(খণ্ড-১)

মাজুলীৰ কোনোবা এখন অখ্যাত গাঁৱত কাতিমহীয়া কোনো এটা নিশাত এগৰাকী ধাই কেঁচুৱা এটা প্ৰসৱ কৰাই কঁপি উঠিছিল৷ কেঁচুৱাটো জন্মৰ পিছৰে পৰা মাতবোল নাই৷ তেওঁৰ জ্ঞান-বুদ্ধিমতে সকলোখিনি কৰাৰ পিছতো কেঁচুৱাটোৱে কন্দা নাই৷ এনেতে, আকাশত এক বিজুলীৰ চমক৷ লগতে, কাণতাল মাৰি যোৱা গাঁজনি৷ সকলো আচৰিত৷ বিনামেঘে বজ্ৰপাত৷ ভয়ত কম্পমান হোৱাৰ পিছতে কেঁচুৱাটোৰ কান্দোনে এক জয়াল পৰিৱেশ সৃষ্টি কৰিলে৷

তাৰ কেইদিনমানৰ পিছত ভদীয়া বেজৰ ওচৰত চোৱাই ল’ৰাৰ নাম থোৱা হ’ল বীৰেণ৷ একলা-দুকলাকৈ বীৰেণ লাহে লাহে ডাঙৰ হৈ আহিল৷ মৰমলগা ল’ৰা বীৰেণ৷ এটা সময়ত তাৰ কল্‌কলনিবোৰ শব্দ হ’ল৷ কোনেও নিশিকোৱাকৈ সি মাকক মাতাশ্ৰী, দেউতাকক পিতাশ্ৰী আাদি ‘শ্ৰী’ লগাই সম্বোধন কৰা হ’ল৷ গাঁৱৰ ফণীধৰ মাষ্টৰে বোলে – “ইটো কম নহয়৷ ই মহা পণ্ডিত হ’ব৷”

পাঁচ বছৰ বয়সতে বীৰেণক মাষ্টৰৰ পঢ়াশালিতে নাম লগাই দি দেউতাক বলীধৰে বোলে, “মাষ্টৰ ইয়াক তোমাতে গতালোঁ আও৷ গিয়ানী পণ্ডিত, যি হয় হ’ব৷”

এদিনৰ কথা৷ মাষ্টৰে মন কৰিলে বীৰেণে তাৰ লগৰ বিজয় বোলাটোক পানীখোৱা ছুটিত মহাভাৰতৰ ধৃতৰাষ্ট্ৰ, – পাণ্ডুৰ জন্ম-বৃত্তান্ত কৈ আছে৷ কি চমৎকাৰ বৰ্ণনা! কমন-ৰুমলৈ মাতি আনি সোধাত ক’লে – সি হেনো আগতেই জানে৷ মাষ্টৰে সন্ধিয়ালৈ গৈ বলীধৰক কোৱাত বলীধৰে বোলে – “আমাৰ দৰে উপজিয়েই কেঁকোৰা নাঙলত ধৰা মানুহে ক’ৰ সেইবোৰ জানো৷ সি আগতেও সেইবোৰ কৈ থাকে দেখোন৷”

ইয়াৰ পিছৰখিনি কি ক’ম? গাঁৱত ফাটিফুটি গ’ল বোলে বলীধৰৰ পুতেক জাতিষ্মৰ৷ সকলোৱে তাক বেৰি কৰি সোধে, সিও সেইসময়ৰ কথাবোৰ কৈ যায়৷ কিন্তু তাৰ এইটো গুণ বেছিদিন স্থায়ী নহ’ল৷ হাইস্কুলৰ দেওনা পোৱালৈ প্ৰায় শেষেই হ’ল৷ মানুহবোৰে সোধা প্ৰশ্নবোৰৰ উত্তৰবোৰ দিব নোৱাৰা হ’ল৷ সেইখিনি সময়তে বন্ধু বিজয়ৰ পৰামৰ্শমতে ৰাতি মনে মনে নামঘৰৰ পৰা মহাভাৰতখন নি পঢ়িবলৈ ল’লে৷

ইমান একাগ্ৰতাৰে মহাভাৰতখন পঢ়াত সেই মুন্নাভাইৰ দৰে বীৰেণৰ বিৰেইনত ‘কেমিকেল লোচা’ হ’বলৈ ল’লে আৰু তাৰ পৰিণতিতেই এটা অদ্ভুত-বিচিত্ৰ চৰিত্ৰলৈ ৰূপান্তৰিত হ’ল আমাৰ বীৰেণ৷ সেইজনা মহাপুৰুষৰ বিভিন্ন লীলা বৰ্ণাবলৈকে এইখিনিৰ অৱতাৰণা৷

(খণ্ড-২)
তেৰাৰ নামকৰণঃ

বীৰেণৰ জন্মৰ পাঁচদিনৰ দিনা বলীধৰ ওলাল ভদীয়া বেজৰ ঘৰলৈ৷ হাতত আইতাক পেলুকীয়ে বান্ধি দিয়া তামোল-পাণ আৰু ৰূপ এসিকিৰ টোপোলাটো লৈ৷ ভদীয়া বেজৰ ঘৰত আজি যাত্ৰী বহুত৷ কাৰোবাৰ গৰু হেৰুৱা, কাৰোবাৰ ল’ৰা-ছোৱালীৰ অসুখ, কাৰোবাৰ আকৌ টোপোলা পেলোৱা,তাৰিখ চোৱা৷ অনেক মানুহ৷ বলীধৰৰ পাল পৰে মানে বেলি আহি মূৰৰ ওপৰ পালেহি৷

ভদীয়া বেজ এই অঞ্চলৰ নাম কৰা জ্যোতিষী৷ লগতে তেখেতৰ বেজালিও বৰ গুণপকীয়া৷ মানুহটোৰ ওচৰত এৰা-গেৰা মানুহ তিষ্ঠিব নোৱাৰে৷ সেয়েহে, কালি-সাধক ভদীয়া বেজৰ লগত কোনেও হাই-কাজিয়া নকৰে৷ বলীধৰক দেখা পাই বেজে বোলে-
“কি অ’ বলীধৰ,ল’ৰা পালি বোলে? এইটো কেই নম্বৰৰ পিছে?”
বলীধৰে লাজ লাজকৈ উত্তৰ দিলে,
“কাইদেউ, এইটো পৰথম৷ আগৰ তিনিজনী ছোৱালীহে৷ সেয়েহে, বোলোঁ তাৰ নামটোকে চোৱাই যাওঁ৷”

বলীধৰে কথাকিটা কৈয়েই টোপোলাটো বেজৰ সন্মুখত থকা শৰাইখনলৈ আগবঢ়াই দিলে৷ বেজে ল’ৰাৰ জন্মৰ দিন-বাৰ সুধি,ফলি উলিয়াই হিচাপ কৰিবলৈ লৈ দুবাৰমান লিখি দুবাৰমান মচিলে৷ তাৰ পিছত, সন্মুখৰ মাৰ প্ৰতিমালৈ সেৱা কৰি ক’লে,বোলে-“বৰ গুণী ল’ৰা পাইছ৷ আন একো দোষ নাই যদিও মাহ আৰু সময়ৰ বাবে মাহেকীয়াৰ দিনা ভকতক চাউল সিজোৱা অকণ খুৱাবি৷” বলীধৰে বোলে-“কাইদেউ,ল’ৰাকণৰ নাম কি ৰাখিম৷” এইবাৰ ভদীয়া বেজে আঙুলি মূৰত গণি কলে,
“দিনবাৰ সময় মতে বৃষ ৰাশি, ভাৰ্গব গোত্ৰে, মীনলগ্নত ল’ৰাৰ জন্ম৷ গতিকে ল’ৰাৰ নাম বীৰেণ দিলোঁ দে৷”

ল’ৰাৰ নাম পাই বলীধৰে বেজক নমস্কাৰ আৰু মাৰ থাপনালৈ চাই সেৱাভাগ ধৰি বিদায় ল’লে৷ আৰু এইগুণেই আমাৰ এই অৱতাৰী পুৰুষৰ নাম বীৰেণ হ’ল৷

(আগলৈ)

☆★☆★☆

Comments

  1. কেছটো সচাকৈয়ে বীৰেন৷তামাম মানস দা৷

  2. ভাস্কৰজ্যোতি বৰুৱাৰ ফেচবুকত কুৰুক্ষেত্ৰ নামৰ ধাৰাবাহিকত পোৱা চৰিত্ৰ বীৰেণক ইমানেেই ভাল লাগিল যে তাৰ আলমত এক নতুন লিখনি লিখিবলৈ অনুপ্ৰাণিত হলোঁ৷
    এই আয়াসতে বৰুৱাদেৱলৈ কৃতজ্ঞতা যাচিলোঁ৷

    1. লিখি যাওক শইকীয়া ডাঙৰীয়া। এনেকৈ যদি ফটা ঢোলৰ এটা চৰিত্ৰ জনপ্ৰিয় হৈ স্থায়ীত্ব পাই যায়, আমাৰ বাবে খুবেই ভাল হ’ব। আপোনাৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ‌।

Leave a Reply

Your email address will not be published. Required fields are marked *