ঢকঢকীয়া বগা বিচনা চাদৰ পাৰি থোৱা মাংগীলাল আগৰৱালৰ ডাঙৰ কাপোৰৰ দোকানখনৰ আগত হঠাতে এখন স্ক’ৰপিঅ’ ৰ’লহি! স্পীডত আহি হঠাতে ব্ৰেক মৰাৰ ফলত ঠাইখিনিত এক প্ৰকাৰৰ গোঁজৰণিৰ দৰে শুনা গ’ল। গোঁজৰণিত উৰি যোৱা ধূলিৰ মাজতেই গাড়ীখনৰ পিছে পিছে ছন্দোবদ্ধভাৱে আহি থকা এজাক যুৱকৰ বাইকবোৰ হঠাতে ব্ৰেক মাৰি ৰখাই দিয়াত ঠাইখিনি গুমগুমাই উঠিল। যেন দক্ষিণ ভাৰতীয় চিনেমা এখনৰহে ট্ৰেইলাৰ !
প্ৰথমে বাইক এখনৰ পৰা এজন সাউতকৈ নামি আহি ভব্য-গব্যভাৱে স্ক’ৰপিঅ’ৰ দুৱাৰখন খুলি দিলে-লগুৱাই মালিকৰ গাড়ীৰ দুৱাৰ খুলি দিয়াৰ লেখীয়াকৈ! চ্যুট-টাই পিন্ধা এজন হিৰো টাইপৰ লোক নামি আহিল গাড়ীৰ পৰা। লাহে লাহে গাড়ীত হিৰোৰ লগত বহি অহা দুই-চাৰিজন আৰু বাইকত অহা যুৱকবোৰো নামি হিৰোৰ পিছে পিছে খোজ ল’লে। দলটোৱে মাংগীলাল আগৰৱালৰ দোকানৰ ফালে আগবাঢ়িল। কাপোৰৰ বৃহৎ দোকানখন সেই অঞ্চলটোৰেই এখন জনপ্ৰিয় দোকান৷ কাপোৰৰ লগত জড়িত সকলোখিনিয়েই তাত পোৱা যায়। যদি নাথাকে, তেওঁলোকে অৰ্ডাৰ লৈ দুই-এদিনতে আনি দিয়ে। মাংগীলাল আগৰৱালৰ পৰিয়ালৰ চাৰিপুৰষে অঞ্চলটোত এই ব্যৱসায় কৰি আহিছে। ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ স্কুলত পঢ়ুৱাইছে। সকলোৱেই শুদ্ধ অসমীয়া কয়। অঞ্চলটোৰ যিকোনো ৰাজহুৱা অনুষ্ঠানতো আগৰৱাল পৰিয়ালে যথাসাধ্য সহায় কৰি আহিছে। দোকানৰ ধক্‌ধকীয়া বিচনা চাদৰ পাৰি থোৱা গাদীত বহি থকাৰ পৰাই মাংগীলাল আগৰৱালে এই হিৰোৰ দলটোক দেখি লৰচৰ কৰি বহিল।
“কি হে আগৰৱাল, বিজনেস কেনে চলিছে?”
কেইবছৰমানৰ আগলৈকে মাংগীলাল খুৰা বুলি মাতা হিৰোই আগৰৱাল বুলি মাতাত তেওঁ অলপ আচৰিতো হ’ল। তথাপি তেওঁ হিৰো আৰু তেওঁৰ সাংগো-পাংগোবোৰক আদৰ-সাদৰ কৰি বহুৱালে। লগতে দোকানত কাম কৰা কৰ্মচাৰী এজনক সকলোলৈকে চাহ-মিঠাই আনিবলৈ ক’লে।
লগে লগে হিৰোৰ গুৰু গম্ভীৰ কণ্ঠ-
“কি হে আগৰৱাল? কিহৰ চাহ আনিবলৈ কৈছেহে? ইহঁতবোৰক দেখি লাগে নেকি যে-ইহঁতে আপোনাৰ দোকানত চাহ খাবলৈ আহিছে বুলি !”

এইবাৰ চাহ আনিবলৈ যোৱা কৰ্মচাৰীজনক নিজেই অৰ্ডাৰ দিলে,-
“চাহ নেলাগে। সেই ডেভিদৰ ৱাইনশ্বপৰ পৰা দুই কাৰ্টুন বটল উঠাই আনগৈ। ক’বি মাংগীলালে পেমেণ্ট কৰিব।”
এইবাৰো মাংগীলাল আগৰৱালে অবাক চাৱনিৰে হিৰোলৈ চালে।
“চিন্তা নকৰিব। আমি ইয়াতে নাখাওঁ। আমি অসমীয়াই আপোনালোকৰ ধৰ্মক সন্মান দিওঁ।“
আগৰৱালে অকণমান ৰৈ ক’লে,-
“কি কোৱা? আমিও অসমীয়াই! আমাৰ কেইপুৰুষ ইয়াতেই শেষ হ’ল। তুমি যি স্কুলত পঢ়িছা, মোৰ ল’ৰা-ছোৱালী তথা মইয়ো তাতেই পঢ়িছিলোঁ। আমি পালন কৰা ধৰ্মও হিন্দু ধৰ্মৰে অংগ।”
“কিন্তু আমাৰ অসমৰ ধৰ্ম হিন্দু ধৰ্মৰ লগত মিলিলেও যে আপোনাৰ ধৰ্মৰ লগত তফাৎ আছে ! গতিকে আপুনি ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ স্কুলত পঢ়ালেই অসমীয়া হৈ যাব নোৱাৰে নহয়।”
“বাৰু বাদ দিয়ক এইবোৰ! এটা কাম কৰক, এইবাৰৰ বিহুৰ শ্ৰেষ্ঠ বিহুৱতী আৰু শ্ৰেষ্ঠ বিহুৱাৰ পুৰস্কাৰটোৰ দায়িত্ব আপুনি লওক। আৰু চাব, কমিটিত মোৰ নাম উপদেষ্টা হিচাপে ৰাখিছে। সেয়ে পুৰস্কাৰৰ পৰিমাণটো দিওঁতে মোৰ ইজ্জতৰ কথা ভাবিব। অন্ততঃ এক লাখমানকৈ নগদ ধন তথা বিহুৱতীৰ বাবে ভমকা ফুলীয়া মুগাৰ সাজ আৰু বিহুৱাৰ বাবে পাৰিলে ভাল ব্ৰেণ্ডৰ চাৰ্ট-পেণ্ট দিব। হিচাপ মতে বিহুৱাকো ধুতি-পাঞ্জাৱী, চেলেং-গামোচাজাতীয় কিবা দিব লাগিছিল। কিন্তু এইবোৰনো আজিকালি কোনে পিন্ধে? অ’ আৰু এটা কথা, আপোনাৰ দৰ্জীটোক মাতি মোৰ জোখ এটা ল’বলৈ দিয়কচোন! বিহু বুলি মোকো কিবা এটা নিদিয়ে জানো! হেহেহেঃ…. ‘ৰেইমণ্ড’ৰ চ্যুট এযোৰকে দিব মোক। আৰু এতিয়াৰ পৰা একো চিন্তা নকৰিব, আপোনাৰ যিকোনো বিপদৰ সময়ত মোক পাব।”
“কিন্তু আমাৰ তেনে কোনো বিপদ হোৱা নাই এতিয়ালৈকে। ইয়াৰ সকলো মানুহৰ লগতে আমাৰ ভাল। সকলোৱেই আমাক নিজৰ বুলিয়েই ভাবে।”–চকুত আশ্বৰ্য লৈয়েই মাংগীলালে পুনৰ ক’লে,-
“মইতো বিহুৰ নামত ভালকৈয়ে ছান্দা দিছোঁ। আকৌ ইমানখিনি টকা দিবলৈ অলপ অসুবিধা হয়।”
হিৰোৰ মুখখনত কিবা এক কঠিনতাই বিৰাজ কৰিলে,-
“আপুনি বৰ ভৌলা-ভালা মানুহ হে! বতাহ কোনফালে বৈছে ধৰিবই পৰা নাই নহয়নে? মানুহে মুখতহে আপোনাক ভালৰি বোলাই থাকে! কিমানে যে মোক অভিযোগ কৰিছে যে আপুনি মাৰোৱাৰী হৈ সুদূৰ ৰাজস্থানৰ পৰা আহি আমাৰ ইমান ধুনীয়া ৰাজ্যত থাকি ইয়াতেই সকলো আৰ্জন কৰি নিজৰ দেশলৈ পঠিয়াই আছে বুলি! কিছুমানেতো আপোনাৰ দোকান ৰাতি জ্বলাই দিওঁ বুলিয়েই কয়। মইহে ৰখাই আছোঁ কিবাকে। কাৰোৰে বিপদ-আপদ হোৱাটো একেবাৰে ভাল নালাগে বুজিছে।” অলপ ৰৈ,-
“ কিবা এটা পাবলৈ হ’লে কিবা এটাতো দিবই লাগিব। আৰু আপোনালোকে টকাৰ বাবেনো কিয় চিন্তা কৰিব লাগে? বছৰ বছৰ ধৰি অসমক লুটি থকা নাই জানো? গতিকে সকলোকে সুখী কৰাৰ বাবেই আপুনি এইবাৰৰ বিহুখন উঠাই দিয়ক। বাকীবোৰ মই চম্ভালি ল’ম। এতিয়া আহোঁ দেই!”

000000000000000000000000000000

আপুনি এনেকৈ দম দিব পাৰেনে কাৰোবাক? হোৱাই-নোহোৱাই,কথাই-বতৰাই কেৱল দমৰ ওপৰতে আপোনাৰ জীৱনটো চলাই নিয়াব পাৰি বুলি কেতিয়াবা ভাবি চাইছেনে? আনৰ কথা নাজানো, কিন্তু যোৱা কেবাদশক জুৰি এই দমৰ নামে-জহে অসম মুলুকত দৈনন্দিন কাম-কাজবোৰ চলি যে আহিছে সেইটো সকলোৱেই বুজি পোৱা হৈ উঠিছে নিশ্চয়! সেয়ে অৱধাৰিতভাৱেই ‘দম’ অসমৰ জাতীয় জীৱনৰ এক অভেদ্য অংগ হৈ পৰিছে।
প্ৰথমে কওকচোন দমৰ বিষয়ে আপুনি জানেনো কি? অথবা দম কাক দিয়া হয় আৰু কিয় দিয়া হয়? আৰু এই দম দিব পাৰিলেনো কি হয়? লগতে আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে-দম দিলেই যদি সকলো হৈ যায় তেন্তে আমিনো বছৰ বছৰ জুৰি পঢ়া-শুনা কৰি পৰীক্ষা দি ইমান কষ্ট কৰি জীৱনত নিজৰ ভৰিত থিয় দিবলৈনো কিয় চেষ্টা কৰিব লাগে? এনেধৰণৰ এশ-এবুৰি প্ৰশ্নই হয়তো আপোনাৰ মোৰ দৰে মূঢ়মতিৰ মগজুৰ বিভিন্ন শিতানত ঘৰ্ষণ-কৰ্ষণ আৰম্ভ কৰিছে! মগজুৰ ইমান কচৰতনো কিয় কৰে হয়নে?
অৱশ্যে দমৰ বিষয়ত অসম মুলুকত এতিয়ালৈকে লিখিতভাৱে কোনো তথ্য-পাতি পুথিভঁড়াল কিম্বা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হোৱা নাই যদিও অলিখিতভাৱে অথবা মৌখিকভাৱে ইতিমধ্যে অসমৰ কেইবাটাও প্ৰজন্মই দমৰ ওপৰত পিএইচডিৰ ওপৰৰ পৰ্যায় অতিক্ৰম কৰিছে বুলিয়েই ধৰি ল’ব পাৰে।
এতিয়া কথাটো হ’ল যে এই দমনো কি বস্তু? অথবা এই দম খাই নে পিন্ধে বুলি আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে। আচলতে দম হ’ল ফস্তি মাৰি খাব-পিন্ধিব পৰাকৈ কথা ক’ব পৰা একো একোটা কৌশল। এই দমদাৰ দাদা হ’বলৈ কেইটামান ষ্টেপ পাৰ কৰিব পাৰিব লাগিব। যেনে ধৰক-স্কুলীয়া কালৰে পৰা পঢ়া-শুনাত বিশেষ গুৰুত্ব নিদি ছাত্ৰ-ছাত্ৰীৰ হকৰ ওপৰত মাত মাতিবলৈ প্ৰেকটিছ কৰক। ছাত্ৰ-ছাত্ৰীৰ ‘লিডাৰ’ বুলি পৰীক্ষাবোৰতো বিনা কষ্টেৰে উত্তীৰ্ণ হৈ থাকিব। মেট্ৰিকত লাগিলে দুবাৰমান ৰৈ দিয়ক, ছাত্ৰ-ছাত্ৰীৰ কাৰণে কাম কৰাৰ বাবেইতো ৰ’বলগীয়া হৈছে! অলপ ডাঙৰ হ’লে সন্থাগিৰি কৰক। এই সন্থাগিৰি কৰি কৰিয়েই বহুতে পাছলৈ একো একোজন বিয়াগোম দমদাৰ দাদা হৈ জনপ্ৰিয় হোৱাৰ নজিৰ আছে। যদি সন্থাগিৰি কৰিও দমদাৰ দাদা হ’ব নোৱাৰে তেন্তে অলপ দিনৰ কাৰণে জংঘললৈ যোৱাৰ ব্যৱস্থা কৰক। ৰাজ্যখনক স্বাধীন কৰাৰ বাবে বনে-জংঘলে, বিদেশে থকা কোনোবা ডাঙৰ ‘লিডাৰ’ৰ আলধৰা হৈ হ’লেও জংঘল কিম্বা কাঁটা-তাঁৰৰ বেৰৰ ফাঁকেদি বিদেশত অলপদিন থাককগৈ! লাহে লাহে লুকাই-সোমাই ফুৰা জীৱনে আমুৱাবলৈ ধৰা অনুভৱ হ’লেই ঘৰৰ দায়িত্ব, ভাই-ভনী, পিতৃ-মাতৃ আদিৰ সকলোৰে দায়িত্বৰ কথাই আমনি কৰা দেখুৱাই যিকোনো প্ৰকাৰে মূল সূঁতিলৈ গুচি আহক। সংগ্ৰামী জীৱনত আপুনি কাৰোবাৰ আলধৰা লগুৱাই আছিল নে ‘লীডাৰ’ৰ কাষত থিয় হোৱা বন্দুকধাৰী সৈন্যই আছিল, সেইটো গুৰুত্বপূৰ্ণ একেবাৰে নহয়। চৰকাৰৰ সাফল্য-সশস্ত্ৰ সংগ্ৰামীক মূল সূঁতিলৈ অনাটোহে! সেয়ে আপুনি মূল সূঁতিলৈ উভতি অহাটো চৰকাৰ-প্ৰশাসনৰ কাৰণে ডাঙৰ সাফল্য। গতিকে সেই সফলতাৰ অমৃতখিনি এতিয়া আপুনি উপভোগ কৰক। অৱশ্যে মনত ৰাখিব যে এই ‘মূৰত থ’লে ওকণিয়ে পাব, মাটিত থ’লে পৰুৱাই পাব’ৰ উথপথপখিনি অলপদিনলৈহে বৰ্তি থাকিব। তাৰপিচত নতুন আন কাৰোবাক মূল সূঁতিলৈ আনিবলৈ গৈ পুৰণাখিনিক পিঠি দিয়াৰ আগতেই অঞ্চলটোত নিজৰ ভাৱমূৰ্তি বনাওক। পাৰিলে ছোৱালী-বোৱাৰীৰ লগত লীলা-খেলা কৰক। কেলেংকাৰী অলপ নহ’লে ফেমাচ কেনেকৈ হ’ব? দম দিয়া দাদা হ’বলৈ হ’লে এইবোৰ লিং-লাং অনিবাৰ্য।
যি নহওক,ইয়াৰ মাজতে চৰকাৰী অনুজ্ঞাপত্ৰৰ জৰিয়তে লগত ৰখা মাৰণাস্ত্ৰবোৰৰো মাজে মাজে মুকলি প্ৰদৰ্শন অব্যাহত ৰাখক। আপোনাৰ প্ৰাণৰ ৰক্ষাৰ বাবেই চৰকাৰে এই মাৰণাস্ত্ৰবোৰ দিছে। ব্যৱহাৰ নহ’লেও ‘শ্ব’ অফ’ অনিবাৰ্য। মানুহৰ মাজত আপোনাৰ বাবে ভয়, ত্ৰাসৰ ভাৱ হ’বই লাগিব। কি ক’লে? সন্মান! গুলী মাৰক হে! এই সন্মান নামৰ বস্তুবিধ লৈ এটুপি পানীৰ অভাৱত মৰা মানুহ বহুত পাব। আচলতে ভয় কৰি কৰিয়েই আপোনাক সন্মুখত পালে মানুহে সন্মানো কৰিব। আপোনাৰ আঁৰ হ’লেই বদনাম কৰে যদি কৰিবলৈ দিয়ক। আপোনাৰ কি আহে যায়?
এতিয়া এই আটাইখিনি মা-মছলাৰ লগত অলপমান অসমীয়া জাউতিযুগীয়া আৱেগক,মানে ‘আছামিজ ছেণ্টিমেণ্ট’টোৰ লগত সনা-পিটিকা কৰি ল’ব লাগিব। পাৰিলে চেহেৰা-পাতি মঙহাল হোৱাকৈ গঢ়ি লওক। অৱশ্যে প্ৰথমে প্ৰথমে চেহেৰা খীণ-মিন হ’লেও চলি যাব। মুখেৰে আটাহ পাৰি অথবা অতি গহীন ভাৱ এটা দেখুৱাই, পকেটত হাত ভৰাই ‘মাৰণাস্ত্ৰ এই উলিয়াই আনো’ ভাৱত সন্মুখৰ জনক এনেকৈ দম দিব লাগিব যাতে সেই শুনোতাজনৰ হৃদয়-মগজু থৰ থৰকৈ কঁপিবলৈ ধৰে৷ লাহে লাহে দমৰ জৰিয়তে পোৱা লক্ষ্মীদেৱীৰ পাতবোৰে যেতিয়া পকেট গৰম কৰিব তেতিয়া অৱধাৰিতভাৱেই দমদাৰ দাদাৰ মুখত মদে-ভাতে শোভাবৰ্ধন কৰিব। ফলত অতি কম দিনতে দমদাৰ দাদাৰ চৰ্বিযুক্ত শৰীৰ উজলি উঠিব। কেতিয়াবা মথুৰা-বৃন্দাবনত থকা পূজাৰীবোৰক চাই পাইছেনে? নাই পোৱা যদি কৈছোঁ শুনক। মথুৰা-বৃন্দাবনৰ পূজাৰীবোৰৰো চিৰি-চেহেৰা প্ৰথম অৱস্থাত চোমালিয়াৰ খাদ্যহীন মানুহৰ লেখীয়াই হয়। লাহে লাহে চেহেৰাই নতুন ৰূপ লয়৷ শৰীৰৰ প্ৰতিটো অংগতে মেদবহুলতাই ভীৰ কৰে। পূজাৰী হোৱাৰ স্বাৰ্থতে শুধ বগা ধুতি-পাঞ্জাৱী পৰিহিত সেই পূজাৰীবোৰৰ ডিঙিবোৰত দেখা সোণৰ শিকলিবোৰ হাতীৰ ভৰিত বন্ধা লোহাৰ শিকলিৰ সমান হৈ পৰে। এয়া কেনেকৈ হয় কেতিয়াবা ভাবি চাইছেনে? কেৱল ভগৱানৰ নামত আগবঢ়োৱা উছৰ্গাৰে হেজাৰ-হেজাৰ পূজাৰীৰ জীৱনশৈলীৰ অতি শীঘ্ৰেই পৰিৱৰ্তন ইমান সহজ নহয়। সেয়া সম্ভৱ হৈ উঠে বৃন্দাবনত থকা বিধৱাসকলৰ বাবে দান-বৰঙণিৰ নামত ভক্তসকলৰ পৰা জোৰ কৰিয়েই মোটা অংকৰ দান লোৱাৰ জৰিয়তেহে। বিধৱাসকলৰ নিকৃষ্ট জীৱনৰ কোনো পৰিৱৰ্তন কাহানিও দেখা পোৱা নাযায়। বৰঞ্চ পূজাৰীবোৰৰ বাঢ়ি যোৱা মেদবহুল চেহেৰাবোৰেৰে বৃন্দাবনৰ উদাস বিধৱাসকলৰ জীৱনবোৰক ঢাক খুৱাই পেলায়।
বৃন্দাবনত ভক্তক ভগৱানৰ ভয় দেখুৱাই জোৰ কৰি দান লোৱাৰ দৰেই অসমতো সংস্কৃতি ৰক্ষাৰ ঠিকাবোৰ, অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ ঠিকাবোৰ আমাৰ সেই দমদাৰ দাদাসকলে নিজে নিজেই লৈ লয়। এবাৰ তেনেকৈ অসমৰ স্বাৰ্থ-ৰক্ষাৰ দায়িত্ব মূৰ পাতি লোৱাৰ অৰ্থ হ’ল সেইজনৰ জীৱনটো দমৰ ওপৰতে চলি যোৱাটো খাটাং। লগত কেইটামান পঢ়া-শুনা বাদ দি দিনৰ দিনটো টলৌ-টলৌকৈ ফুৰি থকা অঞ্চলৰ কেলেহুৱাক গোটাই লওক৷ লক্ষ্মীদেৱীৰ কৃপাদৰ্শনত অতি কম দিনতে গাড়ী-ঘৰ সকলো দমদাৰ দাদাৰ হাতৰ মুঠিলৈ আহি যাব।
এই দমদাৰ দাদাসকলৰ কামো বহুত ধৰণৰ হয়। আপোনাৰ ল’ৰাটোৱে হাইস্কুলৰ কোনো এটা পৰীক্ষাত ফেইল কৰিছে, আপুনি ল’ৰাৰ, মাকৰ কন্দনামুৱা মুখ চাব নোৱাৰে বাবে স্কুলৰ অধ্যক্ষক অনুৰোধ কৰিছে যে এইবাৰলৈ ল’ৰাটোক পাছ কৰাই দিয়ক। পিছৰ ক্লাছত যত্ন ল’ব। পিছে অঁকৰা অধ্যক্ষজনে নামানে। বচ্! একো চিন্তা নাই। সেই দমদাৰ দাদাজনক কওক। এদিন মদে-মাংসই লৈ যাওক। লগতে পাৰে যদি অলপমান খম্‌খমীয়া নোটৰ বান্দিল। আপোনাৰ কাম হৈ যাব। কেইদিনমানৰ পিছত আপোনাৰ ল’ৰাই নতুন ক্লাছলৈ যাবলৈ আৰম্ভ কৰিছে।
আপোনাৰ ছোৱালীজনীয়ে কোনো অনা অসমীয়া ল’ৰাৰ লগত অথবা আপোনাৰ অপছন্দৰ কোনো ল’ৰাৰ লগত হিয়া-দিয়া-নিয়া কৰিছে? ছোৱালীক বুজাই সৈমান কৰিব পৰা নাই? দমদাৰ দাদাক কওক। প্ৰতিদানত কি দিব লাগে জানেই! দমদাৰ দাদাৰ কৃপাত সকলো ঠিক হৈ যাব। হয়,সেই অনা-অসমীয়াৰ ল’ৰাটোৰ পৰিয়ালসহ নিজৰ ঘৰ-দুৱাৰ এৰি ‘দেচ’লৈ গুচি যাব। যদি ল’ৰাৰ ঘৰখন ‘খাটে-পিতে’ ঘৰ কী হয়, তেন্তে দমদাৰ দাদাই ওলোটাই ছোৱালীৰ বাপেককো দম দি ল’ৰা-ছোৱালীহালৰ একেবাৰে হৰ-গৌৰী বসতিও কৰি দিব পাৰে।
কি কয়, আপুনি পাচলি বেপাৰ কৰিব খুজিছে? কিন্তু পাচলিৰ বজাৰত বিহাৰীকেইটাৰ টিঘিলঘিলনি! দমদাৰ দাদাক কওক, বচ হৈ গ’ল। দমদাৰ দাদা তথা তেওঁৰ অনুৰাগীয়ে এনে পৰিৱেশৰ সৃষ্টি কৰি দিব যাতে অসমীয়া মানুহবোৰৰ অনুভৱ হয়-বছৰ বছৰ ধৰি এই অনা-অসমীয়ামখাই অসমীয়াৰ তেজ শুহি শুহি খাই আছে। ঠিক মহে মানুহৰ তেজ খোৱাৰ লেখীয়া! আপুনি-মই গা-পাতি দিছোঁ, আৰু অনা-অসমীয়াই আমাৰ গাৰ পৰা তেজবোৰ তৰপে তৰপে উলিয়াই লৈছে! উস! অসমীয়াৰ কেঁচা তেজ খাই থকা বেপাৰীহঁতক আঁতৰাবই লাগিব।
হৈ গ’ল, পাচলিৰ বজাৰত আপোনাৰ পাচলিৰ দোকানেও শোভাবৰ্ধন কৰিব। ৰ’ব ৰ’ব, আপুনি এইটো ভুলতো নাভাবিব যে দমদাৰ দাদাৰ দলে বিহাৰী বেপাৰীহঁতক বজাৰৰ পৰা আঁতৰাই পেলালে। তেনে কোনো ঘটনা এতিয়ালৈকে হোৱা নাই আৰু কস্মিনকালেও নহ’ব। কৈ থ’লোঁ। পাচলিৰ দোকানত অনা-অসমীয়াকেইটাৰ দোকানৰ মাজতে সৰুকৈ আপোনাৰো দোকান হৈ যাব। মাথোঁ অনা-অসমীয়া বেপাৰীবোৰৰ লগত আমাৰ দমদাৰ দাদাৰ সনা-পিটিকা খুবেই ঘনিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা যাব। ওলোটাই আপোনাকহে বুজাব-‘এডজাষ্ট কৰা হে!’
বিহু পাতিছে! এক বৃহৎ পৰিমাণৰ ফাণ্ডৰ প্ৰয়োজন হ’ব। কিহৰনো চিন্তা? দমদাৰ দাদাসকলক বিহু কমিটিত ৰাখক! কাজেই অনা-অসমীয়া ব্যৱসায়ীসকলৰ ওচৰত দমদাৰ দাদাসকলৰ সঘন আহ-যাহ হ’ব৷ দমদাৰ দাদাই বিহু কমিটিৰ নামত নিজৰে এৰে’-গেৰে’ দুটামানক ঘাঁইপথত ছান্দা তুলিবলৈ দিহা দিব। দিনটোৰ ‘কালেকচন’ৰ পিছত সেই ধদুৱাকেইটাক মদে-মাংসই খুৱাই দিয়াৰ পাছত দেখিব সেইফালৰ পৰাও কালেকচন ভালেখিনি আহি গৈছে।
বিহু অনুষ্ঠান পতাৰ নামত কিমান টকাৰ বৰষুণ হ’ল সেইটো জনাৰনো কি দৰকাৰ হয়নে? আৰ্টিষ্টক নিমন্ত্ৰণ কৰিলে যদি কৰিলে,সেইটোনো কি কথা? আৰ্টিষ্টে অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহাৰ দিনা বিহু কমিটিৰ মানুহবোৰ নাইকিয়া হৈ গ’লেই হ’ল দেখোন! আৰু যদি কিবাকৈ বতাহ-ধুমুহাৰে বৰষুণ হয় তেন্তেতো কথাই নাই। সকলো মীমাংসা হৈ যায়। তাৰ অলপদিনৰ পিছত দমদাৰ দাদাসকলৰ প্ৰকাণ্ড দালানঘৰৰ গেট খুলি প্ৰকাণ্ড ফৰচুনাৰ গাড়ীয়ে প্ৰৱেশ কৰিব- সেইটোত নিশ্চিত থাকক। মানুহে হয়তো দুদিনমান বু-বু বা-বা কৰিব। সেইটোনো কি কথা, আপোনাৰ অঞ্চলটোত অনা-অসমীয়া মানুহখিনিয়ে বছৰ বছৰ ধৰি ব্যৱসায়-বাণিজ্য কৰি কোটিপতি হৈছে। এতিয়া অঞ্চলটোৰ অসমীয়া ডেকা দমদাৰ দাদাৰ অকণমান প্ৰতিপত্তি বাঢ়িছে। তাতেনো ইমান হিংসা কৰিবলৈ কিহে পাইছে, হয়নে?
পথ নিৰ্মাণৰ ঠিকাটো সেইবাৰ অঞ্চলটোৰ ঠিকাদাৰকেইটাই নাপালে। কোনোবা বোলে বেলেগ ঠাইৰ এজনে অথবা অনা-অসমীয়া এজনে ঠিকাটো পাইছে। ঠিকাদাৰসকল দমদাৰ দাদাৰ শৰণাপন্ন হ’ল। কিন্তু শেষত ঠিকাদাৰবোৰৰ লাভ-লোকচানটো তল পৰি যায়। সেই সময়তে দমদাৰ দাদাৰ সেই ঠিকা পোৱা বাহিৰৰ জনৰ লগত ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠে।
অথবা ঠিকাৰ বাবে আপুনি পেলোৱা টেণ্ডাৰখনত অফিচাৰে এতিয়ালৈকে চহী কৰা নাই! দমদাৰ দাদাৰ কথাত অফিচাৰে চহী কৰিবই কৰিব! দমদাৰ দাদাৰ দলক এতিয়া আপুনি কি দি সন্তুষ্ট কৰে সেইটো আপোনাৰ কথা পায়!
অঞ্চললৈ ভ্ৰাম্যমান থিয়েটাৰ আনিছে। কমিটিত দমদাৰ দাদাৰ নাম ৰাখক। কি কৈছে, পেট্ৰ’নৰ টিকেটবোৰ বিক্ৰী হোৱা নাই! কিয়নো হ’ব বাৰু! যিহে দাম ৰাখিছে! চিনেমা হলত এচিৰ মৃদু বতাহ লৈ হিন্দী-ইংৰাজী চিনেমা চাওঁতে যদি চাৰিশ টকা খৰছ হয়,থিয়েটাৰৰ ক্ষেত্ৰত হাজাৰ টকা দি পেট্ৰ’নেই হওক বা চিজন টিকটেই হওক,মঞ্চৰ একেবাৰে সন্মুখতে বহক অথবা পিছতেই, কুনকুনীয়া মহৰ কামোৰ খাবই লাগিব। বহু দূৰত পেণ্ডেলৰ ওপৰৰ ফালে লগাই থোৱা ফেনবোৰে এচিৰ কাম কৰিবতো নোৱাৰে! তেন্তে হাজাৰ টকাৰ পেট্ৰ’ন, চিজনৰ টিকেট কোনে কিনিব? ইফালে টিকটবোৰ বিক্ৰী নহ’লে থিয়েটাৰ পাৰ্টিক দিয়াৰ পিছত কমিটিৰ নিজলৈ বুলি দেখোন একোৱেই নথাকিবগৈ!
চিন্তা নকৰিব, কেৱল দমদাৰ দাদাক স্মৰণ কৰক। মানুহে বিচাৰক-নিবিচাৰক,আঢ্যৱন্ত অসমীয়া,অনা-অসমীয়া সকলোৰে ঘৰলৈ পৰিয়ালৰ সদস্য সংখ্যামতে পেট্ৰ’ন-চিজনৰ টিকেট নিজে নিজেই গৈ পাবগৈ! লাগিলে থিয়েটাৰ চাবলৈ নাযাওকেই, দমদাৰ দাদাৰ মতে অঞ্চলটোৰ উত্সাহী ডেকাহঁতে অনা থিয়েটাৰৰ নামত টকা অলপ দিয়াটোনো কি বেয়া কথা?
যদি আপুনি সমাজৰ কোনো পিছপৰা অঞ্চল নাই পিছপৰা শ্ৰেণীৰ মানুহ হয়, তেন্তে আপোনাৰ মগজুত নিজৰ গোষ্ঠীটোৰ বিষয়ত অলপমান খবৰ-বাতৰি ভালকৈয়ে লৈ লওক। মানে নিজৰ গোষ্ঠীৰ মানুহখিনিৰ আচলতে কোনখিনি জন্মগত অধিকাৰ আছে, অথবা থাকিব লাগে আৰু কিয় এতিয়ালৈকে নোপোৱাকৈ আছে সেইখিনি বুজি লওক। আপোনাৰ নিজৰ গোষ্ঠীৰে কোনোবাই বছৰ বছৰ ধৰি মন্ত্ৰী, সাংসদ হৈ নিজৰ বাবে প্ৰকাণ্ড দালান সাজি ৰাজসুখত থাকি জনতাৰ সুখ-দুখৰ খবৰ ৰখা নাই বুলি অনুভৱ কৰা কথাখিনি নিজৰ মানুহবোৰৰ আগত বাৰে বাৰে আলোচনা কৰক। সময় সুবিধা পালেই গাঁৱৰ যিকোনো অনুষ্ঠানত আগভাগ লৈ দেখাওক যাতে মানুহখিনিয়ে আপোনাক তেওঁলোকৰ অভিন্ন অংগ বুলি ধৰি লয়। তাৰপিছত আন নহ’লেও আপুনি পঞ্চায়তত জিকাটো খাটাং। অথবা তেনে কোনো চৰকাৰী বিষয়বাবৰ প্ৰতি লোভ নাই বুলি ৰাইজৰ মাজত মহান ব্যক্তি হোৱাৰ চানেকী দাঙি ধৰক। এতিয়া সেই অঞ্চলবোৰলৈ চৰকাৰৰ ফালৰ পৰা পঠিওৱা যিকোনো উন্নয়ণৰ কাম-কাজত কেৰাণী-মহৰী, জুনিয়ৰ ইঞ্জিনিয়াৰ,ইঞ্জিনিয়াৰ,অফিচাৰ সকলোৰে মাজত হোৱা ভাগ-বটোৱাৰাবোৰত আপোনাৰ ভাগটোৱেও নিজে নিজেই আহি আপোনাৰ চৰণ যুগল স্পৰ্শ কৰিবহি।
কাৰণ ক’ৰবাত কিবা খেলি-মেলি হ’লে আপুনি এবাৰ কৈ দিলেই মীমাংসা হৈ যায়। ৰাইজে আপোনাৰ কথা শুনে। আকৌ ৰাইজৰ মাজলৈ যাবলৈকে আপোনাক গাড়ী এখন লাগে৷ সেইখন চলাবলৈও পেট্ৰ’ল, ডিজেল লাগে। তাৰবাবে ৰাইজৰ উন্নয়ণৰ নামত অহা টকাকেইটামান যেনিবা আপোনাক দিলেই,তাতেইনো কি আহে-যায়! কাৰণ আপোনাৰ দৰে বিষয়-বাব ত্যাগ কৰি সমাজৰ বাবে,মানুহৰ বাবে কাম কৰিব খোজা মানুহৰ কথা ৰাইজে অনুকৰণ কৰে৷
মানুহবোৰে আপোনাক তেওঁলোকৰ ত্ৰাণকৰ্তা বুলি ধৰি ল’ব। ইমান দিনে একো নোহোৱা মানুহখিনিৰ অধিকাৰৰ বাবে আগবাঢ়ি অহা বাবে মানুহবোৰ আপোনাৰ প্ৰতি শ্ৰদ্ধাত গদ-গদ হৈ পৰিব। এবাৰ এনে হৈ গ’লেই আৰু চিন্তা নাই৷ বাকী সকলোখিনি বিশেষ কষ্ট নকৰাকৈয়ে হৈ যাব৷ ৰাজপাটৰ সৌভাগ্যৰে অথবা লক্ষ্মীদেৱীৰ অবাধ বৰষুণেৰে আপুনিও মহীয়ান হৈ উঠিব।
আৰু এটা কথা, এই দমদাৰ দাদাসকল যে কেৱল স্কুল-কলেজ,এৰা-উতনুৱা তথা মূল সূঁতিলৈ উভতি অহাবোৰৰ মাজৰ পৰাই জন্ম হয়-তেনে নহয়। পেপাৰে-পত্ৰই কিবা-কিবি লিখি নিজকে সাংবাদিক সজাই লওক। কাকত-আলোচনীৰ বাবে ৰিপোৰ্ট এটাৰ অনুসন্ধান কৰি তথ্য-পাতি উলিয়াই লৈ কাকত-আলোচনীত প্ৰকাশ কৰাৰ আগতে সংশ্লিষ্ট মানুহক জনাই মোটা অংকৰ টোপোলা বিচাৰি দম দি দিয়ক। মানে টকা দিয়ে যদি দিব পাৰে,নহ’লে পিছদিনা পুৱাৰ বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাতে বাতৰিটো ওলোৱাটো খাটাং। আপোনাৰ পকেট মালামাল যে হ’ব সেইটো খাটাং। বন্দুকধাৰী দমদাৰ দাদাসকলৰ দৰেই এইধৰণৰ দমদাৰ দাদাসকলে নিজৰ ভাৱমূৰ্তিৰ খাতিৰত ‘ইণ্টেলেকচুৱেলৰ লেবেল’ এটা পিন্ধি থাকিবলৈ যত্ন কৰে।
এই দমদাৰ দাদাসকল ইমানেই জনপ্ৰিয় হৈ যায় যে ধুনীয়া ধুনীয়া ছোৱালীবোৰেও তেওঁলোককে বিচাৰে। বিয়া-বাৰু পাতি ঘোৰ সংসাৰী হোৱাৰ পাছতো এই দমদাৰ দাদাসকলে সুন্দৰী, স্মাৰ্ট, ইংলিছ-স্পীকিং ছোৱালীৰ লগত ‘এফেয়াৰ্চ’ ৰখাটো কিবা এক ‘ষ্টেটাছ ছিম্বল’ৰ দৰে জ্ঞান কৰে। আন নহ’লেও প্ৰতিদ্বন্দ্বী দমদাৰ দাদাসকলৰ আগত নিজকে তেনেকৈ প্ৰদৰ্শন কৰাটোত কিবা এক মজা আছে৷ সেয়ে এই দমদাৰ দাদাসকলৰ ‘ইজ্জত’ৰ কাৰণেই ধুনীয়া-ধুনীয়া ছোৱালীবোৰে নিজৰ দীঘল ঢৌ খেলোৱা চুলিও বিসৰ্জন দিবলৈ চিন্তা নকৰে৷ বিখ্যাত দমদাৰ দাদাৰ বাবে সামান্য অকণমান চুলি বিসৰ্জন দিয়াটো একো ডাঙৰ কথাই নহয়। অৱশ্যে ইয়াৰ ফলত দুইধৰণৰ লাভ হয়। দমদাৰ দাদাসকলৰ নিজৰ মাজতে ‘ইজ্জত’ বাঢ়ে আৰু ‘মুণ্ডণ’ কৰোৱা ধুনীয়া যুৱতীসকলো ৰাতিটোৰ ভিতৰতে ‘চেলিব্ৰেটি’ হৈ যায়।
আজিকালি অসমত এই দমদাৰ দাদাসকলৰে আটাইতকৈ বেছি প্ৰতিপত্তি। দম যদি দিব নোৱাৰে আপুনি মানুহ হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে বুলিয়েই ধৰক। কি ক’লে? আপুনি দমদাৰ দাদা হ’বলৈ কেনেকৈ আগবাঢ়িব সেইটো নাজানে! ইমান সময়ে তাকেই কৈ থাকিলোঁ দেখোন! এই আধাতে স্কুল-কলেজ এৰা, ছাত্ৰ-সংগঠনৰ নামত বাটে-ঘাটে, হোৱাই-নোহোৱাই ছান্দা তুলি তুলি ৰাতিলৈ মদে-ভাতে খাই আড্ডা মাৰা, মূল সূঁতিলৈ ঘূৰি অহা ইত্যাদি অসমৰ তেজাল ডেকাহঁতক দেখা নাই নেকি! যদি লক্ষ্য কৰা নাই তেন্তে আপুনি জীৱনত বহুত ডাঙৰ কথাই দেখা তথা লক্ষ্য কৰাৰ পৰা বিৰত আছে। জীৱনটো আপোনাৰ তেনেই গ’ল। এতিয়াও সময় আছে কিবা অলপ শিকক! তেহে যদি বৈতৰণী পাৰ হয়-মানে তেহে যদি জীৱনত সফল হৈছোঁ বুলি বিশ্বাসকণ জন্মে।
সেয়েহে,এতিয়াৰ পৰা দমদাৰ দাদাসকলক ভালকৈ লক্ষ্য কৰিব দেই! এইহেন মহান কলাটো, অস্ বিদ্যাটো আমাৰ জীৱনত কেতিয়া কেনেকৈ কামত আহে-কোনে জানে? মনত ৰাখিব-আমি ধোদৰ আলিৰ দেশৰ মানুহ৷ পিঠি পুৰিলেও সিফালে শুই থাকিবলৈহে ভাল পাঁও। এইচব কাম-কাজ, ব্যৱসায়-বাণিজ্য, খেতি-বাতি; এইবোৰত জীৱনটো পাত কৰাৰ বাবে আমাৰ জন্ম হোৱা নাই। আমাৰ ‘জন্ম’ দম দিবলৈকে হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষা,যোগ্যতাৰ ভিত্তিত নিয়োগ এইবোৰ কথা পাহৰি যাওক। এয়া এলেহুৱা,অধইচ,কাম নাইকিয়া মানুহৰহে কাম৷ এয়া অসম মূলুকৰ মহান দমদাৰ, দিলদাৰসকলৰ কাম কেতিয়াও নহয়। গতিকে সব শিক্ষা বাদ দি দম দিয়াৰ স্কুলত নামটো লগাই লওক। সঁচায়ে কৈছোঁ, জীৱনত এসাঁজ খাব পাৰিব।

☆★☆★☆

Comments

  1. বঢ়িয়া হৈছে । চোৰাত পাতেৰে কোবোৱা হেন হৈছে ।

    1. ধন্যবাদ পৰী। এই কথাবোৰ ইমানসাধাৰণ হৈ পৰিছে যে মানুহে প্ৰতিবাদ কৰিব লাগে বুলিও ভাবিব নোৱাৰা হৈ গৈছে।

  2. ব্যংগৰ চলেৰে অসমীয়া সমাজত চলি থকা এক ঘৃণনীয় ছবিৰ সাৱলীল উপস্থাপন।খুব ভাল লাগিল।

  3. লিখাটো কোনোবা নিউজ পেপাৰলৈ পঠাই দিয়া, অসমীয়া কাকত ত প্ৰকাশ পেৱাটো জৰুৰী৷ গা সিৰসিৰাই গৈছে গীতিকা৷

  4. দম দিবলৈ ভয় লগা হৈ গল বাইদেউ। ভাল লাগিল পঢ়ি।

    1. তুমিও দম দিয়া নেকি? মোৰহে ভয় লাগি গ’ল হে! যিনহওক ধন্যবাদ।

  5. লেখাত দম আছে ৷ একেবাৰে দমদমাই দিলে৷ বঢ়িয়া!

  6. অতি সুন্দৰ ব্যংগ। এটা হতাশজনক ছৱিৰ সফল প্ৰতিফলন। বৰ ভাল লাগিল

Leave a Reply

Your email address will not be published. Required fields are marked *