:মা,ইমান হাঁহিছে কিয় ইহঁতি-?? সৰুপোণা দমদমে মোৰ মুখলৈ চাই সুধিলে৷
:নাজানো অ’ বোপাই, এওঁলোকৰ ফূৰ্তি লাগিলেই মোৰ ভয় লাগে।
:কিয় মা ?
:দেখা নাই জানো, ইহঁতি ফূৰ্তি কৰি কেনেকৈ তোৰ ডাঙৰ বায়েৰক সাউতকৈ ধৰি লৈ গ’ল ৷ উফ্! বুকুখন বিষাই গ’ল। তোক আৱৰি ধৰি থকা বাবে মোলৈ হাত নপৰিল সিহঁতৰ৷
:সৰু বাই ক’ত গ’ল মা?– দমদমে অলপ ৰৈ পুনৰ সুধিলে মোক৷
:আছে চাগৈ সেই নাটেশাৰীকেইজনীৰ লগত উমলি৷ ডাঙৰ হৈ আহিছে,পিছে তাইৰ গাত কথা লগাই নাই৷-খং আৰু দুখভৰা মনেৰে মই ভোৰভোৰাই উঠিলোঁ৷
“সেইটো দিন মোৰ ভালকৈ মনত আছে-কিবা এখন হাট বহিছিল। বুধুৱাৰ চাইকেলৰ পাছফালে এটি বাঁহৰ খাঙত মোৰ লগতে আৰু বহুকেইজনীক লৈ আনিছিল সি। দিনটো খুদকণকেইটাকে পেটত ভৰাই খাঙটোৰ ভিতৰতে জুপুকা মাৰি সোমাই আছিলোঁ আমি। মোৰ পিয়াহত ডিঙি শুকাই গৈছিল। মাজে মাজে দুই-এজনে খাঙটোলৈ হাত ভৰাই আমাক চুই যায়৷ কোনোবা এজনৰ হাতত আমাৰ মাজৰে এজনীক উঠাই লৈ গুচি যায়৷ ওলাই যাওঁতে আমালৈ চাই যেনেকৈহে চিঞৰি যায়-বুকুখন ভাঙি যোৱা যেন লাগে ! এইদৰে প্ৰায় দিনটোৱেই আমাৰ ওপৰত বাছনি চলিল আৰু লাহে লাহে আমাৰ সংখ্যা কমি গৈ থাকিল। প্ৰায় সন্ধ্যা হওঁ হওঁ সময়তে এগৰাকী আদহীয়া
মহিলাই আহি মোক আঁকোৱালি ল’লেহি আৰু সেই খাঙটোৰ পৰা ওলাই মই মহিলাগৰাকীৰ লগতে অজান ঠাই এখনলৈ বুলি ৰাওনা হ’লোঁ।
অজান ঠাইখনলৈ আহি মোৰ ভালেই লাগিল। এটি নতুন গঁড়ালৰ ভিতৰত সুমুৱাই দিলে মোক। খাবলৈ তাত এটা পাত্ৰত খুদচাউল আৰু আনটো পাত্ৰত পানী আছিলেই। পিয়াহত গঁড়ালত সোমায়েই মই পানীৰ পাত্ৰত মুখ দিলোঁহি। তেতিয়াহে মোৰ চকু পৰিল গঁড়ালৰ চুকত থকা এজনে মোৰ ফালে ৰ’ লাগি চাই আছে। ৰাতিটো চা-চিনাকী হৈ আমি দুয়ো শুই পৰিলোঁ। পুৱাতেই আমাৰ দুয়োৰে ভৰিত ৰচিৰে বান্ধি এটি সৰু পুখুৰীত চৰিবলৈ এৰি দিলে। মনটো বৰ মুকলি-মুকলি লাগিল। লাহে লাহে আমাৰ দুয়োৰে মাজৰ সম্পৰ্ক গাঢ় হৈ পৰিল৷ গৃহস্থৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটাইও আমাৰ লগত খেলিবলৈ ধৰিলে৷ পুখুৰীৰ পৰা সন্ধিয়াৰ আগে আগে আমাক উঠাই আনি গঁড়ালত সুমুৱাবলৈ দুয়োটাৰ মাজত টনা-আঁজোৰা লাগে। আমি পেক্-পেক্ কৰি আহি থাকোঁতে ছোৱালীজনীয়েও মুখেৰে পেক্-পেক্ কৰি পাছে পাছে আহি থাকে৷ তাই আমাৰ দুয়োকো কিবা নাম দুটা দি মাতে ৷ মনুষ্যৰ ভাষা বুজি নাপাওঁ যদিও সুৰটোতে আমি বুজি পাওঁ কাক মাতিছে। এইদৰে আমি সকলো ঘৰৰে এজন যেন হৈ পৰিছিলোঁ ৷ পাছলৈ আমাৰ ভৰিৰ পৰা ৰচি খুলি দিয়া হ’ল। গৃহস্থনীয়ে মই উমনি নিদিয়া কণীকেইটা বেচি ঘৰ চলাই থাকে ৷ এবাৰ কোনোবা অফিছৰ পৰা মানুহ দুজন আহি আমাক চাই তেওঁক সংখ্যা বৃদ্ধি কৰিবলৈ উপদেশ দি গ’লহি। তাৰ পাছৰপৰাই মই তহঁত তিনিটা সন্তানৰ মুখ দেখিলোঁ। দিনবোৰ ভালেৰেই চলি গৈছিল। কিন্তু অলপ দিনৰ পাছতে আমালৈ কাল-ৰাত্ৰি নামি আহিছিল। এদিন ৰাতি এটি হেঁপা আহি আমাৰ গঁড়ালত আক্ৰমণ চলাইছিলহি। দেউতাৰে আমাক পাছত থৈ সমুখলৈ গৈ তাৰ বাধা দিছিল যদিও সি দেউতাৰক দাঙি লৈ গুচি গৈছিল। মোৰ কান্দোনভৰা চিঞৰতহে গৃহস্থনী বাইদেউ সাৰ পাইছিল৷ বৰ দুখ পাইছিল তেওঁ৷ বেচেৰীৰ উপাৰ্জনৰ পথটো যেন বন্ধ হৈ পৰিছিল৷ মোৰো অন্তৰ ভাঙি গৈছিল৷ তহঁতকেইটাক বুকুত সাবটি জীয়াই থাকিম বুলি মনটো ডাঠ কৰি লৈছিলোঁ। তই অলপ ডাঙৰ হৈ খুঁটি খাব পৰা হ’লেই মোৰ চিন্তা কমিব৷….”
মোৰ কথা শুনি শুনি সৰুপোণাৰনো কেতিয়া টোপনি গ’ল গমেই নাপালোঁ।
:বুজিছ তগৰ ! তই এই মাক-পুতেকক ভাল গ্ৰাহক পালে বেচি দি পুনৰ মতা এটা কিনি আনি সেই জীয়েকজনীৰ লগতে যোৰা পাতি দে৷ তোৰ উপাৰ্জন পুনৰ আগৰ দৰেই হৈ পৰিব–
চোতালৰ দুখুৰি পিৰাখনত বহি বঁটাৰ পৰা চকলিওয়া তামোল এখন মুখত ভৰাই গাঁৱৰে বুনু পেহীয়ে গৃহস্থনী তগৰক কৈ থকা কথাখিনি শুনি মোৰ বুকুখন মোঁচৰ খাই গ’ল। মাক-দেউতাকক এৰি অহাৰ পাছৰে পৰাই এইখনেই মোৰ আপোন ঘৰ যেন হৈ পৰিছে। আকৌ এখন বেলেগ ঘৰৰ কথা ভাবিবলৈ বৰ কষ্ট হয়৷ পানীৰ পৰা উঠি মই গঁড়ালত সোমাই থাকিলোঁহি৷ ইহঁতকেইটাই পানীতে খেলি থাকিল !!
আজি যেন তাৰেই আৰম্ভণি হ’ল— ডাঙৰ জীয়ৰীক এজনে আহি লৈ গ’লহি। আৰু এনে এটা দিনত হয়তো আমিও যাব লাগিব ক’ৰবালৈ৷ কথাটো ভাবি মোৰ মনটো গধুৰ হৈ পৰিল৷
এইদৰে অলপ দিন গ’ল। পিক্‌নিকৰ বতৰো পাৰ হ’ল। তিনিওৰে মনবোৰ পুনৰ মুকলি হ’ল। সৰুপোণাও লাহে লাহে ডাঙৰ হৈ নোদোকাটো হৈ পৰিছে । দেখাত আমাৰ দৰেই ডাঙৰ হ’লহি সি। চেহেৰাটো মস্ত হ’লেও বুদ্ধিটো এতিয়াও অৱশ্যে কেঁচা হৈয়েই আছে তাৰ। আমি মাকে-বায়েকে মিলি চম্ভালি থাকোঁ বুলিহে৷
এদিন আবেলি এজন শকত-আৱত মানুহ আহি গৃহস্থনী বাইদেউৰ লগত আগ-চোতালতে অলপ সময় কথা পাতিলে৷ তাৰপিছত গঁড়ালৰ ফালে দুয়ো আগবাঢ়ি আহিল৷ তাকে দেখি মোৰ বুকুখন ধপ্‌ধপাই গ’ল। মোৰ ভয় অমুলক নাছিল, গৃহস্থনীয়ে ৰচি এডালেৰে সৰুপোণা আৰু মোৰ ঠেঙত বান্ধি মানুহজনৰ হাতত তুলি দিলে। হাতত থকা টকাকেইটা আমাৰ মূৰৰ ওপৰেদি তিনিপাকমান ঘূৰাই নিজৰ মূৰত লগাই চাদৰৰ আঁচলত বান্ধি আমাক পদূলিলৈকে আগবঢ়াই থৈ গ’লহি। সৰুজনী ছোৱালীয়ে গঁড়ালৰ পৰাই আমালৈ চাই চাই বৰ কান্দিলে। আমিও ৰ’ব নোৱাৰি টেট্‌টেটাই চিঞৰি উঠিলোঁ। নাই কাৰো হৃদয় নগলিল৷ গাড়ীৰ ডিকিত সোমাই আমি পুনৰ অজান ঠাইলৈ গুচি আহিলোঁ৷
সেইদিনা দেওবাৰ। আমাক মুকলি চালি এখনৰ তলত থৈ দুজনমানে খুব ফটো তুলিলে। বুজিলোঁ-আমাৰ মৰণ কাষ চাপি আহিছে৷ মনটো কি লাগিল ক’ব নোৱাৰিলোঁ। কাষৰ দুটা ডাঙৰ ডাঙৰ চৌকাত দুখন ডাঙৰ কেৰাহিত কিবা উতলি আছে। মানুহ কিছুমানৰ অহা-যোৱা চলি আছে। মাজে মাজে শুনিছোঁ গাড়ীৰ শব্দ। দলে-দলে মানুহ আহিছে৷ হাঁহি, কথাৰ গুণ্গুণনি, মাইকত কোনোবাই গান গাই আছে। উফ্ ! কিবা যেন উৎসৱৰ কোলাহল– একো ভাল লগা নাই মোৰ। আশংকাত বুকু কঁপি আছে। সৰুপোণাৰ অদ্ভুত প্ৰশ্নবোৰো কাণত সোমোৱা নাই মোৰ আজি — কি যে অসহ্য যন্ত্ৰণা !
এনেতে কোনোবা এজনে “হাঁহ- হাঁহ” বুলি মাইকত কিবা গাইছে আৰু গোটেই মানুহখিনিয়ে গিৰ্জনি মাৰি হাঁহিছে। নিজৰে গাতো কিহবাই বিন্ধাৰ দৰে লাগিল। আমাক লৈ ব্যংগ!! ডিঙিটো কিহবাই সোপা মাৰি ধৰা যেন লাগিল৷ আৰু নোৱাৰি দেই,তাতকৈ সোনকালে আমাক সিপুৰীলৈ পঠিওৱাৰ ব্যৱস্থা কৰা প্ৰভু!! কাতৰে ভগৱানকে প্ৰাৰ্থনা জনালোঁ।
আজিকালি আমি হেনো উৎসৱবোৰৰ খাদ্য-তালিকাৰ এক স্পেচিয়েল মেনু। ভাবিলে গৰ্বও হয়। মৰিও আমি আনৰ মুখত হাঁহি বিৰিঙাওঁ। ইও এক বিৰল আনন্দ ! আনক তৃপ্তি দিব পৰাটোও এক প্ৰকাৰ ভাগ্যই!
কাৰণ আমি যে “হাঁহ হৈ হাঁহিব নাজানো”—–
“হাঁহে হাঁহিব জানেনে?” — এই প্ৰশ্নটো আৰু নুসুধিব প্লিজ!
“হাঁহে” কবিতা হৈ আনক হঁহুৱাবহে পাৰে; নিজে হাঁহিলে-হাঁহিছে নে কান্দিছে কোনেও ধৰিবই নোৱাৰে—!!!
“হাঁহ হাঁহ হাঁহ-প্ৰাণখুলি হাঁহ
নকৰিবি কৃপণালি,
হাঁহিয়েই যোগাব তোক
জীয়াই থকাৰ উচ্ছাহ৷”

☆★☆★☆

Comments

  1. হাঁহ খাৱলৈও এৰুৱাব নেকী !!

    বৰ সাৱলীল বৰ সুন্দৰ।বিশেষকৈ দেউতাকে সন্মুখত আহি হেপাৰ সৈতে যুজঁ দিয়া দৃশ্য জীৱন্ত।

  2. খুব ভাল লেখা। গ্ৰুপতে পঢ়িছিলোঁ‌। আজি আকৌ এবাৰ পঢ়িলোঁ‌। বাইদেউ, কলম নেৰিব।

  3. বাপৰে, শিৱসাগৰ মিতত হাঁহ খোৱা সকলোৰে গা বেজ বেজাই গৈছে চাগে। বৰ ভাল লাগিল পঢ়ি। বৰ সুন্দৰ বৰ্ণনা।

  4. হাঁহ! পিছে হাঁহিব নোৱাৰিলো৷

    বাইদেউ, লেখাটো বঢ়িয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *