ এই সিদ্ধান্তৰ বাবে সেই কৃষকজনকে ধৰি বহু মানুহ ক্ষুব্ধ হৈ উঠিল,যদিও লাভৰ পিনে একো নহ’ল । গাঁৱৰ সেই ‘নিবনুৱা’ নিৱনুৱাই হৈ থাকিল,নতুনকৈ আৰু চলি থকা উদ্যোগো বন্ধহে হ’বলৈ লৈছে৷ নতুন পকী ৰাস্তা নিৰ্মাণতো বাদেই,আগৰ পকী ৰাস্তাও জহি-খহিহে গৈছে । উন্নতি হোৱাৰ নামত বোলে বিভীষণ পাৰ্টিৰ বেংকবেলেঞ্চহে হুৰাহুৰে বাঢ়িছে । কৃষকজনে এতিয়া উপলব্ধি কৰিছে যে তেওঁৰ বাবে ৰাৱণৰাজ আৰু বিভীষণৰাজৰ মাজত একো পাৰ্থক্য নাই ।

☆★☆★☆

Comments

  1. ভাল লাগিল সোনটো, তোমাৰ লিখন-শৈলী দিনক-দিনে ধুনীয়া হৈ গৈ আছে

Leave a Reply

Your email address will not be published. Required fields are marked *