“নৈৰো আছে নিজৰ জীৱন
ধান-মৰাপাট থাকক পানীৰ তলত,মেটেকাই ভাঙক দলং৷
আমাৰ গাত নৈৰ ঘোলা পানীৰ গোন্ধ,
উচপিচ বোঁৱতী সোঁত৷
জীৱন বিষয়ক এটা গল্পৰ আঁত ধৰি নৈৰ সৈতে
মই গৈ আছিলোঁ
হঠাতে
মোহ ছিঙি গুচি গ’ল মোৰ নৈ দুখন,কপিলী কলং৷
য’ৰে মানুহ ত’তে থাকিল,ঘৰৰ চালে-বেৰে নৈৰ চকু৷
পানীয়ে বেৰি ধৰিলে গাঁও-ভূঁই,থানবান মানুহ
যেন তেজৰ পদুম৷
বোকাত পানীত ফুলি উঠে…..”

হয়,নৈৰো আছে নিজৰ জীৱন৷ এক স্বতন্ত্ৰ সত্তা৷ বৈচিত্ৰ্যময় ৰূপেৰে উদ্ভাসিত হৈ উঠে নৈ সময়ে-সময়ে৷ শান্ত-গভীৰ অথবা উন্মাদ কেতিয়াবা৷ তেওঁৰ বুকুৰ শিপাডাল চুই-চুই এখন নৈ অহৰহ বৈ থাকে৷ শৈশৱৰে পৰা দৈনন্দিন জীৱনৰ কৰণীয়খিনিৰ মাজতো তেওঁ আছিল বিমৰ্ষ,সকলো বাস্তৱিকতাৰ পৰা নিলগত অন্য এক পৃথিৱীৰ সন্ধানত ব্যস্ত৷ বাঁহী এটা আতোলতোলকৈ গঢ় লৈ উঠে তেওঁৰ তেজত,তেওঁৰ হাড়ত৷ বুকুত বকুল এজোপা গজে,তাৰ চৌপাশে অগণিত সুগন্ধি পখিলাৰ বিচৰণ৷ ‘হীৰু’, ‘হীৰুদা’ অথবা ‘হীৰেন ভট্টাচাৰ্য’ নামৰ এই জন্মজাত পৃথিৱীৰ,মাতৃভাষাৰ আৰু মাতৃভূমিৰ প্ৰেমিকজনে নিজৰ পৰিচয় ‘কবি’ বুলি দিহে সুখ অনুভৱ কৰিছিল৷ তেওঁ আছিল একেধাৰে কবি,গীতিকাৰ,গল্পকাৰ আৰু ৰং-তুলিকা দুহাতত লৈ শুভ্ৰ উকা কেনভাচ পোহৰাব জনা এগৰাকী চিত্ৰশিল্পী৷

দৈনন্দিন জীৱনৰ বিশৃংখল ৰুটিনৰ মাজতো কবিয়ে আপডাল কৰিছিল এখন সুশৃংখল চিন্তাৰ জগত৷ য’ত বাংময় হৈ উঠিছিল তেওঁৰ হৃদয়৷

‘মই কবি
বহি আছিলো
বা-তিৰবিৰ ৰ’দৰ ছাঁত
নেজানো কেনেকৈ মোৰ কলিজাত
লাগিছে তেজৰ দাগ..”

অসম্ভৱ বুদ্ধিমত্তাসম্পন্ন এই কবিয়ে নিস্তব্ধতাৰ বুকুত লুকাই সকলো প্ৰাত্যহিকতাৰ মাজতো আত্ম-বিভোৰ হৈ সৃষ্টি কৰি গৈছে অনেক কবিতা,গান আৰু ছবি৷

“সময় বুজি আহিবা এদিন,ফু মাৰি চোতালত
লগে-ভাগে খাম দুখৰ ধানৰ এসাঁজ ভাত৷”

কবিৰ হৃদয়ৰ অনেক শূন্যতাৰ পল-অনুপল অনাকাংক্ষিত বিষাদ অথবা ঐশ্চৰ্যৰে পূৰ্ণ হৈ উঠিছে একোটা কবিতাৰ জন্মত৷ সেই সৃষ্টিশীলতাই কবিক নিৰ্জন মুহূৰ্ততো নিজৰ সৈতে মুখামুখি কৰায়৷ কবিৰ হৃদয়ৰ অতল গহ্বৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহে শব্দ আৰু বৰ্ণৰ অলেখ নক্ষত্ৰপুঞ্জ৷ সমুদ্ৰসম গভীৰতাৰ জোলোঙাটো তেজৰ কণিকাই কণিকাই আঁৰিও জীৱনৰ প্ৰায়বোৰ অন্তৰঙ্গ মুহূৰ্ততেই কবি প্ৰগলভ,বন্ধুবৎসলৰূপে উদ্ভাসিত হৈ উঠিছে৷ কথাৰ ফাঁকে-ফাঁকে জিলিকি উঠিছে কবিৰ সূক্ষ্ম,গভীৰ আৰু প্ৰখৰ কৌতুকবোধ৷

এদিন কবিৰ নিজৰ ঘৰত কথা পাতি থাকোঁতে এজন সাংবাদিকে কবিক সুধিলে-“আপুনি কিয় লিখা নাই?” উত্তৰত কবিয়ে অতি দৃঢ়তাৰে ক’লে-“মই ফুৱাই জুই জ্বলাবলৈ বিচৰা নাই৷” সাংবাদিক আঁকোৰগোঁজ৷ পুনৰ সুধিলে “তেন্তে? জাৰকালি মানুহে নিজে জুই জ্বলক বুলি ভাবি থাকিব নেকি? নে আপুনি হতাশ হৈ পৰিছে? সকলো লিখা জানো শেষ হ’ল?”
কবিয়ে ক’লে-“নাই;মই হতাশ হৈ পৰা নাই৷ কাৰণ মই একো হ’বলৈ বিচৰা নাই৷ লিখাটো মানুহৰ (Stock Clearance)ষ্টক ক্লিয়েৰেন্স নহয়৷ ই Total Body Reaction৷ প্ৰত্যেক লেখকৰে এটা বেৰেণ্ট পিৰিয়ড থাকে,মানে বন্ধ্যা সময় থাকে৷ মোৰ ক্ষেত্ৰত বন্ধ্যা সময় বেছি হৈছে৷ দুৰাতিমান লিখি অমৰ হ’বলৈ চেষ্টা কৰাটো অনুচিত৷”

অইন এদিনৰ কথা ৷ কবিৰ সৈতে দীৰ্ঘদিন কটোৱা বন্ধু তপন চাংকাকতী গুৱাহাটীত থকাৰ সময়ত এনিশা তেওঁৰ ঘৰত ৰাতি দহ বজালৈকে আড্ডা বহিল৷ তবলা,গান,গীতাৰৰ ৰেৱাজ চলিছে৷ ঘনশ্যাম দাস নামৰ এগৰাকী বন্ধুৱে গাইছে আৰু বজাইছে৷ সকলো আত্মহাৰা৷ এসময়ত বহু ৰাতি কবি ঘৰলৈ যাবলৈ বুলি উঠিছে;সেই পৰিস্থিতিত এজনে সুধিলে-“আপুনি ঘৰলৈ যাব পাৰিব?” এক মুহূৰ্তও চিন্তা নকৰাকৈ কবিয়ে উত্তৰ দিলে-“বুজিছা৷ সাপে অঁকাই-পঁকায়ে যায়,কিন্তু গাঁতত সোমাওঁতে পোনে পোনেই সোমায়৷”

এবাৰ ৰংপুৰ চাৰু কাৰু কলা গোষ্ঠীয়ে আয়োজন কৰা এটা কৰ্মশালালৈ যাওঁতে বেণু মিশ্ৰ আৰু কবি দুয়োগৰাকীৰ বাবে টুৰিষ্ট ল’জত দুখন বিচনা ঠিক কৰা হৈছিল৷ নানা ধৰণৰ কথা পাতি থকাৰ পাছত নিশা কিমান হ’ল তেওঁলোকে গমেই পোৱা নাছিল৷ ঘড়ীটোলৈ চাই বেণু মিশ্ৰই চাংকাকতীক ক’লে,“ইয়াতে থাকা৷ ঘৰলৈ আৰু ওভতিব নালাগে৷” চাংকাকতীয়ে লগে-লগে সুধিলে, “কিন্তু শুম ক’ত?” দুয়োখন বিচনা জোৰা লগোৱা হ’ল৷ কবিয়ে তৎক্ষণাৎ ক’লে, “এতিয়া তুমি সিয়নিত শুব পাৰা৷”

এবাৰ গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডৰ সভা এখনৰ সভাপতি হিচাপে কবিক নিমন্ত্ৰণ জনোৱা হ’ল৷ সেই সভাখনত উপস্থিত সকলোকে অবাক কৰি সভাপতিয়ে মাথোঁ এষাৰেই ক’লে-‘সভাভংগ’৷ কবিৰ ব্যক্তিত্ব আৰু কথনভংগীয়ে সকলোকে বিস্ময়াকুল কৰি তোলে৷ কবিৰ সংগসুখ এক অনন্য আৰু বিচিত্ৰ ৰোমাঞ্চকৰ অভিজ্ঞতা৷ এই অভিজ্ঞতাপ্ৰাপ্তিয়ে যেন বহু কিবাকিবি দি যায় জীৱনটোক৷

কবিৰ বাবে কবিতা কেৱল ওঁঠৰ ভাষা নহয়,ই কণ্ঠৰো শিল্প৷ কবিতা পাঠে বৰ্ণক উন্মোচন কৰে শব্দলৈ,শব্দক ধ্বনিলৈ আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বোধিমূললৈ৷’

‘আপুনি বাৰু অনবৰতে কি বিচাৰি ফুৰে?’-কবিৰ অন্তঃশীল আৱেগৰ সৈতে একাত্ম হ’ব খোজা এক যুৱকৰ প্ৰশ্নত কবিয়ে হাঁহে আৰু কয়-“মই এনেকৈয়ে ঘূৰি ফুৰোঁ৷ একে ঠাইত থাকিব নোৱাৰো৷ সৰুৰেপৰাই মই এনেকুৱা৷” পুৱতি নিশা ঘৰৰ ওপৰেদি উৰি যোৱা এজাক ৰাজহাঁহৰ ডেউকাৰ শব্দ কাণ পাতি শুনা সেই সৰু ল’ৰাজনে দোকমোকালিৰ পৃথিৱীত থিয় হৈ আকাশৰ মোহনাত ৰাজহাঁহজাকৰ ঠিকনা বিচাৰি ঘৰৰ চাৰিসীমা অতিক্ৰম কৰিছিল৷ ল’ৰাজনৰ দুচকুত সন্ধ্যা চৰায়ে বাঁহ সাজিছিল৷ কবিতাৰ ঠিকনা খেদি খেদি এনেকৈয়ে ডাঙৰ হৈছিল সৰু ল’ৰাজন ক’ব নোৱাৰাকৈয়ে৷ সঁচাকৈয়ে সৰু ল’ৰাজনে এনেকৈয়ে ঘূৰি ফুৰিছিল দিহিঙে-দিপাঙে৷

‘তোমাৰ পৰা মোলৈ উভতি
আহিবলৈ মোৰ বহুপৰ লাগে
সনিৰ্বন্ধ এন্ধাৰেৰে হাচনাহানাৰ সুৰভি
যেতিয়া উৰি আহে গোপনে গোপনে
মই সেই পৰলৈকে তোমাৰ কাষতে ৰৈ থাকো৷
মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালি
ওৰে ৰাতি দেও দি থাকে৷
উভতি যে মই আহিব নোৱাৰো৷’

এদিনাখন এখন ইংৰাজী বাতৰিকাকতৰ সম্পাদকে কবিক বাটতে লগ পাই মাত লগালে৷ সুধিলে-“কি কৰি আছাহে আজিকালি?” উত্তৰত কবিয়ে ক’লে-“ উত্তৰ গুৱাহাটীৰ এখন স্কুলত চাকৰি কৰি আছোঁ৷” “কি বিষয় পঢ়াইছা?” “ ইংৰাজী”৷ “ইংৰাজী!! কি পঢ়াইছা?” সম্পাদকজনে বেঁকাকৈ সোধা প্ৰশ্নটোৰ উত্তৰত কবিয়ে ক’লে-“কিনো পঢ়াম ! আপুনি সম্পাদনা কৰা কাকতখনৰ এডিটৰিয়েলটো ছাত্ৰবোৰক শুধৰাবলৈ দিওঁ৷” সম্পাদকৰ মুখৰ মাত হৰিল৷

বিশিষ্ট বংগ সাহিত্যিক অৰুণ সেনে কৌতূহলবশতঃ এদিন কবিক সুধিলে-“শুনিছো,আপুনি কিছুবয়সত লেখা-পঢ়া কৰিছে,কেতিয়াৰ পৰা বাৰু?” চকুটো টিপিয়াই কবিয়ে কৌতুক কৰি উত্তৰ দিলে, “ভোটাধিকাৰৰ পাছত৷ যেতিয়া মোৰ বয়স ২২-২৪ বছৰ৷” বন্ধুৰ ওঁঠত হাঁহিৰ ৰেশ৷

ব্যঙ্গ আৰু কৌতুক দুয়োটাকে একেলগে সৃষ্টি কৰিব পৰা কবিৰ এই ৰূপ প্ৰত্যক্ষ কৰাৰ সুযোগ যিয়ে এবাৰলৈ হ’লেও পাইছে তেওঁ বুজিছে সদা আত্মবিভোৰ কবিজনে প্ৰাত্যহিক জীৱনযাত্ৰাত মানুহৰ সঙ্গ অবিহনে এখোজো আগবাঢ়ি যাবলৈ ইচ্ছা নকৰে কিন্তু কবিয়ে ‘নিজস্ব ভুৱন’ত বহুদূৰ অকলশৰে খোজ কাঢ়ে৷

“এটা অজুহাত পালে মই গুচি যাব পাৰো,
যেনি মন যায়,তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম,যি কোনো অজুহাত পালে,
মুক্ত কৰি প্ৰতিভাৰ পথ,নিৰ্জ্জনতানিৰ্ভৰ ছাঁয়াৰ
সুখ্যাতিত এই যে তোমাৰ উপস্থিতি,
অসম্ভৱ অনুবাদ তাৰ,জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম,হাতত সাৰে,ভৰিত সাৰে….”

☆★☆★☆

 

Comments

  1. উফ প্ৰিয় কবিৰ ৰসাল কথা পঢ়ি সঁ‌চায়ে আপ্লুত হ’লো।

  2. হীৰুদা! নামটোৱেই এখন নীৰৱে বৈ থকা নৈৰ দৰে৷

    লেখাটো ভাল পালো৷

  3. হীৰুদা! নামটোৱেই এখন নীৰৱে বৈ থকা নৈৰ দৰে৷

    লেখাটো বৰ ভাল পালো৷

Leave a Reply

Your email address will not be published. Required fields are marked *