ফটাঢোল

আচল বস্তু – অনুপল ভৰালী

কোনোবা এজন দাৰ্শনিকে কৈছিলে, ভগৱানক বিচৰাটো হেনো এজন অন্ধ মানুহে এটা অন্ধকাৰ কোঠাত, এটা অনুপস্থিত ক’লা মেকুৰী বিচৰাৰ দৰে। অৱশ্যে দাৰ্শনিকজনৰ নামটো পাহৰিলো। কিন্তু পাকচক্ৰত পৰি ২০০৭ ৰপৰা ২০১০ চনমানলৈকে মই এনে এটা বস্তু বিচাৰি ত্ৰিভুবন চলাথ কৰিলো বিশ্বাস কৰক সেইখিনি পৰিশ্ৰমেৰে হয়তো ভগৱানকে বিচাৰি পালোহেঁতেন। পাঠকসকলৰ বহুতেই যদিও এই মহামূল্যবান (?) সম্পদটোৰ বিষয়ে জানে মোৰ বিশ্বাস, সৰহ সংখ্যকেই নজনাৰ ভাও ধৰিব আৰু কোনেও এইবোৰৰ সন্ধানত জড়িত থকাটো প্ৰকাশ নকৰিব। বাৰু বস্তুটোৰ মূল্য কিমান হ’ব পাৰে জানেনে? এক কোটি, দহ কোটি? মুঠেই নহয়। বস্তুটোৰ দাম ১০ হাজাৰ কোটি। তাকো বস্তুটোৰ মূল্য তাৰ ক্ষমতা অনুসৰি ইয়াতকৈ বেছিও হ’ব পাৰে। এইটো এক ইঞ্চিৰ দামহে। কিন্তু এই এক ইঞ্চি মানে কি জানেনে? বস্তুটোৰ চাউল আকৰ্ষণ কৰিব পৰা নুন্যতম দূৰত্ব। হাঃ হাঃ হাঃ বহুতেই ইতিমধ্যে বস্তুটো কি জানিলেই। এই বজাৰখনৰ লগত জড়িতসকলৰ মতে বস্তুটো হৈছে ইৰিডীয়াম। চাইঞ্চত পঢ়াকেইজনে কয় ইৰিডীয়ামৰ এটা তেজস্ক্ৰীয় আইছ’টপ। বস্তুটো কিহৰ কাৰণে লাগে জানেনে? ইণ্টাৰ কণ্টিনেণ্টেল বেলিষ্টিক মিছাইল আৰু স্পেচ ক্ৰাফ্ট গাইড কৰিবলৈ এণ্টেনা বনাবলৈ। মুঠতে এনে কিছুমান দাঁত ভগা শব্দ আপোনাৰ গাঁৱৰ ভদকায়ে ইমান সলসলীয়াকৈ কৈ দিব যে আপুনি বিশ্বাসেই নকৰিব যে ই বেটা এল পি ফেইল। এতিয়া আহো কিনা পাৰ্টিৰ কথালৈ। চিন্তা নকৰিব। বচ মাল ৰেডি কৰক। এক সে বঢ়কৰ এক পাৰ্টি আহি যাব। নাছাৰ পাৰ্টিয়ে আটাইতকৈ বেছি পইচা দিব। লগতে CA লৈ আহি Tax পে কৰি চব হোৱাইটত দিব। কিন্তু আপুনি অলপ ব্লেকত ল’ব লাগিব। মিছামিছিকৈ এনেয়ে Tax ভৰে কেলেই! বিশেষকৈ টোকেন মানীটো যিটো যিমানে দূৰ্গম ঠাই হ’লেও হেলিকপ্টাৰে পেলাই দিবহি। অ’ আৰু এটা কথা, আপোনাক আৰু আপোনাৰ লগৰ মুঠ পাঁচজনক Green কাৰ্ডো দিব। যিখন লৈ ভিচা আৰু পাছপৰ্ট অবিহনেই পৃথিৱীৰ যিকোনো ঠাইলৈ যাব পাৰিব। মাত্ৰ আপুনি বস্তুটোৰ দামৰ .০০১ পাৰচেণ্ট মানতকৈও কম ধৰক ১২ লাখমান বণ্ড মানি এটা জমা দিব লাগিব। বেছি হৈছে নেকি বাৰু? টেনচন নল’ব। আৰু কম বণ্ড মানিত অহা পাৰ্টিও আছে। চাৰি লাখ মানতে আহিব। কিন্তু দাম অলপ কম দিব। আঠ হাজাৰ কোটি প্ৰতি ইঞ্চিত। বহুত পইচা হে। সাত জনমতো শেষ নহ’ব। গতিকে দেৰি কিহৰ? বস্তুটো বিচাৰি দিয়ক আৰু হৈ যাওক কোটিপতি। চৰি বেয়া নাপাব মানে আৰব পতি বুলি ক’ব লাগিছিল।

এতিয়া আহো বস্তুটো ক’ত পায়? ইয়াৰ কাৰণে আপোনাক বৃটিছ ৰাজত্বৰ কালৰ কথা ক’ব লাগিব। তেওঁলোকৰ দিনত ভাৰতত মোহনদাস দাদাৰ দাঁতত ভাত এটা লাগিলেও ইংলেণ্ডত লগে লগে ৰাণীয়ে গম পাইছিলে। এয়া সম্ভৱ হৈছিল মাইল পোষ্ট নামৰ টেকনল’জি এটাৰ দ্বাৰা। বৃটিছে পাহাৰীয়া ঠাইবোৰ অধিগ্ৰহণ কৰোতে ৰাস্তাৰ কাষত সেইবোৰ সাজিছিল যোগাযোগৰ বাবে। ইয়াত দুখন তামৰ প্লেট আৰু বেটেৰী এচিদৰ দৰে কেমিকেল ভৰ্তি দুটা বটল থাকে। তাম মানে এলা পেছা তাম নহয়। ১৮১৮ চনত ইংলণ্ডত হোৱা উল্কাপাতৰ অৱশেষ ইয়াৰ লগত মিহলি হৈ থাকে। কালক্ৰমত এই মাইল পোষ্টৰ তামৰ প্লেটকেইখনে ব্ৰজপাতৰ পৰা শক্তি আহৰণ কৰি এই বিশেষ গুণটো পায় যাৰ বাবে ইয়াৰ ইমানেই দাম। এতিয়া পাহাৰীয়া ঠাইত বিশেষকৈ য’লৈ বৃটিছসকল গৈছিল তাত যদি আপোনাৰ কোনো বন্ধু আছে তেনে বন্ধুক বস্তুটোৰ সন্ধান কৰিবলৈ কওক।
বহুদিন বহুত পইচা ভাঙিও যদি আপুনি তেনে বস্তুৰ সন্ধান পোৱা নাই তেতিয়াও হতাশ হোৱাৰ প্ৰয়োজন নাই। ১৮১৮ চনৰ, ৰাম, লক্ষণ, সীতা থকা আৰু সিপিঠিত পাহাৰ ডঙা উৰন্ত হনুমানৰ তামৰ পইচাটোতো এই গুণটো থাকিব পাৰে। চাউল কেইটামান দি চালেই হ’ল। টানিলে কথাই নাই। বচ বণ্ড মানি দিয়ক আৰু হৈ যাওক কোটিপতি।

পাঠকসকল বোধহয় ভাবিছে! এইটো গ’লেই নেকি? বিশ্বাস কৰক ২০০৭ৰপৰা ২০১০ লৈ এই তিনিটা বছৰ মই এই কাৰবাৰটোৰ লগত জড়িত এনে কিছুমান মানুহ লগ পালো যাৰ মাজত ডাক্তৰ, ইঞ্জিনীয়াৰ, প্ৰফেচৰ, মন্ত্ৰী, এম এল এ, আনকি এখন ৰাজ্যৰ ৰাজ্যপালো আছিল। মই নিজেও চাকৰি বাকৰি এৰি অসমৰ প্ৰায় সকলো ঠাই আৰু ভাৰতৰো আন কেইবাখনো ৰাজ্য তহিলং কৰিলো। আনকি কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা আৰু ইন্দিৰা গান্ধীৰ দিনৰ তিনিবাৰকৈ এম পি হোৱা প্ৰায় আশীৰোৰ্দ্ধৰ ব্যক্তিকো লগ পাইছিলো। শেষত মাল কিনা বিখ্যাত কোম্পানী এটাৰ ডাইৰেক্টৰৰ পৰা টেষ্টাৰ হোৱাৰ প্ৰপ’জেল পোৱাৰ পিছতহে গম পালো যে এই সকলোবোৰ ভুৱা। কাৰণ ডাইৰেক্টৰে মোক কৈছিল যে কোম্পানীয়ে মোক বস্তু টেষ্ট কৰিবলৈ পঠাব আৰু প্ৰতিটো কামৰ বাবদ মোক পঞ্চাশ হাজাৰ টকা দিব। মোৰ কাম হ’ব বস্তুটো পৰীক্ষা কৰি ডুপ্লিকেট বুলি প্ৰমাণ কৰি দিয়া। মই যেতিয়া সুধিলো আচল বস্তু পালে কি কৰিম! প্ৰথমে তেতিয়া দেখা যাব বুলি কৈ শেষত ক’লে যে আচল বস্তু থাকিলেহে ওলাব! এই দুনিয়াত তেনেকুৱা একো বস্তুৱেই নাই। ক’ত মৰ মৰ বাপ্পেকে।

☆★☆★☆

3 Comments

  • parishmita

    অ আচল বস্তুটো নায়েই তাৰমানে। ভাল লাগিল পঢ়ি।

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া লিখিলে ।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *