ফটাঢোল

কাউৰী, মাছৰ পেটু, নাৰিকলৰ বাকলি ইত্যাদি-ইন্দুকল্প শইকীয়া

চৰাইৰ ভিতৰত কাউৰীৰ গুৰুত্বই অসমীয়া সমাজত প্ৰায় ক্ষেত্ৰতে “কলৰে পাততে কাউৰী পৰে” গীতটোৰ সীমাৱদ্ধতা পাৰ কৰিবলৈ অসমৰ্থ হয়। কেতিয়াবা অতিথি অহাৰ আগজাননী পাবলৈ এই পক্ষীটিৰ অৱস্থিতিক সামাজিকভাৱে কিছু গুৰুত্ব দিয়া দেখা যায়। পিছে পূর্ব ভাৰতৰপৰা যিমানেই দক্ষিণলৈ আহি থাকিব কাউৰীৰ গুৰুত্বও সিমানেই বাঢ়ি গৈ থকা দেখিবলৈ পাব। প্রথম চেন্নাইলৈ আহি যেতিয়া ইয়াৰ লোকসকলে কাউৰীক মৰমতে ভাত খাবলৈ দিয়া দেখিছিলো আচৰিত লাগিছিল। লাহে লাহে কাউৰী যে দক্ষিণৰ বাবে এক পবিত্র পক্ষী সেয়া মানি ল’বলৈ ধৰিছিলো।

কিন্তু তথাপিও কেতিয়াবা কিছুমান ঘটনাই অলপ বেলেগ ৰূপেই ধাৰণ কৰে। মাজতে এদিন ওচৰৰে এখন চাহৰ দোকানৰ কাষত ৰৈ চাহ খাই আছিলো। হঠাৎ এটা কাউৰী আহি আমাৰ বাইকখনৰ ওপৰত পৰিলহি। কেনেবাকৈ বাইকত বিষ্ঠা এৰিব বুলি ভাবি স্বভাৱগতভাৱে কাউৰীটো খেদি পঠিয়ালো। তাকে দেখি ওচৰতে ৰৈ থকা তামিল লোককেইজনে এনেকৈ মোলৈ চালে যেন মই কিবা সাংঘাটিক “অধর্ম” কৰিহে আহিলো। তাৰে মাজৰ এজনে আগবাঢ়ি আহি কাউৰীৰ ইতিবৃত্তৰ পাঠদান আৰম্ভ কৰিবলৈ ধৰোতেই মোৰ চাহ কাপ শেষ হ’ল বুলিহে! তেওঁৰ মতে কাউৰী লক্ষী পক্ষী। বাহনত কাউৰী পৰাটো শুভ লক্ষণ। তাতোকৈও শুভ যদিহে বাহনতে কাউৰীয়ে বিষ্ঠা ত্যাগ কৰি যায়। তেওঁৰ মতে যি বাহনত কাউৰীয়ে বিষ্ঠা এৰি যায় তেনে বাহনৰ “ইঞ্চিওৰ” কৰাৰো প্ৰয়োজন নাই। মনতে ভাবিলো চেন্নাইৰ পুলিচে ইঞ্চিওৰ বিচাৰিলে কাউৰীৰ বিষ্ঠাকে আগবঢ়াই দিলে যদি মানিলেহেঁতেন!

ঠিক সেইদৰে আন এক বস্তু হৈছে মাছৰ পেটু। এওঁলোকে ছাগলী, কুকুৰাৰ নাড়ী-পেটু সকলো কিনা দেখিছোঁ। কিন্তু ভুলতো যদি মাছৰ বেপাৰীক মাছ কাটোতে পেটুখিনি দিবলৈ কয়, মাছ বেপাৰী সম্বলিতে আশে-পাশে থকা সকলো গ্রাহকে এনে এক চাৱনি দিব যেন পৃথিৱীৰ সকলোতকৈ ঘিণ লগা খাদ্যবিধ সেইসময়ত আমাৰ বাহিৰে সেইখিনিত থকা আন কোনেও গ্রহণ কৰা নাই। কেতিয়াবা মনতে ভাবো বোলো কিবা খং উঠিব মাছৰ পেটুৱে, ধনীয়া পাতে মিহলাই ভাজি যেতিয়া খুৱাই থৈ যামহি তেতিয়াহে বুজিব এইবিধ ব্যঞ্জনৰ মোল!

আন এবিধ এনে বস্তু হ’ল “নাৰিকলৰ বাকলি”। মাজতে ঘৰৰপৰা আহোতে অলপ ধূনা লৈ আনিছিলো। ভাবিছিলো নাৰিকলৰ তেলেৰে ৰন্ধা খাদ্য খোৱা ঠাইত নাৰিকলৰ বাকলিৰনো কি আকাল হ’ব!
পিছে কথা বিপৰীত! ইয়াত নাৰিকলৰ বাকলিক পেলনীয়া বস্তুতকৈ কোনো গুণে কম জ্ঞান নকৰে।
নাৰিকল আহে ঠিকেই, পিচে বাকলি ক’ত থাকি আহে নাৰিকল বেচোতাইও ক’ব নোৱাৰে। বিচাৰি বিচাৰি এদিন ৰাস্তাৰ কাষৰ দোকান এখনত নাৰিকলৰ বাকলি দেখিলো। আমিও খুব উৎফুল্লিত হৈ গৈ দোকানীক ক’লোগৈ বোলো অলপ বাকলি লাগিছিল।

যেন আমি কিবা নুখুজিবলগীয়া বস্তুহে খুজিলো! প্রথম দেখোতে গ্রাহক বুলি ভাবি যি এক সম্ভ্রম সহিত চাৱনিৰে চাইছিল সেই চাৱনি যেন নিমিষতেই সলনি হৈ গ’ল। মোক চকুৰে ইংগিত দি ক’লে, ‘লৈ যা’। মই বোলো দাম? তেখেতৰ যেন খংহে উঠিবলৈ বাকী! বোলে, ‘জাৱৰৰ কিবা দাম থাকে নেকি! যিমান লাগে সিমান লৈ যা’। মইও নিজেই গৈ মোনা এটাত যিমান পাৰো বাকলি ভৰাই আনিলো। বাকলি ভৰাই থাকোতে নিজকে সেই ডাস্তবিনৰ ওচৰত পেলনীয়া বস্তু বিচাৰি ফুৰা শিশুটো যেন লাগিছিল আৰু কাষত থকা মানুহবোৰৰ চাৱনিও ঠিক তেনেকুৱাই আছিল। যেন ভাবিছে, ‘এইখিনি কিয় নিছে!”
মনতে ভাবি আছিলো, বোলো এইহেন মহৰ ৰাজধানীখনত থাকি তহঁতে নাৰিকলৰ বাকলিৰ মোল নুবুজ! এবাৰ যেতিয়া বুজিবি, সেৰে সেৰে বিক্ৰী হ’ব, তেলতকৈ নাৰিকলৰ বাকলিৰ চাহিদা বাঢ়ি গ’লেও আচৰিত হ’বলগীয়া কথা একো নহ’ব!

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *