ফটাঢোল

নিকুন খুড়া আৰু অসমৰ মৰিয়া জনগোষ্ঠীৰ চমু ইতিবৃত্ত – ভাস্কৰজ্যোতি দাস

এচ.এন.গগৈ৷ সম্পূৰ্ণ নাম শিৱ নাথ গগৈ৷ সকলোৱে নিকুন খুড়া বুলি কয়৷ ঘৰ জাঁজী, হাঁহচৰাত৷ আজিৰপৰা ২০ বছৰমানৰ আগতে আমাৰ ঘৰতে তেখেতৰ পৰিয়ালটো ভাড়া কৰি আছিল৷ খুড়া অ’.এন.জি.চি. ৰ বিষয়া আছিল৷ মাটিৰ মানুহ৷ মাজে মাজে কাহিনী কিছুমান কৈছিল৷ আমি স্কুললৈ যোৱা/ কলেজ যোৱা বয়সত খুড়াৰ কাহিনীবোৰ শুনি বৰ ৰস পাইছিলো৷ এদিন তেওঁ এটা কাহিনী কৈছিল৷ তেখেতৰ কাহিনী কোৱা ষ্টাইলটো সাংঘাটিক৷
সেইদিনা স্কুলৰ পৰা আহি মই আগফালৰ চোতালত বহি আছো৷ নিকুন খুড়া আহি কাষতে বহিলহি৷ তাৰ পাছতে কাহিনী আৰম্ভ কৰিলে৷
নিকুন খুড়া – হৌৰা বাবা (মোৰ ঘৰত মাতা নাম), মৰিয়া মানুহ দেখিছা?
মই- নাই দেখা৷
নিকুন খুড়া- জমনি বুইছা৷ আমাৰফালে এখন গাঁও আছে৷ মৰিয়া গাঁও৷
মই- অঁ হয় নেকি? কেনেকুৱানো৷
নিকুন খুড়া- মোৰ লগৰ এটা আছিল আমাৰ ওচৰৰ গাঁৱৰে৷ সিদিনা গাঁৱৰ ঘৰলৈ যাওঁতে লগ পালো নহয় দোকান এখনত৷ তেনেই জমনি বুইছা (তেওঁ হা হা হা কৈ হাঁহি এটা মাৰিলে)…
মই- কি হ’ল খুড়া?
নিকুন খুড়া- দোকানত সি খৈনী মাৰি মাৰি দোকানীক গহীনত সুধি আছে,- “হৌৰা মহাজন, চেনী কেজি কেনেকে দিছা?”
দোকানীয়ে ক’লে ১৮ টকা৷ সি আকৌ সুধিলে-“হৌৰা মহাজন, মচুৰ কেজি কেনেকে দিছা?” দোকানীয়ে ২৪ টকা বুলি ক’লে (আকৌ নিকুন খুড়াৰ হাঁহি)
মই- তাৰ পাছত?
নিকুন খুড়া- হা হা হা৷ সি খুচুৰা পইচা দুটামান দোকানীৰ আগত দলিয়াই দি ক’লে-“লোৱা৷ জল্দি জল্দি দুটকাৰ চেনী আৰু তিনি টকাৰ মচুৰ দিয়া৷

দুয়ো হাঁহিলো অলপসময়৷ তেতিয়া কথাবোৰ সিমান গুৰুত্ব সহকাৰে লোৱা নাছিলো যদিও গৰীয়া-মৰিয়া ইত্যাদিবোৰ শব্দ শুনি আছিলো৷
কিছুদিনৰ পূৰ্বে এই জনগোষ্ঠীটোৰ বিষয়ে ক’ৰবাত পঢ়িছিলো৷ এই জনগোষ্ঠীৰ বিষয়ে জানিবলৈ দুই এপদ সমল, তথ্য গোটোৱাত লাগিলো, লাইব্ৰেৰীতো কিবা-কিবি পালো৷ আখৈফুটীয়াৰ ফালে থকা ডিমৌমুখৰ মৰিয়া গাঁও এখনত এঘন্টীয়া আলহী হৈও আহিলো৷ সেইখিনিৰেই যোৰা-টাপলি মাৰি প্ৰবন্ধটো লিখিছো৷
১৫৩২ খ্ৰীষ্টাব্দৰ অসম৷ আহোম স্বৰ্গদেউ চুহুংমুংৰ ৰাজত্বকালত সেই চনৰে বহাগ মাহত বংগৰ ৰজা নছৰত চাহে তুৰ্বক খানক অসম আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল৷ আহোম সেনাপতি কনচেং বৰপাত্ৰ গোঁহাইৰ নেতৃত্বত চলা এই যুদ্ধত ফ্ৰাচেংমুং বৰগোঁহাই, তুৰ্বক খান আৰু ফ্ৰাচেংমুংৰ পত্নী মুলাগাভৰুৱে প্ৰাণ হেৰুৱাইছিল৷ এই যুদ্ধত আহোম সেনাই প্ৰায় ৯০০ জন মুছলমান সেনাক বৰ্তমান নগাঁও জিলাৰ কলিয়াবৰত বন্দী কৰাৰ উপৰিও ৮৫০ টা ঘোঁৰা, ২৮ টা হাতী আৰু বৃহৎসংখ্যক বন্দুক বাৰুদ জব্দ কৰিছিল৷ কালত এইখিনি লোকেই মৰিয়া জনগোষ্ঠীৰ লোক বুলি জনা গৈছিল৷ প্ৰথমে ৰজাঘৰীয়া ঘাঁহী হিচাবে হাতীক লালন-পালন কৰোৱাৰ কামত নিয়েজিত হোৱাৰ পাছত কামত গাফিলতি কৰা দেখি ৰজাই এই লোকসকলক বোকাখাটত কৃষি কৰ্মত নিয়োজিত কৰিছিল৷ এই ঠাইখনেই বৰ্তমানৰ মৰিয়াহোলা৷ পিচে কৃষিকৰ্মতো এওঁলোকে বিশেষ ফল দেখুৱাব নোৱাৰাত বাট-পথ আৰু পুখুৰী সঁজা কামত লগাই যদিও সেইবোৰতো মৰিয়াসকলে আলস্যভাৱ দেখুৱায়৷ অৱশ্যে কাঠ পুৰি কয়লা প্ৰস্তুত কৰা কামত এওঁলোক ভাল আছিল বাবে স্বৰ্গদেউ চুহুংমুঙে এওঁলোকক সাত মোন পিতল দিছিল বাচন-বৰ্তন তৈয়াৰ কৰিবলৈ৷ পিচে, এওঁলোকে সাত মোন পিতল আত্মসাৎ কৰি এডাল কাণ-খৰিকা ৰজাৰ হাতত দিয়ে৷ এইদৰে কাম নকৰাটো প্ৰকৃততে তেওঁলোকৰ একপ্ৰকাৰৰ প্ৰতিবাদহে আছিল৷ ৰজাই এনে ধোদ লোকক পুহি ৰখাৰ কোনো প্ৰয়োজন নাই বুলি ভাবি এওঁলোকক বন্দীত্বৰ পৰা মুকলি কৰি দিয়ে৷ এইদৰে প্ৰথমে মৰিয়াহোলাতে গাঁও পাতি বসবাস কৰা এই লোকসকলৰ জনবসতি লাহে লাহে উজনিৰ জিলাসমূহলৈ বিস্তাৰিত হয়৷

বন্দীৰ জীৱনৰ পৰা ওলাই এই লোকসকলে অসমৰ স্থানীয় ছোৱালীক বিয়া বাৰু কৰাই ঘৰ-সংসাৰ পাতি পিতল শিল্পক বৃত্তি হিচাবে লয়৷ এইখিনি লোকেই অসমত পিতল শিল্পক ব্যৱসায় হিচাবে লৈ পাছলৈ ৰজাঘৰীয়া অস্ত্ৰ-শস্ত্ৰৰ লগতে সা-সৰঞ্জামৰ ভঁৰাল চহকী কৰে৷ লাহে লাহে কৰ্মঠ জাতি ৰূপে নিজকে গঢ় দিয়াত পাছলৈ এইসকল লোকক ৰজাই বৰা, শইকীয়া উপাধীৰে বিষয়বাব প্ৰদান কৰিছিল৷ শৰাইঘাটৰ ৰণত বা তাৰ আগে-পিচে এনে বহুখিনি লোকক বিভিন্ন দায়িত্ব প্ৰদান কৰা হৈছিল৷ গড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁৱৰ ইচমাইল চিদ্দিক নামৰ মৰীয়া সম্প্ৰদায়ৰ এজন লোকে গাঁৱত এটা বাঘ সোমোৱাৰ কথা গম পাই নিজে সজা অস্ত্ৰৰে বাঘটো নিধন কৰে৷ আহোম ৰজা চক্ৰধ্বজ সিংহই ইয়াৰ প্ৰমাণ চাই এই ইচমাইল চিদ্দিকক এহেজাৰজন পাইকৰ অধিপতি পাতি বাঘ হাজৰিকা নাম দিছিল৷ শৰাইঘাটৰ যুঁজত বিশেষকৈ নৌকাযুদ্ধত বাঘ হাজৰিকাৰ ভুমিকা ইতিহাসত সোণালী আখৰেৰে লিখা আছে৷
মৰিয়াসকলৰ সামাজিক জীৱনশৈলীত অসমীয়া হিন্দু আৰু মুছলমানৰ সমাহাৰ দেখা যায়৷ এই লোকসকলে অসমত ঘৰবাৰী কৰাৰ লগতে স্থানীয় ছোৱালী বিয়া কৰোৱাটাৱেই ইয়াৰ মুল কাৰণ৷ এই জনগোষ্ঠীৰ লোকসকলে বহুত কম বয়সতে বিবাহপাশত আৱদ্ধ হয়৷ ল’ৰাৰ বয়স ১৮-২০ বছৰ আৰু ছোৱালীৰ শান্তি হোৱাৰ পাছতে বিবাহৰ উপযুক্ত বুলি ধৰা হয়৷ অৰ্থনৈতিক বা আন কোনো কাৰণতেই হওক এওঁলোকে পৰাপক্ষত নিজৰ গাঁও বা একেবাৰে ওচৰৰ গাঁৱৰ সৈতেহে বৈবাহিক সম্বন্ধ কৰে৷ বিয়া বাৰুৰ ক্ষেত্ৰতো এই জনগোষ্ঠীৰ নীতি-নিয়ম অসমীয়াৰ দৰে একে৷ কইনা পচন্দ কৰাৰ পাছত দৰাঘৰীয়াই কইনাক এটা আঙঠি আৰু এযোৰ মুগাৰ কাপোৰ উপহাৰ হিচাবে দিয়ে৷ এই সমাজত বিয়াৰ দিনা মুৰত তেল দিয়া, মাহ-হালধী সনা ইত্যাদিবোৰ পৰম্পৰাও থলুৱা অসমীয়াৰ সৈতে একে৷ মৰিয়া জনগোষ্ঠীৰ মহিলাসকলে বিবাহ অনুষ্ঠানত বিয়ানাম গায়৷ অসমীয়াৰ বিবাহৰ দৰে মৰিয়া জনগোষ্ঠীৰ বিবাহ দুটা দিনত সম্পন্ন হয়৷ প্ৰথম দিনা কইনাঘৰে দৰাঘৰক ভোজভাত খুৱাই আৰু তেলৰ শৰাইৰ লগতে জোৰণৰ বস্তু অনা-নিয়া কৰা হয়৷ দ্বিতীয়দিনা দিনৰ ভাগতে কইনাঘৰলৈ আহি দৰাঘৰীয়াই নিকাহ সম্পন্ন কৰে৷ পিছে আৰ্থিকভাৱে স্বচ্ছল নোহোৱাৰ বাবে মৰিয়া সমাজত পলুৱাই নিয়া প্ৰথায়েই বেছিকৈ চলে৷

অসমীয়া লোকৰ দৰেই মৰিয়া জনগোষ্ঠীত ধান দাবলৈ যোৱা প্ৰথম দিনটোত পৰিয়ালৰ জ্যেষ্ঠজনে ধান এমুঠি মুৰত লৈ ভঁৰালঘৰত থয়৷ একেদৰে নাঙল ধোৱা, ন-খোৱা ইত্যাদিবোৰ অনুষ্ঠানৰো প্ৰচলন মৰিয়া সমাজৰ মাজত দেখা যায়৷ অসমীয়া ধৰ্মীয় অনুষ্ঠানত যিদৰে সকলো নিয়ম-নীতিতে তামোল-পাণৰ ব্যৱহাৰ দেখা যায়স, সেইদৰে মৰিয়া জনগোষ্ঠীৰো প্ৰতিটো অনুষ্ঠানতে তামোল-পাণ ব্যৱহাৰ কৰা দেখা যায়৷ মৰিয়াসকৰ খাদ্যাভ্যাস অন্য মুছলমানৰ দৰে একে যদিও অসমীয়াৰ দৰে তেওঁলোকে সান্দহ, চিৰা, পিঠাগুৰি ইত্যাদিবোৰ সেৱন কৰে৷ এই জনগোষ্ঠীৰ মহিলাসকলে প্ৰায় সকলো সময়তে চাদৰ-মেখেলা পৰিধান কৰে৷ পূৰ্বতে ধুতি পিন্ধা পুৰুষসকলে পাছলৈ লুঙি বা পায়জমা পিন্ধিছিল যদিও এতিয়ালৈ লংপেন্ট চাৰ্ট পিন্ধাহে দেখা যায়৷

শেহতীয়াকৈ অসমত অনুষ্ঠিত হৈ যোৱা অৰ্থ-সামাজিক আৰু জাতি-পিয়লত অসমৰ কোনো জনগোষ্ঠীৰ জনসংখ্যাৰ তথ্য ৰাজহুৱা নকৰাৰ বাবে এই জনগোষ্ঠীয়ে অসমৰ কিমান শতাংশ সামৰি আছে তাক কোৱাটো কঠিন। তথাপিও ১৯৯৫ চনত সদৌ অসম মৰিয়া সন্থাই আগবঢ়োৱা তথ্য অনুযায়ী অসমত এই জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় দুই লাখ আৰু অসমৰ ১১ জিলাত মুঠ ৬৫ খন গাঁৱত এই জনগোষ্ঠীৰ লোকে বসবাস কৰে৷

অসমৰ খিলঞ্জীয়া মুছলমান লোকৰ এক লেখত ল’বলগীয়া অংশ হোৱা স্বত্বেও এই জনগোষ্ঠীৰ লোকসকল আজিও আৰ্থিকভাৱে আৰু সামাজিকভাৱে পিচপৰা৷ সেইবাবে অসম চৰকাৰে ১৯৭৫ চনৰ সংশোধিত আইনযোগে মৰিয়া জনগোষ্ঠীক অতি অন্যান্য পিচপৰা শ্ৰেণী হিচাবে সংৰক্ষণ প্ৰদান কৰে৷

প্ৰসংগ পুথি:-
১/ অসম বুৰঞ্জী (সূৰ্যকুমাৰ ভূঞা)
২/ A History of Assam (Sir Edwards Gait)
৩/ ঐতিহ্যমণ্ডিত কলিয়াবৰ (লীলাধৰ বৰা)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *