ফটাঢোল

মগজুহীন মানুহৰ জন্মবৃত্তান্ত – জয়ন্ত শৰ্মা

কাহিনীহে দেই, কাহিনীহে। কাহিনী মানেই অতীজৰে পৰা চলি অহা কথা। শুনা বা পঢ়া । চলি অহা কথা মানেই অলপ যোগ বিয়োগ হৈ কাহিনীত ইফাল সিফাল হ’বই। কওঁতা জনেনো আৰু নিজৰ পৰা দুই এষাৰ যোগ কৰি নিজে কোৱা কাহিনীটো আকৰ্ষণীয় কৰিবলৈ নিবিচাৰিবনে? বিচাৰিবই। এইটোও তেনেকুৱাই এজন ফটাঢুলীয়াৰ জন্ম কাহিনী । কাহিনী বুলি নকৈ আচলতে জন্ম বৃত্তান্ত বুলি ক’লেহে শুৱাব। কাৰণ কাহিনীত দেৱলোকো জড়িত হৈ আছে। যিহেতুকে কাহিনী,গতিকে চাগে বেছি সকলে জানেই আৰু বেছি সকলে জানেই যেতিয়া কেইজনমানমানেনো নজনাকৈ কিয় থাকিব লাগে ? আখিৰ সবতো এক হি ফেমিলী কা হেই ।
ত’ কাহানী ইচপ্ৰকাৰ হেই। ননষ্টপ ছুটি নোলোৱাকৈ ডিউটি কৰি কৰি ভগৱান বিষ্ণুৰ এবাৰ আমনি লাগিল। ৰিফ্ৰেচমেণ্টৰ কাৰণে ক’ৰবালৈ ফুৰিবলৈ যাবলৈ মন কৰি পেণ্ডিঙ কাম বিলাক শেষ কৰিও তিনিদিনৰ কিছুমান কাম আগতীয়াকৈ কৰি আজৰি হৈ ল’লে। আজৰি হলেইতো নহ’ব কিছুমান সৰু সুৰা কাম থাকে যিবিলাকৰ কাৰণে সদায়ে কোনোবা এজন লাগেই। গতিকে সেই তিনিদিনৰ কাৰণে দায়িত্ব কাক দিব ? বাকী সকল ভগৱানৰ নিজৰ ডিপাৰ্টমেন্ট চম্ভালোতেই হাহাঁকাৰ । অতিৰিক্ত দায়িত্ব দিব লাগিলে নিজৰটোও শেষ, এইটোও শেষ । কম অথন্তৰখন হ’বনে? তাতে স্বৰ্গৰ কামবিলাক এডাল চেইনত নিৰ্দিষ্ট গতিত চলি থাকে । অলপ হেৰফেৰ হ’লেই হ’ল আৰু।তাতেই স্বৰ্গত কিছুদিনৰ পৰা বিসম্বাদো শিপাইছে। যাকে তাকে দায়িত্ব দিলে পিছত যদি সিংহাসনৰ পৰা ননমাই হয়! হেন জানি কিছু চিন্তা কৰি ভগৱান বিষ্ণুই ভাবিলে,বোলে এই নাৰদডালে দিনটো অলৌ তলৌকৈ ঘূৰিহে ফুৰে। তাৰ নিজৰ কোনো ডিপাৰ্টমেন্টো নাই । তাকেই দিয়া যাওক। বিপদো নাই । বিষ্ণুই নাৰদক কথাবিলাক বুজাই দায়িত্বভাৰ দি অন্তৰ্ধান হ’ল।

নাৰদৰ মনত বিৰাট ফূৰ্তি । বিষ্ণুৰ ঠাই ল’ব পাৰিছে। হওকেবা তিনিদিন । আন কোনোবাই জানো এতিয়ালৈ এই দায়িত্ব পাইছে? গপতে গঙ্গাটোপটো হৈ এদিন নাৰদ ফুলি থাকিল। ইফালে বাকীসকল ভগৱান নিজৰ কামত ব্যস্ত । নাৰদৰ ওচৰলৈ কোনো নাহে। নাৰদৰ কাম হ’ল, আৰ কথা তাক লগাই পিনপিনাই ঘূৰি ফুৰা স্বভাৱ । এতিয়া কাম বন নোহোৱাকৈ একে ঠাইতে কিমান দেৰি থাকিব? ইফালে ভগৱান বিষ্ণুই সিংহাসন এৰি নাযাবলৈ আৰু গুদামৰ চাবি কাকো নিদিবলৈ দঢ়াই দঢ়াই কৈ গৈছে। নাৰদৰ হাঁহাকাৰ । সময় নাযায় নুপুৱায় । মিনিটকে ঘণ্টা যেন লগা হ’ল। শেষত বোলে, ‘ৰহ্ গুডামৰ চাবি আছে যেতিয়া কিনো আছে চাওঁৱে এবাৰ ‘। এফালৰ পৰা আলমাৰিবিলাক খুলি দেখে যে, কোনোবাটোত হাত,কোনোবাটোত ভৰি, কোনোটোত চুলি,খোৱাবস্তু । প্ৰতিটো গডৰেজতে নানান জোখৰ নানান সামগ্ৰী । নাৰদে বোলে এনেয়ে থকাতকৈ এটা মানুহকে বনাই চাওঁ বুলি হাত ভৰি নাক কাণ চুলি বিলাক লগ লগাই মানুহ এটা বনালে। জোখৰ পেট নাপাই এটা অভাৰ চাইজৰ পেটকে লগাই নাৰদে বোলে, “পাৰিছোৱে দেখোন। যাহ্ যি হয় হওক।চহী কৰি ইয়াক ফাইনেল কৰি পেলাওঁ” বুলি ইছ্যু ৰেজিষ্টাৰত টুকিবলৈ এজনক মাতি পঠিয়ালে ।

তিনি দিন মূৰত ভগৱান বিষ্ণু আহি পালে।
::নাৰদ।
: হয় প্ৰভু।
: ভালে ভালে গ’ল নে?
: হয় প্ৰভু। কিন্তু কাম বন নোহোৱাকৈ সময় কটোৱাটো বৰ আমনিদায়ক প্ৰভু।
:পিছে তুমি কেনেদৰে সময় কটালা?
: প্ৰভু এটা মানুহকে বনাই পৃথিৱীলৈ পঠিয়াই দিলো।

বিষ্ণু জাপ মাৰি উঠিল । ইচছ্ ইচ নাৰদ কি কৰিলা ? চাওঁ,চাওঁ বুলি ইছ্যু ৰেজিষ্টাৰত এড্ৰেছ চাই ভগৱানে দেখে যে , অসম মুলুকৰে এঘৰত গৈ কেঁচুৱাটো উপজিছে। কিন্তু অলপ দেৰি কেঁচুৱাটো লক্ষ্য কৰি বিষ্ণুৰ কিবা সন্দেহ হৈ লগে লগে মগজু থকা আলমাৰীটো চাই দেখে যে নাৰদে সেইটো নুখুলিলেই। ‘ইচ নাৰদ তুমি দেখোন মানুহটোক ‘মগজু’ নিদিলাই। কি কৰা যায়’ বুলি বিষ্ণুৰো হাঁহাকাৰ লাগিল ।

বিষ্ণুৱে অৱশেষত ভাগ্যদেৱীৰ কাষ পালেগৈ । ভাগ্যদেৱীয়ে কোনো চিন্তা নকৰাকৈয়ে ক’লে, “মগজু নোহোৱাকৈও অসমত কিমান মানুহ চলি আছে ? ই ডাঙৰ হৈ লীডাৰ হ’ব । আৰু পালি প্ৰহৰীৰ মগজুৰে কাম চলাব ।”

নাৰদ বাচিল । বিষ্ণুৰো উশাহ ঘূৰি আহিল । আমাৰো কাপোৰ কানি ক’লা হ’ল । আৰু ঘৰলৈ উভতি আহিলো ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *