ফটাঢোল

বিদেশী কুকুৰ বনাম আলধৰা ল’ৰা – অসীমা শইকীয়া দত্ত

যি ছিৰিয়েল অথবা চিনেমাই নাচাওক লাগিলে, সেই মন-মগজুত সোমোৱা চৰিত্ৰটোৰ নামেৰেহে অভিনেতা অভিনেত্ৰীৰ নাম কয় আমাৰ পিতৃ মাতৃয়ে৷ বৰষাৰাণী বিষয়াই দহটা জনম লওক, তেখেতসকলৰ বাবে “উজনিৰ দুজনী গাভৰু”ৰ অাজলীজনীৰেই পৰিচিত৷ যতীন বৰাৰ “চুৰেন চোৰৰ পুতেক”ৰ পৰা পদোন্নতি নহ’ল৷ হলত অসমীয়া চিনেমাৰ মন্দাৱস্থা, টিভিত কিন্তু আমাৰ মা-দেউতাৰ দৰে দৰ্শকৰ বাবে অসমীয়া চিনেমা চাওঁতে সদায় বাল্টি লাগে৷ একেখনকে দহবাৰ চায়৷ হ’লেও সদায় নতুনকৈ চোৱাদি চায়৷ দহবাৰ গালি খায় ৰামধেনুখনত তপন দাসে৷ প্ৰস্তুতি পৰাশৰৰ দুখত মায়ে পাৰিলে তুলি ল’লেহি হয় তাইক মৰমতে৷ ছিৰিয়েল সোপাৰ নায়ক নায়িকাৰ কথাতো নকওঁৱেই৷ কিৰণবালা-বিনীতা-কাকতিয়নী এওঁলোক মাহঁতৰ জিভাত এখন গাঁও পাতি লোৱা বসতি৷ নক’লে আমাৰ ঘৰৰ ওচৰৰে কোনোবা বুলি ভুল হ’ব৷ বলিউডৰ অমিতাভ বচ্চন মাৰ বাবে ‘অমিতা বচন’, দেউতাৰ বাবে ‘দীঘলা বচন৷’ আমিৰ খান ‘আমাৰ বাবাৰ লেখীয়া ল’ৰাটো৷’ বিয়াগোম বিষয়া কিছুমানে টকা খালে পেপাৰত নাম দিলেও বহুত ওচৰ চুবুৰীয়াই যেনেকৈ চিনি নেপায়। ‘পুতুকনৰ জোঁৱায়েক’ অথবা ‘বাপধনৰ পুতেক’ সৌ দস্যু পতিটো বুলি ওচৰ চুবুৰীয়াই জনা নামতো ব্ৰেকেটত নিদিয়ে যে৷ কেচটো ঠিক তেনেকুৱায়৷

এইহেন দুধৰ্ষ দৰ্শক দুজন অলপতে আহিছিল ইয়ালৈ৷ আমাৰ ঘৰত এদিন গ’ল টানি টুনি যেনে তেনে। পিছদিনা সৰু নাতিৰ লগত দেউতাৰ তামাম যুদ্ধ৷ সি চায় চিনচেন, অগী আৰু দেউতাহঁতক লাগে অসমীয়া ছিৰিয়েলবোৰ৷ দেউতাই মোৰ ওচৰত দুখ কৰেহি, “তাক কচোন সেই কিলবিলাই থকা মুখ পেটৰ চিন নোহোৱা পোকগালকেনো কিমান চাম৷ অহাৰ পৰা চাইছো৷ ক’লেও কান্দে৷” সিফালে দুবিধৰ দৰ্শকৰ মাজত আঠ বজাৰ নিউজ লোৱা জোঁৱায়েক আছেই৷ তথাপি আমাৰ কাইটিয়ে পুতেকৰে দেউতাৰে যুদ্ধত টিভি ৰুমতে নোসোমোৱা হ’ল৷ মই ধৃতৰাষ্ট্ৰৰ দৰে নেদেখাৰ ভাও ধৰো৷

তথাপি অলপতে মাজুলীত পথাৰে ঘৰে ঢপলিয়াই ফুৰা দেউতাক আমন-জিমনকৈ কিতাপ লৈ বহি থকা দেখি ক’লো, “আবেলি এনেই থাকি আমনি পাইছে যদি খোজ কাঢ়ো ব’লক৷ আমাৰ লগত মাও ওলাল৷ সেইদিনা চুবুৰীলৈ নতুনকৈ অহা মানুহঘৰৰ মানুহগৰাকীয়েও সিংহটোৰ দৰে কুকুৰটোলৈ ৰাজকীয় পদযাত্ৰা কৰিছে৷ লগত সদায় দেখা আলধৰাটো৷ কুকুৰটো দেখিও নেদেখাৰ ভাও ধৰি আমি বাপেক জীয়েকৰ কথা আৰম্ভ হ’ল৷ এনেই আঁটিছে মোক, তাতে লগত খোদ প্ৰডাকশ্যনটো উল্টা মেথাৰ৷

দেউতাৰ কথা আৰম্ভ, “বুইছ মাইনা, মানুহে বাংলাদেশীক খেদিব খুজিছে কিন্তু এই কুকুৰবোৰক চাচোন৷ বিদেশী হৈও কি ৰাজকীয় মৰ্যদা ইয়াত! আমাৰ দেশীয় ফপৰা কেইটাক কোনেও নোতোলে কিয় তেনেকৈ? এগাল টকা শৰাধ এইবোৰৰ নামত৷”

মালিকনীয়ে শুনে বুলি মই কথা সলালো, “অ’ দেউতা আমাৰ ঘৰৰ ফপৰা কেইটাক খাবলৈ দিয়েনে আপুনি?”

দেউতা মিতব্যয়ী মানুহ বুলি জানো৷ যাৰ হাৱাই চেণ্ডেলেও নীলা ৰং লৈ ভৰিত ধৰি কান্দে, “কোৱাইদেউ মোক এৰক৷ মাটিত শৰীৰটো বিলীন নকৰাকৈ যাওঁগে বুলি ভাবিছোঁ৷” চেণ্ডেলৰ ফিটা নতুন৷ তলফালে গোৰোহাও ছিগা, আঙুলিৰ চিনতো ফুটা৷ কথাটো মনত পৰি খুকখুকাই হাঁহোতেই, গাৰ কাষ পোৱা কুকুৰটোৰ ৰাম্ফা চিঞৰত মা মোৰ পিঠিত উঠিলহি। ময়ো ভয়তে চিঞৰিলো, “আজ্জৌ বৌটি! কি অ’ এইটো!”

দেউতাৰ আগবাঢ়ি সাহসী ডায়লগ, “চেই যাহ মাউৰত মৰাটো”৷

মালিকনীৰ তেনেতে গধপা মাত, “এক্সিউজ মি! আমাৰ ৰকীক চেই নক’ব । সি এই ডাৰ্টি লেংগুৱেজ নাজানে।”

দেউতাৰ চিধা কথা, “কি ভাষা জানে ই? আমাৰ তাৰ সব কুকুৰে চেই ক’লে আঁতৰে৷ ই কি কুকুৰ?”

মই সেইখিনিৰপৰা যাবলৈ খৰখেদা লগালো৷ ঘৰৰ টিভিৰ যুদ্ধ আজি বাটত কুকুৰক লৈ হ’ব৷ দেউতাৰ মাটিৰ ভাষা, মালিকনী চাঁদৰ ভাষা৷ দেউতা নদমিল। এইবাৰ মোক ক’লে, “বুইছ মাইনা, একেবাৰে ৰাহিযোৰা নাহে মোৰ এই কুকুৰৰ লগত৷ সঁচ দেখিব মন নাযায় মোৰ৷ কোনো দেউৱে নেলাগে কুকুৰৰ মাষ্টৰেও নোৱাৰে এইবিধৰ লগত ৰাহি মিলাব৷”

আগে আগে গৈ থকা মানুহজনীৰ টেলেকা চকু থমকি ৰ’ল৷ কুকুৰটোৱেও হঠাৎ মোক চাই শিকলি ছিঙো ছিঙো কৰি তালফাল লগাই ভুকিছে৷ মোক দেখি সি (একো তৰ্কিবলে নাপালোৱেই) তাৰ পুৰণি টকা খাই এৰি দিয়া গাৰ্লফ্ৰেণ্ডজনীলৈ চোঁচা লোৱাদি খেদা মাৰি আহিল৷ যেন সি মোৰে সন্ধানত আছিল ইমানদিন৷
“আয়ৌ তোৰ বদনাম দেউতাই গাইছিল, দেউতাক ধৰ, মই কি কৰিলো’’ বুলি মোৰ থৰকাচুতি হেৰাল তাৰ খেদাত৷ মোক খেদা দেখি দেউতাৰ চিঞৰ, “হৈ ল’ৰা ধৰ ধৰ। এইটোৱে তাইক কামোৰ দিব! নধৰ কেলেই ঐ জহনীতযোৱা!”

আলধৰাৰ চিঞৰ, “ধেই এই মানুহবোৰৰ বৰ ভয়! একো নকৰে অ’ শুঙিবহে” বুলি কুকুৰৰ বেল্টত ধৰি চুঁচৰি অহা ল’ৰাটোৱে নিজৰ খুলি পৰা বেল্টডাল ধৰিবলৈ লয় মানে কুকুৰটোৱে মোৰ কঁকালৰ জোখ ল’লেহি৷ জীৱটো গৈ দেউতাৰ কুৰ্তাৰ জেপত সোমাল৷ জাপ মাৰি উঠিম বুলি ভবা খুৰাৰ ঘৰৰ শেৱালিজোপালৈ যাবলৈ সুৰুঙাই নেপালো৷ বনৰীয়া জন্তুৱে খেদিলে চেভ হোৱা ফৰ্মুলা জানো৷ তথাপি কুকুৰে খেদিলে আছুৰ শ্বহীদ বেদী হোৱা ফৰ্মুলাটোকে এপ্লাই কৰিলো৷ মা মোৰ পিঠি এৰি দেতাৰ পিঠিত৷ মালিকনীয়ে ইংৰাজী ধমকি দি যিটো লেভেলত কুকুৰটো ধৰি মোলৈ চাই হাঁহিলে যেন দামী কুকুৰৰ মূল্য নুবুজা, গতি বিধি নুবুজা অদ্ভুত প্ৰাণীটোৰ লগত তেখেতৰ এই প্ৰথম মুখামুখি৷ এবাৰো নুসুধিলে ক’ৰবাত দুখ পালো নেকি বুলি!

“হৌৰা ৰ’বা৷ এই অবালচন বস্তুবোৰ বাটলৈ কেলেই উলিওৱা? পথাচাৰীক হাৰাশাস্তি কৰিবলৈ?” দেউতাৰ কথাত মানুহজনী দাং খাই আহিল৷

ময়ো এণ্ট্ৰি মাৰিলো, “ই আপোনাৰ বহুত মৰমৰ। কিন্তু কুকুৰৰ আচৰণ যদি ৰাক্ষসৰ দৰে হয়, মানুহক খেদে, তাক চাপোর্ট কৰা মালিককো ৰাক্ষস বুলিয়ে ক’ব বাটৰুৱাই৷ কুকুৰৰ জহ মাৰি লাভ নাই৷ বিদেশৰ পৰা মগোৱা কুকুৰটোৰ লগত কৰা খৰচখিনি আপোনাৰ লগত থকা দেশীয় আলধৰাটোৰ লগত কৰিব৷ তাৰ পেণ্টটো বোধকৰো পেটুৱা মালিকৰ চাগে। চৈধ্য বছৰীয়া শীৰ্ণ কঁকালত সেই পেণ্টটো ৰোৱা নাই৷ আনি দিব এটা৷ কুকুৰৰ খৰচৰ তাও মৰাতকৈ তাকে কৰিব।”

“মাইনা, টিভিত পোকগালকে চাই বহি থাকোগে অ’৷ নুফুৰো বাটত।” – মাৰ নাবালক কথা৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *