বিয়াৰ কেইমাহমানৰ আগৰ দৃশ্য৷ দুৰন্ত গতিৰে বিয়াৰ প্ৰস্তুতি চলিছে৷ প্ৰত্যেকদিনাই দুপৰীয়া ঘৰত ভাতসাঁজ খায়েই ওলাই গৈছোঁ মানুহ মাতিবলৈ৷ গুৱাহাটীত থকাৰ সূত্ৰে প্ৰথমে গুৱাহাটীত থকা চিনাকীসকলৰ পৰাই মানুহ মতা পৰ্ব আৰম্ভ কৰিছোঁ৷ চহৰখনৰ ইমূৰৰ পৰা সিমূৰ দিহিঙে-দিপাঙে ঘূৰি বিয়াৰ নিমন্ত্ৰণী পত্ৰ দি চাহ-বিস্কুট খোৱা কামটো কৰি থাকোঁতে ভাবিছোঁ-এইটো পেট নহয় যেন হট-ৱাটাৰ বেগহে ! অৱশ্যে এফালৰ পৰা চাবলৈ গ’লে হয়ো দিয়কচোন৷ ইমান বছৰৰ মূৰত গৈছোঁ মানুহৰ ঘৰলৈ৷ (আজিকালি সঘনাই মানুহৰ ঘৰলৈ গৈ থাকিবলৈ সময়-সুবিধাই নিমিলেচোন !) গতিকে গৃহস্থই আলহীক শুদা মুখেৰে ঘূৰাই পঠিয়াবনে ! গতিকে উপায় নাই,ইচ্ছা নাথাকিলেও চাহ খাবলগীয়াত পৰে ৷ “নাই নাখাওঁ, সিঘৰত খাই আহিছোঁ” জাতীয় বাক্যবাণ নিক্ষেপ কৰিও পৰিত্ৰাণ পাব নোৱাৰি৷ পাচন-প্ৰক্ৰিয়াই প্ৰতিবাদ কৰিলেও চাহ-বিস্কুট খাবই লাগিব !!

বিয়া বুলি ক’লেই বিয়াৰ লগতেই কঁঠালৰ আঠা লগাদি লাগি আহে বিয়াৰ বজাৰখন৷ সেইভাগ বাদ দি বিয়াৰ কথা ভাবিবই নোৱাৰি৷ বিয়া পতা মানুহেহে বুজি পায় আজিৰ যুগত বিয়া এখন ভালদৰে পতা মানে মূৰৰ ওপৰেৰে বা-মাৰলী এজাক পাৰ হৈ যোৱা৷ বিশেষকৈ কাপোৰ আৰু আ-অলংকাৰৰ বজাৰখন ! হে গোঁসাই !! ছোৱালীঘৰৰ লিষ্টখন মেলি ধৰি চালোঁ-তেওঁলোকৰ সম্বন্ধীয় মামা-মামী,খুড়া-খুড়ী,পেহা-পেহী,জেঠা-জেঠী,বৰদেউতা-বৰমা,ককা-আইতা,অঙহী-বঙহী ইত্যাদি ইত্যাদি আৰু কতজন ! এইখন লিষ্টেইনে ! মামা-মামীৰ সংখ্যাই ৮/৯জন মান ৷ ওচৰৰ,আঁতৰৰ সকলো মিলি ৷ ঠিক একেদৰে,খুড়া-খুড়ী,মহা-মাহী এইবোৰ সকলোৰে সংখ্যা দুই বা তিনিতে আবদ্ধ হৈ থকা নাই,একেবাৰে দহ বা এঘাৰৰ ঘৰলৈ জঁপিয়াইছে৷ পেটে-পেটে ভাবিলোঁ-এইখন লিষ্ট নহয় যেনিবা সাহায্য-দানৰ তালিকাহে ! পিছে মুখ ফুটাই একো নকলোঁ৷ নিজৰ ভৰিত কেলেইনো নিজেই কুঠাৰখন মাৰোঁ! গতিকে তালিকা অনুযায়ী মেখেলা-চাদৰ,ছাৰ্ট-পেণ্টৰ পিচ্ কিনাত লাগি গ’লোঁ৷ নিকিনিলেতো উপায় নাই৷ আফটাৰ অল, অসমীয়া খাৰখোৱা জাতিহে আমি৷ গতিকে অসমীয়া ‘কালচাৰ’ ৰক্ষা কৰিবই লাগিব৷ ইপিনে পকেটত পইচা থাকক বা নাথাকক ৷ তালৈ কাৰো চকু দিবলৈ নাই।

মুখ ফুটাই নক’লেও পেটে-পেটে ভীষণ খং ৷ কি কাম নাইকিয়া নিয়ম এইবোৰ! অত্যধিক অসহ্য লাগিলে কওঁ-“কি অ’!! এইবোৰ নিদিলে নহয়নে!” মায়ে চিঞৰি উঠে-“কি যে বাজে কথাবোৰ কৱ নহয়! নিদিলে কেনেকৈ হ’ব ক’চোন৷ মানুহে দেউতাৰক কি বুলি ক’ব! কি বুলি ভাবিব! সন্মান ৰক্ষা কৰিব লাগিব নহয়!” মই জঁপিয়াই উঠিলোঁ-“সন্মান ! আ-হা-হা…দেউতাৰ সন্মান কি এই আ-অলংকাৰ কাপোৰ-কানিতহে আছে?” মায়ে সেইবাৰ শান্ত-স্থিৰ হৈ মোলৈ ব্ৰহ্মাস্ত্ৰপাত নিক্ষেপ কৰে-“তই এইবোৰ নুবুজিবি ৷ সৰু হৈ আছ৷” ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰত মই এইবাৰ নিৰ্বাক-নিশ্চল।

বিয়া বুলিলেই আৰু এটা ‘আইটেম’ বিয়াৰ পাছে পাছে আহে; সেয়া হ’ল-‘ৰিচিপচনত কি কি আইটেম থাকিব?’ আস্ কত যে আয়োজন ! আগৰ দিনৰ কথা সুকীয়া আছিল৷ লুচি তিনিখন,কাষতে মটৰৰ ঘুগুনি অকণ,তাৰ কাষতে বাতি এটাত চিৰা-দৈ আৰু মজলীয়া আকৃতিৰ গোল্লা এটা৷ আইটেমৰ সংখ্যা কম হ’লেও তাৰ আমেজেই আছিল সুকীয়া ৷ পিছে আজিকালি ! ডাঙৰ বিয়াবোৰৰ কথা নকওঁৱেই, তোলনি-বিয়াতো সাত-আঠটা আইটেম। অ’ গোঁসাই ! পোলাও-মাংস সেই আইটেমবোৰৰ ৰজা, ৰাণী লেখীয়া৷ তাৰ আশে-পাশে মন্ত্ৰী,সেনাপতিৰ ৰূপত থাকিব বুটৰ দাইল, পনীৰ, পুৰি, শুকান ভাজি, মাছ, মূৰিঘণ্টকে ধৰি নানাবিধ সুস্বাদু ব্যঞ্জন ৷ পিছে অতসোপা বস্তু খাইও ৰাইজৰ হেঁপাহ নপলায়৷ উদৰ পূৰাই গোটেইবোৰ হজম কৰি গুৰু-গম্ভীৰ ভাবত গঠনমূলক সমালোচনা কৰিব-“হুমম…সব ঠিকেই আছিল৷ কিন্তু মাংস অলপ পনীয়া কৰিলে৷ ৰসগোলাটো বেছি শুকান হ’ল” ইত্যাদি৷ এইবোৰ ভাবি-চিন্তিয়েই মই ঘৰত ক’লোঁ- “আমাৰ অতসোপা আইটেম কৰি লাভ নাই৷ চাৰিটমান আইটেম কৰা৷ বচ,হৈ যাব৷ হাজাৰটা আইটেম খোৱালেও ৰাইজক সন্তুষ্ট কৰিব নোৱাৰা৷” পিছে মোৰ পৰামৰ্শক আদবাটতে ঠেকেচি, মায়ে পুনৰ শুনাই দিলে সেইষাৰ অমৃতবাণী-“তই এইবোৰ নুবুজিবি৷ সৰু হৈ আছ৷”

ঠিকেই,সৰু হৈ আছোঁ৷ বিয়া বুলিলেই আমাৰ ঘৰে-ঘৰে সৃষ্টি হোৱা এই মঞ্চসফল নাটকবোৰ বুজি পাব পৰাকৈ মোৰ যোগ্যতা কিম্বা অৰ্হতা দুয়োটাই নাই৷ গতিকে সকলো বুজি-শুনি-দেখিও আজিকালি মৌনতাকেই বন্ধু পাতি লৈছোঁ৷

☆★☆★☆

Comments

  1. “হুমম…সব ঠিকেই আছিল৷ কিন্তু মাংস অলপ পনীয়া কৰিলে”

    বহুত অভিজ্ঞতা হ’ল দেই এনেকুৱা!!! খুব ভাল লাগিল পঢ়ি

Leave a Reply

Your email address will not be published. Required fields are marked *