ফটাঢোল

কলপ সনা ক’লা চুলি – ৰাস্না বৰা

“বাঃ মোহন দা, আপোনাৰ চুলিৰ ষ্টাইলটো কিন্তু বৰ ধুনীয়া দেই আৰু ইমান ঘন চুলি। পকাও নাই দেখোন এডালো!” মোহনক গাঁৱৰ উঠি অহা চামে প্ৰায়েই এনেকৈ কোৱা শুনোঁ। পিছে আমি, মানে মোহনৰ লগৰীয়াখিনিয়েহে জানোঁ আচল সত্যটো! আমাৰ গাঁৱৰ এই মোহন দাদাৰ এতিয়াৰ যিখিনি চুলি দেখা যাই সেইখিনি আগতে এনে নাছিল। মোহনৰ চুলিখিনি দেখিবলৈ ভালেই আছিল, পিছে চুলিৰ ৰঙটোহে চাহাবৰ চুলিৰ নিচিনা বগা আছিল। মানে মোহনৰ সৰুকালতেই চুলিবোৰ একেবাৰে পকি শেষ হৈছিল।

কথাটো মানে এনেধৰণৰ। এবাৰ কি হ’ল মাকে মূৰত সনা জবাকুসুম তেলৰ বটলটোত তেল শেষ হোৱা দেখি কেৰাচিন তেল ভৰাই থৈছিল। মোহন বেচেৰাই আকৌ তেল নসনাকৈ স্কুলেই নাযায়। কাৰণ অংক নোৱাৰিলে হেড চাৰে ছোৱালীৰ হতুৱাই কাণ চেপা দিয়ায়। গতিকে কাণলৈকে বোৱাই তেল লগালে ছোৱালী বোৰে ঘিণতে নুচুৱেই! কেতিয়াবা আকৌ তাতে কাণত চৰু চাই এলপাও লগাই যায়। মোহন বুদ্ধিত সিয়ান আছিল দেই! এনেদৰে এমাহ মান জবাকুসুম তেল বুলি কেৰাচিন তেলকে সনাৰ পিছত মোহনৰ চুলি একেবাৰে পকি বগা হ’ল। কি কৰিব আৰু! সেইবোৰ দিনত তেনেকৈ বিধে বিধে চুলিৰ কলপো ওলোৱা নাছিল নহয়। বেচেৰাই লাজ-মান কাটি কৰি স্কুললৈ গৈ আছিল। এনেকৈয়ে ক্লাছ টেন পালেগৈ। পঢ়াও ইপিনে টান হৈ গৈ আছিল। অংক, বিজ্ঞান বুলিলে সি যম দেখা দি দেখে। প্ৰথমবাৰ মেট্ৰিকত অংকৰ প্ৰশ্নখনকে তিনি ঘণ্টাত তিনি বাৰ লিখি শেষত পৰীক্ষকলৈ বুলি চিঠি এখনকে লিখিলে,- “মৰমৰ ছাৰ, মৰম ল’ব। মই বৰ দুখীয়া ঘৰৰ ল’ৰা। ৩০ নম্বৰ দি যেনে তেনে পাছ কৰাই দিব।“- লগতে ২০ টকীয়া এখনো ভৰাই দিলে। পিছে লাভ নহল। গোটে গোটে ফেইল। দুখেই লাগে পাই বেচেৰালৈ!

দেউতাকে বোলে এই কথাই কথা নহয়। এইবাৰ টিউচন দিব লাগিব। বাপেকে নিপেন মাষ্টৰৰ লগত কথা পাতি আহিলগৈ! সেইমতে সি পিছদিনা পুৱা মাষ্টৰৰ ঘৰ পালেগৈ। বাহিৰত কাকো নেদেখি চুচুক -চামাক কৰি আছে। তেনেতে ছাৰৰ ধুনীয়া ছোৱালীজনী ওলাই অহা দেখি তাৰ দিল একদম ’গাৰ্ডেন গাৰ্ডেন’ হৈ পৰিল। তাই ওলাই আহি কাক বিচাৰিছে বুলি বৰ মৰম লগাকৈ সুধিলে। সি মনতে শপত খালে এইবাৰ অংক পূৰা শিকিব। অন্তত ছাৰৰ পৰীজনীৰ বাবেই! ছাৰক বিচাৰিছোঁ বুলি কোৱাত তাই বহিবলৈ ক’লে ধুনীয়াকৈ। মাতটো ইমান মিঠা ঐ, যেন মৌ জোলহে সনা আছে।
দেউতাক হয়তো শুই আছিল। তাই ডাঙৰকৈয়ে জগাইছে,- ’’দেউতা উঠাচোন, বৰদেউতা এজন আহিছে তোমাক লগ পাবলৈ।’’

’’বৰদেউতা ’’- সি যেন নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই। সেইযে চাইকেল লৈ ঘৰলৈ ঘূৰিল যি ঘূৰিল, দহ বছৰে সেইমুৱা নহ’লেই বোলে!

বাপেকে বোলে তই আহিলিয়েই যে বৰপোনা। মাষ্টৰ নাই নেকি?

“আছে পিতাই, পিছে মোক আৰু পঢ়াৰ কথা নক’বি। মই হাল বাই খেতি কৰি খাম। দৰকাৰ পৰিলে ভিক্ষা কৰিম, তথাপি টিউচনলৈ নাযাওঁ।“ সেই যে নাযাওঁ বুলি ক’লে, মানে নগলেই আৰু! বাপেকৰ বকনি খাই খাই কিমান দিন থাকিব? মাকজনীয়েও তাৰ কাৰণে বাপেকৰ গালি খায়। মনৰ দুখতে মোহনে ঘৰৰ পৰা ওলাই গৈ গুৱাহাটী পালেগৈ। কিবাকৈ টি ভি চিৰিয়েলৰ ডাইৰেক্টৰ এজনৰ ঘৰত লগুৱাৰ কাম এটা পালে। তাতেই শিকিলে চুলিত কলপ লগাই বগা চুলি ক’লা কৰিবলৈ! মোহন পিছে বৰ অমায়িক স্বভাৱৰ আছিল। সেয়ে মালিকে তাক বৰ বিশ্বাস কৰা হ’ল। লাহে লাহে সি টি ভি চিৰিয়েল এখন দুখনত চকীদাৰ, লগুৱা আদি হৈ এক্টিং কৰিলে। এতিয়া সি ফেচবুক চলাব জনাও হ’ল। গাঁৱত আকৌ টি ভি ত ওলোৱা মানুহৰ বৰ আদৰ। সকলোৱে খাতিৰ কৰে টি ভি ত সুবিধা এটা দিবলৈ। তেতিয়া সি খুব লেবেল দি দি কথা কয়।

এইবাৰ পিছে অঙ্ক মাষ্টৰৰ পৰীজনী ফেচবুকত তাৰ ফ্ৰেণ্ড হ’ল দেই! বহুত দিন ইনবক্সত কথা পাতি পাতি দুয়ো প্ৰেমত হাবু ডুবু খাই বিয়াৰ বাবে ভাৱিবলৈ ল’লে। পিছে ছোৱালীৰ বাপেকে এই বিয়াত সন্মতি নিদিয়ে। হয়ো কথাটো! অংক মাষ্টৰে অংকত মহা গাধ মেট্ৰিক ফেল ল’ৰাটোলৈ বি এ পাছ ছোৱালীজনীক কেনেকৈ বিয়া দিয়ে বাৰু! মোহনেও ভাবী শহুৰেকলৈ চিঠি লিখিলে বোলে ব্ৰহ্মপুত্ৰত জাপ দি জীৱন আহুতি দিম, লগতে ছাৰ, আপোনাৰ নাম চুইছাইড নোটত লিখি যাম, জ্যামিতিৰ বক্সৰ শপত। অংকৰ নামত মোক মানসিক অত্যাচাৰ কৰা বুলি লিখি যাম। এইবাৰ হয় একে একে দুই নহ’লে এঘাৰ।

ইফালে ছোৱালীয়েও মোহনক এৰিবলৈ মান্তি নহয়। কথা এষাৰ আছে নহয় যে ’তোৰো মনে গ’লে মোৰো মনে গ’লে কি কৰিব কলিতা কুলে’ (কলপ লগোৱা চুলিয়ে)। শেষত মোহন আৰু অংক মাষ্টৰৰ জীয়েকৰ জীৱনত প্রজাপতি নামিল। বিয়া হৈ ন-কইনা মোহনৰ ঘৰ পালেগৈ। ন-কইনাক পৰিয়ালৰ ল’ৰা-ছোৱালীহঁতে বৰমা, বৰমা বুলি পিছ নেৰা হ’ল। বেচেৰী ন-কইনা লাজত ৰঙা-ছিঙা পৰি সিহঁতক নবৌ বুলিবলৈ কয়হে কয়, নাই সিহঁতে নামানে। এইবাৰ কইনাই মোহনক ক’লেগৈ,-“চোৱাচোন, ইমান ডাঙৰ ল’ৰা ছোৱালীবোৰে মোক বৰমা মাতিছে। ইমান লাজ পাইছোঁ। তুমি সিঁহতক কোৱানা নবৌ বুলি মাতিবলৈ!”

মোহনে মিচিকিয়াই হাঁহিলে। আচলতে কইনাক নবৌ বুলিলে হে ভাল লাগে। পিছে এই বৰমা মতা বুধিটো ল’ৰা-ছোৱালীখিনিক মোহনেই শিকাই থৈছিল। কথাতে কয় নহয়—-
” সাপে নাপাহৰে কঁকালৰ কোব
মালিনীয়ে নাপাহৰে পুত্ৰ শোক”।

☆★☆★☆

5 Comments

  • গীতিকা শইকীয়া

    সহজ-সৰল কথাৰ প্ৰকাশভংগীৰে এটা মনোৰম গল্প। পঢ়ি বহুত ভাল লাগিল।

    Reply
  • Rashna borah

    ধন্যবাদ গীতিকা।

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰ গল্প, পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল বা পঢ়ি

    Reply
  • বৰ ভাল লাগিল ৰাস্না বা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *