ফটাঢোল

ছেণ্ডেল – চিকু শৰ্মা

২০২০ চনত “ছেণ্ডেল” উপাধিৰে সন্মানিত কৰা প্ৰথম বৰলা চিকু শৰ্মা মহোদয়ৰ কথা কবলৈ গৈছো। চিকু শৰ্মা হৈছে একাধাৰে কলি যুগৰ কবি, সাহিত্যিক, তৰ্কবিদ, ছেণ্ডেল বিজ্ঞানী। জানিব পৰা মতে তেওঁ শিব বাবাৰ ভক্ত। তেওঁ কেইবাখনো চিনেমাত অভিনেতা সমূহক ছেণ্ডেল পিন্ধাই বহুতো টকা উপাৰ্জন কৰিব পৰা বুলি জনা যায়। তেওঁৰ দ্বাৰা লিখা কেইবাখনো ছেণ্ডেল সাহিত্য হৈছে- ছেণ্ডেলৰ প্ৰেম, ছেণ্ডেলৰ ৰং, ছেণ্ডেলৰ প্ৰকৃতি, ছেণ্ডেলৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি।
এতিয়া মূল কথালৈ আহোঁ। শৰ্মা ডাঙৰীয়াক ছেণ্ডেল উপাধিৰে কিয় বিভূষিত কৰা হৈছিল তাৰ এটা কাৰণ আছে। মই আগতে কৈছো শৰ্মা ডাঙৰীয়া শিৱ বাবাৰ প্ৰিয় ভক্ত। এদিনা খনৰ কথা। ৰাতি পুৱাইছে মাত্ৰ, মানে সূৰ্য উদয় হোৱা ৬ ঘন্টা মান হৈছে, ১১ টা মান বাজিছে। শৰ্মা মহোদয় বিচনাতে। এনেতে শৰ্মা ডাঙৰীয়াৰ ফোনত এটা টেক্স মেছেজ আহিল, “ চিকু মোৰ ভাং শেষ হৈছে৷ ৩ পুৰিয়া মান ভাং লৈ আহ”। মেছেজটো আন নʼন নম্বৰৰ পৰা আহিছে। লগে লগে শৰ্মাই নম্বৰটো ট্ৰু কলাৰত চাৰ্চ কৰি চাই গম পালে যে, মেছেজ দিওঁতা জনচোন শিব বাবা। বাবা জি ৰ মেছেজ পাই লগে লগে বিচনাৰ পৰা একেজাঁপে নামিল আৰু পখৰা বৰণৰ পাৰ চৰাইজনীৰ পিঠিত উঠি হিমালয় পৰ্বতলৈ যাত্ৰা কৰিলে। পিছে যাওঁতে ৫ পুৰীয়া মান ভাং আহত জোপাৰ তলতে থকা দোকান খনৰ পৰা লৈ গʼল। কিছু সময় পিছতে শিৱ বাবাৰ ঘৰ পালেগৈ। শিব বাবাক ভাং খিনি দিলে, পাৰ্বতীয়ে কুটি বাচি চিলিমত সোমোৱাই দিলে। তাৰ পিছত শৰ্মা বাবু আৰু বাবা ই ভাং খাব ধৰিলে। এনেতে ভাঙৰ নিচাত শিৱ বাবাৰ ভৰিৰ পৰা খৰম এপাত ওলাই পৰিল। তেতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই তেওঁৰ ছেণ্ডেল যোৰ খুলি শিৱ বাবাক পিন্ধাই দিলে আৰু এটা চেলফি তুলি টুইটাৰত আপলোড দিলে। চিকু শৰ্মাই এনেদৰে শিৱ বাবাক ছেণ্ডেল পিন্ধাইছিল। সেইকাৰণে চিকু শৰ্মাক পৃথিৱীৰ মুখ্য মন্ত্ৰীয়ে “ছেণ্ডেল” উপাধিৰে বিভূষিত কৰে।
শৰ্মাৰ মতে ছেণ্ডেল একপ্ৰকাৰৰ এনেকুৱা সামগ্ৰী যাৰ সহায়ত ভৰি আৰু মাটিৰ মাজত থকা প্ৰেমক বাধা প্ৰদান কৰা হয়।
শৰ্মাৰ মতে ছেণ্ডেল সাধাৰণতে চাৰি প্ৰকাৰৰ –
১) বৰলাৰ ছেণ্ডেল
২)বিবাহিত পুৰুষৰ ছেণ্ডেল
৩)বৰলীৰ ছেণ্ডেল আৰু
৪)বিবাহিত তিৰুতাৰ ছেণ্ডেল।
১)বৰলাৰ ছেণ্ডেল- যিবোৰ ছেণ্ডেল বৰলাই পৰিধান কৰে তাক বৰলা ছেণ্ডেল বোলে। যেনে- ভাস্কৰ বৰ ডেকা দাৰ ছেণ্ডেল, দিম্পল দাৰ ছেণ্ডেল ইত্যাদি।
এই বিধ ছেণ্ডেল দেখিবলৈ বৰ ধুনীয়া। অতি ৰঙচঙীয়া। যাতে ধুনু আপি বোৰৰ আগে চকুত পৰে।
২)বিবাহিত পুৰুষৰ ছেণ্ডেল- যিবোৰ ছেণ্ডেল বিয়া কৰোৱা পুৰুষে পৰিধান কৰে, তাকে বিবাহিত পুৰুষৰ ছেণ্ডেল বোলে। যেনে- বিজয় দা ৰ ছেণ্ডেল, হেকা দাৰ ছেণ্ডেল ইত্যাদি। এইবিধ ছেণ্ডেলক আকৌ দুটা ভাগত বিভক্ত কৰা হয় –
ক) বাটা ছেণ্ডেল আৰু
খ) নাবাটা ছেণ্ডেল।
বাটা ছেণ্ডেল হৈছে গিৰিয়েকক ঘৈণীয়েকে তেওঁৰ চিঙা ছেণ্ডেল যোৰ চিলাই কৰি বা আঠা লগাই পিন্ধিব দিয়া ছেণ্ডেল। যেনে- বিজয় দা ৰ ছেণ্ডেল।
আৰু নাবাটা ছেণ্ডেল হৈছে গিৰিয়েকক ঘৈণীয়েকে তেওঁৰ চিঙা ছেণ্ডেলযোৰ মেৰামতি কৰি পিন্ধিব দিয়ে যদিও, তেওঁ সেইযোৰ নিপিন্ধি কাষৰ ঘৰৰ কলিতানী, শইকীয়ানী সকলৰ পৰা আনি পিন্ধা ছেণ্ডেল। এনে ছেণ্ডেল পিন্ধিবলৈ হʼলে কাষৰ ঘৰৰ তিৰোতা সমূহে ভাল পোৱাতো অতি দৰকাৰ। যেনে- হেকা দাৰ ছেণ্ডেল।
৩)বৰলীৰ ছেণ্ডেল – এবাৰো বিয়া নোহোৱা মহিলা সকলে ব্যৱহাৰ কৰা ছেণ্ডেলক বৰলী ছেণ্ডেল বোলে। যেনে- মিতালী বা ৰ ছেণ্ডেল, মণিষা বা ৰ ছেণ্ডেল ইত্যাদি। এইবিধ ছেণ্ডেলো দুই প্ৰকাৰৰ –
ক)এক কৰ্মী ছেণ্ডেল আৰু
খ)বহু কৰ্মী ছেণ্ডেল।
যিবোৰ ছেণ্ডেল বৰলী সকলে কেৱল পিন্ধাৰ বাবে ব্যৱহাৰ কৰে, তেনে ছেণ্ডেলক এক কৰ্মী ছেণ্ডেল বোলে। যেনে- মিতালী বা ৰ ছেণ্ডেল।
আৰু যিবোৰ ছেণ্ডেল পিন্ধাৰ উপৰিও গালত দুই এচাত লগোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, তেনে ছেণ্ডেলক বহুকৰ্মী ছেণ্ডেল বোলে। এইবিধ ছেণ্ডেলক হিল বুলিও কোৱা হয়। ই আম্বুজা চিমেন্টৰ দৰে শক্তিশালী আৰু পাহাৰৰ দৰে ওখ। যেনে- মণিষা বাৰ ছেণ্ডেল।
৪) বিবাহিত তিৰুতাৰ ছেণ্ডেল – যিবোৰ ছেণ্ডেল বিবাহিত তিৰুতাৰ ভৰিৰ তলত থাকে, তাক বিবাহিত তিৰোতাৰ ছেণ্ডেল বোলে। যেনে- ইন্দিমা বাৰ ছেণ্ডেল, গোস্বামী বাইদেউৰ ছেণ্ডেল ইত্যাদি। এইবিধ ছেণ্ডেলত সকলোবিধ ছেণ্ডেলৰ গুণ বিৰাজমান। সেয়েহে ইয়াক ছেণ্ডেলৰ ৰাণী বুলিও কোৱা হয়।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *