অসমৰে বিশ্ববিদ্যালয় এখনৰ এটা বিভাগত স্বনামধন্য অতিথি এজনে বক্তৃতা দি আছিল। এটা বৈজ্ঞানিক বক্তৃতা। দৰ্শকৰ শাৰীত বহি আছিল বহুকেইজন অধ্যাপক আৰু তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰী। গভীৰ বিষয় । শ্ৰোতাসকলৰ গম্ভীৰ মুখমণ্ডল। অতিথিজনে কৈ আছিল দুটা থিঅ’ৰিৰ কথা। এটা নতুন থিঅ’ৰি আৱিষ্কাৰ কৰাৰ পিছতে পুৰণা থিঅ’ৰিটোৰ কাম নাইকিয়া হৈ পৰিল। কাৰণ সেই নতুন থিঅ’ৰিটোয়ে অধিক কথা ব্যাখ্যা দিব পাৰিলে, আগৰটোতকৈ বেছি কাম কৰিব পৰা হ’ল। গতিকে পুৰণাটোৰ এতিয়া একো কাম নাই। সকলোৱে গম্ভীৰ হৈ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আছে। তেনেতে অতিথি বিজ্ঞানীজনে ক’লে: “এই নতুন থিঅ’ৰিটো অভিষেক বচ্চনৰ দৰে। তেওঁ ঐশ্বৰ্য ৰায়ৰ সমুখলৈ নহালৈকে চলমান খানেই সম্পূৰ্ণ আছিল। কিন্তু অভিষেক আহি যোৱাৰ লগে লগে অভিষেকে বিশাল পৰিসৰ অধিকাৰ কৰিলে। চলমান খান হ’ল সেই পুৰণা থিঅ’ৰিটো। গতিকে সেই ক্ষেত্ৰত চলমান খানৰ আৰু প্ৰয়োজন নাইকিয়া হৈ পৰিল।” তেওঁৰ কথা শুনি গোটেই ৰূমটোতে হাঁহিৰ ৰোল উঠিল। আৰু তাৰ পাছতে গম্ভীৰ পৰিৱেশটো সহজ হৈ পৰিল। বৈজ্ঞানিক বক্তৃতালানি অধিক উপভোগ্য হৈ উঠিল।

কৃষ্ণগহ্বৰৰ দৰে জটিল বিষয়ৰ বক্তৃতাতো ষ্টিফেন হকিঙে সততে ৰসাল উত্তৰ দিয়াৰ কাহিনী কোনে নাজানে? বা আইনষ্টাইনে দিয়া আপেক্ষিকতাবাদৰ এই সংজ্ঞাটো কোনে নাজানে: “তুমি যদি এগৰাকী ভাল ছোৱালীৰ লগত দুঘণ্টা বহি থকা তেন্তে তোমাৰ এনে লাগিব যেন এক মিনিটহে পাৰ হৈছে; কিন্তু যদি তুমি এটা গৰম ষ্ট’ভত এক মিনিট বহি থকা তেন্তে সেয়া তোমাৰ দুঘণ্টা যেন লাগিব। সেয়াই হৈছে আপেক্ষিকতাবাদ।”

আকৌ, এই যে যুক্তিবাদৰ সম্পৰ্কে আলোচনা কৰিলে প্ৰায়ে কোৱা হয় – “ৰবীন্দ্ৰনাথৰ দাঢ়ি আছে আৰু ৰবীন্দ্ৰনাথ এগৰাকী কবি। ভোবোলা ছাগলীৰো দাৰি আছে, গতিকে ভোবোলা ছাগলীও কবি।” এই কথাষাৰে ছাত্ৰ-ছাত্ৰীক সচেতন কৰি দিয়ে যে কোনোবা এটা উক্তিৰ বিপৰীত উক্তিটো সত্য নহ’বও পাৰে। কিবা এটা শুদ্ধ হ’বলৈ প্ৰয়োজনীয় চৰ্ত আৰু পৰ্যাপ্ত চৰ্ত সম্পৰ্কেও ই ধাৰণা দিয়ে।

বিজ্ঞানীসকলৰ ৰসবোধে বিষয়বোৰ বুজাত সহায় কৰে। এই ৰসবোধ কামত আহে প্ৰধানকৈ এটা কাৰণতে – বিজ্ঞানীসকলৰ এটা গম্ভীৰ ভাৱমূৰ্তি থাকে। গভীৰ অন্বেষণ, অহৰহ নিখুঁত সত্যৰ সন্ধানত থকা বুলি তেওঁলোকৰ এটা সন্মানীয় ভাৱমূৰ্তি থাকে। যদি কোনোবা এজন মানুহে সব কথাতে ৰস উলিয়াই থাকে তেন্তে তেওঁক ফটুৱা বুলি ভাবে সবেই। কিন্তু যেতিয়া গম্ভীৰ আলোচনাত গম্ভীৰ ব্যক্তি এজনৰ মুখৰে প্ৰাসংগিক ৰসাল কথা এষাৰ ওলাই আহে, তেতিয়া তেওঁৰ ব্যক্তিত্বৰ সোণত সুঁৱগা চৰে। সেইবোৰৰ দ্বাৰা সাধাৰণ মানুহে কথাবোৰ বুজাতো সহায় হয়, বিষয়বোৰৰ প্ৰতি মানুহ আকৰ্ষিতও হয়, উৎসাহ-উদ্দীপনাও বৃদ্ধি পায়, আৰু কেতিয়া তেনে ৰসাল কথা কোৱা ব্যক্তিজনো অধিক জনপ্ৰিয় হয়। আইনষ্টাইনৰ সেই ধেমেলীয়া সংজ্ঞাটোৰ দ্বাৰাই আপেক্ষিকতাৰ ধাৰণা লোৱাত কিমান মানুহক বা সহায় কৰিছে!!

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে আমাৰ বহুতো কাম আজি সহজসাধ্য হৈ পৰিছে। গুগল, ইউটিউব আদিত কিবা এটা সন্ধান কৰিলে আজিকালি বহুতো তথ্য তৎক্ষণাৎ আমি বিচৰামতেই পোৱাটো কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সম্ভৱ হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়তে গুগলে চালকবিহীন গাড়ী নিৰ্মাণো সম্ভৱ কৰি তুলিছে। সেই গুগলৰে কৃত্ৰিম বুদ্ধিমত্তা বিভাগৰ মুৰব্বীজনৰ নাম জেফ ডিন (Jeff dean)। গুগলৰ অতি পুৰণি কৰ্মচাৰীসকলৰ ভিতৰত তেৱোঁ এজন। কোম্পানীটো প্ৰতিষ্ঠা হোৱা এবছৰ নোহোৱা দিনৰ পৰাই তেওঁ তাত কৰ্মৰত। তেওঁ ইমানেই তীক্ষ্ণধী ব্যক্তি যে তেওঁক লৈ চৰ্চাৰ অন্ত নাই, তেওঁ এক কিংবদন্তী।

এবাৰ জেফ ডিনে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ গৈছিল। বক্তৃতা শুনিবলৈ ইমানেই মানুহ হৈছিল যে বিশ্ববিখ্যাত গণিতজ্ঞ তথা কম্পিউটাৰ বিজ্ঞানী ড’নাল্ড ক্নুথ (Donald Knuth) পকাত বহিব লগা হৈছিল। ড’নাল্ড ক্নুথ হ’ল টিউৰিং বঁটা বিজয়ী বিজ্ঞানী। এই বঁটাক কম্পিউটাৰ বিজ্ঞানৰ নোবেল বঁটা বুলি কয়! আচৰিত যেন লাগিলেও এয়া সঁচা কাহিনী।

এনেকুৱা আচৰিত যেন লগা সঁচা কাহিনী জেফ ডিনৰ লগত বহুত ঘটিছে। সেইবোৰক লৈ বহুতে কৌতুক কৰাও আৰম্ভ কৰিলে। এবাৰ গুগলৰ অভিযন্তা এজন তেওঁৰ সম্পৰ্কীয় সেই কথাবোৰ লৈ কৌতুকৰ ৱেবছাইট এটা খুলিলে। তাত বিভিন্ন গুগল কৰ্মচাৰীয়ে দিয়া কৌতুকবোৰ এনেধৰণৰঃ
ক) জেফ ডিন আচলতে পৃথিৱীত নাইয়েই। তেওঁৰ হ’ল জেফ ডিনে তৈয়াৰ কৰা এটা অতি উন্নত কৃত্ৰিম বুদ্ধিমত্তা।
খ) কমপাইলাৰে (compiler) জেফ ডিনক কিবা সকীয়াই দিব নালাগে, জেফ ডিনেহে কম্পাইলাৰক সকীয়াই দিয়ে।
গ) গুগলৰ প্ৰকল্পটো জেফ ডিনৰ আজৰি পৰৰ কামহে।
ঘ) যেতিয়া গ্ৰাহাম বেলে টেলিফোন উদ্ভাৱন কৰিছিল, লগে লগে তেওঁ সেই ফোনটোত জেফ ডিনৰ এটা মিছড কল দেখিছিল।
ঙ) জেফ ডিনৰ পিন নম্বৰটো পাইৰ অন্তিম অংক চাৰিটাৰে গঠিত।

এনেকুৱা অজস্ৰ ৰসাল কথাৰে জেফ ডিনক লৈ চৰ্চা হয়। ইয়াৰে প্ৰায়ভাগ বুজিবলৈ কম্পিউটাৰৰ কিছু জ্ঞান দৰকাৰ। এই কৌতুকবোৰ আমাৰ ৰজনীকান্তক লৈ কৰা কৌতুকবোৰৰ দৰে। মাথোঁ পাৰ্থক্য এটাই – ৰজনীকান্তৰ অতিৰঞ্জিত কাহিনীত কৰা অভিনয়ৰ বাবে বিদ্ৰুপ কৰি কৌতুক কৰা হয়; আৰু জেফ ডিনক তেওঁৰ অসামান্য দক্ষতাৰ বাবে সন্মান, প্ৰশংসা আৰু আশ্চৰ্য প্ৰকাশ কৰি কৌতুক কৰা হয়।

পেনিছিলিনৰ আৱিষ্কাৰ চিকিৎসা-বিজ্ঞানৰ এটা যুগান্তকাৰী ঘটনা। ইয়াৰ আৱিষ্কাৰক হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। ১৯৪৫ চনত ফ্লেমিঙে যুটীয়াভাৱে চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটাও লাভ কৰিছিল৷ ফ্লেমিং ইমান জনপ্ৰিয় হৈছিল যে সাংবাদিকে তেওঁক প্ৰায়ে ঘেৰি ৰাখিছিল। এবাৰ, ৰাতিপুৱাৰ আহাৰ গ্ৰহণ সময়তে দুজন সাংবাদিকে তেওঁৰ সাক্ষাৎকাৰ ল’বলৈ গ’ল। সাংবাদিক দুজনে তেওঁক সুধিলে— এই মুহূৰ্তত আপুনি কি ভাবি আছে? আমি জানিব বিচাৰিছোঁ যে এজন মহান বিজ্ঞানীয়ে পুৱাৰ আহাৰ গ্ৰহণৰ সময়ত কি ভাবে।
ফ্লেমিঙে উত্তৰ দিলে— মই সাংঘাটিক কথা এটা ভাবি আছোঁ।
সাংবাদিক দুজন অধিক তৎপৰ হৈ উঠিল।
এইবাৰ ফ্লেমিঙে ক’লে— মই এতিয়া এটা কণী খাওঁ নে দুটা খাওঁ ভাবি আছোঁ।
ফ্লেমিঙৰ উত্তৰ শুনি সাংবাদিক দুজন সেই ঠাইৰ পৰা ভাগিল।

ডেনিছ ৰিৎছী হ’ল UNIX অপাৰেটিং চিষ্টেমৰ সহ-নিৰ্মাতা, আৰু C প্ৰগ্ৰেমিং লেংগুৱেজৰ নিৰ্মাতা। আমি ব্যৱহাৰ কৰি থকা মাইক্ৰ’চফ্ট অপাৰেটিং চিষ্টেম, ফে’চবুক আদিতো C লেংগুৱেজ ব্যৱহাৰ হয়। ৰিৎছীয়ে এবাৰ কৈছিল— UNIX এতি সৰল অপাৰেটিং চিষ্টেম, কিন্তু সৰলতা বুজি পাবলৈ তুমি প্ৰতিভাশালী হ’ব লাগিব।

বিজ্ঞানীৰ কাহিনী কৈ থকা কাৰণে আপোনাৰ খং উঠিছে নেকি? যদি বিজ্ঞানীৰ কাহিনী কৈ কৈ কোনোবাই আপোনাক আমনি দি আছে, তেন্তে নোবেল বঁটা বিজয়ী মহান নাট্যকাৰ জৰ্জ বাৰ্ণাড শ্ব’ৰ এষাৰ কথা কৈ তেওঁৰ মুখ বন্ধ কৰি দিব পাৰিব। জৰ্জ বাৰ্ণাড শ্ব’ই কৈছিল – বিজ্ঞানীসকলে এটা সমস্যা সমাধান কৰা মানেই নতুন দহটা সমস্যা উদ্ভাৱন কৰা।

☆★☆★☆

Comments

  1. হাঃহাঃ ৰসেৰে পৰিপূৰ্ণ প্ৰবন্ধটো পঢ়ি আমোদ পোৱাৰ নজনা কথা জানি উপকৃত হ’লো।

  2. বিজ্ঞান আৰু ৰস?
    শুকান জেওৰা চেপি ৰস উলিয়াইছা! বঢ়িয়া!!!

Leave a Reply

Your email address will not be published. Required fields are marked *