প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি..! কেনেকৈ ক’ম! বাৰে বাৰে বিফল হোৱাৰ পাছত নিজৰোতো এটা সন্মান আছে দিয়কচোন৷ অন্ততঃ নিজৰ বুলিবলৈ আত্মসন্মানকণেই আছে, তাকেই অমুকিয়ে আঁচলত বান্ধি ফুৰিছোঁ৷

জীৱনত ‘প্ৰেম’ নামৰ বিলাসিতাভাগ উপভোগ কৰিবলৈ নাপালোঁৱেই৷ ভাবিছিলোঁ; বিয়াৰ পাছত হেঁপাহ পলুৱাই কৰিম৷ পিছে ডাইপাৰ আৰু বেবী ফুডৰ হিচাপ ৰাখোঁতেই প্ৰেম পিছ-দুৱাৰেদি পলাল৷ আজি পিছে নিজৰ বুলি আপোনাসৱৰ আগত মোৰ বিফল প্ৰেমৰ অগাধ কাহিনীৰ এটুপি ৰসাস্বাদন (মোৰ বাবে দুখৰ মালিতাহে দেই) কৰাওঁ বুলি মনস্থ কৰিয়েই কলম লৈ বহিলোঁ৷

নগাঁও কলেজত তেতিয়া নতুনকৈ এডমিছন লৈছোঁ৷ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত৷ আমি চাৰিজনীয়া এটা গ্ৰুপ৷ গোটেইকেইজনী য’লৈকে যাওঁ,সদায় একেলগেই যাওঁ৷ অফ ক্লাছত আটাইকেইজনীয়েই বহি আড্ডা দিওঁ। অফ ক্লাছত বহি আটাইকেইজনীয়ে আড্ডা মাৰি থাকোঁতেই এদিন হঠাৎ চকু পৰিল ওপৰৰ মহলাৰ ক্লাছৰুমটোৰ পৰা এযোৰ চকুৱে আমাকেই লক্ষ্য কৰি আছে৷ লগৰ এজনীয়ে দেখুৱাই দিয়াত ধুনীয়া ল’ৰাটোৱে চকুযুৰি আনফালে ঘূৰাই দিলে৷ তাৰ পাছত সদায়েই এইটো কাণ্ড হ’বলৈ ধৰিলে৷ আমি নিৰ্দিষ্ট ঠাইটুকুৰাত বহোঁ; চকুযোৰে আমাক লক্ষ্য কৰি থাকে৷ কেতিয়াবা আঁতৰৰ পৰা; কেতিয়াবা আমাৰ কাষৰে লগৰ কেইজনৰ লগত পাৰ হৈ যায়৷ যাওঁতে আমাৰ ফালে বেঁকাকৈ চাই যায়৷ লাহে লাহে সেই চাৱনিটোৱে মনৰ কোনোবা এটা কোণত ঠাই পালে৷ অকল মোৰেই নহয়, আমাৰ আটাইকেইজনীৰে একেই দশা৷ দিনে-ৰাতিয়ে সেই চকুযুৰিৰ চাৱনিয়ে আমনি কৰিবলৈ ধৰিলে৷ ল’ৰাজনক দেখাৰ মাত্ৰেই বেক্গ্ৰাউণ্ডত হিন্দী ছবিৰ ৰোমাণ্টিক গান বজিবলৈ ধৰিলে৷ গম পালোঁ ল’ৰাজন ছিনিয়ৰ৷ পিছে নামটো আমি এজনীয়েও নাজানো৷ আমি কল্পনাতে ল’ৰাজনৰ এটা নাম ৰাখিলোঁ-“সমীৰণ”৷ তেওঁৰ কথা পাতিলেই আমি সমীৰণ বুলিয়েই পাতিবলৈ ল’লোঁ৷ কিন্তু এতিয়া কথা হ’ল সমীৰণে আচলতে ভাল পাই কাক? কথাটো আমি চাৰিওজনীয়ে আলোচনা কৰি শেষত থিৰাং কৰিলোঁ যে,সমীৰণে আমাৰ মাজৰ যিগৰাকীকেই প্ৰপ’জ কৰে আমি মানি ল’ম৷ তাত কাৰো আপত্তি থাকিব নোৱাৰিব৷ কথাটো সকলোৱে গ্ৰহণ কৰিব লাগিব৷

দিনবোৰ এনেকৈয়ে গৈ থাকিল৷ তাৰ মাজতে এদিন মোৰ ঘৰৰ কাষৰে বাজনীৰ বিয়া হ’ল৷ ঘৰৰ লগতেই বিয়া৷ বিয়াঘৰতেই লাগি আছোঁ৷ ৰাতি বৰযাত্ৰীৰ লগত হঠাৎ দেখিলোঁ চিনাকি চকুযোৰ৷ মনটো নাচি উঠিল৷ সমীৰণ দেখোন! মোক আচৰিত কৰি মোলৈকে যে চাই আছে চকুযুৰিয়ে৷ তাৰমানে সমীৰণে…মনৰ আনন্দতে গোটেইজনী কমোৱা তুলাৰ দৰে হৈ পৰিলোঁ ৷ পাছদিনা কলেজলৈ গৈ লগৰকেইজনীক কথাটো ক’লোঁ৷ সিহঁতৰ ঈৰ্ষা হৈছিল যদিও মুখ ফুটাই কোনেও একো নক’লে৷ কাৰণ-আগতেই এই বিষয়ে কথা পতা হৈ গৈছে৷ নিজকে সিহঁতৰ ওচৰত হিন্দী চিনেমাৰ নায়িকাজনীৰ দৰে আৰু সিহঁতকেইজনীক নায়িকাৰ পাছে পাছে নাচি ফুৰা, কোনেও মন নকৰা ছোৱালীকেইজনীৰ দৰে লাগিল৷

পিছদিনা দৰাঘৰৰ খোবাৰিলৈ যাম৷ মোক আৰু পাই কোনে! সমীৰণ থাকিব তাত৷ নতুনকৈ লোৱা ক’লা চুৰিদাৰযোৰ পিন্ধি, বিয়া বুলি কটোৱা চুলিকোছা মেলি ল’লোঁ৷ আইনাত নিজকে চালোঁ, ধুনীয়াই লাগিছে মোক৷ দৰাঘৰলৈ গৈ দেখিলোঁ-সমীৰণ আগৰেপৰাই তাত আছে৷ দুয়োৰে চকুৰে মাজত ভাব-বিনিময় চলি থাকিল৷ লগত যোৱা ওচৰৰে বান্ধৱী দুজনীয়েও কথাটো গম পালে৷ ফুল ফুলিলে গোন্ধ ওলাবই দিয়কচোন৷
যথাসময়ত আমাক খাবলৈ মাতিলে৷ আমি তিনিজনী যিখন টেবুলত বহিছোঁ,তাৰ পৰা পাঁচখনমান টেবুলৰ ব্যৱধানত মুখামুখিকৈ সমীৰণো বহিল৷ লগত এজন চল্লিশ বছৰমান বয়সৰ ব্যক্তি৷ খাই থাকোঁতেও চকুৰে কথা-বতৰা চলিয়েই থাকিল৷ হঠাতে দেখিলোঁ সমীৰণৰ কাষত বহা লোকজনে চিঞৰ-বাখৰ কৰি কাৰোবাক গালি পাৰিছে৷ মাজে-মাজে ‘এইজনী এইজনী’কৈ মোৰ ফালে আঙুলিয়াইও দেখুৱাইছে৷ কথাটো কি! তত ধৰিবলৈ নাপাওঁতেই মানুহজন মোৰ ওচৰলৈ উঠি আহিল আৰু ক’বলৈ ধৰিলে –

“তই যিমানেই ধুনীয়া নহৱ কিয়,যিমানেই ষ্টাইল মাৰি নাহ কিয়..তোৰ চুলিকোছা মেলি আহিয়েই চব পণ্ড কৰি পেলালি৷ তই জাননে তোৰ পৰা চুলি আহি মোৰ ভাতত পৰিছেহি৷” মানুহজনৰ এনে আকস্মিক আচৰণত মই আচৰিত হ’লোঁ৷ মানুহজন ইমান আঁতৰত বহিছে,মোৰ চুলিনো তেওঁৰ ভাতৰ পাতত কেনেকৈ পৰিব পাৰে! আচৰিত হৈ লগৰজনীয়েও তাইৰ জোখতকৈ ডাঙৰ চকুকেইটা বহলকৈ মেলি মানুহজনলৈ চোৱাত তেওঁ এইবাৰ তাইক উদ্দেশ্যি কৈ উঠিল,
-“ইস্! এইজনীয়ে চাইছে চা৷ ঐ তোৰ চকুকেইটা দেখিবলৈ অমৰাগুটিৰ নিচিনা৷ ইমান ডাঙৰকৈ মেলিব নালাগে৷” এইবাৰ বাকীকেইজনীয়ে হঁহাত মানুহজনে আমাক উদ্দেশ্যি কৈ উঠিল,
-“ঐ,তহঁতক কেনেকুৱা লাগিছে জান? হাঁহ কণীৰ খোলাটোত পুতলা আঁকিলে যেনেকুৱা লাগে,তেনেকুৱাই লাগিছে বুইছ৷”
লাজে-অপমানে সমীৰণৰ ফালে মূৰ তুলি এবাৰো নোচোৱাকৈয়ে সেইদিনা গুচি আহিলোঁ৷ তাৰ পিছত আকৌ পাছদিনাৰ পৰা কলেজত চকুৰ আলাপ চলিল৷ উস্ ৰক্ষা! সমীৰণে ভুল বুজা নাই৷

দুদিনমান পাছতেই আমাৰ ঘৰলৈ মামাৰ ল’ৰাটো আহিল৷ সি আমাৰ কলেজতেই পঢ়ে ৷ মই তাক মাজে-মাজে সমীৰণৰ লগত দেখোঁ৷ আকাৰে-ইংগিতে তাৰ আগত বাহানা কৰি সমীৰণৰ কথা উলিয়ালোঁ৷ সি কৈ উঠিল-
“অ’ ৰক্তিমৰ কথা কৈছ’?” তাৰমানে মোৰ সপোনকোঁৱৰৰ নাম ৰক্তিমহে৷ হওক,নামটো জানিলোঁ৷ পিছে মোক আচৰিত কৰি এইবাৰ সি কৈ উঠিল,
“তাৰ গাৰ্লফ্ৰেণ্ডজনী যে কিছু ধুনীয়া বে’৷”
“ৰক্তিমৰ গাৰ্লফ্ৰেণ্ড!?” কোনোমতে সেপকণ গিলি সুধিলোঁ ৷
“অ’ কটনত পঢ়ি আছে,তহঁতৰ লগৰে৷ কি চালিয়া ৰে…!!” বাকীখিনি শুনিবলৈ ধৈৰ্য নহ’ল ৷ তাক দিবলৈ অনা চৰবতৰ গিলাচটো একতা কাপুৰৰ ছিৰিয়েলত দেখুউৱাৰ দৰে হাতৰ পৰা পৰি যোৱাৰ আশংকাত দুইটা হাতেৰে খামুচি ধৰি নিজকে কোনোমতে চম্ভালি তাৰ কাষতে চোফাখনত ধপচকৈ বহি পৰিলোঁ৷

ৰক্তিম গ’ল৷ দুখবোৰে কিছুদিনলৈ লগ নেৰিলে৷ অলপদিন পঢ়া টেবুলত বহি বিৰহৰ কবিতা লিখি, ট্ৰেজেডী গান শুনি কটালোঁ৷ তাতে লগৰকেইজনীৰ আগত যি হিৰ’ইনৰ দৰে ‘ইমেজ’ এটা লৈ গপতে ওফন্দি আছিলোঁ, সেইটোও সৰহকৈ পাম্প ভৰাই পাছত হাৱা এৰি দিয়া বেলুনটোৰ দৰে ‘ফুউচচচ’..হৈ গ’ল৷ সেইবুলি মই ভাগি নপৰিলোঁ৷ এনেইও শাস্ত্ৰত লিখা আছে – ‘যিটো তোমাৰ ভাগ্যতে নাই সেইটো লৈ দুখ-বেজাৰ কৰি থাকি লাভ নাই৷’ অলপমান খেলিমেলি এটা হৈ গ’ল যেনিবা এইবাৰলৈ, সেইবুলি সমীৰণতো মোৰ কল্পনাৰ পৰা অদৃশ্য হৈ যোৱা নাই৷ সাগৰৰ পাৰত, বৰফৰ মাজত সপোনত সমীৰণৰ লগত গোৱা গীতবোৰ দেখোন বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলে এইহেন কলেজীয়া জীৱনেই অসাৰ হৈ পৰিব৷ মোৰ মনটোৱে গোপনে সমীৰণৰ সন্ধান কৰি থাকিল৷

কলেজলৈ সদায় অহা-যোৱা কৰোঁ লগৰ এজনীৰ লগত৷ তাইৰ ঘৰ নগাঁৱত নহয়, ইয়াতে হোষ্টেলত থাকি পঢ়ে৷ মই ঘৰৰ পৰা তাইৰ ৰূমলৈকে আহোঁ, তাৰ পাছত দুইজনী একেলগে ৰিক্সাত কলেজলৈকে যাওঁ৷ কলেজলৈ অহা-যোৱা কৰোঁতে প্ৰায়ে বাটত লগ পোৱা হ’লোঁ এজন যুৱকক৷ সুন্দৰ, সুঠাম একদম চিনেমাৰ হিৰ’মাফিক চেহেৰা৷ আমি কলেজলৈ যোৱাৰ সময়তেই ল’ৰাজনো ওলাই আহে৷ ধুনীয়া দেখিয়েই ল’ৰাজন আমাৰ চকুত পৰিল কিজানি৷ যুৱকেও আমাক মন কৰিছিল বোধহয়৷ তেওঁৰ চাল-চলনত অনুমান কৰিব পাৰিলোঁ৷ আমাৰ অনুমান যে সঠিক আছিল তাৰ প্ৰমাণ দুদিনমানৰ পাছতেই পালোঁ৷ বাইকখন লৈ নিৰ্দিষ্ট এখন দোকানত তেওঁ আমালৈকে অপেক্ষা কৰি থাকে৷ আমাৰ ৰিক্সাখন আহি সেই ঠাই পোৱাৰ মাত্ৰেই তেওঁ বাইকখন লাহে লাহে চলাই আমাক কলেজৰ মুখত থৈ আহেগৈ৷ প্ৰায়ে যুৱকৰ চকুত চকু পৰে, মনটো পাখিলাহী পখিলাৰ দৰে উৰা মাৰে৷ সমীৰণ..সমীৰণ..এইবাৰ এই সমীকৰণ ভুল হ’বই নোৱাৰে৷ মই নিশ্চিত৷ এইদৰেই কিছুদিন চলি থাকিল৷ লগৰজনী কেইদিনমানৰ বাবে দৰকাৰী কাম এটাত ঘৰলৈ গ’ল৷ মই অকলেই কলেজলৈ যাব লগা হ’ল৷ কিবা এটা অবুজ লাজে দেখোন মোক আৱৰি ধৰিছে৷

প্ৰথমদিনা অকলে কলেজলৈ গ’লোঁ৷ নিৰ্দিষ্ট ঠাইডোখৰ পাওঁতে বুকুখন ধান বনাদি বানিবলৈ ধৰিলে৷ কেৰাহিকৈ সমীৰণ ৰৈ থকা দোকানখনলৈ চালোঁ৷ আছে, সমীৰণ ৰৈ আছে৷ মোলৈকে চাই আছে৷ মনটো কিবাকিবি লাগি গ’ল৷ পিছে আজি দেখোন সমীৰণ কলেজলৈকে নাহিল৷ মনটো কিবা এটা আশংকাত কঁপি উঠিল৷ আকৌ বেয়া চিন্তাবোৰ জাৰি-জোকাৰি দলিয়াই দিলোঁ৷ কাৰণ এইবাৰ মোৰ অনুমান ভুল হ’বই নোৱাৰে৷ পাছদিনা কলেজলৈ আহোঁতে পুনৰ সেই ঠাইত সমীৰণক পালোঁ৷ আস! মনটো আনন্দত নাচি উঠিল৷ কাৰণ মোৰ ৰিক্সাৰ লগে লগে সমীৰণৰ বাইকখন লাহে লাহে আহিবলৈ ধৰিলে৷ মনত সাগৰৰ অলেখ ঢৌ৷ গোটেইজনী ঘামি-জামি অৱস্থা নাই৷ কলেজৰ সন্মুখত ৰিক্সাৰ পৰা নমাৰ মাত্ৰকেই সমীৰণে মাত লগালে,
“অলপ শুনাচোন”…আস! বুকুখন ধিপিংকৈ মাৰিলে৷ হাত-ভৰি কঁপিবলৈ ধৰিলে৷ সোমাবলৈ খুজি ৰৈ গ’লোঁ৷ দেখিলোঁ বগা কাগজ এটুকুৰা সমীৰণে মোলৈ আগবঢ়াই দিলে৷ কঁপা-কঁপা হাতেৰে চিঠিখন ল’লোঁ৷ সমীৰণে কিবা ক’বলৈ বিচাৰিছিল কিজানি! মই ৰৈ থাকিব নোৱাৰিলোঁ৷ একো ক’বলৈ সুবিধা নিদি মই চিঠিখন হাতৰ টিপতে লৈ কলেজলৈ খৰকৈ সোমাই গ’লোঁ৷

ঘৰত পঢ়িম বুলি বেগতে ভৰাই থ’লোঁ৷ পিছে লগৰকেইজনীৰ আগত কথাটো ক’বলৈ মনটো কুটকুটাই থকাত কৈ দিলোঁ৷ শুনিয়েই সিহঁতৰ চিঠিখন পঢ়িবলৈ উৎপাত লাগিল৷ উপায় নাপাই সিহঁতৰ আগতেই পঢ়িলোঁ৷ নাম যিহেতু নাজানে, সেয়ে অনামী বুলিয়েই লিখিছে৷ হৃদয়ৰ সমস্ত আৱেগ ঢালি ভালপোৱাৰ প্ৰকাশ৷ মোৰ সঁহাৰি লাগে৷ তেওঁৰ নামটোও জনালে, অনুৰাগ৷ আস্! কি সুন্দৰ নাম৷ মনটো অবুজ আনন্দৰে ভৰি পৰিল৷ লগৰজাককো পাৰ্টি দিব লগা হ’ল৷ কলেজৰ ওচৰৰ ৰেষ্টুৰেণ্টখনলৈকে নি সিহঁতক আলু-পৰঠা খোৱাই দিলোঁ৷ আজি মোৰ বাবে এনেইও আনন্দৰ দিন৷ ঘৰলৈ আহি অনুৰাগৰ প্ৰস্তাৱত সঁহাৰি জনাই সমস্ত আৱেগ ঢালি এখন চিঠি লিখিলোঁ৷ ৰাতিটো টোপনি নগ’লেই৷ যি অকণ চিলমিল টোপনি গ’ল, সপোনতো অনুৰাগকে দেখিলোঁ৷

পুৱা কলেজলৈ বুলি ওলালোঁ৷ মনটোত কিবা এক বুজাব নোৱাৰা অৱস্থা৷ যথাসময়ত নিৰ্দিষ্ট ঠাইখিনি পালোঁ৷ অনুৰাগ আগৰেপৰাই ৰৈ আছে৷ বেগৰ পৰা চিঠিখন উলিয়াই অনুৰাগে দেখাকৈ মিচিকিয়া হাঁহি এটাৰে ইংগিত দি লৰালৰিকৈ গ’লোঁগৈ৷ মনৰ অৱস্থা বুজাব নোৱাৰা৷ কলেজ কেতিয়া শেষ হ’ব, কেতিয়া ঘৰলৈ গৈ অনুৰাগৰ ভাৱনাত অকলশৰে কটাওঁ-তাকেই ভাবিবলৈ ধৰিলোঁ৷ কলেজৰ পৰা ওলায়েই দেখিলোঁ-গেটৰ মুখতেই অনুৰাগ ৰৈ আছে৷ কি আচৰিত ! তাৰমানে সিও মোক লগ পাবলৈ অধীৰ হৈ আছে৷ লগৰ কেইজনীয়ে জোকাবলৈ আৰম্ভ কৰিলে৷ অনুৰাগ আগবাঢ়ি আহিল, লাজত যেন মুছকছ যাম এতিয়া! ওচৰ চাপি আহি অনুৰাগে ক’লে,
“বেয়া নাপাবা৷ ভুল বুজাবুজি এটা হ’ল৷ চিঠিখন দিওঁতে তুমি মই ক’বলৈ বিচৰা কথাখিনি সিদিনা নুশুনিলাই৷ সেইখন আচলতে তোমাৰ বান্ধৱীগৰাকীক দিবলৈহে আছিল৷ তেওঁ নহা দেখি তোমাৰ হাততে দিছিলোঁ৷ কথাখিনি ক’বলৈ সুবিধাই নিদিলা তুমি৷ তেওঁৰ গা বেয়া নেকি?”
শিল পৰা কপৌৰ দৰে ঠাইতে ৰৈ থাকিলোঁ৷ এইবাৰ অনুৰাগে পকেটৰ পৰা মই দিয়া চিঠিখন উলিয়াই মোৰ হাতত দিলে আৰু ক’লে – “বেয়া নাপালে মোৰ চিঠিখন দিবা নেকি?”
উফ্! ধৈৰ্যৰো এটা সীমা আছে দিয়কচোন৷ বেগৰ পৰা চিঠিখন উলিয়াই অনুৰাগৰ হাতত দি দিলোঁ৷

(ঘটনাটো সম্পূৰ্ণ কাল্পনিক৷ কোনো জীৱিত অথবা মৃত ব্যক্তিৰ লগত ইয়াৰ কোনো সংযোগ নাই৷)

☆★☆★☆

Comments

  1. মোৰ যে দুখেই লাগি গল। কাল্পনিক বুলিহে।

  2. ইস্, বেচেৰা লৰা কেইটা। হেঃ হেঃ

Leave a Reply

Your email address will not be published. Required fields are marked *