ফটাঢোল

চুপাৰমেনৰ বিলৈ – দেবজিৎ শৰ্মা

দাতাই দিলেও পত্নীয়ে নিদিয়ে
(বিবাহিত বন্ধু এজনৰ অনুভৱেৰে )

হাতত কফি কাপটো লৈ দীঘল সোহা এটা মাৰি চুপাৰমেনে বেলকনিৰ পৰা দিগন্তলৈ দৃষ্টি দি সন্তুষ্টিৰ হাঁহি এটা বিৰিঙাই নিজৰ নতুন জীৱনটো সম্পৰ্কে পুনৰ এবাৰ ভাবিবলৈ আৰম্ভ কৰিলে৷ নাপাতোঁ নাপাতোঁ কৈ থাকি অৱশেষত বিবাহপাশত আবদ্ধ হ’ব লগা হ’ল৷ বে-চিজিল জীৱনটোৱে অলপ সঠিক পথেৰে গতি কৰক বুলিয়েই বন্ধু স্পাইদাৰমেন, ৰাকু দা, শক্তিমানহঁতৰ কথা পেলাব নোৱাৰি অৱশেষত ভাৰত প্ৰদেশৰ অসম ৰাজ্যৰে এজনী কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এদিন আগতে আঠমঙলা খাই এতিয়া কফি একাপ লৈ এয়া বেলকনিত৷ সময়বোৰ যে ইমান তীব্ৰ গতিৰে পাৰ হৈ যায়৷

টুট্ টুট্ কৈ মবাইলত থকা emergency help app টোৰ সংকেট ধ্বনি শুনি চুপাৰমেন সচকিত হৈ উঠিল৷ কোনোবা বিপদত পৰিছে৷ এৰা এতিয়া কৰ্মৰ সময়৷ সংসাৰৰ লগতে এতিয়া পূৰ্বৰ দ্বায়িত্বও চম্ভালিব লাগিব৷ মুহূৰ্তৰ ভিতৰতে নিজৰ বিশেষ পোচাকযোৰ পৰিধান কৰি চুপাৰমেন সাজু হৈ পৰিল৷ কিন্তু বিশেষ টাৱেলখন ক’ত? নিজৰ আলমিৰা, ট্ৰাংক সকলোতে বিচাৰিও পোৱা নগ’ল৷ সেইখন অবিহনে চুপাৰমেনৰ শক্তিখিনি যে পোৱা নাযায়৷ ক’ত গ’ল?
অগত্যা পত্নীকে প্ৰশ্ন কৰিব লগা হ’ল৷

চুপাৰমেন: “হেৰা, শুনিচানে ! মোৰ টাৱেলখন দেখিছিলা নেকি?”

পত্নী : “কোনখন? আপোনাৰ ট্ৰাংকত থকা খন নে? মই সেইখন চাৰ্ফত দি থৈছোঁ? ইমান লেতেৰা, আপোনালোক মতা মানুহবোৰ যে কেনেকৈ থাকিব পাৰে? আজি টাৱেলখন নহ’লে একো মহাভাৰতখন অশুদ্ধ নহয় দিয়ক৷ আলনাত নতুন এখন টাৱেল আছে, সেইখন লওঁক৷ মই এতিয়া বেহাৰবাৰী আউটপ’ষ্ট চাই আছোঁ, ডিষ্টাৰ্ব নকৰিব৷”

চুপাৰমেন: “ধেইত, ক’ত বান্ধ খালোঁ বেং!”

☆★☆★☆

5 Comments

  • হাঃ হাঃ ছুপাৰ মেনৰ পাৱাৰ চাৰ্ফত তিতি আছে। ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, কেলেই ফচিল বাৰু ?

    Reply
  • মিতু

    হাঃ হাঃ।

    Reply
  • Aditya Borthakur

    হাঃ হাঃ হাঃ হাঃ….চুপাৰমেনৰেই এই অৱস্থা ৷

    Reply
  • সদানন্দ ভূঞা

    চুপাৰমেনৰ বিলৈ পঢ়ি বহুত হাঁহি উঠিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *