ফটাঢোল

এনেকৈয়ে – মাধুৰীমা ঘৰফলীয়া

বৰষুণজাক দিয়া অলপ সময় হ’ল যদিও গছবোৰে ধৰি ৰখা পানীবোৰ পাতৰ মাজেৰে সৰকি আহি টুপুৰ-টুপুৰকৈ শব্দ হৈ আছে। তেনেকুৱা এক টুপুৰ-টুপুৰ শব্দ অনাদিৰ মবাইলতো মাজে মাজে হৈ আছে।
টুপুক!
মেছেজ অহাৰ শব্দ। অনাদিয়ে হোৱাটচ এপটো খুলিলে।
“চেষ্টা কৰিবা। আহিবই লাগিব বুলি কোনো কথা নাই।“
পৰিধিৰ মেছেজ। অনাদিৰ মনটো মৰহি যোৱা যেন লাগিল। চাৰিমাহৰ মূৰত তাই অসমলৈ আহিছে। অহাৰ পৰিকল্পনা কৰোঁতেই সিহঁতি কেতিয়া ক’ত লগ কৰিব সেইটো পাতি থৈছিল কিন্তু খেলিমেলি লগালে অনাদিৰ মাকে। পৰিধিক লগ পোৱাৰ আৱেশত ডুব গৈ থাকোঁতেই মাকে মাত লগাইছিল,-
-“ধন, কালিলৈ পুতু খুড়াৰ ঘৰৰ বিয়াখন আছে। তোকো লৈ যাবলৈ বুলি বাৰে বাৰে কৈ গৈছিল। কালিলৈ পাৰিলে অফিচৰ পৰা অলপ সোনকালে আহিবি।“
অনাদিৰ আৱেশখিনি থং থংকৈ ভাগি পৰিছিল। মাকক সি কেতিয়াও মানা কৰি পোৱা নাই। কৰিবও নোৱাৰে। সি অকনমানি হৈ থাকোঁতে দেউতাক ঢুকাল। জীৱনৰ জ্বালা-যন্ত্ৰণাই মানুহজনীক অন্যতকৈ অলপ পৃথক কৰি তুলিলে। এতিয়া সেইজনী মানুহক তেওঁৰ নিজৰ মাকেই সমীহ কৰি থাকে, অনাদিতো বহু দূৰৰে কথা।
অৱশ্যে পৰিধিৰ লগত ভাল হৈ থকা হ’লেও কিবা এটা ক’ব পাৰিলেহেঁতেন! কিন্তু এটা ঘটনাৰ পাছত পৰিধিৰ প্ৰতিও মাকৰ বৰ এটা ভাল ভাৱ নাই।
পৰিধি অসমৰ বাহিৰত পঢ়িবলৈ যোৱাৰ আগতেই এদিন মাকৰ সৈতে ভেটা-ভেটি হৈছিল। পাৰ্ক এখনত। ঘৰলৈ অহা অনাদিৰ এনায়েকক ফুৰাবলৈ বুলি মাকে পাৰ্কলৈ লৈ গৈছিল। সিফালে অনাদিও পৰিধিৰ সৈতে তালৈকে গৈছিল। পৰিধিক এঠাইত বহাই আইচক্ৰিম আনিবলৈ যোৱা অনাদিয়ে মাক আৰু এনায়েকক দেখি তাতে তাপ মাৰিছিল। পৰিধিলৈ ফোন কৰি নিজৰ অৱস্থাটোৰ কথা কৈ অলপ সময় তাইৰ পৰা আঁতৰত ৰৈ থাকিল। হাতত লৈ থকা চিপচৰ পেকেটটোৰ পৰা এখন দুখন চিপচ খাই মাকহঁতো পৰিধিৰ থকা ফালে গ’ল। ঠিক পৰিধি বহি থকা ঠাইখিনিৰ কাষতে থকা গছজোপাৰ তললৈ মাকে খালি চিপচৰ পেকটো দলিয়াই দিলে। সাধাৰণতেই তেনে কাণ্ডবোৰত মাত মতা পৰিধি জাঙুৰ খাই উঠিল। তাতে তাই অনাদিৰ মাকক চিনি নাপায়। দুয়োগৰাকীৰ মাজত বাৰুকৈয়ে কথাৰ যুদ্ধ এখন হ’ল। আঁতৰৰ পৰা সকলো দৃশ্য প্ৰত্যক্ষ কৰি থকা অনাদি দৌৰি আহে মানে মাকৰ ইগ’ত প্ৰচণ্ড আঘাত পৰিছিল। মাকে হঠাতে তাক তাত আৱিষ্কাৰ কৰি কথাবোৰ মনৰ মাজতে জুকিয়াই লৈ কিবা এটা অনুমান কৰিলে। সেইসময়ত তেওঁ একো নক’লে যদিও পিচদিনা ঘোষণা কৰিলে,-“সেইজনী ছোৱালীৰ আশে পাশে থাকিলে তই মোক এৰি যাব লাগিব!”
অনাদিয়ে কাকোৱে এৰিব নোৱাৰিলে। মাত্ৰ মাকে নজনাকৈয়ে পৰিধিৰ সৈতে সম্পৰ্ক ৰাখি গ’ল। আৰু এতিয়া যদি সেইজনী পৰিধিকে লগ কৰিবৰ বাবে মাকৰ সৈতে বিয়া খাবলৈ যাব নোৱাৰোঁ বুলি কয় তেন্তে ঘৰত কি পৰিস্থিতি হ’ব ভগৱানেহে জানে!
“তই দেখোন আজিকালি একেবাৰে দেৱদাসটো হৈ থাক?”
অনাদিয়ে ফুটা-নুফুটা মাতৰ পৰাই এনু বুলি মাতি অহা এনায়েকজনী তাৰ কাষত ৰৈ আছিলহি। সি গমেই পোৱা নাছিল।
“ক’তনো দেৱদাস হোৱা দেখিলা এনু?”
“হেৰৌ আমিও তোৰ বয়স পাৰ হৈ আহিছোঁ বুজিছ। তাহানি পুথাৰে যেতিয়া মোৰ প্ৰেমত হাবু-ডুবু খাই আছিল তেতিয়া তেওঁ হেনো মাজে মাজে এনেকৈ জলকা লাগি আছিল। এবাৰ কি হ’ল জান…”
এনায়েকৰ এইটোৱে অভ্যাস, প্ৰতিটো কথাতে নিজৰ জীৱনৰ উদাহৰণ দি কাহিনী ক’বলৈ আৰম্ভ কৰি দিয়ে। অনাদিয়ে তেওঁৰ কথাৰ মাজতে মাত লগালে,-
“আস এনু, মই ইমান চিন্তাত আছোঁ তুমি আক’ নিজৰ প্ৰেমৰ বকলা মেলিবলৈ ল’লা।“
“মইতো তাকেই সুধিছিলোঁ বোলো কেচটো কি?  তইহে কথা লুটিয়াইছিলি। সেই পৰিধিনে ফৰিধি সেইজনীয়ে লঠিয়ালে নেকি?”
“তুমি আমাৰ ৰিলেচনৰ কথা জানা!”
“হুহ তোৰ এনায়েৰে হয় বুজিছ। পুথাৰে জীয়াই থকা হ’লে ক’লেহেঁতেন, তেওঁক মই কেনেকৈ পাকৰাও কৰিছিলোঁ। আৰু এতিয়া তোৰ এনায়েৰে হৈ তোৰ মনৰ কথা নাজানিম নে? ক কি হৈছে?”
অনাদিয়ে নিজৰ সমস্যাটো এনায়েকৰ আগত বৰ্ণনা কৰাত তেওঁও অলপ চিন্তিত হৈ উঠিল। তাৰ পাছত কিবা এটা ভাবি জঁপিয়াই উঠিল,-
“মই তোক সহায় কৰিব পাৰিম।“
“তুমি?”
“ওঁ। কিন্তু বিনিময়ত মোক সেইযে দামী চিগাৰেটবোৰ পায় তেনেকুৱা এপেকেট আনি দিব লাগিব!”
“এনু তুমি চিগাৰেট খোৱা?”
“অ’ খাওঁ মনে মনে। মাৰক নকবি আক’। মুখৰে চিগাৰেটৰ ধোঁৱা উলিয়াই দিব। এতিয়া ক আনি দিবি নে?”
“বাৰু ! কিন্তু তুমি কি কৰিবা?”
“সেইবোৰ চিন্তা বাদ দে। তই মাথোঁ ফৰিদিক জনাই দে যাবি বুলি।“
“ফৰিদি নহয় এনু পৰিধি।“
“এহ হওক দে কিবা ধি বুলিতো কৈছোঁ।“
ৰুমৰ পৰা ওলাই যোৱা এনায়েকলৈ চাই অনাদিয়ে পৰিধিলৈ মেছেজ এটা কৰিলে। এনায়েকৰ ওপৰত তাৰ বিশ্বাস আছে। মনৰে যৌৱন ধৰি ৰখা মানুহজনীয়ে কৰোঁ বুলি যিকোনো কাম কৰিব পাৰে। আৰু কৰিলেও..!
ৰাতি ভাত খোৱাৰ সময়ত এনায়েকে কাহ এটা মাৰি ডিঙিতো চাফা কৰি জীয়েকলৈ চাই ক’লে,-
“বুজিছ, কালিলৈ ধনৰ লগত বাহুবলী চাবলৈ যাম বুলি ভাবিছোঁ।“
পানী এগিলাচ খাবলৈ লোৱা অনাদিয়ে চৰ্চৰণি খাই উঠিল।
“বাহুবলী! সেইখন দেখোন ঘৰতে চাব পাৰিবা মা। তাতে কালিলৈ বিয়া এখনলৈ যাব লাগে।“
“হলবোৰ থাকোঁতে ঘৰত কিয় চাম! বুঢ়ী হ’লো বুলিয়েই চব কাম ঘৰত সোমায়ে কৰিম নেকি?”
এনায়েকে এৰা বাণত মাক ঠাণ্ডা হৈ গ’ল। তথাপি এবাৰ অনুৰোধ কৰি চালে,-
“পৰহিলৈ যাবা নহ’লে?”
“পৰহিলৈ বেলেগ কাম আছে। এইবাৰ তহঁতৰ ইয়ালৈ মই কেৱল তহঁতকে চাবলৈ অহা নাই, নিজৰ কামো লৈ আহিছোঁ।“
গহীন মাতেৰে দিয়া এনায়েকৰ উত্তৰত মাকে একো নকলেও হাঁহি ৰখাওতে অনাদিৰ অৱস্থা কাঢ়িল হ’ল।
“এনু তুচ্চি গ্ৰেট হৌ!”
শুবলৈ যোৱাৰ সময়ত এনায়েকক অকলশৰীয়াকৈ পাই অনাদি সাৱটি ধৰি ক’লে।
“হ’ব এতিয়া তেল মাৰিব নালাগে। মোৰ বস্তুটো আনি দিবি আৰু ভাল চাই চিনেমাৰ টিকট কাটিবি।“
“মানে তুমি চিনেমা চাবাই?”
“অ’..”
অনাদি হতাশ হৈ পৰিল। তথাপি ’নাই মোমাইতকৈ কণা মোমায়ে ভাল’ বুলি ভাবি পৰিধিলৈ মেছেজ কৰাত ব্যস্ত হ’ল।
পিচদিনা যথাসময়ত মাকক বিয়াঘৰত থৈ নাতিয়েক এনায়েক হল পালেগৈ। আগৰে পৰা তাত ৰৈ থকা পৰিধিয়ে সিহঁতক দেখি আগুৱাই আহিল। এটা পলৰ অনাদিৰ ফালে চাই এনায়েকক সুধিলে,-
“এনু ভালে আছে?”
নতুনকৈ কিনা চানগ্লাচজোৰ খুলি এনায়েকে হাঁহি এটা মাৰি দেখুৱালে, কিন্তু ওলোটাই একো নুসুধিলে। তিনিও নিমাতেই গৈ হলৰ ভিতৰত সোমাল। এনায়েকৰ হাতত ডাঙৰ পপকৰ্ণৰ পেকেট এটা। পৰিধি বহাৰ পাছত তেওঁ তাইৰ কাষতে বহিল। অনাদিয়ে পৰিধিলৈ চালে। তাই ইংগিতেৰে মনে মনে থাকিবলৈ কোৱাত এনায়েকৰ আনটো কাষে বহি পৰিল। চিনেমা আৰম্ভ হ’ল।
“উৱা! হলত মই অসমীয়া চিনেমাকে ভালকৈ বুজি নাপাওঁ তই দেখোন এইখন ইংৰাজী দেখুৱাবলৈ আনিলি।“
“হিন্দী ডাবিং। বুজি পাবা এনু।“
অনাদিয়ে গোমোঠা মাতেৰে উত্তৰ দিলে। তাৰ একো ভাল লগা নাই। অতদিনৰ মূৰত পৰিধিক লগ পাইছে, অথচ তাইৰ সৈতে ভালকৈ কথা এষাৰ পাতিবলৈ সুযোগ পোৱা নাই।
আধাঘণ্টামান তেনেকৈয়ে গ’ল।
“মই বাথৰুমৰ পৰা আহোঁগৈ। আহিবৰ সময়ত এসোপা পানী খাই আহিলোঁ নহয়।“
আইতাকে বহাৰ উঠি ক’লে ।
“বলক এনু মই লৈ যাম।“
পৰিধি লগে লগে উঠিল ।
“হুহ মোক ইমান গাঁৱলীয়া বুলি নাভাবিবা যে বাথৰুমলৈ অকলে যাব নোৱাৰিম। কোনো যাব নালাগে।“
উচাট মাৰি যোৱা এনায়েকলৈ দুয়োটাই থৰ হৈ চাই ৰ’ল। চিনেমাৰ হুলস্থুলৰ মাজতো দুয়োৰে বাবে চৌপাশটো যেন নিৰৱ হৈ পৰিল।
“আদি দহমিনিট মান হ’লচোন এনু নাই অহা যে?”
অনাদিৰ কঁপাল কোঁচ খাই গ’ল। জেপৰ ফোনটো উলিয়াই এনায়েকলৈ ফোন লগালে। সিফালৰ পৰা ফোন উঠায়ে এনায়েকে চিঞৰি উঠিল,-
“তহঁতি চিনেমা চাচোন মই ঘৰৰ কাষৰ মানুহ এজনী লগ পাইছোঁ। কথা অলপ পাতোঁ।“
অনাদিৰ মুখত হাঁহি বিৰিঙি উঠিল। সি লাহেকৈ চিটটো সলনি কৰি পৰিধিৰ কাষত বহিলগৈ। আলফুলে তাইৰ হাত এখন নিজৰ হাতত তুলি ল’লে।
“তুমি খীণাইছা আদি…“
পৰিধিয়ে তাৰ চকুলৈ নোচোৱাকৈ ক’লে।
“তুমি কাষত নাই যে।“
উশাহৰ শব্দই লাহে লাহে চিনেমাৰ শব্দবোৰ তল পেলাই নি থাকিল।
চিনেমা শেষ। ইফালে সিফালে চায়ে অনাদিয়ে এনায়েকক দেখিলে। পৰিধিয়ে নিজেই গাড়ী লৈ আহিছিল গতিকে এনায়েকক মাত লগাই গুছি গ’ল। সুখী সুখী মনেৰে অনাদি আহি গাড়ীত বহিলহি। ঘৰ পাবলৈ অলপ সময় থাকোঁতে এনায়েকে মাত লগালে,-
“সেই শেষৰ দৃশ্যটোত সিহঁত হালে তেনেকৈ চুমা নোখোৱা হলেও হৈছিল পায়। গোঁসাই অ’, দৈত্যটোৱে খেদি আহিছে আৰু সিহঁতি চুমা খোৱাত ব্যস্ত। হ’ল বুলি আৰু মানুহৰ ভয়-দয় অলপ থাকিব লাগে।
“তুমি চিনেমা চালা?  আকৌ বোলে কোনোবা লগৰ মানুহ লগ পাইছিলা?”
অনাদিয়ে আচৰিত হৈ এনায়েকলৈ চালে।
“এই পৃথিৱীত সকলো মানুহেই চিনাকী। সেই মুখতে চিট এটা খালি দেখা পাই তাতে বহি চালো। বোলো বাৰে বাৰে বাথৰুমলৈ যাবলৈও সহজ হ’ব।“
এনায়েকে কৌতুকৰ হাঁহি এটা মাৰি ক’লে। অনাদিৰ তেওঁলৈ মৰম লাগি গ’ল।
পিচে মৰমখিনি দুদিনমানৰ পাছতে খঙলৈ পৰিৱৰ্তন হ’ল। এনায়েকে মাকক মান্তি কৰাম বুলি অনাদিক ঘোঁচ হিচাপে ৰঙাপানীৰ বটল এটা অনোৱালে। মাক শুৱাৰ পাছত এনায়েক আহি তাৰ ৰুমত বহি ৰঙাপানীৰ সোৱাদ ল’বলৈ লাগিল। এনেও মাজে মাজে নাতিয়েক এনায়েকে এনেকৈ আড্ডা মাৰে বাবে মাকে বিশেষ সন্দেহ নকৰিলে। লাহে লাহে নিচা লাগি আহিল এনায়েকৰ মুখৰ ফটফটনিও বাঢ়ি আহিল।
“এটা কথা কওঁ বুজিছ ধন, এই ফৰিদি বোলাজনী বৰ ঠিক নহয়। তই বেলেগ এজনী চা নহ’লে। মই পুথাৰৰ শপত খাই কৈছোঁ মাৰক মই পতাই দিম।“
“তাইকনো কি বেয়া দেখিলা?”
অনাদিয়ে বিৰক্তিৰে সুধিলে ।
“বেয়া! মোৰ সমুখতে মোৰ ছোৱালীক তাই গালি দিছিল। পেলালেই যেনিবা পেকেট এটা তাতে কি ভু-ভাৰস্তখন নষ্ট হ’ল। সেইজনী আহিলে মোৰ ছোৱালীয়ে চকুপানী টুকি ভাত খাব লগা হয় বুলিহে ভয়।“
“তাই গালি দিয়া নাছিল। বেয়াটো দেখুৱাইহে দিছিল। মায়েহে বেছি কৰিলে!”
“আয়ৌ! আমাৰ চাৰিটা চকুক মিছা প্ৰমাণিত কৰি সি সেইজনীৰ ফলীয়া হৈছে। বিয়া পতাই নাই! বিয়া পাতিলে বা কি হ’ব! তাহানি এনেকুৱা তিৰি-মুৱা স্বভাৱৰ বাবে মই কেইটাক এৰিছিলোঁ ঠিক নাই। এবাৰ কি হ’ল…”
“এনু তুমি শুবলৈ যোৱা। তুমি আৰু মোক সহায় কৰিব নালাগে। পৰিধি যদি মোৰ ভাগ্যত আছে পাম নহ’লে নাই। যোৱা। মোৰ মূৰ গৰম নকৰিবা।“
অনাদিয়ে ঠেলি ঠেলি এনায়েকক ৰূমৰ পৰা বাহিৰ কৰি দিলে। তাৰ পাছৰ দুদিনমান দুয়োৰে মাজত মাতবোল বন্ধ হৈ থাকিল। তাতে অফিচৰ কামত অনাদি বেলেগ জিলালৈ যাব লগা হোৱাত সেই অভিমান আৰু বাঢ়ি গ’ল। এসপ্তাহৰ মানৰ পাছত সি ঘূৰি আহিল। ভাত পানী খাই আজৰি হৈ অনাদি বাৰাণ্ডাতে বহি আছিল। এনায়েকে গৈ তাৰ পিঠিত ঢকা মাৰি কৈ উঠিল,-
“ঠেহুঁলা, তোৰ বাবে ডাঙৰ ছাৰপ্ৰাইজ আছে।“
অনাদিয়ে প্ৰশ্নবোধক দৃষ্টিৰে এনায়েকলৈ চালে ।
“ওহো এনেকৈ নকওঁ। ভাল চিগাৰেট এপেকেট দিম বুলিলেহে কম।“
অনাদিয়ে আনফালে মুখ ঘুৰালে। তাকে দেখি এনায়েকে একেটা উত্সাহৰে কৈ উঠিল
“চিকটা! শুন মাৰে তহঁতৰ সম্পৰ্কটো মানি লৈছে!”
“কি!”
“এতিয়া মাত ওলাল।“
“কিন্তু কেনেকৈ?”
“সেইজনী মোৰহে পেটৰ জী। মই মান্তি কৰালোঁ আৰু।“
“কেনেকৈ এনু?”
“সিদিনা যে তই বটলটো আনি দিছিলি, সেইটো কেতিয়াবাই শেষ হ’লটো! তাতে কল্ড ডিংকচ অলপ ভৰাই তই নথকা দিন এটাত মাৰৰ কাষত বহিলোঁ। মাৰে অবাক! তাই মোক কোনোদিনে সেইবোৰ খোৱা দেখা নাইতো। ধমক দিবলৈ চেষ্টা কৰিছিল যদিও মইহে মৰণত শৰণ দি ওলোটাই ধমক দি উঠিলোঁ। তাৰপাছত গিলাচ এটা লৈ মাৰৰ কাষতে কল্ড ডিংকচখিনি খোৱা আৰম্ভ কৰিলোঁ।
“সঁচা!”
“সঁচা নকৈ মিছা ক’বলৈ তোৰ দৰে বুলি ভাবিছ নেকি! মাজত নামাতিবি। লাহে লাহে নিচা ধৰাৰ ভাও ধৰিলোঁ। তাৰ পাছত পৰিধি আৰু তোৰ কথা কলোঁ। মাৰে একদম জকজকাই উঠিল। মই বোলো তোৰ ল’ৰা বাবেহে সি ইমানদিনে তোৰ কথা অমান্য নকৰাকৈ তোৰ সন্মতি লৈ ৰৈ আছে। তাহানিতে তোৰ বাপেৰে কাৰো কথা নুশুনাকৈয়ে মোক লৈ আনিছিল। প্ৰেম বহুত ডাঙৰ বস্তু বুজিছ। আমাৰ বিয়াৰ দিনা লোকে হুলস্থূল কৰি থাকিল আৰু আমি বিন্দাচ সুহাগ ৰাত পালিলোঁ।
“ছিঃছিঃ এনু তুমি মাৰ আগত নিজৰ সুহাগ ৰাতৰ কথাও গালা?”
“অকল সেইয়াই নে ..মাৰে দমি নাযায়। গতিকে শেষত মই বোলো প্ৰথম নিশাৰ পাছত মই কেইবাটাও কবিতা লিখিছিলোঁ। এতিয়াও মনত আছে। মই এটা কবিতা গাবলৈ পালোঁহে মাৰে মোৰ ভৰিত পৰিলহি। ‘মা তুমি মনে মনে থাকা। সিহঁত দুটাৰ বিয়াখন খুব সোনকালে পাতি দিম দিয়া ‘দেখিছ মোৰ কবিতাৰ শক্তি। শুনিবি নি?”
“এনু মোৰ মৰমীজনী, আমাক সহায় কৰাৰ বাবে বহুত ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি তোমাৰ কবিতা নুশুনাবা।“
এনায়েকে নাতিয়েক দুয়ো হোহোৱাই হাঁহি উঠিল। পিচে হাঁহি মাৰ যাবলৈ নাপাওঁতে পিছফালৰ পৰা মাকৰ গাজনি শুনিলে,-
“অ’ আচল কাহিনী মানে এইবোৰ! দুয়োটাই মোক ঠগি আছ।“
অনাদিহঁত শিল পৰা কপৌৰ দৰে থৰ হৈ গ’ল। আৰম্ভণিৰ মুখ দেখা সপোনটো যেন আকৌ ঠনঠনাই ভাগি পৰিল। জুই হেন খঙাল চকুৰে মাকে দুয়োটালৈ চাই ভিতৰলৈ সোমাই গ’ল। যোৱাৰ আগত কৈ গ’ল,-
“আজিৰ পৰা মদ চিগাৰেটহেন বস্তু যদি এইখন ঘৰলৈ অনা বুলিও গম পাওঁ ঠেং ভাঙি গুড়া কৰিম। অনাটোৱে হাতত পেং লৈ পৰিধিক আনিবলৈ যাব লাগিব আৰু খাবলৈ বিচৰা গৰাকীয়ে হুইল চেয়াৰত বহি নাতি বোৱাৰীক আদৰিব লাগিব!!”
অলপ সময় অনাদি আৰু এনায়েকে একো বুজি নাপালে আৰু যেতিয়া বুজি পালে অনাদিয়ে এনায়েকক সাৱটি ধৰি চিঞৰ মাৰি উঠিল,-
-“ইয়াহু এনু, মা মান্তি হৈ গ’ল!!”
মিচিকিয়া হাঁহিৰে দৰজাৰ ফাঁকেৰে দুয়োলৈকে উভতি চোৱা অনাদিৰ মাকৰ মুখখন এটা যুগৰ পাছত সুখৰ পোহৰেৰে জিলিকি উঠিল ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *