ফটাঢোল

এজন হিৰ’ৰ অপমৃত্যুত: জয়ন্ত শৰ্মা

তেতিয়াই বিমানে প্ৰতিজ্ঞা কৰিলে যে লাগিলে হাফপেণ্ট পিন্ধিব, লুঙী পিন্ধিব। তথাপিও কিন্তু….

বিমান গাঁৱৰ ল’ৰা। তিতাবৰ টাউনৰ পৰা ১৬ কি:মি: দূৰত বিমানৰ ঘৰ। হ’লেও সি চহৰৰ আওভাও পায়। সপ্তাহত তিতাবৰত দুদিন হাট বহে। গৰু, ছাগলী, হাঁহ, পাৰৰ এখন মস্ত বজাৰ। সেই হাটৰ পৰাই মিঞা বেপাৰী বিলাকে হাঁহ কিনি ডিব্ৰুগড়, শিৱসাগৰলৈ চালান দিয়ে। তিতাবৰতকৈ সেইবিলাক ঠাইত হাহঁৰ চাহিদা বেছি। প্ৰায় বজাৰতে ৩০০/৪০০ হাঁহ কিনা বেচা হয়। বেপাৰী বিলাকে হাঁহৰ ওজন বঢ়াবলৈ দুই তিনিটা আঠিয়াকল হেঁচি-থেলি হাঁহৰ টোঁটোলাত ভৰায়। বেপাৰী বিলাকৰ এই আঠিয়াকলৰ প্ৰধান যোগনিয়াৰ হ’ল আমাৰ বিমান। গাঁৱে গাঁৱে কল বিচাৰি ফুৰাৰ কাৰণে ওচৰ-পাজৰৰ প্ৰায় কেইখন গাঁৱৰে মহিলা সকলৰ বিমান চিনাকি। বিমান ল’ৰাজন সৎ, বিশ্বাসী। হিচাপ নজনা হোজা মহিলা হ’লেও বিমানে নঠগে। গতিকে গাঁৱৰ ৰাইজে প্ৰয়োজন হ’লে তাক বাকী দিবলৈও ভয় নকৰে। তাৰেই কেতিয়াবা কোনোজনী মহিলাই বিমানক বজাৰৰ পৰা তেলৰ বটল, স্ন বা ব্লাউজ এটা লৈ যাবলৈ খাটনি ধৰে। বিমানেও বেয়া নাপায়। মহিলাখিনিৰ লগত অন্ততঃ ভাল হৈ থাকিব লাগে। যাতে বেলেগ বেপাৰীক কল দি নপঠিয়াই। সেই ছেগতে মুখৰ খজুৱতি মৰাৰ লগতে চাহটোপা বা গৰমত পানী গিলাচৰো তাৰ আকাল নহয়।

অকল যে মহিলা সকলৰহে বিমান প্ৰিয় তেনেকুৱা নহয়। পুৰুষ সকলেও বিমানক খাটনি ধৰে। চহৰৰ আওভাও পোৱা ডেকা। গাঁৱলৈ গ’লেই দুই চাৰিজন পুৰুষ আগুৱাই আহি বিমানক সোধে,

“ক’ চোন। চহৰত নতুন কিনো ওলাইছে?”

কথাচহকী বিমানেও ঢৌটোকে ৰৌটো কৰি সজাই পৰাই সঁচাই মিছাই ৰহণ লগাই কিছু কৈ আহে। গাঁৱৰ বুঢ়া বিলাকেও বিমানে কোৱা খিনিকেই সন্ধিয়া নামঘৰত নিজে দেখাৰ নিচিনাকৈ কৈ বাঃ বাঃ লয়।

লাহে লাহে বিমানৰ হাতলৈ দুই-এপইচা অহাত সি নিজেই গাঁৱে গাঁৱে হাঁহ কিনি বজাৰলৈ নিবলৈ ধৰিলে। লাভ ভালেই হ’ল। বিমান চতুৰ ল’ৰা। ব্যৱসায় সি জানে। সৰুৰে পৰাই অপইতা কঠালত খিলা মাৰি ৰাতিটোৰ ভিতৰতে পকাই বজাৰত সি বেছি পাইছে। দুপইচা হাতলৈ অহাত তাৰ কাপোৰ কানিও টিপ-টপ হৈ পৰিল। হ’লেও সি লক্ষ্য কৰিছে যে গাঁৱৰ ছোৱালীখিনিয়ে তাক বৰ এটা ভাল নজৰ নিদিয়ে। হাঁহ হাঁহ গোন্ধোৱাটো বুলি কয়। তাৰ ইগ’ত লাগে। সি বুজিলে যে চাইকেলত দুটা দুটা খাঙত হাঁহ ভৰাই নি সি যিমানেই পইচা নাপাওক। গাঁৱৰ ছোৱালীয়ে ইজ্জত নিদিয়ে। মৰতীহঁতে তাতকৈ কাম বন নকৰি দিনটো তাচ, কেৰম খেলি থকা কেইটাকহে বেছি গুৰুত্ব দিয়ে।

চহৰৰ তাৰ তেলাল হাঁহৰ সোৱাদ পোৱা আদিত্য চাহাবক এদিন কথাটো কোৱাত আদিত্য চাহাবেই তাক সমিধান দিলে। বোলে বিমান ঠিক আছে মোৰ দুখন মেজিকৰ এখন বজাৰৰ দিন দুটাত তোমাৰ ৰাস্তাত চলাম। তুমি মেজিকৰ ওপৰতে খাঙ দুটা তুলি দিবা লগতে ড্ৰাইভাৰক ভাড়া উঠোৱাত বা গাঁৱৰ ৰাস্তাত গাড়ী ফচিলে থেলি ড্ৰাইভাৰক সহায় কৰি দিবা। বিমানে হাততে সৰগ ঢুকি পালে। কম দিনৰ ভিতৰতে বিমানে ব্যৱসায়ত দোপতদোপে উন্নতি কৰিবলৈ ধৰিলে। হাতলৈ ধন অহাত ব্যৱসায় বঢ়াবলৈ মন কৰি বিমানে নিজেই মৰাণৰ ব্যৱসায়ী অঞ্জনক পোনপটীয়াকৈ হাঁহ যোগান দিবলৈ ধৰিলে। এতিয়া লাভ দুগুণে বাঢ়িল। সুবিধা পাই বিয়া সবাহত ৰঙালাও যোগান দিবলৈও ধৰিলে। বিমানে বোলে এই কথাই কথা নহয়। গাঁৱত মেজিকৰ লাইনটো বৰ বঢ়িয়া চলিছে। আনকি কেতিয়াবা বিশটালৈকে মানুহ মেজিকত উঠাবলগীয়া হয়। গতিকে আদিত্য দাক কৈ চাওঁ, বেচে যদি এইখনেই কিনো নহ’লে নিজাববীয়াকৈ বেলেগ এখন লওঁ। আদিত্য চাহাবেও ইফালে নতুনকৈ নাইট চুপাৰ কিনাত এইখন হাৰমাল যেন হে হৈছিল। সদায়ে আৰু কিমান ড্ৰাইভাৰৰ লগত ৫০/১০০ টকাৰ কাৰণে লাগি থাকিব। গতিকে বিমানে ল’ম বোলাত দিয়েই দিলে।

বিমানে নিজেই চলাবলৈ শিকি কম দিনতে এখনৰ পৰা দুখন মেজিক কৰিলে। ইফালে হাঁহৰ ব্যৱসায়টোও এৰি নিদি বেলেগ মানুহক হাজিৰা দি চলাই থাকিল। লাহে লাহে বিজয়ৰ বেশভূষাৰ পৰিৱৰ্তন হ’ল। আগতে গৰমত গাঁৱে গাঁৱে ঘূৰি খহুৱা ভেকুলীৰ পিঠিৰ দৰে হোৱা ছালখন ক্ৰিম ঘঁহাত কাছৰ চলং যেন নিমজ হ’বলৈ ধৰিলে। চহৰলৈ যাওঁতে প্ৰায় বিলাক ট্ৰেফিক পুলিচৰ লগত বিমানৰ চিনাকি বাঢ়ি গৈছিল। লাহে লাহে বিমানৰ ইটো সিটো কামত থানালৈ আহযাহ চলিবলৈ ধৰিলে।

বিমানে আজিকালি গাড়ী নিজে নচলায়। চাফাৰী পিন্ধে। বাইক লৈ চহৰলৈ যায়। গাঁৱৰ চুৰ-তাৰি, মাৰপিটত থানাত পৰা ল’ৰা বিলাকক টকা সিকা দি মোকলাই আনে। থানাৰ লগত উঠা বহা হোৱাৰ পৰা গাঁৱত বিমান এজন পৰাক্ৰমী মানুহ হৈ উঠিল। থানাৰ দালালিত তাৰ উপাৰ্জন আৰু বাঢ়িল। সি নিজেই সাপ হৈ খোঁটে বেজ হৈ জাৰে। কৰবাত কোনোবাই কিবা দোষ কৰিলে মনে মনে পুলিচক ধৰাই দিয়ে। আকৌ ঘৰৰ গৰু, ছাগলী বেচা পইচা লৈ ৰাতিৰ ভিতৰতে এৰুৱাই আনে। নাপিতে চুলি খুৰাই পইচা লোৱাৰ দৰে বিমানেও ৰাস্তাৰ বন চুৰুকি নতুন ৰাস্তা বুলি দেখুৱাই এনৰেগাৰ পইচা কেইটামানো ল’লে। গাঁৱত এতিয়া বিমান এজন প্ৰতিপত্তিশীল মানুহ হৈ পৰিছিল। সি পাৰ হৈ যোৱাৰ আধা ঘণ্টামান পিছলৈ পথটো বিমান বিমান গোন্ধাবলৈ ধৰিছিল। সময়ত যি বিলাক ছোৱালীয়ে বিমানক হাঁহ হাঁহ গোন্ধাই বুলি পাত্তা নিদিছিল সেই বিলাকেই বিমানৰ দিঅ’ড্ৰেণ্টৰ গোন্ধত কৃষ্ণৰ বাবে গোপী সকল মতলীয়া হোৱা দি হৈছিল। বিমানৰ চকুত এবাৰ চকু থ’বলৈ ঘণ্টাৰ পিছত ঘণ্টা পৰ দিছিল। কিন্তু সময় সকলোৰে একে নাযায়। এই বিমান এতিয়া সেই হাঁহ বেপাৰী বিমান নহয়। মাহেকে পষেকে হাঁহ খাবলৈ দিয়াৰ চুক্তিত হাঁহ ব্যৱসায় বিমানে কেতিয়াবাই তাৰ সহকাৰী দুজনক সঁপিছিল। ধন যিহেতু হ’লেই গতিকে অলপ মান-সন্মানলৈও হাত মেলোঁ বুলি পঞ্চায়ত ইলেকচন খেলাৰ চিন্তা চৰ্চাও চলিল। গাঁৱৰ স্কুল খনলৈ তাৰ মেজিকত অহা যোৱা কৰা টেট্ বাইদেউজনীৰ লগত ইতিমধ্যেই বিমানৰ দৰহম মৰহম চলিছিল।

সিদিনা ১৪ আগষ্ট। চাৰিওফালে পুলিচৰ চেকিং। বজাৰত পকেট মাৰোঁতে ধৰা পৰি পাব্লিক ঢুলাই খোৱা দুজন ল’ৰাক মোকলাবলৈ বিমান থানালৈ গৈছিল। হঠাতে কোনফালৰ পৰা জানো গ্ৰেনেড এটা বিমানৰ কাষতে পৰিল। পুলিচ এজনে গ্ৰেনেড বুলি চিঞৰা শুনি দৌৰিবলৈ খোজাত জোঁটপোট লাগি বিমান মাটিত পৰি যোৱাৰ বাবে বিমান গ্ৰেনেড বিস্ফোৰণত হাত ভৰি ছিগি যোৱাকৈ আঘাতপ্ৰাপ্ত নহ’ল যদিও গ্ৰেনেডৰ স্প্ৰিণ্টাৰে বিমানৰ দেহ, বগা চাফাৰী চুট তেজে তুমৰলি দিলে। খবৰটো পাই থানাৰ ওচৰতে থকা টেট বাইদেৱো আহি পালে। আন সকলৰ লগতে বিমানকো এম্বুলেন্সত হস্পিটেললৈ লৈ যোৱা হ’ল। ডাক্তৰ নাৰ্চ সকলো উবুৰি খাই পৰিল। আঘাতপ্ৰাপ্ত সকলৰ ক্ষত স্থান বিলাকত চিলাই, ড্ৰেচিং কৰিবলৈ ধৰিলে। বিমানৰ দেহৰ পৰা বহুতো ৰক্ত ক্ষৰণ হোৱা সত্বেও সি চিকিৎসা কৰাবলৈ মান্তি নহ’ল। দেখা সকলে আচৰিত মানিলে। এয়াহে লাচিতৰ দেশৰ ল’ৰা। নিজৰ আঘাতকো তুচ্ছ জ্ঞান কৰি বেলেগ সকলক শুশ্ৰূষা কৰি আছে। বিমানো হিৰ’ হৈ পৰিল। টেট্ বাইদেউৰো বুকু ফুলি উঠিল। তেওঁৰ পচন্দ বেয়া হ’বই নোৱাৰে। সঠিক পাত্ৰকে তেওঁ বাছি লৈছে।

শেষত বিমানে আটাইতকৈ যিটো ভয় কৰিছিল সেইটোৱেই হ’ল। অতিৰিক্ত ৰক্ত ক্ষৰণ হোৱা বাবে চেতনা লোপ পালে। নাৰ্চ মিনতিয়ে ঘাঁ বোৰ ধোবৰ বাবে তেজত লাগি ধৰা কাপোৰ বোৰ কাটি থাকোঁতে লাহে লাহে চকু ডাঙৰ হৈ গৈ থাকি শেষত অ’মা বুলি লৰ মাৰিলে। মিনতিয়ে বোলে হে হৰি, গোবৰৰ খৰাহীত পিতলৰ বাওঁ দেখোন। ব্লাডাৰ নোহোৱা ফুটবলৰ আকৌ চুট কি চাবা। টেট বাইদেউৰ চুৰ্ণীখন কঁকালত মেৰিয়াই যেনিবা বিমানৰ চিকিৎসা কৰা হ’ল। চিকিৎসা কৰাবলৈ নিবিচৰাৰ অন্তৰালৰ ৰহস্য বুজি উঠাত দুখৰ মাজতো যথেষ্ট হাঁহিৰ ৰোল উঠিল। টেট বাইদেউ লাজত ম্ৰিয়মাণ হ’ল। মানুহৰ মাজত মুখ ৰোচক খবৰ হৈ পৰিল। বিমানৰ সন্মান সোসোৱাই তললৈ নামিল।

চেতনা অহাৰ পিছতে টেট বাইদেউৰ মুখত ভৰ্ৎসনা শুনি বিমানৰ লাজত অৱস্থা তথৈবচ। তেতিয়াই বিমানে প্ৰতিজ্ঞা কৰিলে যে লাগিলে কাপোৰেই কম দামী পিন্ধিব, লাগিলে হাফপেণ্ট, লুঙী পিন্ধিব। তথাপিও আগলৈ হেৰি পিন্ধা অভ্যাস কৰিবই।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *