আগৰেপৰা বোলে জেঠুৱে জেঠাইক কৈ আছিল “এইবাৰ আমাৰ এনিভাৰ্চেৰীত তোমাক ডাঙৰ, আঙুলিৰে চলাব পৰা মোবাইল এটা দিম। লগতে ফেচবুক আৰু ‘হোৱাটচ্এপ’ এটাও দিম।” দুমাহমান আগতে দিল্লীৰ পৰা অহা মাইনুৰ খবৰ এটা লওঁ বুলি সোমাওঁতে জেঠাইয়ে মোক কথাটো কৈছিল। কথাটো শুনি মোৰ মুখৰ পৰা চাহৰ লগত চোবাই থকা পিঠা ওলাই দৌৰ মাৰিব খুজিছিল৷ কোনোমতেহে কৃত্ৰিম কাঁহ দুটামান মাৰি নিজকে সংযত কৰি থ’লোঁ।
সেই কথাৰ এসপ্তাহমানৰ পিছত দেওবাৰ এটাত দুপৰীয়া ভাতকেইটা খাই থকাৰ সময়তে জেঠাইৰ ফোন আহিল- “মইনা, গধূলি বেলেগ কাম নাই যদি আমাৰফালে এপাক মাৰিবিচোন।” সেইদিনা নগ’লোঁ যদিও জেঠাইৰ ওপৰা-উপৰি ফোনত উপায় নাপাই দুদিনৰ পাছত সেইফালে যাওঁতে জেঠাইৰ ঘৰত সোমালোঁ। দুই-এটা কথা পতাৰ পাছত জেঠুৱে গৌৰৱৰ হাঁহি এটা চেপা মাৰি ধৰি থাকি জেঠাইক ক’লে, “যোৱা আকৌ৷ আনি দেখুওৱা বস্তুটো।” কথাটো শুনি চেপা হাঁহিটো জেঠাইৰ মুখলৈ স্থানান্তৰিতহে হ’ল যেন! মুখখন টিপি টিপি হাঁহি মাৰি জেঠাই উঠি গ’ল আৰু অলপ পাছত কাগজৰ চাৰিকোণীয়া বাকচ এটাৰ পৰা আলফুলে কিবা এটা উলিয়াই মোৰ আগত পানীকেচুঁৱা দঙাদি দাঙি ধৰিলে। “চাচোন ! এইটো বাবাই দি পঠাইছে। ইণ্টাৰনেটৰ মানুহে ঘৰতে দি গৈছে।”
বাবা জেঠাইৰ ল’ৰা। বাংগালোৰত চাকৰি কৰে। ছোৱালীজনীও বিয়া হৈ দিল্লীত তাইৰ স্বামীৰে সৈতে থাকে। জেঠুৰ সৰু চাকৰিটোৰে তেওঁলোকৰ দুইটা সন্তানক কোনো অভাৱ-অনাটন অনুভৱ কৰিবলৈ নিদিয়াকৈ পঢ়াই-শুনাই উপযুক্ত কৰি তুলিছে। অভাৱ-অনাটন নাছিল যদিও কোনোধৰণৰ বিলাসিতাও নাছিল সিহঁতৰ জীৱনত। সিদিনালৈকে কণমানি ক’লা-বগা মোবাইল ফোন ব্যৱহাৰ কৰি থকা জেঠাইয়ে এতিয়া পুতেকে ‘অনলাইন পাৰ্চেজ’ কৰি পঠাই দিয়া স্মাৰ্টফোন চুবলৈ পাইছে, মুখত গৌৰৱৰ হাঁহিয়ে খুন্দিয়া-খুন্দি নকৰাটোহে তেনেই অস্বাভাৱিক কথা। মই চালোঁ ফোনটো৷ ভাল কোম্পানীৰ নতুন মডেলৰ স্মাৰ্টফোন এটা। চাই পেলাই ‘বৰ ধুনীয়া ফোন’ বুলি শলাগি ঘূৰাই দিলোঁ ।
জেঠাইয়ে বোলে “ধুনীয়া বুলি মই জানো ৰ’হ, আমাৰ বাবাই বেয়া বস্তু নিকিনে।” নিজৰ ল’ৰা-ছোৱালীহাল পঢ়াত চোকা বুলি মাজে-মাজে জেঠুহঁতে আমি,পৰিয়ালৰ মধ্য-বুদ্ধিৰ কেইজনক ‘ডাউন’ দি কথা কোৱা স্বভাৱটো পুনৰ প্ৰকট হৈ উঠিল। জেঠু আগতে আমাৰ ঘৰলৈ অহাৰ পাছত আমি তিনিওটা বাই-ভায়ে দেউতাৰ গালি শুনাটো খাটাং আছিল। আগতে খং উঠিছিল যদিও আজিকালি খং নুঠে মোৰ। কিয়নো বুদ্ধি নহ’লেও মোৰ দেউতাই আমাক দিয়া উচ্চবিত্তৰ জীৱনে এইবোৰ কথা আমাক গ্ৰাহ্য কৰিবলৈ শিকালে। দেউতাৰ জহত আমি বহুতো ডিগ্ৰীৰে শিক্ষিত নহ’লেও টকা-পইচাৰে বৰ্তমান প্ৰতিস্থিত। আমাৰ আয়ে বহুদিনৰ পৰাই এইটোতকৈ দামী ফোনত হোৱাটচ্এপ ব্যৱহাৰ কৰি আছে । তিনিবছৰৰ আগতে ভাইটিয়ে খুলি দিয়া ফেচবুক প্ৰফাইল এটাও আছে। সেয়ে জেঠাইক একো কোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ। ফোনটো মোৰ হাতলৈ তুলি দি জেঠায়ে ক’লে-“মোৰ চিমকাৰ্ডখন ইয়াত ভৰাই কেনেকৈ কি কৰিব লাগে শিকাই দে। বাবাই কৈ পঠাইছে, মাইনাক(অৰ্থাৎ মোক) মাতি আনি শিকি ল’বি।” পেটে পেটে এইবাৰহে খং উঠিল মোৰ। যেন ‘মাইনা’ৰ অইন একো কামেই নাই! সি ক’লেই মই চব কাম-বন বাদ দি দৌৰি আহিব লাগিব। কিন্তু মুখেৰে কোনোধৰণৰ অভিব্যক্তি প্ৰকাশ নকৰি মই ফোন দুটা ল’লোঁ। মনৰ বিৰক্তি মুখলৈ আহিলেই ‘আমি বাবাক হিংসা কৰোঁ’ বুলি অপবাদ এটা পুনৰাই পাই যাব পাৰোঁ। পুৰণা ফোনটোৰ পৰা চিমখন উলিয়াই লগাবলৈ চাই দেখোঁ নতুন ফোনটোৰ চিমৰ ‘শ্লট’টোৰ তুলনাত সেইখন বহু ডাঙৰ। ৰাস্তাত মোৰ গাড়ীৰ ভিতৰত বহি মই ওলাই যোৱালৈ বাট চাই থকা মোৰ ড্ৰাইভাৰটোক ফোন কৰি মাতি আনি ওচৰৰ কোনোবা মোবাইল ৰিচাৰ্জ কৰা দোকান এখনলৈ পঠাই দিলোঁ। প্ৰায় বিশ মিনিটৰ পাছত সি চিমখন কাটি আনি দিলেহি। সেইখন নতুন ফোনটোত সুমুৱাই দি ‘অন’ কৰিবলৈ চুইচটো টিপি জেঠাইৰ মুখখনলৈ চালোঁ। তেওঁ এনেকৈ চাই আছে মোবাইলটোলৈ যেন অলপ পাছতেই তাত আলাদিনৰ চাকিটোহে জ্বলি উঠিব! জীৱনত প্ৰথমবাৰলৈ বিলাসী বস্তু এটি নিজাকৈ লাভ কৰাৰ অনুভৱকণে পোহৰাই তুলিছে জেঠাইৰ মুখ। মৰম লাগি গ’ল জেঠাইলৈ..!
চিমখন লগাই এবাৰ মাইনু আৰু এবাৰ বাবাৰ লগত পাঁচ মিনিটমানকৈ দুয়োজনে কথা পাতি থকাৰ সময়তে হাতেৰে বিদায় দিয়াৰ ইংগিত দি মই উঠিব খুজিলোঁ। জেঠাইৰ ঘৰত মই অহাৰ ডেৰ ঘণ্টাৰো অধিক সময় ইতিমধ্যে পাৰ হৈ গৈছিল। ঘৰত ল’ৰা-ছোৱালীহাল স্কুলৰ পৰা অহাৰ সময় হৈছে। কথা পাতি পাতিয়েই জেঠাইয়ে ইঙ্গিতেৰে মোক বহি থাকিবলৈ ক’লে। অগত্যা বহি থাকিলোঁ। কথা পতাৰ হোৱাৰ পাছত মোক ক’লে বোলে-“তোৰ ফোনটোৰে মোক ফোন কৰি চাচোন, মই ৰিচিভ কৰিব পাৰোঁনে নাই!” মোলৈ পুনৰ ফোনটো তেওঁ আগবঢ়াই দিলে।
“কেমেৰা আছেনে এইটোত?”-এইবাৰ নতুন কৌতূহল মুখত।
“আছেতো!”
দেখুৱাই দিলোঁ কেমেৰাটোৰে কেনেকৈ ফটো উঠিব পাৰি। তাৰ পাছত বেলেগ বেলেগ প’জত দুয়ো কেইবাখনো ফটো উঠিলে। মোকো উঠালে। প্ৰতিখন ফটো উঠাৰ পাছত কেনে হৈছে চালে। কোনোবাখনত ইজনে সিজনৰ মুখ দুখন চাই হাঁহিলে। কোনোবাখন চাই সগৌৰৱেৰে হাঁহিলে, কোনোবাখন চাই লাজ কৰি হাঁহিলে। তেওঁলোকৰ হাঁহিবোৰ দেখি ‘ফ্ৰণ্ট কেমেৰা’টো অন্ কৰি চেল্‌ফি কেনেকৈ লয় দেখুৱাই দিলোঁ। গেলাৰীটো খুলি তুলি যোৱা ফটোবোৰ কেনেকৈ চাব লাগে সেয়াও শিকি ল’লে। ডিলিট কৰিবলৈ শিকি দুখনমান ইচ্ছাকৃতভাবে বেয়াকৈ উঠি ডিলিটো কৰি চালে। সৰু ল’ৰা-ছোৱালীয়ে নতুন খেলনা পালে সকলো পাহৰি সেইটোক লৈ ব্যস্ত থকাৰ দৰে তেওঁলোকেও মাজে মাজে মোৰ উপস্থিতিক অগ্ৰাহ্য কৰি ফোনটো লৈ ব্যস্ত থাকিল।মোৰ ঘৰলৈ চেৰেং চেৰেঙকৈ মনত পৰিবলৈ ধৰিছে। স্কুলৰ পৰা ওভতাৰ সময়ত মই ঘৰত নাথাকিলে ল’ৰা-ছোৱালীহালে বেয়া পায়।
জেঠায়ে বিচৰামতে শিকাই দি লাহেকৈ উঠিবলৈ লৈছোঁ৷ আকৌ দাবী, “ৰ’হ! হোৱাটচ্এপ আৰু ফেচবুক নে কি সেইকেইটা শিকাই দি থৈ যা।” উপায় নাপাই ঘৰত ফোন কৰি স্কুলৰ পৰা আহি পোৱা ল’ৰা-ছোৱালীদুটিক ফোন কৰি ক’লোঁ বোলো-“বৰ দৰকাৰী কামত ফঁচি গ’লোঁ। তোমালোকে খাই বৈ জিৰণি ল’বা।” মই জানো,সিহঁতে ভাতো ভালকৈ নাখায় আৰু জিৰণি ল’বলৈ এৰি চিধাই টিভিৰ সন্মুখত বহিব। আজিলৈ সিহঁতৰ ভোক, ভাগৰ জেঠাইৰ মোবাইল ফোনৰ নামত উছৰ্গা কৰিলোঁ।
ফেচবুক আৰু হোৱাটচ্এপ ডাউনলোড কৰি একাউণ্ট খুলি দিলোঁ। মোৰ সন্মুখতে পুতেক-জীয়েকলৈ জেঠাইয়ে ফটো পঠিয়ালে। পোহনীয়া কুকুৰটোৰ ভিডিঅ’ এটা কৰিও জীয়েকলৈ পঠালে। এনেই ‘পাকটো মাৰিবলৈ’ সোমোৱা মইজনী প্ৰায় তিনিঘণ্টাৰ মূৰত তাৰ পৰা ওলালোঁ।
দিনবোৰ গৈ থাকিল। জেঠাইক য’তেই লগ পাওঁ, তাতেই ফোনটো আগুৱাই দিয়ে-“চাচোন, মোৰ ফেচবুকত একো নহা হৈছে।”একো নহা হৈছে মানে একো ন’টিফিকেচন নহা হৈছে। মই এপটো প্লে’ ষ্ট’ৰলৈ গৈ আপডেট কৰি দিয়াৰ ওপৰিও নিজে কেনেকৈ কৰিব লাগে শিকাই দিলোঁ।
**
আবেলি অকণমান বিচনাত দীঘল দি উঠি ছাইলেণ্ট কৰি থোৱা মোবাইলটো হাতত লৈছোঁ, দেখিলোঁ জেঠাইৰ চাৰিটা মিছকল। ‘কল বেক’ কৰিলোঁ, ৰিচিভ কৰিয়েই-‘তই কিয় ফোন নুঠাৱ, ইমান ফোন মাৰি আছো।’ বুলি ভোৰভোৰাই উঠিল।
“কি হৈছে কওক এতিয়া” বুলি সুধিবহে পালোঁ, যিখিনি কথা ক’লে শুনি অতি বিৰক্ত হ’লোঁ। কথাখিনিৰ সাৰমৰ্ম হ’ল, জেঠাইয়ে কেইবাটাও ফেচবুক গ্ৰুপত বিগত সময়ছোৱাত জইন কৰিছে। তাৰে দুটামান গ্রুপত এডমিনে ফটোসহ ‘গুড মৰ্নিং’, ‘গুড আফটাৰনুন’ দিয়ে আৰু তাত গ্রুপৰ কিছুমান সদস্যই ফটোৰে কমেণ্ট দিয়ে। জেঠাইয়ে লিখিহে উত্তৰ দিয়ে, অৰ্থাৎ দিব জানে। জেঠাইক এতিয়া ফটো,কমেণ্ট কেনেকৈ দিয়ে শিকাই দিব লাগে নহ’লে সেইফালে গ’লে এপাক সোমাই যাব লাগে। ফোনতে বহুতবাৰ বুজালোঁ-নাই নুবুজে। সেয়ে সেইফালে অইন কিবা এটা কামত যাওঁতে তেওঁলোকৰ ঘৰত ‘এপাক সোমালোঁ’। ফটো-কমেণ্ট দিয়াৰ ক্লাছ ল’লোঁ, প্ৰেক্টিকেলো কৰালোঁ। তাৰ পাছত ঘৰলৈ আহিলোঁ। পিছদিনা পুৱা চাহকাপ লৈ বহিছোঁ;জেঠাইৰ ফোন, ‘শুনচোন, মেছেঞ্জাৰৰ পৰা ফটো কেনেকৈ কমেণ্টত পঠাম নক’লি নহয় কালি!’
“উসঃ!”
“এপাক সোমাবিচোন এইফালে অইন কিবা কামত আহিলে।” কথাকেইটা আজি সিমান জোৰ দি ক’ব পৰা নাই, কিয়নো কালি ক্লাছ লৈ আহিছিলোঁহে!

লাহে লাহে জেঠাই ফেচবুক, হোৱাটচ্এপত ‘আধা পকা’ হ’ল। যেনে-নিজে ফটো আপলোড কৰিব পৰা, অইনৰ ফটোত কমেণ্ট দিয়া, অইনৰ পোষ্ট শ্বেয়াৰ কৰা ইত্যাদি নিজে কৰিব পৰা হ’ল।
আজিকালি জেঠাইৰ ঘৰলৈ গ’লে জেঠুৱে আমাৰ ওচৰত বহি আগৰ দৰে কথা নাপাতে। মুখখন গোমোঠা কৰি বাহিৰত বহি থাকে নতুবা টিভিৰ সন্মুখত বহি খুউব ব্যস্ত দেখুৱাই চেনেল সলাই থাকে বা ওচৰ-পাজৰৰ অস্তিত্ব একেবাৰে নস্যাৎ কৰি পেপাৰ পঢ়ি থাকে। জেঠাইয়ে মোক চাহ কাপ যাঁচি মোবাইলটো লৈ নতুন নতুন কথা শিকে। জেঠাইয়ে ক’লে, “আজিকালি জেঠুয়ে মোৰ হাতত মোবাইলটো দেখিলেই মুখখন ফুলাই এপাচি কৰে। ৰিটায়াৰ হৈ মানুহটোৰ মগজটো অলপ গণ্ডগোল হৈছে বুইছ? খালী কাজিয়া.. খালী কাজিয়া মোৰ লগত। সিদিনা বাবাক ফোনত চব জনাই দিছোঁ। তেতিয়াৰ পৰাই বুঢ়াই মোক মতাই নাই।”
প্ৰথমে ওচৰৰ বৰুৱাৰ উজনিত থকা জীয়েকৰ ফটো দুয়ো একেলগে চাইছিল। বৰুৱাৰ জীয়েক মাইনুৰ সহপাঠী আছিল। বৰুৱাৰ জীয়েকে কলেজত পঢ়ি থাকোঁতেই উজনিৰ ল’ৰা এটালৈ পলাই গৈছিল। তাকে লৈ বৰুৱাই জেঠাইহঁতৰ আগত দুখ কৰিছিল যদিও জেঠাইৰ জীয়েকে ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড হৈ বিএছচি পাছ কৰাৰ দিনা বৰুৱাক ঘৰলৈ মাটি আনি চাহ-মিঠাই খুৱাই জীয়েকৰ কথা মনত পেলাই দিবলৈ পাহৰা নাছিল জেঠুৱে। পলাই গ’লেও জীয়েকে চাকৰিয়াল জোঁৱায়েকৰ সৈতে ছমাহৰ পাছতে নিজা চাৰিচকীয়াৰে মাকৰ ঘৰলৈ আহোঁতে জেঠাইৰ ঘৰলৈও এপাক আহিছিল। তাইৰ কাপোৰ-অলংকাৰ জেঠাইৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল ৷ সেই কথা গম পালোঁ তেতিয়া,যেতিয়া জেঠায়ে ক’লে-‘সোণৰ নে নকলেই আজিকালি ধৰিবই নোৱাৰি’ । আচলতে পলাই গৈ তাই যি পৰিস্থিতিত থাকিব বুলি মনে মনে আশা কৰি আছিল,তাইক দেখি জেঠাইৰ আশাত চেঁচা পানী পৰিছিল। জীয়েকৰ শহুৰেকৰ ঘৰত চাহ বাগিছা থকাৰ কথা কওঁতে জেঠাইয়ে কোৱা মোৰ মনত আছে, বোলে উজনিৰ মানুহে টাবত চাহ গছ এজোপা লগালেও চাহ বাগান থকা বুলি কয়। সেয়ে ফেচবুকত সিহঁতৰ ফটোৰ বেকগ্ৰাউণ্ডবোৰ জুম কৰি কৰি চাই জেঠাইয়ে ফূৰ্তি কৰে অথবা বুকুত হিংসাৰ জুই একুৰা জ্বলাই লয়। কেতিয়াবা জেঠুকো দেখুৱায় ৷ তেওঁ কেতিয়াবা মনপুতি চায়৷ কেতিয়াবা ভেঁকাহি মাৰি উঠে বোলে-‘তাই আৰু মাইনু কি বেলেগনো? তুমি যে তাইৰ ভালটো দেখিব নোৱৰা?’ সেয়ে হেনো আজিকালি জেঠাইয়ে হাতত মোবাইলটো ল’লে জেঠুৰ মগজে কাম নকৰা হয়। ওচৰত থাকিলে চাহ একাপ দিয়া, পানী এগিলাচ দিয়া ইত্যাদিৰ পৰা সৰু-সুৰা কাজিয়া হ’বলৈ ধৰিলে। সেয়ে হাতত মোবাইল থকা অৱস্থাত আজিকালি দুয়ো দূৰে-দূৰে অৱস্থান কৰে। জেঠাইৰ আপত্তি-“গোটেই জীৱন বাপেক-জীয়েক-পুতেকৰ লেদেনা ওকটোতেই গ’ল, এতিয়া নিজৰ কাৰণে পাঁচ মিনিট বহিলেও চকুৰ কুটা হেন জ্ঞান কৰে। এনে জীৱন জীয়াই থকাতকৈ নথকাই ভাল।” কাজিয়াবোৰৰ কথা এখন কাণে দি শুনি সিখনেদি উলিয়াই এটা সময়ত মই গুচি আহোঁ। কাৰণ জেঠুৱে কেতিয়াবা বজাৰলৈ ওলাই গ’লে মোক ফোন কৰে, বোলে-“আজিকালি জেঠাইয়ে ৰন্ধা-বঢ়াটো সিমান মন কাণ নিদিয়ে ৷ কেৱল মোবাইলটো লৈ ব্যস্ত। তাকে ক’লেই কথাই কোনোবাখিনি পায়গৈ! শইকীয়াৰ ঘৈণীয়েকে বোলে তেওঁৰ ফটো লাইক নকৰে, সেইকাৰণে অতবছৰে লগালগিকৈ থকা মানুহজনীক তেওঁ নামাতে আজিকালি। দেখিলে মুখ ঘূৰাই দিয়ে। এইবোৰ কথা হ’ল নেকি ক’চোন?”
মোবাইলৰ কাৰণেই আজিকালি জেঠাই আৰু জেঠুৰ শোৱনি কথা বেলেগ বেলেগ হ’ল। জেঠুৱে পোহৰ হৈ থকা ৰূমত শুব নোৱাৰে৷ ইফালে জেঠাইৰ মোবাইলে মাজৰাতিলৈ গোটেইখন পোহৰ কৰি ৰাখে। কিবা এটা ক’লেই বিয়াৰ পিছৰ পৰা কি কি কথাত জেঠুৱে জেঠাইক কথা দি কথা ৰাখিব পৰা নাছিল,কেইবাৰ জ্বৰ হওঁতে অফিচৰ পৰা দেৰিকৈ আহিছিল,শাহুৱেকে গালি দিওঁতে কেইবাৰ মুখেৰে মতা নাছিল ইত্যাদিৰে তেওঁ জেঠাইৰ জীৱনটো কেনেকৈ ধ্বংস কৰিলে তাৰ বকলা মেলা আৰম্ভ কৰি দিয়ে।
লাহে লাহে আমাৰ পোষ্টত প্ৰথম লাইক আৰু কমেণ্টটো জেঠাইৰ পৰাই পোৱা হ’লোঁ। জেঠাইয়ে আপলোড কৰা বুটৰ ডাইল, ৰঙালাওৰ ফুলৰ পকোৰা,বাৰাণ্ডাৰ টাবত নতুনকৈ ফুলা গোলাপপাহত লাইক-কমেণ্ট কৰিবলৈ জেঠাইৰ পৰা ফোন পোৱা হ’লোঁ। জেঠুৰ আপত্তি চলিয়েই থাকিল। জেঠাইয়ে সেইয়া অৱসৰৰ পাছৰ অৱসাদ বুলি ভাবি থাকিল। মোক লগ পালেই জেঠুৰ পৰা ওজৰ-আপত্তি আহিয়েই থাকিল।
মোৰ ফেচবুক একাউণ্টটোত বন্ধুৰ তালিকাখন বৰ দীঘলীয়া হৈ গৈছে। সেয়ে যেতিয়াই ফেচবুকত লগ-ইন কৰোঁ তেতিয়াই দুই তিনিঘণ্টা কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। জেঠাইৰ একাউণ্টটো ময়ে খুলি দিছিলোঁ, সেয়ে আই ডি-পাছৱৰ্ড মই জানো। আজিকালি জেঠাইক কিবা সহায় কৰিব লগা হ’লে মোৰ ফোনৰ পৰাই একাউণ্টটোত লগ-ইন কৰি দিওঁ। যেনে-এবাৰ জেঠাইৰ ফটোত কোনোবাই অশ্লীল ফটো,কমেণ্ট এটা দিছিল। জেঠাই আছিল কোনোবা এখন বিয়াত, জেঠুৰ সৈতে। ভয় খাই সেয়ে মোক মেচেজ দিলে, কমেণ্টটো ডিলিট কৰি সেইজনক ব্লক কৰিবলৈ। কেতিয়াবা নিশা ইনবক্সত মহিলা ৰূপধাৰী পুৰুষে দিয়া মেচেজ দেখি ভয় খাই মোক গালি দুটামান দি ব্লক কৰি দিবলৈ কয়। মই কৰি দিওঁ। তেনেকৈ একাউণ্ট খুলোঁতেই এবাৰ জেঠাইৰ প্ৰফাইলৰ পৰা মোৰ প্ৰফাইলটো খুলি চালোঁ। বহুখিনি মিউচুৱেল ফ্রেণ্ড আছে আমাৰ। সিহঁতৰ আপডেটবোৰ নীৰৱে চাই থৈ দিওঁ। লাহে লাহে সময় বচাবলৈ তাকেই কৰা হ’লোঁ।
সিদিনা জেঠাইৰ ঘৰলৈ যাওঁতে দুয়ো হাঁহি হাঁহি কথা পাতি আছিল। বহু দিনৰ মূৰত আগৰ দৰে সুন্দৰ পৰিৱেশ এটা দেখা পালোঁ। মনটো ভাল লাগিল। জেঠায়ে মোলৈ চাহ বনাবলৈ পাকঘৰত সোমাওঁতে ময়ো পিছে পিছে সোমালোঁ কথা পাতি পাতি। তাত থকা সৰু ডাইনিং টেবুলখনৰ চকীত বহি থাকোঁতে মোৰ মোবাইলত মেচেজ অহাৰ শব্দ শুনি মোবাইলটো হাতত তুলি ললোঁ। তাকে দেখি জেঠায়ে ক’লে, “মোৰ ফেচবুকটোত একো নহা হ’ল জাননে?”
:এপটো আপডেট কৰিব আকৌ
:কৰিয়েই থাকোঁ। চাই দেচোন তই
বহুদিনৰ মূৰত জেঠাইৰ মোবাইলটো চালোঁ। এপটো আপডেট কৰা হৈ আছে। কিয় নাই অহা বা একো,ধৰিবই নোৱাৰিলোঁ! চাহ খাই তেওঁলোকৰ পৰা বিদায় লৈ নিজৰ গাড়ীত বহি ফেচবুক খুলিলোঁ। দুটা ন’টিফিকেচন। কোনোবাই জেঠাইৰ বহুদিনৰ আগতে জীয়েক মাইনুৰ সৈতে উঠা-‘Me with my daughter’ বুলি কেপচন দি যোৱাৰাতি আপলোড কৰা ফটো এখনত “লুকিং বিউটিফুল’, ‘ৱাও’ বুলি কমেণ্ট দুটা দি থৈছে। মই কমেণ্টৰ ‘reply’ দিবলৈ ওলাওঁতেহে মন কৰিলোঁ, সেয়া জেঠাইৰ একাউণ্টহে! আজিলৈকে তেনেকৈয়ে ৰিপ্লাই দি আহিছোঁ। এতিয়াহে মই জেঠাইৰ কথাষাৰৰ অৰ্থ বিচাৰি পাবলৈ সক্ষম হ’লোঁ। প্ৰায়ে তেওঁৰ একাউণ্টৰে মই ফেচবুক চাই থাকিলে তেওঁ ক’ত নতুন ন’টিফিকেচন দেখা পাব! সেয়েহে আমনি লাগি জেঠুৰ সৈতে আগৰ দৰে চাহ-মেল পাতিছে। হওক, তেনেকৈয়ে থাককচোন। দুজনীয়া সদস্যৰ ঘৰখনত মোৰ এই মনে মনে লোকৰ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰাৰ কাৰণেই যদি শান্তি,চেনেহ আৰু সাহচৰ্য ঘূৰি আহিছে তেনেহ’লে এইটো ‘সত্য’ মোৰ সৈতেই থাকক! হাঁহি উঠা কথা মনত পৰিলে অকলে অকলে হঁহা মোৰ স্বভাৱটো পুনৰ এবাৰ প্ৰমাণ কৰি অবাধ্য হাঁহি এটা ফিচিককৈ মুখেৰে ওলাই আহিল৷ ড্ৰাইভাৰটোৱে ৰিয়েৰ মিৰ’ৰখনত মোলৈ কেৰাহিকৈ চালে। মই তাক দেখুৱাই গহীন হ’বলৈ চেষ্টা কৰিলোঁ যদিও সফল হ’বলৈ আৰু কিছু সময় লাগিল মোক!

☆★☆★☆

Comments

  1. ফেচবুকৰ পৰা হোৱা এনেকুৱা পইমাল মইও পাই থৈছো। ভাল লাগিল পলা বা।

  2. পঢ়িলো উৎপলা। বৰ্ণনাৰ সাৱলীলতাৰে বিষয়বস্তুক বৰ সুন্দৰকৈ আগবঢ়াই লৈ গৈছা। গল্পৰ দৰে লাগিল পঢ়ি। অভিনন্দন।

  3. বৰ ভাল লাগিল কথাখিনি। নতুন মোবাইল ব্যৱহাৰ কৰাৰ উৎকন্ঠাৰে ভৰা সৰল মনটি — সাৱলীল বৰ্ণনা।

  4. অত্যন্ত দৌৰা দৌৰিকৈ লিখা লেখাটো দি ভয় খাই আছিলোঁ। আপোনালোকে আদৰি লোৱাত সাহস পালোঁ। আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  5. আপোনাৰ কথনভঙ্গী, সাৱলীল বৰ্ননা অনবদ্য। বিশেষকৈ punch line বোৰ খুবেই আকৰ্ষণীয়।

  6. সাংঘাতিক লিখিছা। বৰ্ণনাশৈলী ইমান মসৃণ

Leave a Reply

Your email address will not be published. Required fields are marked *