ফটাঢোলঃ অসমৰ পাঠক সমাজৰ বাবে ডাঃ ভৃংগেশ্বৰ শৰ্মা এটা অতি চিনাকি নাম৷ আপুনি এজন সুগল্পকাৰ,প্ৰবন্ধকাৰ,ঔপন্যাসিক আৰু এজন নিপুণ ব্যংগ-সাহিত্যিক৷ আপোনাৰ হৃদয়স্পৰ্শী গল্পসমূহে বিৱেকৱান আৰু সংবেদনশীল পাঠক সমাজৰ অন্তৰ সদায়েই আলোড়িত কৰি আহিছে৷ স্পষ্ট আৰু প্ৰত্যক্ষ বক্তব্যৰে সমৃদ্ধ মননশীল আৰু চিন্তা-উদ্ৰেকাৰী প্ৰবন্ধসমূহে জনমানসত এক সুকীয়া স্থান দখল কৰিছে৷ উপন্যাস-ৰচনাত থকা আপোনাৰ দক্ষতা আৰু নৈপুণ্যতাকো পাঠকে বিনাদ্বিধাই শলাগিছে৷ কিন্তু আমাৰ ভাৱ হয়, ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ অপূৰ্ব আৰু উৎকৃষ্ট চানেকী বহন কৰিছে আপুনি ৰচনা কৰা হাস্য-ব্যংগ লিখনিসমূহেহে৷ সমসাময়িক সমাজখনৰ নানানটা কেৰোণ,মানুহৰ ব্যক্তিগত আৰু আভ্যন্তৰীণ জগতৰ দুমুখীয়া মানসিকতাক এই হাস্য-ব্যংগ ৰচনাসমূহে সময়ে সময়ে এক সুকীয়া উপস্থাপনশৈলীৰে উন্মোচন কৰি আহিছে৷ আপোনাৰ দ্বাৰা লিখিত ‘দৈনন্দিন’ নামৰ গ্ৰন্থকেইখনে পাঠকৰ মাজত বহুল আৰু সপ্ৰশংস সমাদৰ লাভ কৰিছে৷ তেনে এগৰাকী প্ৰতিভাশালী আৰু জনপ্ৰিয় লেখকৰ এটা লিখিত সাক্ষাৎকাৰ ল’বলৈ পাই ই-আলোচনী ‘ফটাঢোল’ অতিশয় সুখী আৰু আনন্দিত হৈছে ৷

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ নমস্কাৰ, ‘ফটাঢোল’ৰ সমূহ পাঠকলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

ফটাঢোলঃ ছাৰ,কাকত নাইবা শিশু-আলোচনীৰ ‘জানো আহা’ জাতীয় শিতানত সততে পঢ়িবলৈ পাই থকা এষাৰ কথাৰেই এই সাক্ষাৎকাৰটো আৰম্ভ কৰোঁ৷ আচলতে কথা নহয়,এটা তথ্যহে৷ “আমি যেতিয়া হাহোঁ তেতিয়া পৰিশ্ৰম কৰা পেশীৰ সংখ্যা কম,আনহাতে আমি যেতিয়া কান্দো তেতিয়া পৰিশ্ৰম কৰা পেশীৰ সংখ্যা অধিক৷” বোধহয় মানুহক হাঁহিবলৈ প্ৰেৰণা যোগাবলৈকে এইটো তথ্য সচৰাচৰ ব্যৱহাৰ কৰা হয় ৷ এজন চিকিৎসক হিচাপে এই তথ্যটো সন্দৰ্ভত আপুনি কেনেকৈ আলোকপাত কৰিব ? বৈজ্ঞানিক দিশৰ পৰা কথাষাৰ কিমানদূৰলৈকে সত্য বাৰু ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ ‘আমি যেতিয়া হাঁহো তেতিয়া পৰিশ্ৰম কৰা পেশীৰ সংখ্যা কম, আনহাতে আমি যেতিয়া কান্দো তেতিয়া পৰিশ্ৰম কৰা পেশীৰ সংখ্যা অধিক।’– কথাটো মিছা নহয়। অৱশ্যে হাঁহিলে কিমান পেশী ব্যৱহত হয়, একে আষাৰে ক’ব নোৱাৰি। সাধাৰণ ওঁঠটো লৰাই মৰা হাঁহি, মিচিকিয়া হাঁহি, বেঁকা হাঁহি, অন্তৰ খোলা হাঁহি, অট্টহাস্য — বেলেগ বেলেগ হাঁহিত বেলেগ বেলেগ পেশী ব্যৱহত হয়। কন্দাৰ ক্ষেত্ৰতো একেই কথা। কিন্তু কথা হ’ল, এয়া এটা Anatomical কথাহে। চিকিৎসক হিচাপে নহয়, এজন সাধাৰণ মানুহ হিচাপে ভাবকচোন, পৃথিৱীৰ কোনো মানুহেই কিজানি এই কথা এশ শতাংশই নাজানে, দৈনন্দিন জীৱনত কোনটো কাম কৰোঁতে কিমান পেশী ব্যৱহত হয়। আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম, হঁহা-কন্দাৰ লগতে খোৱা-বোৱা, খোজ কৰা, দৌৰা, অন্য কাম কৰা, ব্যায়াম কৰা আদিত কিমান পেশী ব্যৱহত হৈছে সেই কথা মনত ৰাখি আমি কামবোৰ নকৰোঁ। পেশীৰ কথা মনত ৰাখি কোনোবাই কিবা কাম কৰিবনে • অমুক কামটো কৰোঁতে বেছি পেশী ব্যৱহাৰ হয় বাবে নকৰোঁ, অমুক কামটোত কম পেশী ব্যৱহাৰ হয় বাবে কৰিম– কথাটো ঠিক তেনেকুৱা নহয়।

গতিকে ব্যৱহাৰ হোৱা পেশীৰ কথা বাৰু বাদ দিয়ক। মূল কথাটো হ’ল, হাঁহিব পৰাটো ভাল। স্বতঃস্ফূৰ্তভাৱে হাঁহিব পাৰিলে শৰীৰ, মন সকলো ভালে থাকে। কেৱল শৰীৰ বা মনেই নহয়, মুখত হাঁহি নথকা মানুহজনতকৈ মুখত এটা হাঁহি লাগি থকা মানুহজনক দেখি বেছি ভাল নালাগে জানো !

ফটাঢোলঃ আছাম ট্ৰিবিউন কাকতৰ লগত প্ৰত্যেক বৃহস্পতিবাৰে এখন শিশু পৰিপূৰিকা ওলায়৷ তাৰে এটা শিতানত এবাৰ এটা শিশুৱে প্ৰশ্ন সুধিছিল ৷ শিশুটিৰ হেনো আজিকালি সঘনাই ব’ৰ(Bore) লাগে৷ এতিয়া তেওঁক ব’ৰডম নাইকিয়া কৰাৰ উপায় লাগে৷ TED নামৰ অনুষ্ঠানটোত প্ৰদান কৰা এটা বক্তৃতাত ‘জেকুলিন ওৱে’ নামৰ চিকিৎসকগৰাকীয়ে মাজতে জনালে যে বিশ্বৰ ১ বিলিয়ন অৰ্থাৎ এশ কোটি প্ৰাপ্তবয়স্ক মানুহেই এটা সময়ত উৎকণ্ঠাজনিত ৰোগ,বিষণ্ণতা আদি মানসিক ৰোগত ভোগে ৷ তাৰপিছত তেওঁ এষাৰ কথা ক’লে-“…(This is)Not Exactly a pretty picture of happy people on a happy planet.”(৷) কথাষাৰ আপুনি নস্যাৎ কৰিব পাৰিবনে? আৰু এই যে কণমানিহঁতৰ মুখত ব’ৰ,ডিপ্ৰেছন আদি শব্দবোৰ শুনিবলৈ পাওঁ,বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ মুখবোৰত অনবৰতে ছাপ,বিষণ্ণতাৰ স্পষ্ট পোহৰ দেখিবলৈ পাওঁ,ডাঙৰ-ডাঙৰ কোম্পানীত,চৰকাৰী কাৰ্যালয়ত কৰ্মৰত মানুহবোৰৰ মুখত অসন্তুষ্টি,অসুখীৰ ভাৱ এটা প্ৰায়েই দেখিবলৈ পাওঁ-এইবোৰ কিয় হৈছে? তথ্য-প্ৰযুক্তি,প্ৰতিযোগিতা,তথাকথিত আধুনিকতাৰ পিছত দৌৰি থাকোঁতে থাকোঁতে সুখ,হাঁহিৰ দৰে দৰকাৰী বস্তুবোৰতো কৃত্ৰিমতাৰ দাগ লাগিল নেকি? আজিকালি মানুহক হঁহুৱাবলৈকো এক্সপাৰ্ট লাগে,লাফিং ক্লাৱ লাগে৷ এই কথাবোৰ আপোনাৰ আচহুৱা যেন নালাগেনে?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ এই কথা সঁচা যে বৰ্তমান বিশ্বৰ বেছিভাগ লোকেই এটা সময়ত উৎকণ্ঠাজনিত ৰোগ, বিষণ্ণতা আদিত ভোগে। শিশুৰ পৰা বৃদ্ধলৈকে বহুতো লোকেই ব’ৰ, ডিপ্ৰেছন আদিত ভোগে। এইবোৰ কথা অতি দীঘলীয়াকৈ আলোচনা কৰিব পাৰি যদিও অতি চমুকৈ ক’বলৈ হ’লে– মই ভাবো, এইবোৰৰ মূল কাৰণ হ’ল– দিনে দিনে বাঢ়ি অহা যান্ত্ৰিকতা আৰু প্ৰকৃতিৰ পৰা আঁতৰি অহা। তথাকথিত আধুনিকতাৰ নামত আমি তথ্য-প্ৰযুক্তি, প্ৰতিযোগিতা, কেৰিয়াৰ, ভোগ সৰ্বস্ব জীৱন আদিৰ পাছত এনেদৰে দৌৰিবলৈ আৰম্ভ কৰিছোঁ যে হাঁহি-ধেমালি, আনন্দ, আত্মীয়তা, পৰিয়াল, আন্তৰিক টান আদিৰ দৰে ‘অদৰকাৰী’ কথাবোৰ ভাবিবলৈ আমাৰ সময় নোহোৱা হৈছে। আমাৰ শিশুবোৰকো আমি তেনেদৰেই গঢ় দি লৈছোঁ। মাত ফুটিবলৈ আৰম্ভ কৰাৰ পৰাই আমি সিহঁতক স্কুলত দিছোঁ। মূৰত অনবৰতে এটা ছাপ। সিহঁতৰ মূৰত আমি মাত্ৰ এটা কথাই সুমুৱাই দিছোঁ যে সিহঁতৰ সন্মুখত মাত্ৰ যেন এটাই ৰাস্তা– পঢ়া, পৰীক্ষাত বেছি নম্বৰ পোৱা, আনতকৈ বেছি নম্বৰ পোৱা, প্ৰতিযোগিতাত বহা, যেনে তেনে প্ৰকাৰে এটা ছিট লোৱা, এটা ভাল চাকৰি, গাড়ী-ঘৰ, টকা-পইচা। সেই ৰাস্তাটোৰ বাহিৰে ৰাস্তাৰ দাঁতিত থকা অন্য কথা চাবলৈ, ভাবিবলৈ সিহঁতৰ সময় নাই। মানুহৰ Expectation ইমান বাঢ়িছে যে স্বাভাৱিকতেই এটা সময়ত বিষণ্ণতা বা হাতাশাত ভুগিবলৈ বাধ্য হয়।

সঁচা কথা ক’বলৈ গ’লে লাফিং ক্লাবৰ ধাৰণাটো মোৰ আজিলৈকে স্পষ্ট নহ’ল। হাঁহি হৈছে অন্তৰৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। জোৰ-জবৰদস্তি হাঁহিব নোৱাৰি, হঁহুৱাবও নোৱাৰি। হাঁহি কাক বোলে বুলি সুধিলে মই ক’ব নোৱাৰিম ঠিকেই, কিন্তু মুখেৰে হাঁহিৰ দৰে হেঃ হেঃ কৈ শব্দ কৰাকে হাঁহি নোবোলে। মোৰ বোধেৰে হাঁহি বস্তুটো এনেকুৱা নহয় যে ছুইচ অন কৰিলে হাঁহিম আৰু ছুইচ অফ কৰিলে হাঁহি বন্ধ কৰিম। গতিকে লাফিং ক্লাবত যিটো কৰে, মই ভাবোঁ সেয়া এক প্ৰকাৰৰ হাঁওফাঁওৰ ব্যায়াম, কিন্তু হাঁহি নহয়।

ফটাঢোলঃ ছাৰ,এতিয়া আপোনাৰ শৈশৱৰ কথা পাতিম৷ শৈশৱ বুলি কওঁতেই মনত পৰিছে-আপোনাৰ এটা গল্পলৈ৷ গল্পটোৰ নামো বোধহয় ‘শৈশৱ’ আছিল৷ মোৰ ধাৰণা- আপোনাৰ সময়ৰ শৈশৱ আৰু এতিয়াৰ ল’ৰা-ছোৱালীৰ শৈশৱ-এই দুখন চিত্ৰৰ মাজত আপুনি দেখা পোৱা পাৰ্থক্যৰ পৰিণতিতেই সেই গল্পটোৰ সৃষ্টি হৈছিল৷ কেনে আছিল আপোনাৰ শৈশৱ,ছাৰ ? আৰু সৃষ্টিৰ বীজটো স্কুলত পঢ়ি থকা কালতেই ৰোপন হৈছিলনে? তাৰ আপডাল কোনে কৰিলে ? প্ৰেৰণাৰ আদিস্তৰটো কিমান কটকটীয়া আছিল?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ হয়, আমাৰ শৈশৱ আৰু আজিকালিৰ ল’ৰা-ছোৱালীৰ শৈশৱৰ মাজত বহুত পাৰ্থক্য আছে। আমাৰ শৈশৱ-কৈশোৰ পাৰ হৈছিল প্ৰকৃতিৰ সৈতে, যন্ত্ৰৰ সৈতে নহয়। আমাৰ শৈশৱ-কৈশোৰ পাৰ হৈছিল মাটি-বালিৰ লগত, বোকা-পানীৰ লগত, ৰ’দ-বৰষুণৰ লগত, গছ-গছনি, চৰাই-চিৰিকটিৰ লগত। পথাৰ-বাৰী, খাল-ডোঙৰ লগত। মাছ-পুঠি, গৰু-ছাগলী, খেতি-বাতিৰ লগত। গছত উঠা, পুখুৰীত সাঁতোৰাৰ মাজত। ৰবাব টেঙাৰ ফুটবল, বাঁহৰ মুঢ়াৰ পৰা কাটি উলিওৱা ক্ৰিকেট বলৰ লগত। আমাৰ শৈশৱ-কৈশোৰ পাৰ হৈছিল সমনীয়াৰ লগত। মোবাইল, টিভি, কম্পিউটাৰ আদিৰ দৰে যন্ত্ৰৰ লগত নহয়।

অনুভৱ কৰোঁ, সৃষ্টিৰ বীজটো স্কুলত পঢ়ি থাকোঁতেই ৰোপন হৈছিল। কিন্তু গজালি মেলিছিল হাইস্কুলৰ শেহৰ ফালে, পি ইউ পঢ়ি থাকোঁতে। পুলিটো বাঢ়িবলৈ আৰম্ভ কৰিছিল চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থাকোঁতে।

ফটাঢোলঃ বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যন্ত আপোনাৰ জীৱন কিদৰে আগুৱাই গৈছিল,সেই বিষয়ে ছাৰ এতিয়া কিছু কথা আমাক জনাওক ৷ সেইসময়ত লিখা-মেলা অব্যাহত আছিলনে?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ মহাবিদ্যালয় পৰ্যন্ত জীৱন স্বাভাৱিকভাৱেই আগবাঢ়িছিল। পঢ়া-শুনা ভালদৰে কৰিছিলোঁ। পঢ়া-শুনাত ভালেই আছিলোঁ। জীৱনটোত কিবা ব্যতিক্ৰম বা বিচিত্ৰতা আছিল বুলি নাভাবো। খেলা-ধূলা কৰিছিলোঁ, মাজে-সময়ে অভিনয় কৰিছিলোঁ। মাজে-সময়ে সৰু-সুৰা কিবাকিবি লিখিছিলোঁ যদিও লিখা-মেলা অব্যাহত আছিল বুলি ক’ব নোৱাৰি। অনভিজ্ঞ আছিলোঁ, ভাব-চিন্তাবোৰ সিমান পূৰঠ নাছিল। গল্প, কবিতা লিখি আলোচনী আদিত প্ৰকাশ কৰিম — কিবা যেন এটা লাজ লাজ লাগিছিল। যিহওক, লিখা-মেলা নাথাকিলেও বাহিৰা কিতাপ সেই সময়তো যথেষ্ট পঢ়িছিলোঁ।

ফটাঢোলঃ মেডিকেল কলেজত পঢ়ি থকা সময়ছোৱাতো আপুনি সাহিত্য-চৰ্চা কৰিছিল চাগে৷ লেখা-মেলা সম্পৰ্কে ধ্যান-ধাৰণাটো কেনে আছিল সেইসময়ছোৱাত? কাৰণ মেডিকেল কলেজৰ জীৱন অতিশয় ব্যস্ততাপূৰ্ণ বুলি শুনিবলৈ পাওঁ৷

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ হয়, আচলতে মেডিকেল পঢ়িবলৈ যোৱাৰ পাছতহে মই কিছু নিয়মিতভাৱে সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। বহুত কিবাকিবি লিখিছিলোঁ বুলি ক’ব নোৱাৰি। তথাপি লিখিছিলোঁ। লেখা-মেলা সম্পৰ্কে ধ্যান-ধাৰণা কেনে আছিল একে আষাৰে ক’ব নোৱাৰিম। বয়সৰ অভিজ্ঞতাও এটা ডাঙৰ অভিজ্ঞতা। গতিকে স্বাভাৱিকতে সেই সময়ত অভিজ্ঞতা নাছিল, লেখাবোৰ পৈণত নাছিল। ভাল লেখাৰ বাবে কিবা যেন এটা উকমুকনি আছিল, কিন্তু লিখিব নোৱাৰিছিলোঁ। হয়, মেডিকেল কলেজৰ জীৱন অতিশয় ব্যস্ততাপূৰ্ণ। তথাপি মই ভাবো, ব্যস্ততাই সকলো ক্ষেত্ৰতে বাধা হ’ব নোৱাৰে। ব্যস্ততা, সময়ৰ অভাব আদি বহু ক্ষেত্ৰত এটা অজুহাত।

ফটাঢোলঃ ব্যংগ ৰচনাৰ প্ৰতি কেনেকৈ আৰু কিদৰে আকৰ্ষিত হ’ল ? জীৱনত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ব্যংগ ৰচনা লিখিছিল? কেনেধৰণৰ আৱেগ-অনুভূতি অথবা সামাজিক পৰিস্থিতিয়ে আপোনাক সেই ব্যংগ ৰচনা লিখিবলৈ উৎসাহিত কৰিলে?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ অকল ব্যংগ ৰচনা বুলি ক’লে ভুল কোৱা হ’ব। আচলতে মই হাস্য-ব্যংগহে লিখোঁ। মই ভাবো, অকল ব্যংগ বা অকল হাস্য লেখাতকৈ হাস্যৰ চলেৰে লিখা ব্যংগই পাঠকক বেছিকৈ আকৰ্ষণ কৰে। প্ৰথম অৱস্থাত মই হাস্য-ব্যংগ এনেয়েহে লিখিছিলোঁ। ‘প্ৰান্তিক’ৰ দৈনন্দিন শিতানটো এটা হাস্য-ব্যংগ শিতান (মোৰ বোধেৰে)। এই শিতানৰ কিছুমান লেখা পঢ়ি মই যথেষ্ট অসন্তুষ্ট হৈছিলোঁ। ভাবিছিলোঁ, ইয়াতকৈ ভাল দেখোন ময়েই লিখিব পাৰিম। এবাৰ তেনেকৈয়ে এটা লিখি পঠাইছিলোঁ। প্ৰান্তিকৰ দৈনন্দিন শিতানত প্ৰকাশ হ’ল। বোধকৰো সেয়া ২০০৩-০৪ চন মানৰ কথা। পাঠকৰ পৰা ইমান বেছি সঁহাৰি পালোঁ যে উৎসাহিত হৈ দ্বিতীয় এটা লিখিলোঁ। তেনেকৈয়ে লিখি থাকিলোঁ, মূলতঃ প্ৰান্তিকৰ দৈনন্দিন শিতানত।

ফটাঢোলঃ সাধাৰণতে শুনিবলৈ পোৱা যায়,প্ৰত্যেক সাহিত্যিকেই বোলে জীৱনত এটা হ’লেও কবিতা লিখে ৷ আপুনি কবিতা লিখিছেনে ? কাৰণ গল্প,উপন্যাস,প্ৰবন্ধ,ব্যংগ-সকলোতে আপুনি সফলতাৰেই বিচৰণ কৰিছে৷ কিন্তু কবিৰ সাজত ডাঃ ভৃংগেশ্বৰ শৰ্মাক অসমৰ পাঠক সমাজে এতিয়ালৈকে দেখা নাপালে৷ এনে কিয় হ’ল ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ কবিতা ময়ো লিখিছিলোঁ। হয়তো পোন্ধৰটামান কবিতা লিখিছিলোঁ। সেইবোৰ আলোচনীত প্ৰকাশো হৈছিল। কিন্তু মই অনুভৱ কৰিছিলোঁ, কবিতাবোৰ যেন স্বতঃস্ফূৰ্তভাৱে মোৰ কলমেৰে ওলোৱা নাই, জোৰ-জবৰদস্তি কৰি লিখিছোঁ। হয়তো কিবা লিখিব লাগে বাবেই লিখিছোঁ। বা হয়তো ক’ৰাবাত যেন কবিতা লিখি প্ৰকাশ কৰি নামটো ছপা আখৰত দেখাৰ এটা লোভ (সেই সময়ত)। কবিতা লিখিবৰ বাবে, কবি হ’বৰ বাবে যি গুণ থাকিব লাগে সেয়া যেন মোৰ নাই। গতিকে বাদ দিলো। বাদ দিলো মানে একেবাৰেই বাদ দিলো।

ফটাঢোলঃ ড৹ ভবেন্দ্ৰ নাথ শইকীয়াছাৰে এষাৰ কথা কৈছিল যে “দৰ্শকে যি চাব বিচাৰে আমি সেইয়া দেখুউৱাতকৈ দৰ্শকে যি চোৱা উচিত-সেইয়াহে দেখুৱাব লাগে৷”- কথাষাৰ তেখেতে চলচ্চিত্ৰৰ দৰ্শকক উদ্দেশ্যি কৈছিল যদিও কথাষাৰ আমাৰ সাহিত্যৰ ক্ষেত্ৰখনতো প্ৰযোজ্য বুলি ভাবোঁ। যি কি নহওক-সেইয়া আছিল শইকীয়াছাৰৰ কথা। এতিয়া আপোনাৰ পৰা জানিব খুজিম-আপুনি যেতিয়া গল্প,প্ৰবন্ধ নাইবা ব্যংগ ৰচনা এখন লিখিবলৈ আগবাঢ়ে,তেতিয়া আপুনি কেনেধৰণৰ উদ্দেশ্যৰে আগবাঢ়ে ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ শইকীয়া ছাৰে কোৱা কথাখিনি মই এশ শতাংশই সত্য বুলি বিশ্বাস কৰোঁ। আৰু সেয়া কেৱল চলচ্চিত্ৰৰ ক্ষেত্ৰতেই নহয়, সাহিত্য-সংগীত, কলা বা সমাজৰ আন সকলো ক্ষেত্ৰতে প্ৰযোজ্য। গল্প, কবিতা, প্ৰবন্ধ, উপন্যাস বা ব্যংগ ৰচনা এখন লিখোঁতে মই সদায় মনত ৰাখোঁ– কি হোৱা উচিত। হয়তো মোৰ চিন্তাধাৰাৰ ক’ৰাবাত ভুলো থাকিব পাৰে, সেয়া অন্য কথা। কিন্তু পাঠকে কি বিচাৰিছে, মই যদি সেইটো দিবলৈ যাওঁ, সেয়া দেখোন সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা কৰাহে হ’ল। হয়তো আমাৰ সমাজৰ বেছি সংখ্যক লোকেই সস্তীয়া, লঘূ, মনোৰঞ্জক,মুখৰোচক বস্তুহে বিচাৰে। যদি শিল্পী, সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা, গায়ক, নাট্যকাৰ, বুদ্ধিজীৱী আটায়ে সেইমতে যোগান ধৰিবলৈ যায়, সাধাৰণ জনতাক সঠিক পথ দেখুৱাব কোনে ? সমাজখন কোন দিশে যাব ? সেইটোৱেই সমস্যা হৈছে আমাৰ এচাম বৈদ্যুতিন মাধ্যমত। দৰ্শকে যি ধৰণৰ খাদ্য (?) খাবলৈ বিচাৰিছে, সেই ধৰণৰ খাদ্যই যোগান ধৰিছে। গতিকে সেইবোৰৰ মৰ্যাদা, বিশ্বাসযোগ্যতা, গ্ৰহণযোগ্যতা, স্থায়িত্বও দিনে দিনে নোহোৱা হৈছে।

ফটাঢোলঃ ধৰি লওক আপুনি লিখিবলৈ এটা বিষয়বস্তু বিচাৰি পালে ৷ কেৱল গল্প লিখা মানুহ এজনে সেইটো বিষয়বস্তুৰে কেৱল গল্পকেই লিখিব৷ কবিতা লিখা মানুহে কেৱল এটা কবিতায়েই লিখিব ৷ কিন্তু আপুনি সাহিত্যৰ কেইবাটাও ক্ষেত্ৰত বিচৰণ কৰা হেতুকে আপোনাৰ ক্ষেত্ৰত কথাটো সুকীয়া হ’ব৷ এতিয়া সেই বিষয়বস্তুৰে আপুনি এটা ছিৰিয়াছ গল্প লিখিব নে ব্যংগ ৰচনা লিখিব নে এটা মননশীল প্ৰবন্ধ লিখিব-সেই সিদ্ধান্তটো কিদৰে লয় আপুনি ? কেতিয়াবা ছিৰিয়াছ গল্প লিখিবলৈ গৈ আধাতে তাৰ ইতি পেলালে আৰু একেটা বিষয়বস্তুৰে আপুনি ব্যংগ ৰচনা নাইবা প্ৰবন্ধ এটা লিখি পেলালে৷ এনেকুৱা ঘটনা কেতিয়াবা ঘটিছেনে?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ হয়, কেতিয়াবা লিখাৰ বাবে এনে কিছুমান বিষয় মনলৈ আহে যিটোৰে এটা ছিৰিয়াছ গল্প, এটা ব্যংগ গল্প, বা এটা প্ৰবন্ধ লিখিব পাৰি। তেনেক্ষেত্ৰত মই কেইটামান কথা মনত ৰাখো। প্ৰথম কথা, সেই বিষয়টো কোনটো ভাগত বেছি ভালকৈ খাপ খাই পৰিব। দ্বিতীয়তে, কি হিচাপে লিখিলে মই বেছি স্বাচ্ছন্দ্য বা এক প্ৰকাৰৰ comfort অনুভৱ কৰিম। তৃতীয়তে, কি হিচাপে লিখিলে মই মোৰ মনৰ ভাবখিনি বেছি ভালকৈ বেছি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিম। শেহত, কি হিচাপে লিখিলে সেই বিষয়বস্তুটোৱে পাঠকৰ মাজত বেছি গ্ৰহণযোগ্যতা পাব। হয়, কাচিৎ কেতিয়াবা এনেও হয় যে মই হয়তো এটা গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ। অলপ লিখাৰ পাছত অনুভৱ কৰিলোঁ, ভবাৰ দৰে মই লিখিব পৰা নাই, ভবাৰ দৰে মই মনৰ ভাবখিনি প্ৰকাশ কৰিব পৰা নাই। গতিকে সেইটো বাদ দি বেলেগ ধৰণেৰে লিখিছোঁ।


ফটাঢোলঃ এজন চিকিৎসক হোৱা হেতুকে আপোনাৰ ব্যস্ততাও চাগে কোনোদিনে কম হোৱা নাই৷ আন কিছুমান বৃত্তিতকৈ এইটো বৃত্তিত ব্যস্ততা অধিক বুলিয়েই জানো৷ সেই অন্তহীন ব্যস্ততাৰ মাজতো আপুনি লিখা-মেলা কৰিবলৈ সময় উলিয়াই আছে ৷ ছাৰ; কৰ্মক্ষেত্ৰ, আপোনাৰ ব্যক্তিগত পৃথিৱীখন আৰু আপোনাৰ সৃষ্টিৰ জগতখন-এই তিনিখন জগতৰ মাজত কিদৰে আপুনি সমতা স্থাপন কৰি আহিছে ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ এই কথা ঠিক যে চিকিৎসক হিচাপে দৈনন্দিন জীৱনত ব্যস্ততা যথেষ্ট বেছি। কিন্তু আপুনি কোৱাৰ দৰেই মোৰ তিনিখন পৃথিৱী– মোৰ কৰ্মক্ষেত্ৰ, মোৰ পৰিয়াল আৰু মোৰ সম্পূৰ্ণ ব্যক্তিগত জীৱন। কৰ্মক্ষেত্ৰত মই কোনোদিনে ফাকি মৰা নাই, কেতিয়াও অৱহেলা কৰা নাই। মোক ওচৰৰ পৰা জনা সকলে জানে, কৰ্মক্ষেত্ৰত মই কিমান সময়ানুবৰ্তিতা মানি চলো। কৰ্মক্ষেত্ৰত সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা মানি নচলা গুণটোৱেই মই কিজানি আটাইতকৈ বেছি বেয়া পাওঁ, বা ক’বলৈ গ’লে ঘৃণা কৰোঁ। কৰ্মক্ষেত্ৰৰ পাছতে মোৰ পৰিয়াল। মোৰ পুত্ৰ-কন্যা, পত্নী বা পৰিয়ালৰ বাবে যিমান পাৰোঁ সময় দিওঁ। তাৰ পাছত ৰৈ যোৱা বাকী সময়খিনি মোৰ সম্পূৰ্ণ ব্যক্তিগত। প্ৰায়েই এনে হয় যে কৰ্মক্ষেত্ৰ আৰু পৰিয়ালক সময় দিয়াৰ পাছত মোৰ একান্ত নিজৰ বুলিবলৈ সময় নাথাকেই। নাথাকিলেও মোৰ কোনো আপত্তি নাই। সময় নাপালে নিলিখোঁ।

ফটাঢোলঃ বিজ্ঞান শাখাত অধ্যয়ন কৰি পাছলৈ সুপ্ৰতিষ্ঠিত হোৱা একাংশ লোকে সাহিত্যৰ জগতখনতো সফলতাৰে আগবাঢ়ে৷ তেওঁলোকে গল্প লিখে,কবিতা লিখে,প্ৰবন্ধ লিখে,উপন্যাস লিখে ৷ কিন্তু বিজ্ঞান শাখাৰ এজন ছাত্ৰ হৈ বিজ্ঞানভিত্তিক গল্প,উপন্যাস নাইবা বৰ্তমান বিজ্ঞানৰ জগতখনত ঘটি থকা ঘটনাবোৰক সাঙুৰি নিয়মীয়াকৈ বিজ্ঞানভিত্তিক ৰচনা লিখা লেখকৰ সংখ্যা আমাৰ অসমত অতি তাকৰ৷ কথাটো বৰ আমোদজনক৷ বিজ্ঞানৰ ছাত্ৰ হৈ বিজ্ঞানভিত্তিক ৰচনা লিখিবলৈ আগ্ৰহী নোহোৱাৰ কাৰণটো জানিবলৈ মন যায়৷ আপুনি চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰ আৰু এজন সু-সাহিত্যিক ৷ এই প্ৰশ্নটোৰ উত্তৰ আপুনি ভালদৰে দিব পাৰিব৷

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ কথাটো হয়। কিন্তু প্ৰশ্নটোৰ উত্তৰ ময়ো বৰ ভালদৰে দিব নোৱাৰিম। বিজ্ঞানভিত্তিক গল্প, উপন্যাস, ৰচনা আদি নিয়মীয়াকৈ লিখিবলৈ নিয়মীয়াকৈ বিজ্ঞান অধ্যয়ন কৰিব লাগিব। আন এটা কথা, আমাৰ যিমান ল’ৰা-ছোৱালীয়ে বিজ্ঞান পঢ়ে, সেইসকলৰ বেছিভাগেই বিজ্ঞান পঢ়ে বিজ্ঞানৰ প্ৰতি আগ্ৰহী বা আকৰ্ষিত হৈ নহয়, বিজ্ঞান পঢ়ি ডাক্তৰ, ইঞ্জিনিয়াৰ হ’বৰ বাবেহে। সেইটোও এটা কাৰণ হ’ব পাৰে নেকি ?

ফটাঢোলঃ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে দেখিবলৈ পোৱাৰ দৰে ব্যংগ ৰচনাৰ ক্ষেত্ৰখনতো অসমীয়া নাৰীৰ বিচৰণ দুখজনকভাৱে কম ৷ ইয়াৰ আঁৰৰ কাৰণটো আপুনি কিদৰে বিশ্লেষণ কৰিব?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ ইয়াৰ আঁৰৰ কাৰণটোও মই ক’ব নোৱাৰিম। কিন্তু ব্যংগ ৰচনাৰ ক্ষেত্ৰখনত অসমীয়া নাৰীৰ বিচৰণ অৰ্থাৎ লেখিকাৰ সংখ্যা কম বুলি কোৱাতকৈ নায়েই বুলি কোৱাহে বেছি ভাল হ’ব। আন এটা কথা, লেখকৰ সংখ্যাটো বাৰু কিমান• বৰ্তমান সময়ৰ পাঁচজন ব্যংগ লেখকৰ নাম ক’বলৈ কওকচোন– সাধাৰণ পাঠকৰ কথা বাদেই দিয়ক, সাহিত্যৰ ছাত্ৰইও হয়তো ক’ব নোৱাৰিব।

ফটাঢোলঃ লিখা-মেলাৰ বাহিৰেও আপুনি কেনেধৰণৰ কামবোৰ কৰি নিৰ্ভেজাল আনন্দ আৰু অকৃত্ৰিম সুখ লাভ কৰে?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ লেখা-মেলাৰ বাহিৰেও মই বাহিৰা কিতাপ, আলোচনী আদি পঢ়ি ভাল পাওঁ। টিভিৰ ভাল অনুষ্ঠান, ভাল চিনেমা, নাটক আদি চাই ভাল পাওঁ যদিও আজিকালি নাটক, চিনেমা আদি কমেই চোৱা হয়। কিন্তু আটাইতকৈ বেছি ভাল পাওঁ ঘৰুৱা কামবোৰ কৰি। শাক-পাচলিৰ বজাৰ কৰি, সেইবোৰ ভালদৰে ধুই-মেলি, কাটি-কুটি পাকঘৰত শ্ৰীমতীক যতনাই দি বা নিজে ৰান্ধি মই ভাল পাওঁ।

ফটাঢোলঃ ‘সকলোৰে জীৱনত একোটা দৰ্শন থকা উচিত’-কথাটোত আপুনি বিশ্বাস কৰেনে? আপোনাৰ জীৱন-দৰ্শনৰ বিষয়ে অনুগ্ৰহ কৰি কওকচোন ছাৰ৷ আপুনি কোনো ব্যক্তিক আদৰ্শ হিচাপে গ্ৰহণ কৰেনে ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ হয়, ‘ডাঙৰ মানুহ’ হওক ‘সৰু মানুহ’ হওক সকলোৰে জীৱনত এটা দৰ্শন থকা উচিত। গতিকে মোৰো এটা জীৱন দৰ্শন আছে। মই মোৰ সাধ্যৰ ভিতৰত জীৱনটো উপভোগ কৰিবলৈ বিচাৰোঁ। খোৱা-বোৱা, পিন্ধা-উৰা, ফুৰা-চকাত খৰচ কৰোঁ, উপভোগ কৰোঁ। পইচাৰ বাবে মই চিন্তা নকৰোঁ, কিন্তু ধাৰ-ঋণ লৈ উপভোগ নকৰোঁ। আৰু কেইটামান কথাত মোৰ জীৱন দৰ্শন অতি স্পষ্ট। মই সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা মানি চলোঁ, দুৰ্নীতি নকৰোঁ, জানি-বুজি কাৰো অন্যায় নকৰোঁ, মিছা কথা নকওঁ। লেখা-মেলাত বা কোৱাত নৈতিকতাৰ লেকছাৰ মাৰি ব্যক্তিগত জীৱনত অনৈতিক কাম নকৰোঁ।
মোৰ কোনো আদৰ্শ ব্যক্তি নাই। কোনো এগৰাকী ব্যক্তিৰ কেইটামান গুণ ভাল লাগিলেও আন কেইটামান গুণ হয়তো ভাল নালাগে।

ফটাঢোলঃ ঈশ্বৰক বিশ্বাস কৰেনে আপুনি ? বৰ্তমান সময়ৰ পৰিস্থিতিলৈ চাই ধৰ্ম আৰু ঈশ্বৰক সাঙুৰি এখন ব্যংগ ৰচনা লিখাটো নতুন লেখক এজনৰ বাবে এটা প্ৰত্যাহ্বানজনক কাম হৈ পৰিছে নেকি? মই এনে এখন ব্যংগ ৰচনাৰ কথা কৈছোঁ য’ত আপুনি ধৰ্মকেন্দ্ৰিক ব্যভিচাৰসমূহৰ বিষয়ে মুক্তমনেৰে সমালোচনা কৰিব পাৰে ৷ সুতীক্ষ্ন বাক্যবাণ,প্ৰখৰ কৌতুকবোধ আৰু বিদ্ৰোপাত্মক ভাষাৰে ধৰ্মৰ সেই দিশবোৰ আপোচবিহীনভাৱে আঙুলিয়াই দিব পাৰিব৷ সেই কামটো আজিৰ তাৰিখত কিমান দূৰলৈকে সম্ভৱ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ ঈশ্বৰক বিশ্বাস নকৰোঁ। কিন্তু আমি যি সামাজিক পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ, সেই পৰিৱেশত এশ শতাংশই নাস্তিক বুলিও ক’ব নোৱাৰোঁ। এটা মাত্ৰা বা সীমালৈকে ঈশ্বৰ বিশ্বাস কৰাটো বেয়া নহয় বুলি ভাবো। কিন্তু মাত্ৰাধিক বা অন্ধ ঈশ্বৰ বিশ্বাস সামাজৰ বাবে ক্ষতিকাৰক।
নিশ্চয়কৈ ধৰ্ম আৰু ঈশ্বৰক সাঙুৰি এখন ভাল ব্যংগ ৰচনা সম্ভৱ।

ফটাঢোলঃ মাৰ্ক টুৱেইনৰ দ্বাৰা সৃষ্ট বিখ্যাত চৰিত্ৰ ‘হাকলবেৰী ফিন’ক একাংশ সমালোচকে ‘বৰ্ণবাদী’ বুলি কৈছিল৷ ষাঠিৰ দশকত ব্ৰিটেইনৰ টেলিভিছনযোগে প্ৰচাৰিত হোৱা হাস্য-ব্যংগ ‘Till Death us do part”ৰ মূল চৰিত্ৰটোকো সমালোচনাৰ সুতীক্ষ্ন চাৱনিৰে চোৱা হৈছিল৷ ব্যংগ লিখি আমাৰ লক্ষ্মীনাথ বেজবৰুৱাও সন্মুখীন হৈছিল বিভিন্ন প্ৰত্যাহ্বানৰ,প্ৰতিৰোধৰ৷ সাহিত্যৰ আনবোৰ বিভাগত বোধহয় ইমান প্ৰতিৰোধ বা প্ৰত্যাহ্বান নাই৷ কোনো লেখা বা টেলিভিছন শ্ব’ৰ বক্তব্য প্ৰত্যক্ষ নহ’লে কেতিয়াবা পাঠক-দৰ্শক দোমোজাত পৰে৷ মানুহক পোনপটীয়াকৈ গালি পাৰিলে দুখ কিম্বা বেজাৰ লাগে৷ ইতিকিং-উপলুঙা কৰিলে আত্মসন্মানত আঘাত হনা হয়৷ সেইকাৰণেই একাংশ পাঠকে ব্যংগ সাহিত্যৰ গভীৰতা উপলব্ধি কৰিবলৈ অসমৰ্থ হয় নেকি? কাৰণ বিদ্ৰুপাত্মক ভাষা আৰু অপ্ৰত্যক্ষ বক্তব্য ব্যংগ-ৰচনাৰ দুটা অন্যতম বৈশিষ্ট্য৷ আপোনাৰ কিছুমান ব্যংগ ৰচনাৰ ভাৱ-ভাষা আৰু বক্তব্য চোকা তৰোৱালৰ দৰে৷ কেতিয়াবা তৰোৱাল ঘূৰাবলৈ যাওঁতে আপুনি উজুতি খাব লগা হৈছে নেকি?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ চাওক, কাকো ব্যক্তিগতভাৱে গালি-গালাজ কৰাটো বা আক্ৰমণ কৰাটো মই পছন্দ নকৰোঁ। কাকো ইতিকিং বা উপলুঙা কৰাটোও উচিত নহয়। সেইবোৰ নকৰাকৈও সহজ সৰল ভাষা বা প্ৰকাশভংগীৰে বক্তব্য উপস্থাপন কৰিব পাৰি। বিদ্ৰূপাত্মক ভাষা আৰু অপ্ৰত্যক্ষ বক্তব্য ব্যংগ ৰচনাৰ বৈশিষ্ট্য হ’লেও সেইবোৰ সহজবোধ্য হ’ব পাৰে, অন্ততঃ এচাম বুদ্ধিমান পাঠক বা দৰ্শকৰ বাবে। কিন্তু বক্তব্য যেতিয়া দুৰ্বোধ্য বা অবোধ্য হয়, তেতিয়াই পাঠক বা দৰ্শকে গভীৰতা উপলব্ধি কৰিবলৈ অসমৰ্থ হয়। এই কথা ব্যংগ ৰচনা বুলিয়েই নহয়, গল্প, কবিতা সকলো ক্ষেত্ৰতেই প্ৰযোজ্য।
নাই, আপুনি কোৱাৰ দৰে মই তেনেদৰে উজুতি খাবলগীয়া হোৱা নাই।

ফটাঢোলঃ গল্প,ব্যংগ,উপন্যাস আৰু প্ৰবন্ধ-কোনটো কোঠালিত আপুনি সঘনে প্ৰৱেশ কৰি থাকিবলৈ ভাল পায় ? আৰু কোনটো কোঠালি আপোনাৰ বাবে সবাতোকৈ বেছি প্ৰত্যাহ্বানজনক ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ গল্প, হাস্য-ব্যংগ, প্ৰবন্ধ– এইবোৰ লিখি মই বেছি ভাল পাওঁ। উপন্যাস লিখি সিমান comfort অনুভৱ নকৰোঁ। তাৰ মূল কাৰণটো হ’ল– উপন্যাস এখন লিখিবৰ বাবে বহু বেছি সময় দিবলগীয়া হয়। মই সদায় লিখিবলৈ সময় নাপাওঁ। কেতিয়াবা বহুদিন ধৰি লিখা নহয়। তেতিয়া লিখাৰ আঁত হেৰাই যায়। আন এটা কাৰণ, উপন্যাস এখন লিখোঁতে উপন্যাসৰ খাতিৰত কিছুমান বৰ্ণনা অনাৱশ্যক ভাৱে দীঘলীয়া কৰিবলগীয়া হয়, যিটো এটা গল্প বা প্ৰবন্ধৰ ক্ষেত্ৰত নহয়। গতিকে মোৰ বাবে চুটি লেখাই বেছি পছন্দৰ।

গল্প, উপন্যাস, হাস্য-ব্যংগ বা প্ৰবন্ধ — প্ৰতিটো কোঠালি প্ৰত্যাহ্বানজনক। ছিৰিয়াছ গল্প বা প্ৰবন্ধ এটা লিখাটো যেনেদৰে টান কাম, একেদৰে ভাল, উচ্চ মানৰ হাস্য-ব্যংগ ৰচনা এখন লিখাটো কোনোগুণে সহজ কাম নহয়।

ফটাঢোলঃ কেইবছৰমানৰ আগতে প্ৰান্তিকত আপুনি এটা প্ৰবন্ধ লিখিছিল। সাম্প্ৰতিক অসমীয়া ব্যংগ সাহিত্যক কেন্দ্ৰ কৰি আপোনাৰ মনত পুঞ্জীভূত হোৱা দুখ আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল সেইখন ৰচনাত। আমি যে কৈ থাকোঁ বেজবৰুৱাৰ কথা। বেজবৰুৱাৰ সাহিত্যৰাজীৰ উচিত মূল্যাংকণ আৰু সংৰক্ষণৰ কথা,নতুন প্ৰজন্মৰ মাজত সেই সাহিত্যৰাজী প্ৰচাৰ আৰু প্ৰসাৰৰ কথা। কিন্তু আমি সফল হৈছোঁ জানো ? সাহিত্যৰথীৰ দেশত আজি ব্যংগ সাহিত্য উপেক্ষিত যেনেই বোধ হয়। আৰু তাৰেই প্ৰতিবাদৰ প্ৰতিধ্বনি শুনিবলৈ পাইছিলোঁ আপোনাৰ সেইটো প্ৰবন্ধত। এফালে আমি আধুনিক অসমীয়া সাহিত্যৰ চিনাকি দিওঁ সাহিত্যৰথীৰ প্ৰসংগ উলিয়ায়,আৰু এফালে আমি অগভীৰ দৃষ্টিৰে চাওঁ ব্যংগ সাহিত্যক। দোষটো আচলতে ক’ত ? আমাৰ ৰুচিবোধত, সোঁতৰ বিপৰীতে গৈ অগতানুগতিক চিন্তা কৰিব নোৱাৰা আমাৰ সংকীৰ্ণ মানসিকতাত নে সাম্প্ৰতিক সময়ৰ ব্যংগ সাহিত্যৰ মানত ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ হয়, সেই দুখ আৰু ক্ষোভ মোৰ এতিয়াও আছে। অসমীয়া সাহিত্যত (হাস্য) ব্যংগ সাহিত্য উপেক্ষিত আৰু অৱহেলিত। আমাৰ তথাকথিত লেখক, সাহিত্যিক, বুদ্ধিজীৱীসকলে হাস্য-ব্যংগ সাহিত্যক মূল সূঁতিৰ সাহিত্য বুলি মানি ল’বলৈ টান পায়। কিন্তু সেইসকল সাহিত্যিক, সমালোচকেই বেজবৰুৱাৰ হাস্য-ব্যংগ বুলি ক’লে ভক্তিত গদ্গদ্ হৈ পৰে। অসমীয়া সাহিত্যৰ ‘সাহিত্যৰথী’ গৰাকীৰ হাস্য-ব্যংগক অৱহেলা কৰাৰ, উপেক্ষা কৰাৰ বা মূল সূঁতিৰ সাহিত্য নহয় বুলি ক’বলৈ কোনোবা অসমীয়া সাহিত্যিক, সমালোচক, বুদ্ধিজীৱীৰ বুকুত সাহস আছে জানো !

দোষটো আপুনি কোৱাৰ দৰে সকলো ক্ষেত্ৰতে। স্বীকাৰ কৰোঁ যে সাম্প্ৰতিক সময়ত এশ্ৰেণী নিম্নমানৰ, তৰল, সস্তীয়া লেখাক এচাম লেখক আৰু বাতৰিকাকত, আলোচনীৰ সম্পাদকে হাস্য-ব্যংগ শিতানত ঠাই দিয়াত সামগ্ৰিকভাৱে হাস্য-ব্যংগ লেখাৰ মৰ্যাদা হানি হৈছে।

ফটাঢোলঃ আপোনাৰ প্ৰিয় পাঁচখন গ্ৰন্থ আৰু ছিনেমাৰ বিষয়ে জানিবলৈ আমি আগ্ৰহী৷

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃএকে আষাৰে ক’বলৈ অসুবিধা। গতিকে এই বিষয়ে এতিয়া নকওঁ।

ফটাঢোলঃ বৰ্তমান সময়ত অসমীয়া কলা-সাহিত্য আৰু সংস্কৃতিৰ সামগ্ৰিক যিটো ৰূপ আৰু চৰিত্ৰ-আপুনি তাকে লৈ সুখী আৰু সন্তুষ্টনে? কাকত-আলোচনীৰ কথাবোৰত নতুনত্ব সন্ধান কৰিবলৈ গ’লে এতিয়া অহোপুৰুষাৰ্থ কৰিব লাগে৷ পৃথিৱীৰ বাকীবোৰ দেশত কল্প-বিজ্ঞান,মনোবিজ্ঞান,অৰ্থনীতি,অনুপ্ৰেৰণাদায়ী গ্ৰন্থ লিখাৰ ধুম উঠিছে৷ তথ্যসমৃদ্ধ কিতাপবোৰৰ অধিকাংশৰেই ভাষা সৰল অথচ বিশ্লেষণাত্মক৷ সকলো শ্ৰেণীৰ পাঠকেই পঢ়িব পাৰে,বুজিব পাৰে৷ তেনেবোৰ কিতাপৰ পঢ়ুৱৈও লাখ-লাখ৷ কিন্তু আমি যেন সেইখন পৃথিৱীৰ পৰা বহু দূৰৈত৷ গল্প,কবিতা আৰু উপন্যাসৰ কেঁকুৰিকেইটাৰ পৰা ওলাই আহি সাহিত্যৰ আন আন কেঁকুৰিবোৰত প্ৰৱেশ কৰিবলৈ আমি যেন এতিয়াও আত্মবিশ্বাসী হৈ উঠা নাই৷ মই মনোবিজ্ঞানৰ কিতাপ পঢ়ি ভাল পাওঁ৷ কিন্তু অসমীয়া লেখকে লিখা মনোবিজ্ঞানৰ কিতাপ বজাৰত পাবলৈ অসুবিধা৷ ছাৰ,অসমীয়া সাহিত্যৰ ধাৰাটো সঠিক দিশেৰেই আগবাঢ়িছে বুলি আপুনি ভাবেনে? অসমীয়া সাহিত্যৰ জগতখন নতুনত্বহীনতাৰ গ্ৰাসত পৰিছে নেকি ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ আপুনি কোৱা কথাখিনি মই একেবাৰে সত্য বুলি ভাবোঁ। অসমীয়া সাহিত্যৰ জগতখন সময়ৰ লগত তাল মিলাই আগবাঢ়ি যাব পৰা নাই যেন অনুভৱ কৰোঁ। কথাটো যেন এনেকুৱা– এসময়ত আমি ইঞ্জিনিয়াৰিং বুলি ক’লে চিভিল, মেকানিকেল, ইলেক্¿ট্ৰকেল বুলিয়েই ভাবিছিলোঁ। সাহিত্য বুলি ক’লে গল্প, কবিতা, উপন্যাস বুলিয়েই ভাবিছিলোঁ। আজিৰ দিনতো যদি কোনোবাই ইঞ্জিনিয়াৰিঙৰ সেইটো ধাৰণাই লৈ আছে, তেওঁ যথেষ্ট পিছপৰা বা Outdated নহয় জানো ? সাহিত্যৰ ক্ষেত্ৰতো কথাটো তেনেকুৱাই।

ফটাঢোলঃ এতিয়া সাক্ষাৎকাৰৰ অন্তিমটো প্ৰশ্নঃ নতুন প্ৰজন্মৰ যিসকলে ব্যংগ-ৰচনা লিখি আছে বা লিখিবলৈ আগ্ৰহী-তেওঁলোকক উদ্দেশ্যি আপুনি কি ক’ব? এখন উচ্চমানবিশিষ্ট ব্যংগ-ৰচনাৰ লিখিবলৈ যাওঁতে তেওঁলোকে কেনেবোৰ দিশত গুৰুত্ব দিয়া উচিত ?

ডাঃ ভৃংগেশ্বৰ শৰ্মাঃ উপদেশ দিব পৰা মানুহ মই নহওঁ। তথাপি কওঁ, যিসকল হাস্য-ব্যংগ লিখিবলৈ আগ্ৰহী, তেওঁলোকে সৰু সৰু কথাবোৰ মন কৰিবলৈ চেষ্টা কৰক। দৈনন্দিন জীৱনত ঘটি থকা সৰু সৰু কথাবোৰৰ পৰাই ডাঙৰ ডাঙৰ কথা লিখিব পাৰি। ব্যক্তিগত আক্ৰমণ, ঠাট্টা-মস্কৰা, ইতিকিং, উপলুঙা আদি পৰিহাৰ কৰা উচিত। ভাষা সহজ-সৰল, প্ৰাঞ্জল কিন্তু শক্তিশালী হোৱা উচিত। আৰু মনত ৰখা ভাল, প্ৰতিটো হাস্য-ব্যংগ লেখাৰ এটা সাহিত্য মূল্য থকা উচিত।

অঁ, আৰু এটা উল্লেখযোগ্য কথা, যিসকলৰ বঁটা-বাহনৰ লোভ আছে, সেইসকলে হাস্য-ব্যংগ ৰচনাৰ প্ৰতি আগ্ৰহী নোহোৱাই ভাল আৰু সময় থাকোঁতেই হাস্য-ব্যংগ ধাৰাটো বাদ দি আন ধাৰাৰ প্ৰতি গতি সলনি কৰা ভাল।

[বিঃদ্ৰঃ ব্যক্তিগত অসুবিধা হেতু তেখেতৰ ঘৰলৈ গৈ মুখামুখিকৈ বহি সাক্ষাৎকাৰটো গ্ৰহণ কৰিব পৰা নগ’ল৷ ফটাঢোলৰ সম্পাদক ঈশান জ্যোতি বৰাই প্ৰস্তুত কৰা প্ৰশ্নাৱলীখন তেখেতলৈ মেইলযোগে প্ৰেৰণ কৰা হৈছিল আৰু মেইলৰ জৰিয়তেই লেখক ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ উত্তৰসমূহ সংগ্ৰহ কৰা হৈছিল৷]

☆★☆★☆

Comments

  1. মোৰ অতিকৈ প্ৰিয় লেখক। তেখেতৰ প্ৰতিটো লিখনি কেৱল পঢ়ি ভাল লাগে বুলি ক’লে ভুল কোৱা হ’ব। তেখেতৰ লিখনিত আৰু বিশেষ কিবা এটা বিচাৰি পোৱা যায়। মন ভৰি যায়। এই সাক্ষাত্কাৰটোত তেখেতৰ মনৰ কথাবোৰ জানিব পাৰি বৰ ভাল লাগিল। অশেষ ধন্যবাদ ঈশান জ্যোতি বৰালৈ আৰু লগতে অভিনন্দন জনাইছো।

  2. প্রিয় লেখক এজনৰ বিষয়ে জানিবলৈ বহুত মন যায়। ডাঃ শৰ্মা ছাৰৰ এই সাক্ষাৎকাৰ টো বহুত ভাল লাগিল। নজনা কথা বহুত খিনি জানিব পাৰিলো। প্ৰশ্ন খিনিও সুন্দৰ হৈছে।

  3. মোৰ প্ৰিয় লিখকজনৰ মনৰ ভাৱ জানি ভাল লাগিল৷

  4. বহু কথাই শিকিলো। দীৰ্ঘ সময়ৰ বাবে মনত ৰৈ যোৱা এটা সাক্ষাৎকাৰ। প্ৰশ্ন আৰু উত্তৰ সকলো সুন্দৰ।

  5. সুন্দৰ সাক্ষ্যাৎকাৰ। অতি উন্নত মানৰ প্ৰশ্ন আৰু তাতকৈয়ো উন্নত উত্তৰ। কিছুমান কথাই জীৱনলৈ সাঁচ পেলালে। ধন্যবাদ

  6. ডাঃ শৰ্মা ছাৰৰ সাক্ষাৎকাৰ টোৰ পৰা বহু নজনা কথা জানিলোঁ। ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *