ফটাঢোল

থৰ-থৰ-থৰ-থৰ, ঝক-ঝক-ঝক-ঝক – নয়নমণি হালৈ

ইচ্, অকস্মাতে কি যে ঘটি গ’ল! ইমান লাজ লগা ঘটনা মোৰ জীৱনত কোনোকালে ঘটা নাছিল| শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে| ময়ো পৰা নাই| কিন্তু চেষ্টাৰ ক্ৰটিও যে কৰা নাই, সেয়াওতো সঁচা| যি নহওক মূল কথালৈ আহোঁ|
নলবাৰী ৰেল ষ্টেচনৰ তিনি নং প্লেটফৰ্মটো প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰিবলৈ অতি উপযোগী। হাইমাষ্ট লাইটৰ উজ্জল পোহৰ আৰু ৰঙ-বিৰঙী মানুহেৰে ভৰি পৰে সন্ধিয়াৰ প্লেটফৰ্ম| এক আৰু দুই নং প্লেটফৰ্মত ৰেল আহি ৰখে, কিছুসময়ৰ বাবে সেই দুটা প্লেটফৰ্ম চঞ্চল হৈ পৰে, মুখৰ হৈ উঠে| তাৰপিছত পুনৰ নিৰৱ, নিতাল মাৰে| তিনি নং প্লেটফৰ্ম প্ৰায় এক কিলোমিটাৰ দীঘল, যথেষ্ট আহল-বহল| ক’বলৈ গ’লে এখন মিনি ষ্টেডিয়াম| সেইবাবে এই প্লেটফৰ্মটো খোজকঢ়া বা ফুৰাচকাৰ বাবে বৰ সুচল ঠাই| তাতে আকৌ ৰেলৱে’ বিভাগে সজাই দিয়া পকী বেঞ্চবোৰত কিছুসংখ্যক অৱসৰপ্ৰাপ্ত আদহীয়া লোকৰ আড্ডাই ঠাইখনক ষ্টেচনৰ পৰা পাৰ্কলৈ উন্নীত কৰাত এশ শতাংশই অৰিহনা যোগাইছে| আন এটা দিশেৰে নলবাৰী চহৰবাসীৰ বাবে যে ফুৰিবলৈও এখন ‘পাৰ্ক’ বা মুকলি ঠাইৰ ব্যৱস্থা নাই, সেই লজ্জাজনক দিশটোও এই ষ্টেচনটোৱে পাহৰাই ৰাখে|
যিয়ে নহওক, ৰাতিপুৱা শুই উঠাটো মোৰ বাবে অতি কঠিন কাম| মোৰ কৰ্ম-সক্ৰিয়তা আৰম্ভ হয় সন্ধিয়াৰ পৰাহে! বাকী দিনটোৰ সৰহভাগ সময় মোৰ হামিয়াই-হিকটিয়াই বা আলস্যভাৱেৰেই কাটি যায়| হয়তো মই হাঁহ ধৰিব নোৱাৰাৰ এয়াই প্ৰথম কাৰণ| কিন্তু এজন ভাল বন্ধুৱে সদায় দোষ-ক্ৰুটিবোৰহে আঙুলিয়াই দিয়ে| প্ৰশান্ত মোৰ খুব ভাল বন্ধু| সি খুব জোৰ কৰে, জোৰ কৰা মানে আগতে জোৰ কৰিছিল, এতিয়া গালি পাৰে| সি য’তে লগ পায় ত’তেই গালি পাৰে ৰাতিপুৱা শুই নুঠাৰ বাবে| সি প্ৰতিদিনে ৰাতিপুৱা উঠে, দৌৰে, হাত-ভৰি মাৰে| সেয়ে স্বাস্থ্যও ভাল| আৰু মই কেটেৰা পৰা| তাৰ গালি খাই-খাই এদিন ঠিক কৰিলো যে ময়ো উঠিম। সূৰ্য উঠাৰ আগতে ময়ো উঠিম, মুকলি বতাহ খাম, দৌৰিম, এটা উজ্জল চেহেৰা আৰু তজবজীয়া দিন মোকো লাগে| প্ৰশান্তক কওঁ,- “বাপ, আপুনি ৰাতিপুৱা চাৰি বজাতে ধাৰাষাৰ গতিত মোক ফোন কৰিব| মই বিচনাৰ পৰা নুঠালৈকে এই গতি অব্যাহত থাকিব লাগিব কিন্তু|”  বন্ধুৰ বাবে এইখিনি কৰিবলৈ প্ৰশান্ত হেলাৰঙে মান্তি হৈ গ’ল|
পিচদিনা সঁচাসচি সি ফোন লগাই দিলে| ইচ্ ৰাম, চকু মেল খাবই নোখোজে! চকু মুদিয়ে কিবাকৈ উঠি গ’লো, খেপিয়াই খেপিয়াই ফোনটো হাতত লৈ অফ কৰি দি কাটি বগৰাই দিয়া গছডালৰ দৰে পুনৰ বিচনাত ধুপুচ| আবেলি প্ৰশান্তৰ বৈদ্য গালি,- “তোৰ জীৱনত কেতিয়াও উন্নতি নহয়”- সি ভৱিষ্যত বাণী কৰে|
তাক আকৌ জোৰ কৰোঁ,-“ভাই, কাইলৈ খাটাং|”
পিচদিনাও সেই একেই ঘটনাৰ পুণৰাবৃত্তি| তাৰ পিচদিনাৰ পৰা আহিল বৰষুণ| আই ঐ, ৰাতিপুৱাৰ সময়ত বৰষুণ দিলে শুই কি মজা ঐ! এসপ্তাহমান বৰষুণ চলি থাকিল| চলি থাকিল মোৰো টোপনি চিকুণ পুৱা| তাৰপিছত এদিন ঘপকৈ আধা এন্ধাৰ আধা পোহৰৰ মাজতেই প্ৰশান্ত আহি ওলাল| একেবাৰে গাত ট্ৰেকচ্যুট, ভৰিত ‘নাইকি’ৰ জোতা| মই বোলো আজি ৰক্ষা নাই| চকুদুটা আধা মেলা, আধা মুদা কৰিয়ে প্ৰশান্তৰ বাইকত প্লেটফৰ্ম পালো| বাইকখন সি এঠাইত থ’লে আৰু আৰম্ভ হৈ গ‘ল আমাৰ ৰাতিপুৱাৰ সংগ্ৰামী অভিযান|
প্ৰশান্তই মাজে-মাজে হাত দুখন বেলেগ-বেলেগ ভংগীত ওপৰ-তল কৰে, কেতিয়াবা কাৰোবাক ঘূঁচিয়াই দিয়াৰ দৰে সন্মুখলৈ মাৰে, ময়ো কৰি যাওঁ| কিন্তু টোপনিৰ আৱেশ নাভাঙেহে নাভাঙে| কিন্তু প্ৰশান্ত যেন ভক্তৰ মন বুজা অৰ্ন্তযামী নাৰায়ণ। সি মোক স্বাস্থ্যোজ্বল দিন এটা দিবলৈ বদ্ধপৰিকৰ| এদিন সি মোক প্লেটফৰ্মৰ পৰা চিধাই কহিনুৰ ফিল্ডৰ কাষেৰে মথাউৰি পাৰ কৰি পাগলাদিয়া নৈৰ থিয় গৰা এটালৈ লৈ গ’ল| মনুষ্য কূলৰ বাবে তেতিয়াও ৰজনী প্ৰভাত হোৱা নাছিল যদিও চৰাই-চিৰিকতি, নৈপৰীয়া পোক-পতংগ আদিৰ দিনটোৰ ব্যস্ততা আৰম্ভ হৈ গৈছিল| এজাক চৰায়ে কিচিৰ-মিচিৰ কৰি ফুৰিছিল খাদ্যৰ সন্ধানত| আকাশখন ফাটি চিৰাচিৰ কৰি যেন এখন ৰঙা কাঁহৰ কাঁহী ওলাই আহিছিল| মেঘবোৰ চঞ্চলা গাভৰু হৈ যেন নদীৰ বুকুত জলকেলি কৰিবলৈ নামি আহিছিল| দুই-এটা মাছে টুপুককৈ ৰাতিপুৱাটোক যেন সম্ভাষণ জনাই গুচি গৈছিল| চাৰিওফালে সেউজীয়া গছ-লতা, পখীৰ কলকল আৰু বনৰীয়া ফুলৰ গোন্ধ| বিশ্ব জগতৰ মায়াময় এনে ৰূপ দেখি মই যেন উন্মাদ হৈ উঠিলো| প্ৰশান্তক ভুৰি ভুৰি ধন্যবাদ দিলোঁ| তাৰ মুখত বিশ্বজয়ৰ হাঁহি| নৈৰ পাৰৰ ঘাঁহনিত আমি প্ৰথমে সৰু ল’ৰাৰ দৰে দুইবাগৰমান মাৰি ললোঁ| তাৰপিচত যেন আমাৰ ভিতৰত একোজন ‘বাবা ৰামদেৱ’ জাগি উঠিল| নাম নাজানো আসনৰ| পদ্মাসন, চক্ৰাসন, পেটটো ওপৰমুৱাকৈ দি ডিঙিটো তললৈ অনা আসন, এখন ভৰিৰ ওপৰত কোনে কিমান সময় থিয় দি থাকিব পাৰে সেইটো আসন, বাগৰি বাগৰি কৰা আসন -মুঠতে দহবিধমান আসনেই কৰিলোঁ|
মোৰ প্ৰাতঃভ্ৰমণৰ ইচ্ছা নৈখনে বঢ়াই তুলিলে| প্ৰথম দুদিনমান যি কষ্ট হ’ল হ’ল, তাৰপিছত যেন সকলো সহজ হৈ পৰিল| পুৱতি নিশাৰ পৃথিৱীখন যেন কুমাৰী নাৰী হৈ পৰিল, আৰু আমি হেঁপাহ পলুৱাই অভিসাৰত লিপ্ত হ’বলৈ ধৰিলোঁ| নৈৰ গৰাত থিয় হৈ কেতিয়াবা চুটি চিনেমা নিৰ্মাণ কৰাৰ কথা মনলৈ আহে, খোজকাঢ়ি আহি থাকোতে কত গল্পৰ প্লট যে মনলৈ আহি মনৰ মাজতেই সমাধি ঘটে, তাৰ লেখ নাথাকে| মুঠতে প্ৰাতঃভ্ৰমণে হঠাত্‍ মোৰ গতানুগতিক দিনবোৰ যেন সলনি কৰি পেলালে| আমি দুয়ো বন্ধুৰ ৰাতিপুৱা উঠাৰ নিচাটো এনেদৰে বাঢ়ি গ’ল যে কেতিয়াবা আমি নিশা তিনিবজাতে সাৰ পাওঁ আৰু তেতিয়াই আমি দৌৰি দৌৰি নদীৰ পাৰ পাওঁ| কেতিয়াবা ভয়ো লাগিছিল, কাৰণ কেতিয়াবা হঠাত্‍ আমাক উচপ খুৱাই একোটা শিয়াল আমাৰ সন্মুখেৰে পাৰ হৈ গৈছিল|
যি নহওক, সেইদিনাও প্ৰশান্ত আৰু মই দৌৰি-ঢাপলি, নদীৰ পাৰত হাত-ভৰি আচাৰি প্লেটফৰ্মলৈ উভটি আহিছো| ৰাতি পুৱাবলৈ তেতিয়াও কিছু সময় আছিল| আমি দুয়ো আহি প্লেটফৰ্মৰ নিৰ্দিষ্ট এখন বেঞ্চত বহি পৰিলো| সেইখনত আমি প্ৰায়ে ভাগৰ জিৰাওঁ| সেইদিনা প্ৰশান্ত নবহিল, ক’ৰবাত যাব, গতিকে মাত লগাই গুচি গ’ল| মই ঠেং-হাত মেলি ‘শৱাসন’ৰ ভংগীত বেঞ্চখনত গাটো পেলাই দিলো| আঃ.. ৰাতিপুৱাৰ কি শীতল সুমিষ্ট বতাহ| মোৰ কপালত যেন শীতল বতাহ একোছাটি আহি প্ৰেয়সীৰ দৰে হাত বুলাই দিছে| হঠাত্‍ মই দাৰ্শনিক হৈ পৰিলো| ভাব হ’ল এই পৃথিৱীখনত আৰু কোনো নাই| অনন্ত অসীম এই পৃথিৱীখনত ময়েই একমাত্ৰ জীৱিত প্ৰাণী| মূৰৰ ওপৰৰ এই বিশাল আকাশ, গছ লতিকা, এই বতাহ, এই কোমল মেঘ এই সকলোবোৰ যেন একমাত্ৰ মোৰ কাৰনেই স্ৰজন কৰা হৈছে| ময়েই ইয়াৰ অধীশ্বৰ, প্ৰাণ ভৰি উপভোগ কৰা হে মোৰ প্ৰাণ পখী! চকু দুটা মুদি দিলো| আঃ কি সুন্দৰ এই পৃথিৱী…. কি শীতল এই বতাহ..! লাহে-লাহে মই যেন অদৃশ্য এখন জগতলৈ গুচি গলোঁ| বতাহত ওপঙি থাকিলো| আঃ কি আৰাম! সময় যেন স্তব্ধ হৈ গ’ল| মহাকালৰ বুকুত মই ওপঙি থাকিলো, মেঘৰ মাজেৰে মই যেন অনন্ত কাল ধৰি গৈয়েই থাকিলো, গৈয়েই থাকিলো .. |

হঠাত্‍ মোৰ কাণৰ কাষত কাৰোবাৰ গুণগুণ শব্দ শুনিলোঁ| গুণগুণ শব্দবোৰ ক্ৰমাত্‍ ডাঙৰ হৈ আহিল| তাৰপিচত কিছুমান বিশৃংখল শব্দৰ উৎস বুজিবলৈ চেষ্টা কৰিছো, কিন্তু মই ধৰিব পৰা নাই মেঘৰ মাজৰ এইখন পৃথিৱীত কাৰ কি কাম থাকিব পাৰে! হঠাত্‍ মোৰ ভাৱ হ’ল গুণগুণ শব্দবোৰ যেন কাৰোবাৰ ভৰিৰ খোজৰ শব্দলৈ ৰূপান্তৰিত হৈ পৰিছে| খোজবোৰ যেন মোৰ চাৰিওফালে এইবাৰ ঘূৰিবলৈ আৰম্ভ কৰিছে| চকু মেলিবৰ মনেই নাই| কি যে সুখৰ পৃথিৱী এখনত মই ভ্ৰমি ফুৰিছো! তথাপিও তন্দ্ৰা গুচাই চকু মেলি দিলো| কিন্তু ই কি! সূৰ্যটো ইমান ডাঙৰ হৈ গ’ল| মোৰ চকুৰ আগত দুটা মাখি কুঁ-কুঁৱাই উৰি আছে| আৰু গুণগুণবোৰ! জাপ মাৰি মই উঠি বহিলো এইবাৰ| মাখি দুটা উৰি গুচি গ’ল| হে হৰি, ইমান মানুহ মোৰ চাৰিওফালে! ঘড়ী চালোঁ| চাৰে সাতটা| মই দৌৰি আহোতে দেখোন পাঁচটা বজাই নাছিল| সেয়া গুৱাহাটী মুখী ‘মানস ৰাইনো পেচেঞ্জাৰ’ অহাৰ সময় হৈছে| ষ্টেচনত ঘন্টী বাজিছে| কিবা কাৰণত ট্ৰেইনখনৰ প্লেটফৰ্ম আজি সলনি হৈছে, ফলত এইটো প্লেটফৰ্মত মানুহ ভৰি পৰিছে| মোৰ এনে লাগিছে যেন বহুযুগ ধৰি গোটেই ষ্টেচনটোৱে মোলৈ অবাক নেত্ৰে চাই আছে| সেয়া কেইজনীমান ছোৱালীয়ে ফিচিককৈ মোলৈ চাই হাঁহিছে| বদমাছ লৰা কেইটামানে ইচ্ছা কৰিয়েই মই শুনাকৈ ঢেকঢেকাই হাঁহিছে| দুটামানে সুঁহুৰিও বজাইছে| আদহীয়া লোকৰ জুমটোৱেও যে মোৰ কথাকে পাতিছে, সেয়া খাটাং| “ৰাতি টোপনি নহা বেমাৰ আছে নেকি”- ঝালমুৰিৰ বেপাৰীটোৱেও ক্ষন্তেক ৰৈ মোকেই কৈ গৈছে| “হে বসুমতী, তুমি ফাঁট দিয়া, মই মূৰ দাঙি চাব নোৱৰা হৈছো আৰু! বসুমতী দয়া কৰা” |
মই বসুমতীলৈ আৰু নৰ’লোঁ| লাহেকৈ উঠিলোঁ| আৰু সুৰসুৰকৈ মানুহজাকৰ মাজেৰে মই এইবাৰ ঘৰলৈ খোজ ল’লোঁ| ডিঙি বেঁকা কৰি গোটেইজাক মানুহে মোক যেন “গাৰ্ড অৱ অনাৰ” যাঁচিছে। এনে লাগিল যেন মোৰ পিচত গোটেই মানুহজাকে সমস্বৰে যেন গিৰ্জনি মাৰি হাঁহি উঠিছে| আৰু ৰাতিপুৱাৰ নিৰ্জনতা ভেদি সেই হাঁহিত কপি উঠিছে সমগ্ৰ ষ্টেচনৰ প্লেটফৰ্ম, থৰ-থৰ-থৰ-থৰ ঝক-ঝক-ঝক-ঝক..

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *